Logo
image

অভিসন্ধিৰ মায়াজাল ফালি

ডলাৰৰ বিপৰীতে টকাৰ মূল্যৰ দ্ৰুত হ্ৰাসে দেশৰ অৰ্থনীতিৰ নেতিবাচক প্ৰভাৱ পেলাব৷  দেশত জি ডি পি উন্নত হোৱাৰ বিপৰীতে টকাৰ মূল্যৰ ব্যাপক অৱনতিয়ে ভাৰতীয় অৰ্থনীতিৰ ধুসৰ ছবি এখনহে প্ৰতিফলিত কৰা দেখা গৈছে৷ ই চৰকাৰৰ চৰম বিফলতা বুলিব পাৰি৷  চৰকাৰে জি ডি পি যিমানেই বৃদ্ধি হৈছে বুলি নকওঁক কিয়, বাস্তৱ ক্ষেত্ৰত কিন্তু সধাৰণ জনতা আৰ্থিক অনাটনত ভুগিছে৷ খেতিয়ক, দুখীয়া, মধ্যবিত্ত, ক্ষুদ্ৰ ব্যৱসায়ী আদিৰ আৰ্থিক দুৰৱস্থা ইমানেই বেছি যে সাধাৰণভাবে জীবন নিৰ্বাহ কৰাও কঠিন হৈ পৰিছে৷ জি এছ টি কৰ হ্ৰাস কৰাৰ পাছতো অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যধিক মূল্য বৃদ্ধিয়ে জনতাক কোঙা কৰিছে৷

যদিও ভাৰত চতুৰ্থ বৃহৎ অৰ্থনীতিৰ দেশ হ’বলৈ গৈ আছে প্ৰকৃতাৰ্থত সাধাৰণ মানুহৰ হাতত কিন্তু পৰ্যাপ্ত  পৰিমাণে ধন নাই৷ মুদ্ৰাস্ফীতিযে  দেশৰ অৰ্থনীতিৰ কঁকাল একেবাৰে ভাঙি পেলাইছে৷ বৰ্তমান ভাৰতীয় টকাৰ সৰ্বনিম্ন মূল্যই সৰ্বকালৰ অভিলেখ ভংগ কৰিছে৷ ২০১৪ চনত টকাৰ মূল্য নিম্নগামী হোৱাক লৈ তেতিয়াৰ বিৰোধী আৰু আজিৰ শাসক বিজেপি দলে দেশ উত্তাল কৰিছিল৷ কিন্তু দুৰ্ভাগ্যৰ বিষয় যে এইখন চৰকাৰৰ দিনতে টকাৰ মূল্য সৰ্বকালৰ সৰ্বনিম্ন হৈছে ৷ বৰ্তমান আমেৰিকাৰ এক ডলাৰ ভাৰতীয়   মুদ্ৰাৰ ৯০ টকাৰো অধিক৷ ই বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতিৰ এক বিপৰীত ছবি৷ টকাৰ মূল্য ৪০ টকালৈ আহিব বুলি ৰাইজক আশ্বাস দিয়া বিজেপিয়ে টকাৰ মূল্য বৃদ্ধি ঘটোৱা একো চেষ্টা তিনিটা কাৰ্যকালত কৰিব নোৱাৰিলে৷

দেশৰ জনতাৰ হাতত ধন নোহোৱা হোৱাৰ  আন এটা  ডাঙৰ কাৰণ হৈছে  দেশৰ পৰোক্ষ কৰ  যেনে জিএছটি, আমদানি  ১৫ানি কৰ, আবকাৰী কৰ, টোল টেক্স, ৰোড  টেক্স’, বিনোদন কৰ, স্বচ্ছ ভাৰত কৰ, ইন্ধন কৰ আদিয়ে জনতাক জুৰুলা কৰি মাৰিছে৷ যিবোৰৰ খবৰ বহু সাধাৰণ জনতাই ৰখাই নাই বা ৰখাৰ প্ৰয়োজন অনুভৱ  কৰা নাই৷ বহু সময়ত চৰকাৰেও এইবোৰৰ উমান ৰাইজক  ল’বলৈ নিদিয়ে৷ জনতাৰ আয়ৰ সৰহখিনি এইবোৰ কৰত খৰচ হৈ জনতাৰ হাত খালী হৈ পৰিছে৷ 

অনাহাতেদি দেশৰ  অৰ্থনীতি  এনেকুৱা হৈছে যে চৰকাৰে অধিক পৰোক্ষ কৰৰ ওপৰত  নিৰ্ভৰ কৰিব লগা হৈছে৷  বিশেষকৈ GSথ্ব, পেট্ৰল আৰু ডিজেল আদিৰ  ওপৰত আবকাৰী শু{¨ৰ ওপৰত  চৰকাৰ যথেষ্ট পৰিমাণে নিৰ্ভৰ কৰিছে৷ ইয়াৰ মূল কাৰণ  হৈছে চৰকাৰক অধিক ৰাজহ লাগে  অন্যথা  হিতাধিকাৰী আঁচনিৰ দৰে বহু  আঁচনি চলাই নিয়া সম্ভব নহয়৷ অন্যহাতেদি ধনী, ধন কুৱেৰ, পুঁজিপতি আদিৰ পৰা চৰকাৰে কৰ নিবিচাৰে৷ ইয়াৰ পৰিৱৰ্তে কোটি কোটি কৰ সেইসকলক ৰেহাইহে দিয়ে৷ এনে  চৰকাৰী বৈষম্যই কিন্তু সাধাৰণ জনতাকহে মাধমাৰহে  সোধাইছে৷

এইখিনিতে  প্ৰশ্ন জাগে যে  চৰকাৰে ধনী বা পুঁজিপতিক কিয় কৰ ৰেহাই দিয়ে, যিটো নেকি দুখীয়া মানুহৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব লাগিছিল৷ ইয়াৰ প্ৰকৃত কাৰণ হৈছে এই  ধনী, পুঁজিপতিসকলে চৰকাৰ  অৰ্থাৎ বিজেপিক  বৃহৎ  পৰিমাণৰ পুঁজি  বিভিন্ন অনুদান হিচাপে দি আছে ৷ এই ধনী, পুঁজি পতি সকলে কিয় বিজেপিক  পুঁজি দি আছে  তাৰো আছে  বিশেষ কাৰণ৷ কাৰণ তেওঁলোকে পুঁজিৰ  বিনিময়ত  লাভ কৰিছে ব্যৱসায় কৰাৰ বাবে অনুকূল নীতি, নূ্যনতম কৰ, চৰকাৰী  সুবিধা, স্বনিয়ন্ত্ৰনৰ  অধিকাৰ ইত্যাদি ইত্যাদি৷ এই উদ্যোগপতি বা পুঁজিপতি সকলক ধন ঘটাৰ বাবে ইয়াতকৈ বেছি কি লাগিছে৷

এই কথা জলজল পটপট যে চৰকাৰে সাধাৰণ নাগৰিকতকৈ ধনী বা পুঁজিপতিক সদায়ে অগ্ৰাধিকাৰ দি আহিছে৷  বৃহৎ  বৃহৎ কাম, আঁচনি আদি এই পুঁজিপতি বা ধনীসকলৰ সুবিধাৰ বাবেই গ্ৰহণ কৰা হয়৷ ইয়াৰ অন্তৰালত সাধাৰণ জনতাৰ লাভালাভ দেখুওৱা হয় যদিও মূল উদেশ্য কিন্তু পুঁজিপতিক অনুকূল পৰিৱেশ গঢ়ি দিয়া৷ চৰকাৰৰ এনে কামৰ প্ৰকৃত উদ্দেশ্য হৈছে  হৈছে ক্ষমতা লাভ আৰু ক্ষমতা অটুট ৰখা৷ কাৰণ চৰকাৰ বা দলৰ  ৰাজনৈতিক অস্তিত্ব নিৰ্ভৰ কৰে  কৰ্প’ৰেটৰ দান-দক্ষিণা আৰু চৰকাৰৰ হৈ তেওঁলোকে কৰা কিছুমান এনে কাম, যিবোৰৰ সাধাৰণ জনতাই ভূকে নাপায়৷  তদুপৰি সংবাদ মাধ্যমৰ নিয়ন্ত্ৰণ,  বিভিন্ন স্বতন্ত্ৰ  প্ৰতিষ্ঠানৰ নিয়ন্ত্ৰণ আৰু বিশেষকৈ  নিৰ্বাচনী ব্যয়ৰ ওপৰতে শাসকীয় দলৰ ৰাজনৈতিক অস্তিত্ব নিৰ্ভৰ কৰে৷ 

ইয়াৰে ভিতৰত  নিৰ্বাচনী খৰচক  যথেষ্ট গুৰুত্ব  দিব লগা হয়৷ কাৰণ আধুনিক নিৰ্বাচন ব্যাপক অপপ্ৰচাৰ, বিজ্ঞাপন, আৰু ছ’চিয়েল মিডিয়াৰ প্ৰভাৱৰ ওপৰত নিৰ্ভৰশীল  হৈ পৰিছে৷ এইবোৰৰ  নিয়ন্ত্ৰণ আৰু পৰিচালনাৰ খৰচ অতিকে বেছি৷ প্ৰপ্ৰাগণ্ডাৰ ঠাল-ঠেঙুলি সৰ্বত্ৰ মেলি দিব নোৱাৰিলে নিৰ্বাচনত জয়ী হোৱা সহজ একেবাৰে নহয়৷  কাৰণ বৰ্তমান সময়ত অপপ্ৰচাৰৰ প্ৰয়োজন অতিকে বেছি৷  কাৰণ  বিশাল অপপ্ৰচাৰ অবিহনে  মানুহে হয়তো আৱেগিক বা মতাদৰ্শহীন  ভুৱা চৰকাৰী আখ্যানৰ পৰিৱৰ্তে নিবনুৱা সমস্যা, মুদ্ৰাস্ফীতি, আৰ্থিক  আৰু ধৰ্মীয় বৈষম্য, শিক্ষা,  স্বাস্থ্য, মুল্যবৃদ্ধি, কৰ-কাটল, জনগোষ্ঠীয় সমস্যা, হত্যা হিংসা, অপৰাধ দুৰ্নীতি,  ভ্ৰষ্টাচাৰ, ছিণ্ডিকেট, চৰকাৰী  মিথ্যাচাৰ আদিৰ দৰে বাস্তৱিক  বিষয়বোৰক গুৰুত্ব দিব পাৰে আৰু চৰকাৰৰ বিফলতাক লৈ প্ৰশ্ন তুলিব পাৰে যাৰ পৰিমাণ হব অতিকে ভয়ংকৰ৷  ই চৰকাৰ ভাঙি পেলাবও পাৰে৷ 

গতিকেই এইবোৰৰ অন্তৰ্নিহিত ঘটনাৰাজি অতিকে বিশাল আৰু ৰহস্যঘন, যাৰ গভীৰলৈ সোমাই যাবলৈ সাধাৰণ জনতা অপাৰগ আৰু সোমাব খুজিলেও নানান অভিসন্ধিৰে সেই পথ ৰুদ্ধ কৰি পেলোৱা হয়৷ সেয়ে ডলাৰৰ মূল্যৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য সৰ্বকালৰ সৰ্বনিম্ন হোৱাৰ পাছতো বিজেপিৰ কিছু লোকে ই দেশৰ অৰ্থনীতিৰ বাবে ভাল কথা বুলি প্ৰপাগণ্ডা চলাবলৈও এৰা নাই৷ ই চৰম লজ্জাজনক আৰু  হাস্যকৰ৷ ৰাজনীতিৰ মায়াজাল ফালি প্ৰকৃত সত্য বাহিৰ কৰা অত্যন্ত কঠিন কাম৷