Logo
image

সাগৰৰ পাৰত বিনাচিকিৎসাই ৭৫ মিনিট পৰি আছিল জুবিন

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ ডিচেম্বৰঃ  ছিংগাপুৰৰ সাগৰৰ পৰা উঠোৱাৰ পাছত প্ৰায় ৭৫ মিনিট বিনাচিকিৎসাই পৰি আছিল জুবিন গাৰ্গ৷ ৭৫ মিনিট ধৰি জুবিন গাৰ্গৰ বাবে হোৱা নাছিল এম্বুলেঞ্চৰ ব্যৱস্থা৷ ডেৰ ঘণ্টাৰ পাছতহে জুবিন গাৰ্গক উঠোৱা হৈছিল এম্বুলেঞ্চত...৷ এনে বহু বিস্ফোৰক তথ্য সন্নিৱিষ্ট হৈছে এছআইটিৰ অভিযোগনামাত৷ অভিযোগনামাৰ ৩০৫ নম্বৰ পৃষ্ঠাত উল্লেখ কৰা হৈছে এই ভয়ংকৰ তথ্য৷ নিৰ্ভৰযোগ্য সূত্ৰে জানিব পৰা মতে– এছআইটিৰ চাৰ্জশ্বীটত উল্লেখ কৰা হৈছে যে জুবিন গাৰ্গৰ অসুস্থতাৰ কথা য়ট পাৰ্টীৰ আয়োজকক জনোৱা নাছিল নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক, জুবিন হত্যাৰ অন্যতম প্ৰধান অভিযুক্ত শ্যামকানু মহন্তই৷ জুবিন গাৰ্গৰ চিকিৎসকে জুবিনক সুৰা সেৱন বন্ধ কৰিবলৈ পৰামৰ্শ দিয়াৰ লগতে জুই-পানীৰ ওচৰলৈ যাবলৈ মানা কৰিছিল৷ চিকিৎসকৰ এনে পৰামৰ্শৰ বিপৰীতে জুবিন গাৰ্গক সুৰাৰ বটল যোগান ধৰিছিল শ্যামকানু মহন্তই৷ য়ট পাৰ্টীত অংশ লোৱাসকলৰ উপৰি ছিংগাপুৰত জুবিন গাৰ্গৰ চাৰিওফালে থকা লোকসকলৰ বিৰুদ্ধে অৱহেলাৰ অভিযোগৰ তথ্য উন্মোচিত হৈছে অভিযোগামাৰ পাতে পাতে৷ জুবিন গাৰ্গক যে শ্যামকানু মহন্তই জোৰ কৰিয়েই ছিংগাপুৰলৈ লৈ গৈছিল, সেই কথা জুবিন গাৰ্গে পূৰ্বেই কৈ যোৱাই নহয়– জুবিন গাৰ্গৰ ঘনিষ্ঠ কেইবাজনো লোকে এতিয়াও সেই কথা কৈ আছে বিভিন্ন মাধ্যমৰ জৰিয়তে৷ জুবিন গাৰ্গৰ ঘনিষ্ঠ অভিনেতা যতীন বৰায়ো ইতিমধ্যে সংবাদমাধ্যমৰ আগত সদৰী কৰিছে এই কথা৷ কিন্তু দুৰ্ভাগ্যজনক কথা এয়ে যে জুবিন গাৰ্গক গুৱাহাটীৰ পৰা ছিংগাপুৰলৈ নিয়াৰ পূৰ্বে হেল্‌থ ক্লিয়াৰেঞ্চ লোৱা হোৱা নাছিল– যিটো অত্যন্ত প্ৰয়োজনীয় আছিল৷ এইবোৰ কথাই প্ৰমাণ কৰে যে জুবিন গাৰ্গক পৰিকল্পিতভাৱেই মৃত্যুৰ মুখলৈ ঠেলি দিয়া হৈছিল৷ উল্লেখ্য, বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান মুন্না প্ৰসাদ গুপ্তা নেতৃত্বাধীন এছআইটিয়ে শুকুৰবাৰে আদালতত দাখিল কৰে প্ৰায় ১২ হাজাৰ পৃষ্ঠাৰ অভিযোগনামা৷ ১৬ ডিচেম্বৰত হ’ব জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ প্ৰথমটো শুনানি৷ সেইদিনা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হ’ব গোচৰটোৰ শুনানি৷ শুনানিৰ দিনা আদালতত হাজিৰ হ’ব লাগিব ৭ কাৰাবন্দী অভিযুক্ত৷ আইন অনুসৰি জ্জ কাৰাবন্দী অভিযুক্তক হাতে হাতে দিব লাগিব এছআইটিয়ে দাখিল কৰা চাৰ্জশ্বীটৰ ক’পী৷ কিন্তু সেইদিনা কাৰাগাৰ কতৃৰ্পক্ষই পৰিৱেশ-পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি অভিযুক্তকেইজনক আদালতত সোঁশৰীৰে হাজিৰ কৰাব নে নকৰাব সেয়া সময়তহে গম পোৱা যাব৷


ইফালে, জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ চাৰ্জশ্বীটৰ প্ৰত্যায়িত ক’পী বিচাৰি আদালতত ভিৰ কৰিছে বহুজনে৷ অভিযোগনামা দাখিলৰ দিনা আৰু পাছদিনা ৩ শতাধিক লোকে চাৰ্জশ্বীট বিচাৰি আবেদন কৰে৷ সচেতন নাগৰিকৰ পৰা আৰম্ভ কৰি অধিবক্তালৈকে বহুজনে চাৰ্জশ্বীট বিচাৰি আবেদন কৰিছে৷ অৱশ্যে প্ৰাৰম্ভিক পৰ্যায়ত আদালতে চাৰ্জশ্বীটৰ প্ৰত্যায়িত ক’পী প্ৰদানৰ অনুমতি দিয়া নাই৷ উল্লেখ্য, ৪টাকৈ গ্ৰাউণ্ডত ৭ অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ তথ্য উল্লেখ কৰা চাৰ্জশ্বীটত মৌখিক সাক্ষ্য প্ৰমাণ, ডিজিটেল তথ্য, মেডিকেল ৰিপ’ৰ্ট আৰু অৰ্থনৈতিক তথ্যৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা জ্জ অভিযুক্তৰ বিষয়ে সবিস্তাৰে উল্লেখ কৰাৰ লগতে মৌখিক সাক্ষ্য দিয়া ৩৯৭গৰাকী ব্যক্তিৰ ভাষ্য লিপিবদ্ধ হৈছে৷ জুবিনক কেনেকৈ অভিযুক্তসকলে কেনেকৈ ব্যৱহাৰ কৰিছিল তাৰ সাক্ষ্য সন্নিবিষ্ট চাৰ্জশ্বীটত ডিজিটেল তথ্যৰ লগতে মোবাইল ফোন, লেপটপ, CCTV VISUALS আৰু WHATSAPP মেজেছ আদি সন্নিৱিষ্ট কৰা হৈছে৷ চাৰ্জশ্বীটত সন্নিৱিষ্ট হৈছে জুবিন গাৰ্গৰ স্বাস্থ্য সম্পৰ্কীয় প্ৰতিবেদনৰ তথ্যও৷ গুৱাহাটীৰ নেমকেয়াৰ হাস্পতাল আৰু মুম্বাইৰ চিকিৎসালয়ৰ প্ৰতিবেদন সন্নিৱিষ্ট কৰাৰ লগতে ছিংগাপুৰ আৰু অসমৰ হাস্পতালৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু ভিচেৰা ৰিপ’ৰ্ট সন্নিৱিষ্ট কৰা হৈছে৷ জুবিন গাৰ্গৰ নিজৰ প্ৰডাক্‌চন হাউছৰ একাউণ্টছ, ৰয়েলটী আৰু বিভিন্ন সংস্থা-অনুষ্ঠানৰ লগত কৰা মাননিৰ চুক্তি-পত্ৰ আৰু ষ্টুডিঅ’ৰ বিতং তথ্য চাৰ্জশ্বীটত সন্নিৱিষ্ট কৰা হৈছে৷ সেইবোৰ তথ্যৰ আধাৰতে তদন্ত প্ৰক্ৰিয়া আগুৱাই নিছিল এছআইটিয়ে৷ আনহাতে চাৰ্জশ্বীটৰ পৃষ্ঠাই পৃষ্ঠাই লিপিবদ্ধ হৈছে সিদ্ধাৰ্থ শৰ্মাৰ লুণ্ঠনৰ কাহিনী৷ প্ৰতিটো বিহু অনুষ্ঠানৰ সৈতে জুবিনৰ হৈ চুক্তি কৰিছিল মেনেজাৰ সিদ্ধাৰ্থই৷ প্ৰতিখন সংগীতানুষ্ঠানৰ বাবে ১০-১২ লাখ টকা লৈছিল সিদ্ধাৰ্থই৷ তাৰে জ্জ লাখমান টকা দিয়া হৈছিল জুবিন গাৰ্গক৷ বাকী ধনৰাশি নিজেই হৰলুকী কৰিছিল মেনেজাৰ সিদ্ধাৰ্থই৷ আ(ৰ্যজনকভাৱে জুবিনক জুবিনৰ ধনৰ পৰাই চানকাঢ়ি দিয়া জ্জ লাখ টকাৰ পৰাও ১৫ শতাংশ কমিছন লৈছিল সিদ্ধাৰ্থ শৰ্মাই৷ এনেধৰণৰ বহু তথ্য সন্নিৱিষ্ট হৈছে এছআইটিৰ অভিযোগনামাত৷