ছিংগাপুৰৰ কৰনাৰ্ছ ক’ৰ্টত জুবিন-গোচৰ, শুনানি ১৪ জানুৱাৰীৰ পৰা
অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ‘হত্যা’ৰ গোচৰক লৈ কামৰূপ মহানগৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সময়তে এইবাৰ ছিংগাপুৰৰ কৰনাৰ্ছ ক’ৰ্টে জুবিনৰ মৃত্যু সন্দৰ্ভত আনুষ্ঠানিকভাৱে ৰুজু কৰিলে গোচৰ৷ অভিশপ্ত ১৯ ছেপ্টেম্বৰৰ দিনটোত ছিংগাপুৰৰ লেজাৰাছ আৰু ছেইণ্ট জ’ন্ছ দ্বীপপুঞ্জত অসমৰ শিল্পীজনৰ মৃত্যুৰ ঘটনাক লৈ ছিংগাপুৰৰ ষ্টেট কৰনাৰ্ছ ক’ৰ্টে CI-০০৩৪৮০-২০২৫ Zubeen Garg নম্বৰত গোচৰ পঞ্জীয়ন কৰিছে৷ ষ্টেট কৰনাৰ্ছ ক’ৰ্টে বুধবাৰে জুবিনৰ মৃত্যুৰ গোচৰটো আনুষ্ঠানিকভাৱে পঞ্জীয়ন কৰি শুনানিৰ বাবে দিন-বাৰ তথা সময় নিৰ্ধাৰণ কৰিছে৷ ছিংগাপুৰ ষ্টেট কৰনাৰ্ছ ক’ৰ্টত লিপিবদ্ধ তথ্যৰ উদ্ধৃতিৰে এন আৰ আইৰ এটা সূত্ৰই ‘আমাৰ অসম’ক জানিবলৈ দিয়া অনুসৰি অহা ১৪ জানুৱাৰীত পুৱা ৯.৩০ বজাত জুবিনৰ গোচৰটোৰ কৰনাৰ্ছ ক’ৰ্টত শুনানি হ’ব৷ ছিংগাপুৰৰ ষ্টেট ক’ৰ্ট টাৱাৰত অৱস্থিত ষ্টেট কৰনাৰ আডাম নাখ’ডাই এই গোচৰটোৰ শুনানি গ্ৰহণ কৰিব৷ ভাৰতীয় শিল্পীজনৰ মৃত্যুক লৈ বিশ্বজুৰি বিভিন্ন প্ৰক্ৰিয়া অব্যাহত থকাত গোচৰটোৰ গুৰুত্বতা বুজি ষ্টেট কৰনাৰ্ছ আদালতে ১৪ জানুৱাৰীৰ দিনটোত শুনানি ল’বলগীয়া গোচৰৰ তালিকাৰ প্ৰথম স্থানতে অগ্ৰাধিকাৰ দিছে জুবিনৰ মৃত্যুৰ গোচৰটো৷ লক্ষণীয়ভাৱে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটোক লৈ অসম আৰক্ষীৰ এছ আই টিয়ে ‘হত্যাকাণ্ড’ৰ ধাৰাত গোচৰ ৰুজু কৰি ৭জনৰ বিৰুদ্ধে আদালতত অভিযোগনামা দাখিল কৰিছে যদিও ইয়াৰ পূৰ্বে ছিংগাপুৰ পুলিচ ফ’ৰ্চৰ পৰা জাৰি কৰা বিবৃতিত জুবিনৰ মৃত্যুৰ ঘটনাৰ প্ৰাথমিক তদন্তত ‘ন’ ফাউল প্লে’ অৰ্থাৎ অস্বাভাৱিক মৃত্যুৰ কোনো প্ৰমাণ পোৱা নাছিল বুলি স্পষ্ট কৰিছিল৷ কিন্তু, ছিংগাপুৰ কৰনাৰ্ছ ক’ৰ্টে বুধবাৰে পঞ্জীয়ন কৰা জুবিনৰ মৃত্যুৰ গোচৰটোৰ শুনানিৰ বিৱৰণ [Hearing type] ক্ৰিমিনেল-চিআই [Criminal-CI] অৰ্থাৎ ক্ৰিমিনেল-কৰনাৰ্ছ ইনকুৱেষ্ট হিচাপে উল্লেখ কৰিছে৷ তদুপৰি কৰনাৰ্ছ ক’ৰ্টে জুবিনৰ মৃত্যুৰ গোচৰটোৰ শ্ৰেণী [Nature of Case] ক্ৰিমিনেল অৰ্থাৎ অপৰাধজনিত বুলিও লিপিবদ্ধ কৰিছে৷ একেদৰে কৰনাৰ্ছ ক’ৰ্টৰ পঞ্জীয়ন বহীত গোচৰটো পক্ষ অংশগ্ৰহণ [Parties Involved] শিতানত জুবিন গাৰ্গ বুলি উল্লেখ কৰাৰ লগতে আইনী প্ৰতিনিধিত্ব [Representation] শিতানত Self-Representation বুলিও উল্লেখ কৰিছে৷ অৰ্থাৎ জুবিনৰ গোচৰটোৰ শুনানিৰ বাবে পঞ্জীয়ন কৰা শ্ৰেণী [Nature] অপৰাধজনিত হ’লেও এই গোচৰটোত জুবিনৰ হৈ পৰিয়ালৰ ফালৰ পৰা কোনো অধিবক্তা নিয়োগ নকৰাত ছিংগাপুৰ চৰকাৰৰ চৰকাৰী লিগেল ফাৰ্মে প্ৰতিনিধিত্ব কৰিব৷ অৱশ্যে, ছিংগাপুৰৰ আইন অনুসৰি কৰনাৰ্ছ ক’ৰ্টত পঞ্জীয়নভুক্ত গোচৰৰ ক্ষেত্ৰত ভুক্তভোগীৰ পৰিয়ালৰ সদস্যই কৰনাৰ ইনকুৱেষ্ট শুনানিত উপস্থিত থাকিব পাৰে৷ কৰনাৰ্ছ ক’ৰ্টৰ এনে শুনানিত পৰিয়ালৰ লোক উপস্থিত থকাই নহয়, তেওঁলোকৰ হৈ নিজা অধিবক্তাও নিয়োগ কৰিব পাৰে৷ তদুপৰি শুনানিৰ সময়ত ষ্টেট কৰনাৰক গোচৰটোৰ সাক্ষীৰ পৰা উত্তৰ বিচাৰি নিৰ্দিষ্ট প্ৰশ্ন সুধিবলৈকো আৰ্জি দিব পাৰে৷ ইমানেই নহয়, কৰনাৰ্ছ ক’ৰ্টত শুনানিৰ সময়ত ভুক্তভোগীৰ পৰিয়ালে নিজৰ অধিবক্তাৰ জৰিয়তে তদন্তকাৰী আৰক্ষীয়ে দাখিল কৰা নিৰ্দিষ্ট তথ্য-প্ৰমাণ পৰীক্ষা কৰাৰো সুযোগ লাভ কৰে৷ ইয়াৰ ভিত্তিত প্ৰতিপক্ষৰ বিৰুদ্ধে যুক্তিও দিব পাৰে৷ অৱশ্যে, জুবিন গাৰ্গৰ পৰিয়ালৰ সদস্যই ১৪ জানুৱাৰীত ছিংগাপুৰৰ কৰনাৰ্ছ ক’ৰ্টত হ’বলগীয়া শুনানিত উপস্থিত থাকিবনে বা এই গোচৰটোত তেওঁলোকৰ পৰিয়ালৰ হৈ ছিংগাপুৰৰ কোনো অধিবক্তা নিয়োগ কৰিছে নেকি, সেয়া জানিব পৰা হোৱা নাই৷ অহা ১৪ জানুৱাৰীৰ পুৱা ৯.৩০ বজাত হ’বলগীয়া শুনানিতে ষ্টেট কৰনাৰ আডাম নাখ’ডাই ছিংগাপুৰ পুলিচ ফ’ৰ্চৰ তদন্তকাৰী বিষয়াৰ পৰা আনুষ্ঠানিকভাৱে জুবিনৰ মৃত্যুৰ তদন্তৰ প্ৰতিবেদন গ্ৰহণ কৰিব বুলিও এন আৰ আইৰ সূত্ৰটোৱে জানিবলৈ দিছে৷ ছিংগাপুৰ পুলিচে ৩ মাহ ধৰি চলোৱা তদন্তৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰাৰ লগতে অট’পছি ৰিপ’ৰ্ট, টক্সিক’লজী ৰিপ’ৰ্ট, চিচি টিভি তথা মোবাইলত ৰেকৰ্ড কৰা ভিডিঅ’সহ ডিজিটেল তথ্য-প্ৰমাণসমূহো দাখিল কৰিব৷ এই শুনানিত জুবিনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা চিকিৎসকো উপস্থিত থাকিব৷ অৱশ্যে, জুবিনৰ সৈতে য়টত থকা ছিংগাপুৰৰ ১১ প্ৰবাসী অসমীয়াই কৰনাৰ্ছ ক’ৰ্টত ১৪ জানুৱাৰীৰ শুনানিত উপস্থিত থাকিব লাগিব নে নাই সেয়া স্পষ্ট নহয়৷ লক্ষণীয় বিষয়টো হৈছে– ছিংগাপুৰৰ ষ্টেট কৰনাৰ্ছ ক’ৰ্টে জুবিনৰ মৃত্যুৰ গোচৰটোৰ প্ৰকৃতি তথা শ্ৰেণী [Nature of Case] অপৰাধজনিত বুলি পঞ্জীয়ন কৰিলেও বিদেশী ৰাষ্ট্ৰখনৰ আইন অনুসৰি কৰনাৰ্ছ ক’ৰ্টৰ কোনো ধৰণৰ অপৰাধৰ তদন্তৰ কতৃৰ্ত্ব নাই৷ কৰনাৰ্ছ ক’ৰ্টে জুবিনৰ মৃত্যুৰ গোচৰটোৰ সংক্ৰান্তত দাখিল কৰা আৰক্ষীৰ তদন্তৰ প্ৰতিবেদন, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন, ঘটনাৰ সাক্ষী আৰু ঘটনাৰ পূৰ্বৰ পৰিস্থিতি মূল্যায়ন কৰি জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক, দুৰ্ঘটনাজনিত বা অস্বাভাৱিক মৃত্যু অৰ্থাৎ অপৰাধজনিত নেকি তাকেহে নিশ্চিত কৰিব৷ যদিহে কৰনাৰ্ছ ক’ৰ্টে জুবিনৰ মৃত্যুক লৈ অপৰাধজনিত কোনো যোগসূত্ৰ বিচাৰি পায়, তেনেহ’লে ছিংগাপুৰ পুলিচক অপৰাধৰ গোচৰ ৰুজু কৰিবলৈ হুকুম প্ৰদান কৰিব৷
মুখ্যমন্ত্ৰীলৈ জুবিন ফেন ক্লাবৰ পত্ৰ
‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ জুবিন গাৰ্গৰ মৃত্যু ৰহস্য ভেদ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত যি গোচৰ বিচাৰাধীন হৈ আছে, সেই গোচৰৰ বিচাৰ যাতে সঠিক আৰু খৰতকীয়া হয় তাৰবাবে জুবিন ফেন ক্লাবে মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে৷ জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ ন্যায়িক যুঁজৰ বাবে লোক অধিবক্তা নিয়োগ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণা সন্দৰ্ভত জুবিন ফেন ক্লাবে লোক অধিবক্তাৰ দলত অভিজ্ঞ আৰু জ্যেষ্ঠ ফৌজদাৰী অধিবক্তা নিয়োগ কৰিবলৈ আহ্বান জনাইছে৷ তদুপৰি, দোষীয়ে যাতে সম্পূৰ্ণ তথ্য প্ৰমাণেৰে উপযুক্ত শাস্তি পায়, তাৰ বাবে অভিজ্ঞ আৰু সুদক্ষ অধিবক্তা নিয়োজিত হোৱাটো গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰিছে৷ একেদৰে, জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া খৰতকীয়া কৰিবলৈ প্ৰত্যেক দিনা শুনানী হোৱাকৈ এখন বিশেষ আদালতৰ ব্যৱস্থা কৰিবলৈও উচ্চ ন্যায়ালয়ক আৱেদন জনোৱাৰ প্ৰস্তাৱ দিছে৷ উল্লেখ্য, দুদিন পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই যোৰহাটত নিৰ্মাণৰত স্বাধীনতা স্মাৰক উদ্যান পৰিদৰ্শন কৰাৰ সময়ত সাংবাদিকৰ সন্মুখত ৯ জানুৱাৰীত হ’ব লগা কেবিনেট বৈঠকত জুবিন গাৰ্গৰ গোচৰ সন্দৰ্ভত লোক অধিবক্তা নিয়োগ সন্দৰ্ভত মন্তব্য কৰিছিল৷ ইতিমধ্যে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা জীয়াউৰ কামাৰ আৰু পল্লৱ কটকীক চৰকাৰে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰটোৰ বিশেষ লোক অধিবক্তা নিযুক্তি দিয়াৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে৷ জুবিন গাৰ্গ ফেন ক্লাবৰ সদৌ সভাপতি অংকুৰ খাৰঘৰীয়া, সম্পাদক পিকু বৰগোহাঁই স্বাক্ষৰিত পত্ৰ প্ৰেৰণৰ পাছত লোক অধিবক্তাৰ দলটোত আৰু কোনো অধিবক্তক অন্তৰ্ভুক্ত কৰেনেকি, সেয়া পৰৱৰ্তী সময়তহে জানিব পৰা হ’ব৷






