বিৰোধীয়ে নিশিকিলে
২০২৬ত বিজেপিক প্ৰতিৰোধ কৰিবই লাগিব বুলি তৰ্জন-গৰ্জন কৰি থকা কংগ্ৰেছ সমন্বিতে বিৰোধী দলসমূহৰ কিছুমান কথা-কাণ্ডই মাজে মাজে সাধাৰণ জনতাক ভবাই তোলে৷ আচলতে তেওঁলোকৰ কাম-কাজ কিছুমানে মানুহক ভাবিবলৈ বাধ্য কৰায়– সঁচাকৈয়ে তেওঁলোক ‘ছিৰিয়াছ’নে বিজেপিক প্ৰতিহত কৰা বিষয়টোত? যোৱা প্ৰায় পাঁচটা বছৰে এনেকুৱা পৰিস্থিতি বহুবাৰ হৈছে৷ তৎসত্ত্বেও কিন্তু গা লৰা নাই বিৰোধীৰ৷ যি সময়ত আৰু মাত্ৰ তিনিটা মাহৰ পাছতে অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে সাংগঠনিক দিশতে হওক বা আন দিশতেই হওক সকলো ফালৰ পৰা নিজকে প্ৰস্তুত কৰি তুলিছে, সেই সময়ত কিন্তু বিৰোধীৰ বিশেষ কিবা অগ্ৰগতি ৰাইজে প্ৰত্যক্ষ কৰা নাই৷
প্ৰতিটো নিৰ্বাচনৰ আগে আগে সেয়া লাগিলে লোকসভাই হওক, পঞ্চায়তেই হওক বা বিধানসভাই হওক, বিৰোধীৰ মাজত বুজাবুজিক লৈ গাঁথি লগা প্ৰধান বিষয়টোৱেই হৈ পৰে আসনৰ ভাগ-বাটোৱাৰা৷ মনোনয়ন দাখিলৰ আগদিনালৈকে একেলগে বহি চাহ-মিঠাই খাই আলোচনা কৰি থকা বিৰোধী শিবিৰৰ পৰা যেতিয়া একেটা সমষ্টিতে তেওঁলোকৰ নিজা নিজা প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে, তেতিয়াই থানবান হৈ পৰে এই বিৰোধী ঐক্য নামৰ অলীক ধাৰণাটো৷ তাতোকৈ মন কৰিবলগীয়া বিষয়টো হ’ল– অসমত বিৰোধী ঐক্য বোলা ধাৰণাটোৰ কোনো গোপনীয়তা আৰু ৰাজনৈতিক নিয়মানুৱৰ্তিতা কোনো এটা দলেই পালন কৰাটো আজিলৈকে চকুত নপৰিল৷ মিত্ৰতা কাৰ লগত হ’ব, কেনেকৈ হ’ব, কিমান আসনৰ ভাগ-বাটোৱাৰা হ’ব সেয়া বিৰোধীৰ আভ্যন্তৰীণ বিষয়৷ তাক নিষ্পত্তিও কৰিব লাগিব তেওঁলোকে আভ্যন্তৰীণভাৱেই৷ কিন্তু পৰিতাপৰ কথাটো হ’ল যে এই কাম কৰিবলৈ যেন বিৰোধী দলসমূহৰ কোনো এটাই ৰাজি নহয়৷
অলপতে প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে নিজাববীয়াকৈ সংবাদ মাধ্যমৰ আগত ঘোষণা কৰিলে যে ১২৬খন আসনৰ ভিতৰত ১০০খন আসনত কংগ্ৰেছে অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব৷ এই সিদ্ধান্ত চূড়ান্ত হৈ গৈছে৷ বাকী থকা চ্ছখন আসন বাকী বিৰোধী দলসমূহৰ মাজত ভগাই দিয়া হ’ব৷ স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনৰ এনে ভাষ্যই৷ প্ৰতিবাৰেই নিৰ্বাচনৰ আগে আগে যিটো বিষয়ক লৈ বিৰোধী দলসমূহৰ নিজৰ মাজতেই খিয়লা-খিয়লি লাগে, এইবাৰো আৰম্ভ হৈ গ’ল৷ মন কৰিবলগীয়া কথাটো হ’ল যে বিগত সময়ত বিৰোধী ঐক্য বাৰে বাৰে ব্যৰ্থ হোৱাৰ মূলতেই কিন্তু আন সহযোগী দলসমূহৰ ওপৰত কংগ্ৰেছে অনাহকতে আৰোপ কৰিব খোজা কতৃৰ্ত্বসুলভ আচৰণ, যিটো আন দলসমূহে সহ্য কৰি থকাটো বহুক্ষেত্ৰত কঠিন হৈ পৰে৷ যদি ২০২৬ত আন বিৰোধী দলক লগত লৈ কংগ্ৰেছে নিৰ্বাচনত নামিবই খুজিছে, তেন্তে ১০০খনত কংগ্ৰেছে অকলেই অৱতীৰ্ণ হ’ব বুলি পূৰ্বচৰ্ত আৰোপ কৰিলে সেই মিত্ৰতা শক্তিশালী হ’বনে? আচলতে ৰাইজৰ দলৰ অখিল গগৈয়েই হওক বা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়েই হওক তেওঁলোকৰ ৰাজহুৱা কিছুমান মন্তব্যৰ পৰা এটা কথা স্পষ্ট হৈ পৰে যে নিৰ্বাচনলৈ মাত্ৰ দুই-তিনিমাহ বাকী থকা অৱস্থাতো তেওঁলোকৰ মাজত কোনো সমন্বয় হোৱা নাই৷ বিৰোধী ঐক্যবদ্ধ হৈ আছে বুলি দাবী কৰি থকাৰ পাছতো বিগত বিহালী সমষ্টিৰ উপ-নিৰ্বাচনত কি ঘটিছিল সেয়া অসমৰ ৰাইজৰ মনত আছে৷ কংগ্ৰেছ দলক কেৱল নিজৰ ইচ্ছা মতেই পৰিচালিত কৰিব খোজা গৌৰৱ গগৈৰ অহমিকাৰ বাবেই জানো বিহালীৰ উপ-নিৰ্বাচনৰ সময়ত ভাঙি চূৰমাৰ হোৱা নাছিল বিৰোধী ঐক্য৷ এইবাৰো আসন ভাগ-বাটোৱাৰাক লৈ সংগী দলসমূহৰ সৈতে আনুষ্ঠানিক কোনো আলোচনাত নবহাকৈয়ে সাংবাদিকৰ আগত গগৈয়ে কৈ দিলে যে কমেও ১০০খন আসনত কংগ্ৰেছে অকলেই প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত ইতিমধ্যে লৈছে৷ অথচ এই কথা বাকী মিত্ৰ দলকেইটাই গমেই নাপায়৷ এইটো কেনেধৰণৰ ৰাজনীতি/ আসন ভাগ-বাটোৱাৰা সাংবাদিকৰ কেমেৰাৰ আগত হয় নে আলোচনাৰ মেজত হয়? কথাটো এনেকুৱা নহয়তো যে ১৫ বছৰ চৰকাৰ চলাই সেই স্মৃতি এতিয়াও পাহৰিব নোৱৰা কংগ্ৰেছে আজিও ভাবি আছে যে তেওঁলোকৰ সেই শক্তি একেই আছে৷ কাৰো সহায়ৰ প্ৰয়োজন নাই৷ মন কৰিবলগীয়া যে যি সময়ত গৌৰৱ গগৈয়ে ঘোষণা কৰিছে যে কমেও ১০০খন আসনত কংগ্ৰেছে অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব, সেই সময়ত কিন্তু বিজেপিয়ে বুকুত হাত থৈ ঘোষণা কৰিছে যে ২০২৬ হ’ব বিজেপিৰ বাবে ‘হাণ্ড্ৰেড প্লাছ’৷ অৰ্থাৎ ১০০খনতকৈও অধিক আসন বিজেপি আৰু মিত্ৰদলে নিজৰ হাতত ৰাখিবলৈ বদ্ধপৰিকৰ৷ গতিকে ল’ৰা-ধেমালি যেন লগা কামবোৰ বিৰোধীয়ে এৰিবৰ হ’ল৷ সময়ৰ পৰা অন্ততঃ শিকক৷






