Logo
image

চৰকাৰ নৌহওঁতেই হ’ল অৰ্ধেক লকডাউন

◾ক’ভিড পৰিস্থিতি ভয়াৱহ

◾ৰাজ্যত পুনৰ নামি আহিছে অন্ধকাৰ

আমাৰ অসম, ৫ মে’: নতুন চৰকাৰ গঠন নৌহওঁতেই ৰাজ্যত আৰম্ভ হ’ল লকডাউন৷ অৱশ্যে বিশেষ কাৰিকৰী কাৰণত সম্পূৰ্ণ লকডাউনৰ পৰিৱৰ্তে হাফ লকডাউন বা অৰ্ধেক লকডাউন ঘোষণা কৰিছে চৰকাৰে৷ লকডাউন শব্দটো ব্যৱহাৰ কৰা নাই যদিও দিনৰ ২ বজাৰ পৰা পুৱা ৫ বজালৈ লকডাউনসদৃশ কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ শেহতীয়া জটিল ক’ভিড পৰিস্থিতিৰ বাবেই লকডাউনৰ দিশে গতি কৰিছে ৰাজ্য৷ ক’ভিড পৰিস্থিতি ইমানেই শোচনীয় হৈ পৰিছে যে চৰকাৰে আনুষ্ঠানিকভাৱে লকডাউন ঘোষণা নকৰিলেও কঠোৰ বাধা-নিষেধাজ্ঞাৰে লকডাউনসদৃশ নিৰ্দেশনা জাৰি কৰিছে৷ ক’ভিড ভাইৰাছৰ সংক্ৰমণ অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে কাইলৈ অৰ্থাৎ বুধবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ক’ভিডৰ নতুন এছঅ’পি জাৰি কৰিছে৷ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ তথা ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই মঙলবাৰে ক’ভিডৰ কঠোৰ বাধা-নিষেধাজ্ঞা সম্বলিত নিৰ্দেশনা জাৰি কৰে৷ সেই অনুসৰি বুধবাৰৰ পৰা দিনৰ ২ বজাৰ ভিতৰত সকলো দোকান-পোহাৰ তথা ব্যৱসায় প্ৰতিষ্ঠান বন্ধ কৰিব লাগিব৷ ইয়াৰ উপৰি চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয় দিনৰ ২ বজালৈহে  চলিব৷ আনহাতে নৈশ সান্ধ্যআইনৰ সময় কিছু আগুৱাই অনা হৈছে৷ পূৰ্বে নিশা ৮ বজাৰ পৰা নৈশ সান্ধ্যআইন কাৰ্যকৰী হৈছিল যদিও এতিয়াৰ পৰা সন্ধিয়া ৬ বজাৰ পৰা কাৰ্যকৰী হ’ব নৈশ সান্ধ্যআইন৷ অৰ্থাৎ সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজালৈ ৰাজপথত সাধাৰণ লোকৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছে চৰকাৰে৷ অৱশ্যে এই সময়ছোৱাত পূৰ্বৰ দৰে জৰুৰীকালীন সেৱা তথা অন্যান্য বিশেষ সেৱাৰ লোকসকলে পৰিচয়-পত্ৰ প্ৰদৰ্শন কৰি চলা-ফুৰা কৰিব পাৰিব৷ এইক্ষেত্ৰত পূৰ্বৰ দৰেই ৰেহাই দিয়া হৈছে৷ ফাৰ্মাচী, হাস্পতাল, পশু চিকিৎসা কেন্দ্ৰক বাদ দি দিনৰ ২ বজাত আন আন দোকানৰ লগতে গেলামাল আৰু শাক-পাচলিৰ দোকানো বন্ধ কৰিব লাগিব৷ হোটেল-ৰেস্তোৰাঁসমূহ দিনৰ ২ বজালৈকে খোলা ৰাখিব পাৰিব যদিও দিনৰ ২ বজাৰ লগে লগে বন্ধ কৰিব লাগিব৷ অৱশ্যে দিনৰ ২ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ খাদ্যসম্ভাৰ গ্ৰাহকক ঘৰলৈ নিয়া আৰু হোম ডেলিভাৰী সেৱা আগবঢ়াব পাৰিব হোটেল-ৰেস্তোৰাঁসমূহে৷ চৰকাৰী-বেচৰকাৰী কাৰ্যালয়সমূহ ২ বজালৈকে খোলা থাকিব যদিও ৫০ শতাংশ কৰ্মচাৰীহে উপস্থিত থাকিব পাৰিব৷ সকলো শিক্ষানুষ্ঠানে ভাৰ্ছুৱেল অৰ্থাৎ অনলাইনত শিক্ষা প্ৰদান কৰিব লাগিব৷ সকলো ধৰণৰ ৰাজহুৱা সভা-সমিতি অনিৰ্দিষ্ট কালৰ বাবে নিষিদ্ধ ঘোষণা কৰা হৈছে৷ বিবাহৰ ক্ষেত্ৰত কেৱল মাংগলিক অনুষ্ঠানৰহে আয়োজন কৰিব পাৰিব আৰু মাত্ৰ ২০জন ব্যক্তিহে উপস্থিত থাকিব পাৰিব৷ বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান নিষিদ্ধ৷ ধৰ্মীয় অনুষ্ঠানস্থলীত মাত্ৰ প্তজন লোকহে উপস্থিত থাকিব পাৰিব৷ মৃতকৰ সৎকাৰতো পূৰ্বৰ দৰে ২০জন ব্যক্তিকহে উপস্থিত থকাৰ অনুমতি প্ৰদান কৰা হৈছে৷ ৰাজহুৱা পৰিবহণ সেৱাত ৫০ শতাংশ যাত্ৰী উঠোৱাৰহে অনুমতি দিয়া হৈছে৷ ৰাজহুৱা স্থানৰ লগতে অকলশৰে গাড়ী চলালেও মাস্ক পৰিধান কৰাটো বাধ্যতামূলক৷ এই নিৰ্দেশনা ৫ মে’, বুধবাৰে পুৱা ৫ বজাৰ পৰা পৰৱৰ্তী নিৰ্দেশ নিদিয়াপৰ্যন্ত বাহাল থাকিব বুলি মুখ্য সচিবে স্পষ্ট কৰি দিছে৷