Logo
image

চৰ্চাৰ সুযোগ নিদিয়াকৈ আজি বিধানসভাত জনজাতিকৰণ প্ৰতিবেদন

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৮ নৱেম্বৰঃ  সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই কাইলৈ অৰ্থাৎ শনিবাৰে অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ অন্তিম দিনা ৰাজ্য চৰকাৰৰ ভৈয়াম জনজাতি উন্নয়ন বিভাগে বিধানসভাৰ অধ্যক্ষক আনুষ্ঠানিকভাৱে দাখিল কৰিব ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ মন্ত্ৰী গোটৰ প্ৰতিবেদন৷ আনুষ্ঠানিকভাৱে মন্ত্ৰী গোটৰ প্ৰতিবেদন লাভ কৰাৰ পাছতেই অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে প্ৰতিবেদনখন বিধানসভাত উত্থাপনৰ অনুমতি দি সৰ্বসন্মত প্ৰস্তাৱ গ্ৰহণ কৰি ৬জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে বুলিও দিছপুৰত চৰ্চা লাভ কৰিছে৷ নিৰ্বাচন চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত জনজাতিকৰণৰ দাবীত ৬ জনগোষ্ঠী ক্ৰমে– তাই আহোম, মৰাণ, মটক, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীয়ে ৰাজ্যজুৰি ধাৰাবাহিকভাৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনাই অৰ্থাৎ ২৫নৱেম্বৰত  জনজাতিকৰণক  লৈ মন্ত্ৰী গোটে প্ৰস্তুত কৰা প্ৰতিবেদন উত্থাপন কৰিব বুলি ঘোষণা কৰিছিল৷ কিন্তু, ২৫ নৱেম্বৰত মন্ত্ৰীগোটৰ প্ৰতিবেদন বিধানসভাত উত্থাপন কৰাৰ পৰিৱৰ্তে ২৬ নৱেম্বৰত মুখ্যমন্ত্ৰীৰ অধ্যক্ষত অনুষ্ঠিত কেবিনেটতহে মন্ত্ৰীগোটে প্ৰতিবেদনখন দাখিল কৰে৷ উক্ত কেবিনেট বৈঠকৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল সম্বোধন কৰি ২৭ নৱেম্বৰত ভৈয়াম জনজাতি উন্নয়ন বিভাগে বিধানসভাৰ অধ্যক্ষক মন্ত্ৰীগোটৰ প্ৰতিবেদনখন দাখিল কৰিব বুলি ঘোষণা কৰাই নহয়, অধ্যক্ষই প্ৰতিবেদনখন চলিত অধিৱেশনতে বিধানসভাত উত্থাপন কৰিব বুলিও প্ৰকাশ কৰিছিল৷ কিন্তু মুখ্যমন্ত্ৰীৰ ঘোষণাৰ বিপৰীতে আচৰ্যজনকভাৱে ২৭ আৰু ২৮ নৱেম্বৰৰ কোনো এটা দিনতে ৰাজ্য চৰকাৰৰ ফালৰ পৰা মন্ত্ৰীগোটৰ প্ৰতিবেদনখন বিধানসভাৰ অধ্যক্ষক দাখিল কৰা নহ’ল৷ ইয়াৰ বিপৰীতে চলিত শীতকালীন অধিৱেশনৰ শেষৰ দিনা অৰ্থাৎ শনিবাৰেহে মন্ত্ৰীগোটৰ প্ৰতিবেদনখন অধ্যক্ষলৈ প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে৷ কিন্তু ৫দিনীয়া শীতকালীন অধিৱেশনৰ অন্তিম দিনা অধ্যক্ষই ৬জনগোষ্ঠীৰ জনজাতিকৰণৰ মন্ত্ৰীগোটৰ প্ৰতিবেদনখন লাভ কৰাৰ পাছত প্ৰতিবেদনখন বিধানসভাত উত্থাপনৰ অনুমতি দিলেও ইয়াক লৈ যে বিশেষ আলোচনা হোৱাৰ সুযোগ থাকিব, সেই সম্ভাৱনা একেবাৰে ক্ষীণ৷ কিয়নো সময়ৰ অভাৱত মন্ত্ৰীগোটৰ গুৰুত্বপূৰ্ণ প্ৰতিবেদনখনক লৈ সদনত বিতৰ্ক তথা চৰ্চা হোৱাৰো একেবাৰে অৱকাশ নাই৷ ইফালে, বিধানসভা অধিৱেশনৰ অন্তিম দিনা মন্ত্ৰীগোটৰ প্ৰতিবেদনখন অধ্যক্ষক দাখিল কৰিলেও, চলিত অধিৱেশনত এই প্ৰতিবেদনখন বিধানসভাত উত্থাপন নহ’বও পাৰে৷ যদিহে চলিত অধিৱেশনত সদনত প্ৰতিবেদনখন উত্থাপন নহয়, তেনেহ’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৰ্তমানৰ পাঁচ বছৰীয়া চৰকাৰৰ কাৰ্যকালত প্ৰতিবেদনখন বিধানসভাত উত্থাপন নোহোৱাকৈয়ে পৰি ৰ’ব পাৰে৷ কিয়নো চলিত শীতকালীন অধিৱেশনখনেই হৈছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি-মিত্ৰজোঁটৰ চৰকাৰৰ প্ত বছৰীয়া কাৰ্যকালৰ অন্তিমখন পূৰ্ণাংগ অধিৱেশন৷ ইয়াৰ পাছত আৰু কোনো পূৰ্ণাংগ অধিৱেশন অনুষ্ঠিত নহয়৷ ফেব্ৰুৱাৰীত নিৰ্বাচনৰে দিন ঘোষণা হ’ব৷ শনিবাৰৰ ভিতৰত বিধানসভাত প্ৰতিবেদনখন উত্থাপন নহ’লে, প্ৰতিবেদনখনৰ বাবে দিছপুৰে নতুনকৈ বিশেষ অধিৱেশন অনুষ্ঠিত কৰিব লাগিব৷ ইয়াৰ অন্যথা ২০২৬ৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰি নতুনকৈ চৰকাৰ গঠন কৰাৰ পাছতহে বিধানসভাত প্ৰতিবেদনখন উত্থাপন কৰি সৰ্বসন্মত সিদ্ধান্তৰ ভিত্তিত প্ৰস্তাৱ গ্ৰহণ কৰি, সেই প্ৰস্তাৱক ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিব লাগিব৷ যদিহে এয়া হয়, তেনেহ’লে বিজেপি-মিত্ৰজোঁটৰ চৰকাৰে ইচ্ছা কৰিয়েই যে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ মন্ত্ৰীগোটৰ প্ৰতিবেদনখন অন্তিমখন বিধানসভা অধিৱেশনৰ অন্তিম দিনটোলৈ বাট চাই আছিল, সেই কৌশলৰ তথ্য স্পষ্ট হৈ পৰিব৷ স্বাভাৱিকতেই এতিয়া ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত কংগ্ৰেছৰ দৰে বিজেপি মিত্ৰজোঁটৰ চৰকাৰেও ভূমিপুত্ৰ জনগোষ্ঠীকেইটাক টুপী দিব নেকি বুলিও চৰ্চা লাভ কৰিছে৷


মন্ত্ৰীগোটৰ প্ৰতিবেদনক লৈ বিবুধিত ৬ জনগোষ্ঠীৰ নেতৃত্ব আৰু ৰাইজ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদকঃ  অসমৰ ভূমিপুত্ৰ ৬জনগোষ্ঠীৰ জনজাতিকৰণক লৈ মন্ত্ৰীগোটে কেবিনেটত দাখিল কৰা প্ৰতিবেদনত কি আছে তাক লৈ এতিয়া ৰাজ্যবাসীৰ মাজত উৎকণ্ঠা বৃদ্ধি পাইছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভাত উত্থাপনৰ বাবে মন্ত্ৰীগোটৰ প্ৰতিবেদনখন বিধানসভাৰ অধ্যক্ষক দাখিলৰ বাবে কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তৰ কথা ৰাজহুৱা কৰাৰ পাছতেই মুখ্যমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছিল ৬জনগোষ্ঠীয় একাংশ নেতৃত্ব৷ কিন্তু মন্ত্ৰীগোটৰ প্ৰতিবেদনত থকা তথ্যক লৈ চৰ্চা হ’বলৈ আৰম্ভ কৰাত জনগোষ্ঠীয় সংগঠনকেইটাৰ নেতৃত্বই এতিয়া বিবুধিত পৰিছে৷ আনকি ৰাজ্য চৰকাৰৰ ফালৰ পৰাও এই মুহূৰ্তলৈ ৬জনগোষ্ঠীক কেনেদৰে জনজাতিৰ স্বীকৃতি দিয়াৰ বাবে মন্ত্ৰীগোটে পৰামৰ্শ প্ৰদান কৰিছে তাক ৰাজহুৱা নকৰাত জনগোষ্ঠীকেইটাৰ ৰাইজৰ লগতে বৰ্তমানৰ জনজাতীয় ৰাইজৰ মাজতো উৎকণ্ঠা বৃদ্ধি পাইছে৷ ৬জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত দীৰ্ঘদিন ধৰি আন্দোলন চলাই অহা চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ সদ্য প্ৰাক্তন সভাপতি ধীৰাজ গোৱালাই জানিবলৈ দিয়া অনুসৰি ৬ জনগোষ্ঠীক দুটা ভাগত বিভক্ত কৰি জনজাতিৰ স্বীকৃতি দিয়াৰ বাবে মন্ত্ৰীগোটে পৰামৰ্শ প্ৰদান কৰিছে৷ ইয়াৰে এটা ‘ভৈয়াম’ জনজাতি আৰু আনটো নতুনকৈ ‘উপত্যকা’ জনজাতি নামকৰণ কৰিছে৷ সেই অনুসৰি মৰাণ, মটক আৰু অবিভক্ত গোৱালপাৰা জিলা কোচ ৰাজবংশীসকলক এছটি [পি] ৰূপে স্বীকৃতি দিয়াৰ পৰামৰ্শ দিয়া হৈছে৷ বাকী তাই আহোম, চুতীয়া, চাহ জনগোষ্ঠী আৰু অবিভক্ত গোৱালপাৰাৰ বাহিৰৰ কোচ ৰাজবংশীক এছ টি [ভি] মৰ্যাদা দিয়াৰ পৰামৰ্শ দিছে৷ বৰ্তমান অ’বিচি শ্ৰেণীভুক্ত জনগোষ্ঠীকেইটাৰ সংৰক্ষণৰ ২৭ শতাংশ হাৰৰ পৰা নিৰ্দিষ্ট শতাংশ কৰ্তন কৰি নতুনকৈ জনজাতি কৰা জনগোষ্ঠীকেইটাৰ বাবে সংৰক্ষণৰ হাৰ নিৰ্ধাৰণ কৰাৰ বাবে পৰামৰ্শ দিছে৷ চাহ জনগোষ্ঠীৰ অধীনত মুঠ ৩৬টা উপজাতি আছে যদিও মন্ত্ৰীগোটৰ প্ৰতিবেদনত ইয়াৰে মাত্ৰ ১০টা উপজাতিকহে  জনজাতি [উপত্যকা] স্বীকৃতি দিয়াৰ বাবে পৰামৰ্শ দিয়া বুলি জানিব পাৰিছোঁ৷ চাহ জনগোষ্ঠীটোৰ লোকসকলৰ মাজত এনে ভাগ ভাগ কৰা নীতি কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে বুলি সকীয়াই দিছে আটছাৰ প্ৰাক্তন নেতাজনে৷ ইফালে, তাই আহোম যুৱ পৰিষদৰ সভাপতি বিজয় ৰাজকোঁৱৰে ছয় জনগোষ্ঠীক একেটা বিভাগত ৰাখক, ‘উপত্যকা’ আমি গ্ৰহণ নকৰোঁ বুলিও হুংকাৰ প্ৰদান কৰিছে৷ আনহাতে, মন্ত্ৰীগোটৰ এই প্ৰতিবেদনক লৈ শনিবাৰে জনজাতি সংগঠনসমূহৰ যৌথ মঞ্চয়ো এখন জৰুৰী বৈঠকৰ আহ্বান কৰিছে৷