Logo
image

মোদীক ধন্যবাদ, কিন্তু অসম চুক্তি ৰূপায়ণৰ কি হ’ল? আছুৰ প্ৰশ্ন

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ ডিচেম্বৰঃ  গুৱাহাটীৰ শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ গৈ অসম আন্দোলনৰ ৮৬০গৰাকী জাতীয় শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰিছে সদৌ অসম ছাত্ৰ সন্থাই৷ আছুৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্যই প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জ্ঞাপন কৰি কয়– নৰেন্দ্ৰ মোদীয়েই দেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী যি অসম আন্দোলনৰ জাতীয় শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনালে গুৱাহাটীৰ শ্বহীদ স্মাৰকক্ষেত্ৰলৈ গৈ৷


আমি ভাল পাইছোঁ৷ একে সময়তে অসম চুক্তি  ৰূপায়ণৰ জৰিয়তে অসমৰ জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যাৰ স্থায়ী সমাধান কৰটো সময়ৰ আহ্বান৷ বাংলাদেশত যি পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু উত্তৰ-পূৰ্বাঞ্চলক বৃহত্তৰ বাংলাদেশৰ অন্তৰ্ভুক্ত কৰিম বুলি ভাবুকি দিয়া হৈছে, সেই সময়ত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত থকা অবৈধ বাংলাদেশী আৰু মৌলবাদীক পুলিয়ে-পোখাই উৎখাত কৰিবলৈ এটা বিশেষ অভিযান আৰম্ভ কৰাটো অতি প্ৰয়োজন হৈ পৰিছে৷