Logo
image

আপুনি ‘হেক’ হৈছে

আপোনাৰ স্মাৰ্টফোনটোত বা কম্পিউটাৰটোত যদি আন কোনোবাই আপোনাৰ অজানিতে সোমাই আপোনাৰ ফোনত বা কম্পিউটাৰত থকা সমস্ত তথ্য চুৰি কৰে, আপোনাৰ অলক্ষিতে আপুনি গম নোপোৱাকৈ আপোনাৰ ইলেক্টª’নিক উপকৰণ ব্যৱহাৰ কৰে, তাক তথ্য-প্ৰযুক্তিৰ জগতখনৰ ভাষাত হেক কৰা বুলি কয়৷ বহুতৰে এনে হেকাৰৰ কবলত পৰাৰ অভিজ্ঞতা আছে৷ হেকাৰে যদি আপোনাৰ ফোনটোত সোমাই আপোনাৰ ফোনটোৰ বা আন এপৰ লগ-ইন পাছৱ’ৰ্ডবোৰ সলনি কৰি দিয়ে, তেতিয়া আপুনি নিজেই নিজৰ ফোনটো আৰু ফোনটোত থকা এপবোৰ খুলিব নোৱাৰিব৷ হেকাৰে পৃথিৱীৰ যিকোনো ঠাইৰ পৰা আপোনাৰ ফোন হেক কৰিব পাৰে৷ বহু সময়ত একোটা বেংক, বিত্তীয় প্ৰতিষ্ঠান আৰু চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানো হেকাৰৰ কবলত পৰাৰ বাতৰি প্ৰকাশ হৈ থাকে৷ হেকাৰে সন্ত্ৰাসবাদীয়ে মানুহক পণবন্দী কৰাৰ দৰে অনুষ্ঠানবোৰৰ ৱেব-ছাইটবোৰ দখল কৰি পণবন্ধী কৰি লয় আৰু বৃহৎ পৰিমাণৰ ধন দাবী কৰে৷ এই হেকাৰসকলে পৃথিৱীৰ কোনটো কোণৰ পৰা হেক কৰি আছে তাক নিৰ্ণয় কৰা অত্যন্ত কঠিন হৈ পৰে আৰু তেওঁলোকে পৃথিৱীৰ যিকোনো এখন দেশৰ বিত্তীয় প্ৰতিষ্ঠানত তেওঁলোকে বিচৰা ধন আদায় ল’ব পাৰে৷ এবাৰ ধন আদায় দিয়াৰ পাছত সেই ধন ওভটাই পোৱা আৰু হেকাৰক বিচাৰি উলিওৱা প্ৰায় অসম্ভৱ হৈ পৰে৷ চাইবাৰ অপৰাধীক, বিশেষকৈ যিসকলে বিদেশৰ মাটিৰ পৰা অপৰাধ সংঘটিত কৰে, সিহঁতক বিচাৰি পোৱা বা সিহঁতক অপৰাধৰ বাবে শাস্তিৰ সন্মুখীন কৰোৱা এটা অত্যন্ত জটিল কাম৷ হেকাৰে হেক কৰিব পাৰে– কাৰণ আমাৰ স্মাৰ্টফোন আৰু কম্পিউটাৰবোৰ ইণ্টাৰনেটৰ সৈতে সংযুক্ত হৈ থাকে৷ ইণ্টাৰনেটত সংযুক্ত হৈ নথকা ফোন বা কম্পিউটাৰ এটা হেক কৰিব নোৱাৰি৷ www. ৱ’ল্ডৰ্ ৱাইড ৱেব বা ইণ্টাৰনেটৰ বিশ্বজোৰা জালখনত সংযুক্ত হৈ থকা ফোন বা কম্পিউটাৰ এটা পৃথিৱীৰ যিকোনো স্থানৰ পৰা সেই জালখনত সংযুক্ত হৈ হেকাৰে হেক কৰিব পাৰে৷ গতিকে হেকাৰৰ কবলৰ পৰা ৰক্ষা পোৱাৰ আটাইতকৈ উপযুক্ত উপায় হ’ল ইণ্টাৰনেটত সংযুক্ত নোহোৱা৷ কিন্তু আমি এনে এখন পৃথিৱী গঢ়ি লৈছোঁ, য’ত ইণ্টাৰনেট অবিহনে আমাৰ জীৱন প্ৰায় অচল হৈ পৰিব৷ হেকাৰৰ পৰা ৰক্ষা পাবলৈ ইণ্টাৰনেট ব্যৱহাৰ নকৰিবলৈ কোৱা আৰু দুৰ্ঘটনাৰ পৰা ৰক্ষা পাবলৈ যান-বাহন ব্যৱহাৰ নকৰিবলৈ কোৱা প্ৰায় একেধৰণৰ কথা৷ যান-বাহন অবিহনে যিদৰে জীৱন স্থবিৰ হৈ পৰিব, একেদৰে ইণ্টাৰনেট অবিহনেও জীৱন স্থবিৰ হৈ পৰিব৷ যান-বাহন ব্যৱহাৰ কৰিলে যিদৰে সামান্য হ’লেও দুৰ্ঘটনাত পতিত হোৱাৰ সম্ভাৱনা থাকে, তেনেদৰে ইণ্টাৰনেট ব্যৱহাৰ কৰা প্ৰতিজন ব্যক্তি হেকাৰৰ কবলত পৰাৰ সম্ভাৱনা থাকে৷ যিমান পাৰি সাৱধানতা অৱলম্বন কৰা, যিমান পাৰি সুৰক্ষিত হৈ থাকিবলৈ চেষ্টা কৰাত বাদে আন উপায় নাই৷ 

কিন্তু এতিয়া আপোনাৰ ফোনটো হেক হোৱাৰ সম্ভাৱনাতকৈও অধিক ভয়াৱহ এক সমস্যা প্ৰকট হৈ পৰিছে৷ সি হ’ল ইণ্টাৰনেটৰ জৰিয়তে নিজৰ ব্যৱসায় চলোৱা বিগ ডেটা কোম্পানীবোৰে মানুহৰ মন-মগজু হেক কৰিবলৈ আৰম্ভ কৰিছে আৰু হেক হোৱাজনে গমেই নাপায় যে তেওঁ হেক হৈছে৷ এজন ব্যক্তিৰ চিন্তা-চৰ্চা,  অনুভৱ-অনুভূতি যদি আচলতে তেওঁৰ নিজৰ নহয়, সেইবোৰ যদি তেওঁৰ স্মাৰ্টফোনটোৰ জৰিয়তে তেওঁৰ অন্তৰত ৰোপণ কৰা হয়, তেনেহ’লে সেয়া মানুহজনক হেক কৰাৰ দৰে হ’ব৷ ফেচবুক, ইন্‌ষ্টাগ্ৰাম, ৱাটছ এপৰ মালিক হ’ল বিগ ডেটা কৰ্প’ৰেশ্বন মেটা আৰু গুগল তথা ইউ টিউবৰ মালিক হ’ল গুগ্‌ল৷ মেটা আৰু গুগ্‌লৰ এতিয়া নিজৰ কৃত্ৰিম বুদ্ধিমত্তাও আছে৷ এই কোম্পানীবোৰৰ হাতত পৃথিৱীৰ বেছিভাগ মানুহৰ বিষয়ে পৰ্যাপ্ত তথ্য– যেনে তেওঁ কি ধৰণৰ চিন্তা-ভাবনাৰ প্ৰতি আকৃষ্ট, তেওঁ কি কাপোৰ পিন্ধি ভাল পায়, কি কিতাপ পঢ়ি ভাল পায়, কি খাই ভাল পায়, কোনটো ৰাজনৈতিক দলক সমৰ্থন কৰে, কোনবোৰ ভিডিঅ’ চায়, কি গান শুনে, ক’লৈ ফুৰিবলৈ যায়, কেতিয়া শুই উঠে, কেতিয়া শোৱে, কাৰ লগত কিমান সময় কথা পাতে, কাৰ ফটো তোলে, ইণ্টাৰনেটত কি চায় ইত্যাদি আছে আৰু সেই তথ্য নিমিষতে বিশে¡ষণ কৰিব পৰা গণনা ক্ষমতা আছে৷ তিনি মাহৰ আগতে আবেলি ৩ বজাত আপুনি ক’ত আছিল আপোনাৰ মনত নাই, কিন্তু গুগ্‌লে আপুনি গুগ্‌লৰ একাউণ্ট খোলাৰ পৰা আৰু স্মাৰ্ট ফোনটো লগত ৰখাৰ পৰা প্ৰতি মুহূৰ্ততে ক’ত আছিল জানে৷ এই বিপুল পৰিমাণৰ তথ্য আৰু সেই তথ্য নিমিষতে বিশে¡ষণ কৰাৰ অভাৱনীয় গণনা ক্ষমতাই গুগ্‌ল বা মেটাক এনে এক শক্তি দিছে যে এই কোম্পানীবোৰে এতিয়া আপুনি আপোনাক যিমান জানে বা বুজে তাতকৈ অধিক জানে বা বুজে৷ আৰু সেই জ্ঞানেৰে সেইবোৰে আপুনি গম নোপোৱাকৈ আপোনাক নিয়ন্ত্ৰণ কৰে৷ কিন্তু আপুনি গম নাপায় যে আপোনাক ইতিমধ্যে হেক কৰা হৈছে৷ আপুনি নিশ্চিতনে যে আপুনি হেক হোৱা নাই? এই হেকাৰৰ পৰা আপুনি নিজকে কেনেকৈ ৰক্ষা কৰিব?