Logo
image

‘ডাইনেমিক’ মুখ্যমন্ত্ৰী লাগে প্ৰমোদ বড়োক

আমাৰ অসম, ৪ মে’: দেওবাৰে নিশা ভোটৰ ফলাফল ঘোষণাৰ পিছতে গুৱাহাটীত উপস্থিত হৈ ৰাজনৈতিকভাৱে তৎপৰ হৈ পৰে বি টি আৰৰ মুখ্যকাৰ্যবাহী সদস্য প্ৰমোদ বড়ো৷ নিশাই গুৱাহাটীলৈ তলব কৰা হয় ইউ পি পি এলৰ ৬জন বিধায়কক৷ তাৰ পিছত সোমবাৰে পুৱা গুৱাহাটীৰ হোটেল লিলিত অনুষ্ঠিত হয় ইউ পি পি এলৰ নৱ নিৰ্বাচিত ৬ বিধায়কৰ মাৰাথান বৈঠক৷ এই বৈঠকতে ড॰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে সমৰ্থন কৰাৰ ক্ষেত্ৰত ঐক্যমতত সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ এই সিদ্ধান্তৰ বিষয়ে বিজেপিৰ শীৰ্ষ নেতৃত্ব বিশেষ কৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক অৱগত কৰে প্ৰমোদ বড়োয়ে৷ ইয়াৰ পিছত সংবাদ মাধ্যমৰ আগত ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী সন্দৰ্ভত মত প্ৰকাশ কৰি প্ৰমোদ বড়োৱে কয়– আমাক এজন ভাল মুখ্যমন্ত্ৰী লাগে৷ আমাক এজন ডাইনেমিক লিডাৰ লাগে৷ অসমত বহু সমস্যা আছে৷ এই সমস্যা বিলাক সমাধান কৰিব পৰাকৈ আমাক এজন ভাল নেতা লাগে৷ বিজেপিৰ মিত্ৰদল ইউ পি পি এলৰ এনে ৰাজনৈতিক তৎপৰতাৰ বিপৰীতে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলীৰাম ৰংহাঙৰ নেতৃত্বত পাহাৰীয়া জিলাখনৰ চাৰিজন বিধায়কে আজি পুৱাই ড॰ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি দীঘলীয়া আলোচনাত মিলিত হয়৷ বৈঠকৰ পিছত সংবাদ মাধ্যমৰ আগত চাৰিওজন বিধায়ক ক্ৰমে বিদ্যাছিং ইংলেং, ডাঃ নোমল মমিন, দৰছিং ৰংহাং আৰু ৰূপছিং টেৰন তথা সাংসদ হৰেন ছিং বে অতি স্পষ্টভাৱে তেওঁলোকে ড॰ হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাবে বিচাৰে বুলি মন্তব্য কৰে৷ ইউ পি পি এলৰ ৬জন বিধায়ক আৰু কাৰ্বি পাহাৰৰ বিজেপিৰ ৪ জন বিধায়কে মুকলিভাৱে ড॰ হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে৷ দেওবাৰে নিশাৰে পৰা আজি সমগ্ৰ দিনটো ড॰ হিমন্ত বিশ্ব শৰ্মাৰ দিছপুৰৰ চৰকাৰী বাসগৃহত বিজেপি আৰু ইয়াৰ মিত্ৰদলৰ বিধায়কৰ লানি নিচিঙা সোত বোৱাৰ বিপৰীতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক খাৰঘূলিত থকা তেওঁৰ চৰকাৰী বাসভৱনত বিজেপিৰ কিছু বিধায়কে সাক্ষাৎ কৰি শুভেচ্ছা জ্ঞাপন কৰে৷ ইয়াৰে বহু বিধায়ক আহো নাহোকৈ মুখ্যমন্ত্ৰীৰ বাসভৱনত উপস্থিত হয়৷ নিশা পৰ্যন্ত মুখ্যমন্ত্ৰীৰ বাসভৱনত উপস্থিত নৱনিৰ্বাচিত বিধায়কৰ সংখ্যা অতি নগন্য আছিল৷