Logo
image

ৰাজ্যত নিতৌ প্ৰায় ৩০জনৰ মৃত্যু

আমাৰ অসম, ৪ মে’: ক’ভিড প্ৰতিৰোধৰ উদ্দেশ্যেৰে নৈশ সান্ধ্য আইন জাৰি কৰি সতৰ্কতা অৱলম্বনৰ এসপ্তাহ অতিক্ৰম কৰিলে যদিও ৰাজ্যত ক’ভিডৰ সংক্ৰমণ অলপো নিয়ন্ত্ৰণলৈ অহা নাই৷ দৈনিক পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত এতিয়া স্বাস্থ্য বিভাগকো চিন্তিত কৰি তুলিছে৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত অভিলেখ সংখ্যক ৪,৪৮৯জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে৷ বিশেষকৈ ইউ কে ভেৰিয়েণ্টৰ লগতে ডব্‌ল মিউটেণ্ট আৰু ট্ৰিপ্‌ল মিউটেণ্ট ভেৰিয়েণ্টৰ সংক্ৰমণে ৰাজ্য ছানি ধৰিবলৈ আৰম্ভ কৰাত হাস্পতালত সংকটজনক ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে৷ যাৰ পৰিণতিত ক’ভিড ৰোগীৰ মৃত্যুৰ হাৰো বৃদ্ধি পাবলৈ ধৰিছে৷ পৰিস্থিতি এতিয়া এনে পৰ্যায় পাইছে গৈ যে দৈনিক অসমত ৩০জনকৈ লোকৰ প্ৰাণ কাঢ়ি নিছে ক’ভিডে৷ দেওবাৰে ৰাজ্যত ৩০জন ক’ভিড ৰোগীৰ মৃত্যু হোৱাৰ বিপৰীতে সোমবাৰে ক’ভিড আক্ৰান্ত ২৯জন ৰোগীৰ মৃত্যু হোৱা বুলি স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে৷ ইয়াৰ ভিতৰত কামৰূপ মহানগৰত ১৩জন, ডিব্ৰুগড়ত ৪জন, কৰিমগঞ্জত ৩জন, ওদালগুৰিত ২জন আৰু বঙাইগাঁও, কাচাৰ, গোৱালপাৰা, কামৰূপ গ্ৰাম্য, নলবাৰী, শোণিতপুৰ, তিনিচুকীয়াত এজনকৈ ক’ভিড ৰোগীৰ মৃত্যু হৈছে৷ সংযুক্ত মুক্তি বাহিনী জন্মকালৰ সংগঠক বোকাখাতৰ চিনেশ্বৰ মৰাং ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে৷ বঙাইগাঁৱত দুটা দিনতে ৬ জন ক’ভিড ৰোগীৰ মৃত্যু হোৱা বুলি জিলা প্ৰশাসনে প্ৰকাশ কৰিছে৷ দেওবাৰে জিলাখনত সেউজী প্ৰসাদ আৰু সুব্ৰত কুমাৰ দে’ নামৰ দুজন ব্যক্তিৰ মৃত্যু হোৱাৰ বিপৰীতে সোমবাৰে কমলেশ্বৰ বাছফৰ, স্বপন সূত্ৰধৰ, শশধৰ নাথ আৰু পিনাকী ধৰৰ ক’ভিডত মৃত্যু হৈছে৷ অলিম্পিয়ান আৰ্চাৰ জয়ন্ত তালুকদাৰ ক’ভিডত আক্ৰান্ত হৈ গুৱাহাটী কালাপাহাৰ ক’ভিড হাস্পতালত চিকিৎসাধীন হ’বলগা হৈছে৷ কেইবাদিন পূৰ্বে ক’ভিডত আক্ৰান্ত হোৱা অৰ্জুন বিজয়ী ৰাজ্যৰ ক্ৰীড়াবিদ গৰাকীৰ দেহত অক্সিজেনৰ মাত্ৰা হ্ৰাস পোৱাত কৃত্ৰিমভাৱে অক্সিজেন যোগান ধৰিছে বুলিও চিকিৎসালয় সূত্ৰে প্ৰকাশ কৰিছে৷ আনহাতে সোমবাৰৰ দিনটোত ক’ভিড পজিটিভ হাৰ ৮.০২ শতাংশৰ ঘৰ স্পষ্ট কৰিছে৷ কামৰূপ মহানগৰ জিলাত সোমবাৰে সৰ্বাধিক ১,৬৪৫জন লোকৰ দেহত পজিটিভ ধৰা পৰিছে৷ তদুপৰি ডিব্ৰুগড়ত ৪৬০ জন, কামৰূপ গ্ৰাম্যত ২৩৯ জন, নগাঁৱত ২০১ জন, নলবাৰীত ২০১ জন, বৰপেটাত ১৩৮ জন, কাছাৰত ১৩৭ জন, গোৱালপাৰাত ১০৬ জন, গোলাঘাটত ১০৭ জন, যোৰহাটত ১১০ জন আৰু তিনিচুকীয়াত ১১২ জন লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে৷

টিহুত পুনৰ ২১জন আক্ৰান্ত, এজনৰ মৃত্যু

টিহু মহকুমাত আজি পুনৰ ২১ জন লোকৰ শৰীৰত ক’ভিড পোৱা গৈছে৷ ইয়াৰে ক্ষেত্ৰাপাৰা, হাৰিভাংগা, কাউৰেহাগী, হাতীপাৰা, পাটিকাৰা, মাগুৰী, ভোজকুছি, পখুৰা, নিজখানা, মাখিবাহা, টিহু নগৰৰ বিদ্যানগৰ, নপাৰা, হালধিবাৰী, কনিমাৰাত এজনকৈ আক্ৰান্ত হোৱাৰ বিপৰীতে নমাটি, নান্নাট্টাৰী আৰু ৰণাকুছিত দুজনকৈ লোকৰ শৰীৰত ক’ভিডৰ উপস্থিতি ধৰা পৰে৷ ইয়াকে লৈ টিহু মহকুমাত কৰ’না আক্ৰান্তৰ সংখ্যা ১০৮ জনলৈ বৃদ্ধি পালে৷ আনহাতে, কৰ’নাত আক্ৰান্ত হৈ গুৱাহাটীত চিকিৎসাধীন অৱস্থাত কালি টিহুৰ এজন লোকৰ মৃত্যু হয়৷ টিহুৰ ভদ্ৰকুছিৰ চন্দ্ৰমোহন দাস[৫৯ ] নামৰ লোকজনে যোৱা ৩০ এপ্ৰিলত পেটৰ বিষত ভুগি থকাত টিহু মেডিকেললৈ অনাত চিকিৎসকে প্ৰাথমিক চিকিৎসা কৰি নলবাৰী চিভিল হাস্পতাললৈ প্ৰেৰণ কৰে৷ নলবাৰীত ক’ভিড টেষ্ট ৰিৰ্পট পজিটিভ পোৱাত চিকিৎসকে গুৱাহাটীলৈ প্ৰেৰণ কৰে৷ গুৱাহাটীৰ কোনো এখন চৰকাৰী চিকিৎসালয়ত চিট পাবলৈ সক্ষম নেহোৱাত উপায়ন্তৰ হৈ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰে যদিও কালি সন্ধিয়া চিকিৎসাধীন অৱস্থাতে মৃত্যু হয়৷  মৃত্যুৰ সময়ত তেওঁ পত্নীৰ লগতে দুই পুত্ৰ, দুই জী-জোঁৱাইক এৰি থৈ যায়৷

বেলশৰত চিকিৎসাৰ অভাৱত ক’ভিড ৰোগীৰ মৃত্যু, হাস্পতাল লণ্ডভণ্ড

স্বাস্থ্য বিভাগ তথা নলবাৰী জিলা প্ৰশাসনৰ চৰম অমনোযোগিতাৰ বাবে আজি বেলশৰত ক’ভিড আক্ৰান্ত ৰোগী এজনৰ মৃত্যু ঘটাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ জিলাখনৰ বেলশৰ আদৰ্শ চিকিৎসালয়ত চিকিৎসাৰ অভাৱত ৰোগীজনৰ মৃত্যু ঘটা বুলি অভিযোগ উত্থাপন হোৱাত এনে পৰিস্থিতিৰ সৃষ্টি হয় বুলি জনা গৈছে৷ ঘটনাৰ সূত্ৰে জানিব পৰা মতে, বেলশৰ আদৰ্শ চিকিৎসালয়ত আজিৰে পৰা দ্বিতীয়বাৰৰ বাবে মুকলি কৰা হয় কৰ’না ৰোগীৰ বাবে হাস্পতাল কক্ষ৷ আজি বিয়লি ৫ বজাত নলবাৰী জিলাৰ ধনতোলা গাঁৱৰ চেংনৈৰ তৰুণ হালৈ [৫৭] নামৰ ক’ভিড ৰোগীজনৰ মৃত্যু হোৱাৰ পাছতেই মৃত ৰোগীজনৰ আত্মীয়ই চিকিৎসালয়খনৰ প্ৰথম মহলাত থকা ক’ভিড কেন্দ্ৰটোত প্ৰৱেশ কৰি লংকাকাণ্ড সংঘটিত কৰে৷ উক্ত ঘটনাত আতংকিত হৈ  চিকিৎসালয়খনত থকা কেইবাজনো কৰ’না ৰোগী পলায়ন কৰে যদিও বাতৰি লিখাৰ পৰলৈকে এনে ৰোগীৰ সন্ধান লাভ কৰা নাই৷ পাছত ঘটনাস্থলীত স্থানীয় বেলশৰ আৰক্ষী থানাৰ এটা দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে, নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত বিছনাৰ অভাৱ ঘটাত আজি নতুনকৈ কৰ’নাত আক্ৰান্ত ২৪ জন ৰোগী বেলশৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি হয় বুলি জনাা গৈছে৷ অৱশ্যে, জিলা স্বাস্থ্য বিভাগে প্ৰকাশ কৰা মতে, অসামৰিক চিকিৎসালয়খনে বেলশৰলৈ ১০ জন ক’ভিড ৰোগীকহে আজি প্ৰেৰণ কৰে৷ কিন্তু বিয়লি ভাগত এই ৰোগীসকলৰ ভিতৰৰে  তৰুণ হালৈ নামৰ ৰোগীজনৰ স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক উন্নত চিকিৎসাৰ বাবে বেলশৰ চিকিৎসালয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে৷ সেইমৰ্মে, ৰোগীজনৰ অভিভাৱকে ৩.৪৫ বজাত ১০৮ এম্বুলেঞ্চ সেৱালৈ ফোন কৰে৷ কিন্তু বিয়লি পাঁচ বজালৈ এম্বুলেঞ্চ উপস্থিত নোহোৱাত ৰোগীজনৰ তাতে কৰুণ মৃত্যু ঘটে৷ এনে অৱস্থাত ক্ষুব্ধ ৰোগীৰ পৰিয়াল আৰু একাংশ সমৰ্থক মিলিত হৈ চিকিৎসালয়খনৰ ক’ভিড কক্ষত প্ৰৱেশ কৰি আচবাব  লণ্ড-ভণ্ড কৰে৷ অভিযোগ অনুসৰি, আজিৰে পৰা বিভাগীয়ভাৱে বেলশৰ আদৰ্শ চিকিৎসালয়ত ক’ভিড ৰোগীৰ বাবে কক্ষ মুকলি কৰা হয় যদিও এই চিকিৎসালয়খনত ক’ভিড ৰোগীৰ বাবে নাই কোনো সা-সুবিধা৷ ক’ভিড ৰোগীক আছুতীয়াকৈ ৰখাৰ বাবে চিকিৎসালয়খনত যিধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, জিলা প্ৰশাসনৰ অদূৰদৰ্শিতা তথা অমনোযোগিতাৰ এইপৰ্যন্ত সম্ভৱ হৈ উঠা নাই এনে পৰিৱেশ৷ চিকিৎসালয়খনত নাই সাৱধানতামূলক কোনোধৰণৰ ব্যৱস্থা৷ চিকিৎসালয়খনৰ চিকিৎসক-কৰ্মচাৰীৰ আৱাসগৃহৰ কাষত থকা পথটোৰে অনা-নিয়া কৰা হৈছে ক’ভিড ৰোগীক৷ ইয়াকে লৈ এতিয়া আতংকত ভুগিছে ইয়াৰ চিকিৎসক-কৰ্মচাৰী৷ ইপিনে, আজিৰ এনে ঘটনাক লৈ স্থানীয় অঞ্চলবাসীও আতংকত ভুগিছে বুলি জনা গৈছে৷ ইপিনে, জিলাখনত দিনকদিনে দ্ৰুতহাৰত বৃদ্ধি পাইছে ক’ভিড পজিটিভৰ সংখ্যা৷ ক’ভিডৰ দ্বিতীয় লহৰত এইপৰ্যন্ত জিলাখনত ক’ভিড পজিটিভৰ সংখ্যা হৈছে ১২৮৬ জন৷ আজি বাতৰি লিখাৰ পৰলৈকে জিলাখনত মুঠ ২১ৰ জন ব্যক্তিৰ দেহত ধৰা পৰিছে ক’ভিড-১৯ পজিটিভ৷ জিলাখনত কৰ’নাৰ দ্বিতীয় পৰ্যায়ৰ লহৰত ক’ভিড আক্ৰান্তৰ সংখ্যা আজিৰ সংখ্যাই হৈছে সৰ্বাধিক৷ ইয়াকে লৈ এইপৰ্যন্ত জিলাখনত কৰ’নাৰ দ্বিতীয় পৰ্যায়ত সক্ৰিয় ক’ভিড পজিটিভৰ সংখ্যা ৯৯০ জনলৈ বৃদ্ধি পালে৷ আজি ক’ভিড-১৯ পজিটিভ ধৰা পৰাসকলৰ ভিতৰত ১৯৭ জনৰ ৰেপিড এণ্টিজেন পৰীক্ষা আৰু ১৪ জনৰ আৰ টি পি চি আৰ পৰীক্ষাত ধৰা পৰিছে৷ জিলা স্বাস্থ্য বিভাগে আজি প্ৰকাশ কৰা অনুসৰি সম্প্ৰতি ৯৯০ জন সক্ৰিয় ৰোগীৰ ভিতৰত নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ৯৫ জন আক্ৰান্ত লোক থকাৰ বিপৰীতে, জিলাখনৰ বেলশৰ আদৰ্শ চিকিৎসালয়ত ১০ জন আৰু ৯৬১ জন হোম আইছ’লেশ্বনত আছে৷