জনজাতিক ৩ ভাগত বিভক্তৰ প্ৰস্তাৱ নতুন জনজাতিয়ে সংৰক্ষণৰ সুবিধা নাপাব
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ নৱেম্বৰঃ জনজাতি [পাৰ্বত্য], জনজাতি [ভৈয়াম] আৰু জনজাতি [উপত্যকা]–এই তিনিটা ভাগত বিভক্তৰ প্ৰস্তাৱেৰে শনিবাৰে অসম বিধানসভাত দাখিল কৰা ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কীয় প্ৰতিবেদন৷ মন্ত্ৰী গোটৰ হৈ জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বিধানসভাত উত্থাপন কৰে উক্ত প্ৰতিবেদন৷ প্ৰস্তাৱ অনুসৰি জনজাতি [ভৈয়াম]ত থাকিব ভৈয়ামৰ ইতিপূৰ্বে জনজাতি ঘোষিত জনগোষ্ঠী সমূহ৷ জনজাতি [পাৰ্বত্য]ত থাকিব পাৰ্বত্য এলেকাৰ ইতিপূৰ্বে জনজাতি ঘোষিত জনগোষ্ঠীসমূহ৷ আনহাতে জনজাতি [উপত্যকা]ত থাকিব প্ৰস্তাৱিত ছয় জনগোষ্ঠী৷ সংসদ, বিধানসভা আৰু স্থানীয় নিগম-নিকায়সমূহৰ ক্ষেত্ৰত পূৰ্বৰ জনজাতিৰ সংৰক্ষণৰ কোনো ত্ৰুটি-বিচ্যুতি নহয়৷ ছয় জনগোষ্ঠীয়ে জনজাতিকৰণৰ স্বীকৃতি পাবলৈ হ’লে সংসদত বিশেষ অধিৱেশন অনুষ্ঠিত কৰিব লাগিব৷ বিশেষ অধিৱেশনত তিনি তৰপীয়া জনজাতিকৰণ সন্দৰ্ভত প্ৰস্তাৱ গৃহীত হ’ব লাগিব৷ অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰক তিনিতৰপীয়া জনজাতিকৰণ সম্পৰ্কত অনুমোদনৰ বাবে অনুৰাধ জনাব৷ জনজাতি [উপত্যকা]ৰ লোকসকলে পূৰ্বৰ জনজাতি [পাৰ্বত্য], জনজাতি [ভৈয়াম]ৰ লোক সকলৰ অধিকাৰৰ হানি বিঘিনি নোহোৱাকৈ জনজাতিৰ আন সা-সুবিধা লাভ কৰিব৷ জনজাতি [উপত্যকা]ত থাকিব আহোম, চুতীয়া, চাহ জনগোষ্ঠী আৰু আদিবাসী তথা অবিভক্ত গোৱালপাৰা জিলাৰ বাহিৰৰ কোচ-ৰাজবংশীসকল৷ আনহাতে মৰাণ, মটক আৰু গোৱালপাৰা জিলা কোচ-ৰাজবংশীসকলক জনজাতি [ভৈয়াম] অত অন্তভুৰ্ক্ত কৰাৰ প্ৰস্তাৱ দিয়া হৈছে৷ অৰ্থাৎ ভোটৰ স্বাৰ্থত বিজেপি নেতৃত্বাধীন অসম চৰকাৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰস্তাৱ দিছে যদিও মৰাণ, মটক আৰু অবিভক্ত গোৱালপাৰাৰ কোচ-ৰাজবংশীৰ বাহিৰে আহোম, চুতীয়া চাহ জনগোষ্ঠী আৰু আদিবাসী তথা অবিভক্ত গোৱালপাৰাৰ বাহিৰৰ কোঁচ-ৰাজবংশীসকলে জনজাতি স্বীকৃতি পালেও বিশেষ লাভবান নহ’ব৷ কিয়নো তেওঁলোকে প্ৰকৃতাৰ্থত নাপাব জনজাতিৰ সংৰক্ষণৰ সুবিধা৷ মৰাণ, মটক আৰু অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী সকলক জনজাতি ভৈয়ামৰ স্বীকৃতিৰ প্ৰস্তাৱ দিয়া হৈছে৷ অৱশ্যে অবিভক্ত গোৱালপাৰা জিলাৰ কোচ-ৰাজবংশীক এই স্বীকৃতিৰ ক্ষেত্ৰত বিটিচি কতৃৰ্পক্ষৰ পৰা আপত্তিহীনতাৰ প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব৷ মন্ত্ৰী গোটে অন্যান্য পিছপৰা শ্ৰেণীৰ ভিতৰত অন্তৰ্ভুক্ত নোহোৱা চাহ বাগিচা এলেকাৰ ৩৫ টা সম্প্ৰদায়ক শীঘ্ৰেই অন্যান্য পিছপৰা শ্ৰেণীত অন্তৰ্ভুক্ত কৰাৰো প্ৰস্তাৱ দিছে৷ ষষ্ঠ অনুসূচীৰ অধীনৰ লোকসভা সমষ্টিসমূহ যিহেতু বৰ্তমানৰ জনজাতিসকলৰ বাবে স্থায়ীভাৱে সংৰক্ষিত গতিকে এই আসনসমূহ ভৱিষ্যতে একেধৰণে সংৰক্ষিত হৈ থাকিব৷ এছ টি [ভেলী]ৰ বাবে অতিৰিক্ত সংসদীয় সমষ্টি সৃষ্টিৰ পৰামৰ্শ দিয়া হৈছে সমষ্টি পুননিৰ্ধাৰণৰ জৰিয়তে৷ প্ৰস্তাৱ অনুসৰি জনজাতি [উপত্যকাৰ] লোকসকলে কেন্দ্ৰীয় চৰকাৰৰ কোনো সংৰক্ষণৰ সুবিধা নাপাব৷ এই প্ৰস্তাৱ অনুসৰি ছয় জনগোষ্ঠীৰ লোকে জনজাতিৰ স্বীকৃতি পালে ভূমি ক্ৰয়-বিক্ৰয় অথবা পট্টা লাভৰ ক্ষেত্ৰত পূৰ্বৰ জনজাতিৰ দৰে লাভ কৰিব সুবিধা৷
শিৱসাগৰত তাই আহোম সংগঠনৰ উল্লাস
‘আমাৰ অসম’ৰ শিৱসাগৰৰ প্ৰতিনিধিঃ অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজি অন্তিম তথা পঞ্চম দিনা তিনিজনীয়া মন্ত্ৰী গোটে অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন দাখিল কৰাৰ পাছতেই আজি সন্ধিয়া জ্জ-৩০ বজাত ঐতিহাসিক শিৱসাগৰত তাই আহোম সংগঠনৰ শতাধিক সদস্যই শিৱসাগৰ নগৰৰ মাজমজিয়াৰ দলমুখ চাৰিআলিত ফটকা ফুটাই আনন্দ উল্লাস কৰি এক আৱতৰীয়া দীপাৱলী উদ্যাপন কৰে৷ তাই আহোমৰ দল- সংগঠনৰ প্ৰতিনিধিসকলে ফটকা ফুটোৱাৰ লগতে ৰাইজৰ মাজত মিঠাই বিতৰণ কৰি আনন্দ উল্লাস কৰে৷ দল-সংগঠনৰ প্ৰতিনিধিসকলে তাই আহোম ঐক্য জিন্দাবাদ, জনজাতিকৰণ আমাৰ অধিকাৰ, শীৰ্ষক বিভিন্ন শ্লোগান দিয়ে৷ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি তাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দিগন্ত তামুলীয়ে কয় যে- তাই আহোমকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আমাৰ দীৰ্ঘদিনীয়া দাবী আছিল৷ এই দাবীৰ প্ৰতি আজি অসম চৰকাৰে সঁহাৰি জনোৱাৰ বাবে আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণে অসমীয়া খিলঞ্জীয়া ৰাইজৰ সুৰক্ষাৰ ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপ হ’ব৷ এই প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰাৰ পাছত কেন্দ্ৰীয় চৰকাৰে যাতে তৎকালীনভাৱে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব বুলি আমি আশাবাদী৷ কেন্দ্ৰীয় চৰকাৰক আমাৰ এই দাবীক অধিক পৰিমাণে দৃষ্টিগোচৰ কৰাৰ অৰ্থে সংসদৰ শীতকালীন অধিৱেশনৰ সময়তে টাইপাৰ ১০০ জনীয়া এটা প্ৰতিনিধি দলে দিল্লী যাত্ৰা কৰিব৷ এই আনন্দ উৎসৱৰ সময়ত উপস্থিত থকা জাতীয় সংগ্ৰামী সেনাৰ সভাপতি চিতু বৰুৱাই কয় যে- অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ প্ৰতি গুৰুত্ব আৰোপ কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ধন্যবাদৰ পাত্ৰ৷ অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব আৰু বেছি বাঢ়িল৷ অসমৰ সুদক্ষ মুখ্যমন্ত্ৰীয়ে দিল্লীক পতিয়ন নিয়াবলৈ চেষ্টা কৰি অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব বুলি উল্লেখ কৰি জাতীয় সংগ্ৰামী সেনাৰ সভাপতি চিতু বৰুৱাই কয় যে - এই চৰকাৰখনে অসমীয়া ৰাইজৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে কাম কৰি আহিছে৷ বনাঞ্চল, সত্ৰ, নামঘৰৰ মাটি অবৈধ সন্দেহজনক নাগৰিকৰ কৱলৰ পৰা চৰকাৰে মুক্ত কৰি আহিছে৷ লাখ লাখ যুৱক-যুৱতীয়ে এটকাও নিদিয়াকৈ চাকৰি লাভ কৰিছে৷ ইয়াৰ সমান্তৰালকৈ অসমত অসমীয়া মানুহে সম্পদৰ অধিকাৰ, ভূমিৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ, ভাষিক অধিকাৰৰ বাবে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰা প্ৰয়োজন আহি পৰিছে৷ চৰকাৰখনে যি প্ৰতিবেদন দাখিল কৰিছে জাতীয় সংগ্ৰামী সেনা আৰু সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে আদৰণি জনাইছে৷ আজিৰ তাৰিখৰ পৰা অসমখন এক সুৰক্ষিত দিশলৈ গতি কৰিছে৷






