তিনিচুকীয়াত প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া
'আমাৰ অসম'ৰ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়াঃ তিনিচুকীয়াৰ আদিত্য হাস্পতালত বৃহস্পতিবাৰে সন্ধিয়া এটি সন্তান প্ৰসৱ কৰাৰ পাছত সম্পূৰ্ণ সুস্থ অৱস্থাত থকা এগৰাকী মহিলাৰ আজি পুৱা হাস্পতালতে আকস্মিকভাৱে মৃত্যু হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে ঘটনা সন্দৰ্ভত চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ তুলি প্ৰয়াত মহিলাগৰাকীৰ স্বামীয়ে আৰক্ষীক এজাহাৰ দাখিল কৰিছে ৷ উল্লেখ্য যে ঘটনাৰ বিৱৰণ অনুসৰি এটা ব্যক্তিগত চেটেলাইট চেনেলৰ তিনিচুকীয়াৰ সংবাদকৰ্মী প্ৰতাপ মৰাণৰ সন্তানসম্ভৱা পত্নী হেমামণি বড়া মৰাণক ডাঃ মনোজ দুৱৰাৰ তত্ত্বাৱধানত ৭ জানুৱাৰীৰ দিনা তিনিচুকীয়াৰ আদিত্য হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷ বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৭.২৫ বজাত মহিলাগৰাকীয়ে এটি সন্তান জন্ম দিয়ে৷ উক্ত নিশাৰ বাবে তেওঁক চিকিৎসালয়খনৰ আই চি ইউত ৰখা হয়৷ আজি পুৱা চিকিৎসালয় কৰ্তৃপক্ষই পৰিয়ালৰ লোকক হেমামণিৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ হোৱাৰ লগতে সুস্থ হৈ উঠাৰ বাবে তেওঁক কেবিনলৈ স্থানান্তৰিত কৰিবলৈ লোৱা হৈছে বুলি অৱগত কৰি পুৱা প্ৰায় ৮ বজাত ডাঃ দীপজ্যোতি চক্ৰধৰৰ তত্বাৱধানত ২০২ নং কেবিনলৈ স্থানান্তৰিত কৰি পৰিয়ালৰ লোকক লগ কৰিবলৈ দিয়ে৷
কিন্তু দিনৰ প্ৰায় ১০.৩০-১১ বজাত যেতিয়া স্বামী প্ৰতাপ মৰাণ হাস্পতালত উপস্থিত হয় তেতিয়া তেওঁ চিকিৎসক আৰু নাৰ্ছৰ দৌৰা-দৌৰি দেখি পত্নীৰ স্বাস্থ্যক লৈ চিন্তিত হৈ পৰি হেমামণিৰ স্বাস্থ্যৰ বিষয়ে সুধিবলৈ চেষ্টা কৰে যদিও চিকিৎসক বা নাৰ্ছৰ পৰা কোনো সুদুত্তৰ লাভ নকৰে৷ অৱশেষত দিনৰ প্ৰায় ১২ বজাত চিকিৎসালয় কৰ্তৃপক্ষই হেমামণিৰ মৃত্যু হোৱা বুলি তেওঁলোকক জানিবলৈ দিয়ে ৷ অভিযোগ অনুসৰি হেমামণিক ৰক্তচাপ বৃদ্ধিৰ বাবে উচ্চ মাত্ৰাৰ ঔষধ দিয়া হৈছিল যিটো পাছত চিকিৎসকে নিয়ন্ত্ৰণলৈ আনিব নোৱাৰাৰ বাবেই মহিলাগৰাকী মৃত্যুমুখত পৰে৷ ইয়াৰোপৰি হেমামণিক ম্যাদ উকলিবলৈ কেইদিনমান বাকী থকা বেজী দিয়াৰো অভিযোগ উঠিছে৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ তুলি হেমামণিৰ স্বামী প্ৰতাপ মৰাণে তিনিচুকীয়া সদৰ থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷ আনহাতে সংবাদকৰ্মী প্ৰতাপ মৰাণৰ পত্নী হেমামণি বড়া মৰাণৰ বিয়োগত তিনিচুকীয়া প্ৰেছ ক্লাবে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে ঘটনা সন্দৰ্ভত ক্ষীপ্ৰ তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে৷ ইয়াৰোপৰি তিনিচুকীয়া জিলা সাংবাদিক সন্থা, আছু, সদৌ মৰাণ ছাত্ৰ সন্থা, মৰাণ জাতীয় মহিলা পৰিষদ, মৰাণ কলা-সংস্কৃতি বিকাশ কেন্দ্ৰ আৰু বৃহত্তৰ তিনিচুকীয়া সাংবাদিক সন্থাই আদিত্য হাস্পতালৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ লগতে মৃতকৰ পৰিয়ালক এক কোটিৰ ক্ষতিপূৰণ প্ৰদানৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে ৷






