Logo
image

কংগ্ৰেছৰ চৰকাৰ হ’লে বৃদ্ধ পেন্সন হাজাৰ টকালৈ বৃদ্ধি কৰা হ’ব

‘আমাৰ অসম’ৰ ঢকুৱাখনাৰ বিশেষ প্ৰতিবেদক, ৪ জানুৱাৰীঃ  আজি অসমীয়া জাতি গভীৰ সংকটৰ গৰাহত৷ এইবাৰ স্বাভিমানী অসমীয়াই অহংকাৰক পৰাজিত কৰি সমগ্ৰ ভাৰতবাসীক এটা নতুন বাৰ্তা দিব৷ অসমীয়া জাতি আৰু মাটি আজি সুৰক্ষিত হৈ থকা নাই৷ আমাৰ মাটি আমাৰ হাতত নাই৷ বৰঞ্চ মাটিৰ মালিক আজি পুঁজিপতিসকল৷ মামা-মামীয়ে মাটি দেখিলেই নিজৰ নামত কৰি লয় নহ’লে আদানি আৰু আম্বানিক বিক্ৰী কৰি দিয়ে৷ এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈৰ৷ যুৱ কংগ্ৰেছৰ ৰাজ্যিক সমিতিৰ উদ্যোগত চলি থকা ‘‘জাতি বচাওঁ, মাটি বচাওঁ” কাৰ্যসূচীৰ অংশ হিচাপে আজি ঢকুৱাখনাত উপস্থিত হৈ বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি গৌৰৱ গগৈয়ে এইদৰে কয়৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে আৰু কয় যে যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিব তেতিয়ালৈকে অসম, অসমীয়া আৰু অসমৰ মাটি সুৰক্ষিত নহয়৷ তেওঁ লগতে কয় যে, মুখ্যমন্ত্ৰী শৰ্মাই কংস মামাৰ ৰূপ ধাৰণ কৰিছে আৰু অনাদিকালৰ পৰা ঐক্য - শান্তিৰে বাস কৰি অহা অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ ভাই ভাইৰ মাজত বিভেদৰ বীজ সিঁচি একতা নোহোৱা কৰিছে৷ গগৈয়ে লগতে কয় যে, অসমীয়া জাতিয়ে চিপাহী বিদ্ৰোহৰ পূৰ্বেই বৃটিছক খেদিবৰ বাবে স্বাধীনতা আন্দোলনৰ সূচনা কৰিছিল৷ এতিয়াও অসমীয়া জাগিছে, জাতি আৰু মাটি সুৰক্ষিত কৰিবৰ বাবে ৰাইজক মজা দিয়াসকলক এইবাৰ ৰাইজে মজা দিবলৈ সংকল্পবদ্ধ হৈছে৷ কোনো অহংকাৰী শাসকে বেছিদিন টিকিব নোৱাৰে, সেয়া ইতিহাসে কয়৷ ৰাইজ একত্ৰিত হ’লে অহংকাৰী ৰজাৰ পতন হ’বই বুলি তেওঁ কয়৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট বুলি চলাই অহা অভিযোগৰ কথা উল্লেখ কৰি সেয়া প্ৰমাণ কৰিবলৈ ভাষণত প্ৰত্যাহ্বান জনায়৷ জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসঙ্গত তেওঁ কয় যে জুবিন গাৰ্গক মুখ্যমন্ত্ৰীয়ে ন্যায় দিব পাৰিছে জানোঁ! গগৈয়ে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তকাৰী এছ আই টিয়ে আদালতত দাখিল কৰা চাৰ্জছীটখন অতি অতি দুৰ্বল চাৰ্জছীট বুলি অভিহিত কৰি কয় যে, সিদ্ধাৰ্থ শৰ্মাই বিজেপি ডাঙৰ নেতাৰ লগত ব্যৱসায় কৰে আৰু শ্যামকানু মহন্ত চৰকাৰৰে মানুহ৷ সেয়ে ড॰ শৰ্মাই জুবিন হত্যাৰ ন্যায় দিব নোৱাৰে৷ জুবিন দাই সদায় সকলোকে সচেতন হ’বলৈ আহ্বান জনাইছিল৷ সেয়ে তেওঁ ষড়যন্ত্ৰৰ বলি হ’ল বুলিও গগৈয়ে মন্তব্য কৰে৷ তেওঁ লগতে কয় যে আঁচনি আছে আৰু আগলৈও থাকিব তাৰ বাবে চিন্তা কৰিব নালাগে৷ দহ বছৰৰ বিজেপি বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ অপশাসনৰ বাবেই ল’ৰাবিলাকে বেছি মদ আৰু ড্ৰাগছ খাবলৈ শিকিলে৷ কংগ্ৰেছৰ চৰকাৰ হ’লে দল-মত নিৰ্বিশেষে সকলো প্ৰকৃত দুখীয়া পৰিয়ালৰ মহিলাকে অৰুণোদয় আঁচনিৰ সুবিধা দিয়া হ’ব৷ এতিয়াৰ দৰে বিধায়কৰ ওচৰলৈ যাব নালাগে৷ লোকসভাৰ সাংসদ গগৈয়ে লগতে কয় যে, কংগ্ৰেছৰ চৰকাৰ হ’লে বৃদ্ধসকলৰ পেন্সন এহাজাৰ টকা কৰা হ’ব৷ গ্ৰামাঞ্চলত কৃষিভিত্তিক উদ্যোগ গঢ়ি তোলা হ’ব৷


বৰ্তমান কেন্দ্ৰ আৰু ৰাজ্যত থকা বিজেপি দলৰ চৰকাৰে গৰু, মাটি, পানী, কয়লা আৰু ভোট চোৰ কৰা বুলি তেওঁ মন্তব্য কৰে৷ তেওঁ লগতে আৰু কয় যে বিজেপি চৰকাৰে নিৰ্বাচনী আয়োগ, ই ডি, আৰক্ষী আৰু চিবি আইক ব্যৱহাৰ কৰি আহিছে৷ এইবাৰ অসমৰ নিৰ্বাচনত জিকিবলৈ বিজেপিয়ে উত্তৰ প্ৰদেশ আৰু বিহাৰৰ পৰা আনকি নেপালৰ পৰাও ভোটাৰ আনি ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰি আছে৷ ইয়াৰ বাবে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰৰ ৰাইজক সজাগ আৰু সচেতন হৈ থাকিবলৈ গৌৰৱ গগৈয়ে আহ৩ান জনায়৷ কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হ’লে অসমৰ ৰাইজে তৰুণ গগৈৰ শাসনৰ কালছোৱাত থকাৰ দৰে সকলো জাতি-জনগোষ্ঠীৰ লোকে অসমৰ মিলনভূমিত শান্তিৰে থাকিব পাৰিব বুলি গৌৰৱ গগৈয়ে মন্তব্য কৰে৷ সভাত বক্তব্য প্ৰদান কৰি প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি তথা লখিমপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোহাঁয়ে কয় যে এইবাৰ আগন্তুক নিৰ্বাচনত অসমত কংগ্ৰেছৰ চৰকাৰ হ’ব আৰু গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ’ব৷ আন এজন কংগ্ৰেছী নেতা ডাঃ জয়প্ৰকাশ দাসে হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰি কয় যে, প্ৰয়াত তৰুণ গগৈ একেৰাহে তিনিটা কাৰ্যকালৰ বাবে অৰ্থাৎ ১৫ বছৰ মুখ্যমন্ত্ৰী হৈয়ো এখনো চাহ বাগিচা আৰু এটাও টি ভি চেনেল ল’ব নোৱাৰিলে৷ কিন্তু গৌৰৱ নামৰ এজন সু-পুত্ৰ অসম আৰু অসমীয়াৰ সেৱাৰ বাবে তৈয়াৰ কৰি থৈ গৈছে৷ তেওঁ ২০১৬ চনতে ঢকুৱাখনা আৰু শিৱসাগৰক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত দিচাং আৰু টেকেলিফুটাৰ মাজত এখন দলঙৰ আধাৰশিলা কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কৰিছিল, সেই দলং নিৰ্মাণ কিয় নহ’ল বুলি ডাঃ দাসে প্ৰশ্ন কৰে৷ সভাখনত কংগ্ৰেছৰ ৰাষ্ট্ৰীয়পৰ্যায়ৰ যুৱ নেতা মিতেন্দ্ৰ দৰ্শন সিং আৰু অসম ৰাজ্যিক যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আলমেও বক্তব্য ৰাখে৷ উক্ত সভাতে সন্মিলিত গণ শক্তি, অসম, গেৰুৱা দল বিজেপিৰ শতাধিক তৃণমূলপৰ্যায়ৰ নেতা-কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰে৷ ইয়াৰ ভিতৰত গোবিন্দ কলিতা, গণ শক্তিৰ কেন্দ্ৰীয় সমিতিৰ সদস্য বলীন ফুকন আদি অন্যতম৷ দুই সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত আৰু লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতি গংগা জ্যোতি টায়েগামে আঁত ধৰা সভাখনত ২০২৬ৰ অসম বিধানসভাৰ নিৰ্বাচনত ৭৭নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্বপ্ৰত্যাশী ড॰ সুৰজিত দলে, আনন্দ নৰহ আৰু ভোগেশ্বৰ লাগাচুকে প্ৰমুখ্যে কৰি নেতা উপস্থিত থাকে৷ ইয়াৰ পূৰ্বে জাতি বচাওঁ, মাটি বচাওঁ কাৰ্যসূচীৰ অংশস্বৰূপে গৌৰৱ গগৈয়ে চিচি -টেকেলিফুটা মথাউৰিৰ মাতমৰাৰ পৰা বাইক ৰেলী কৰি ঢকুৱাখনা নগৰৰ মিনি ষ্টেডিয়ামত উপস্থিত হৈ দলীয় সভাত অংশগ্ৰহণ কৰে৷ সভাৰ শেষত ষ্টেডিয়ামৰ পৰা ২কিলোমিটাৰৰো অধিক দূৰত্ব পদব্ৰজে ৰেলী কৰি ঢকুৱাখনা নগৰৰ মাজমজিয়াত থকা ঢকুৱাখনা ব্লক কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনত উপস্থিত হয়৷ উক্ত ৰেলীতো দুই সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে৷