Logo
image

অ-চেতন এআইৰ চেতনাহীন বুদ্ধি

বিজ্ঞানৰ কল্প কাহিনীবোৰত আৰু সেই কল্পকাহিনীৰ আধাৰত নিৰ্মিত চিনেমাবোৰত ৰবট একোটাই হঠাৎ মানৱীয় চেতনা লাভ কৰে৷ ৰবটটোৱে তাৰ সৃষ্টিকৰ্তা ধুনীয়া বিজ্ঞানীজনীৰ প্ৰেমত পৰে, বা সৃষ্টিকৰ্তা বিজ্ঞানীজনৰ নিয়ন্ত্ৰণৰ বাহিৰ হৈ যায়৷ প্ৰেমত ব্যৰ্থ হৈ বা সৃষ্টিকৰ্তাজনৰ বিৰুদ্ধে গৈ বিজ্ঞানাগাৰটোৰ লগতে সমগ্ৰ পৃথিৱীখনকে ধ্বংস কৰিবলৈ ওলায়৷ কেতিয়াবা আকৌ চেতনাপ্ৰাপ্তি ঘটা ৰবটে খলনায়ক বিজ্ঞানীৰ কবলৰ পৰা সমগ্ৰ মানৱজাতিক ৰক্ষা কৰে৷ 

আগতে যন্ত্ৰ আৰু মানুহৰ মাজৰ পাৰ্থক্য কি বুলি প্ৰশ্ন কৰিলে তাৰ উত্তৰত কোৱা হৈছিল যে মানুহৰ বুদ্ধি আৰু চেতনা আছে৷ যন্ত্ৰ এটা মানুহতকৈ হাজাৰ গুণে শক্তিশালী হ’লেও বা হাজাৰ গুণ বেছি কাম কম সময়তে সমাধা কৰিব পাৰিলেও যন্ত্ৰ মানুহৰ নিয়ন্ত্ৰণৰ অধীন হৈ থাকে৷ কিন্তু আজিৰ ডিজিটেল আৰু অচিন বুদ্ধিমত্তা বা এআইৰ যুগত যন্ত্ৰ আৰু মানুহৰ মাজৰ পাৰ্থক্যৰ সেই পৰম্পৰাগত ধাৰণা সলনি হৈছে৷ যন্ত্ৰ এতিয়া মানুহতকৈ কেৱল অধিক শক্তিশালীয়েই নহয়, অধিক বুদ্ধিমানো৷ সামান্য কেলকুলেটৰ এটাই মানুহতকৈ বহু বেছি ক্ষিপ্ৰতাৰে অংক কৰিব পাৰে৷ এলগৰিদম আৰু এআই এতিয়া আৰু মানুহৰ নিয়ন্ত্ৰণত থকা যন্ত্ৰ নহয়, সেইবোৰ নিজে নিজে শিকি ল’ব পৰা, নিজতে উন্নত কৰিব পৰা, নিজে সিদ্ধান্ত লৈ তাক কাৰ্যকৰী কৰিব পাৰে– সেয়েহে এআই এটা এজেণ্ট বা ঘটক৷ কোৱা হৈছে যে মানুহে বুদ্ধিৰে কৰিব পৰা সকলো কাম এলগৰিদমে মানুহতকৈ ক্ষিপ্ৰতাৰে আৰু অধিক দক্ষতাৰে কৰিব পাৰিব৷ এআই-এ ইতিমধ্যে মানুহৰ ভাষা আয়ত্ত কৰি লৈছে৷ মানুহৰ সকলো সৃষ্টিৰ মূলতে হ’ল ভাষা, গণিতো এটা সংখ্যাৰে প্ৰকাশ কৰা ভাষা৷

ভাষা জনাৰ পাছত এআই ডাক্টৰ, এআই অভিযন্তা, এআই উকীল, এআই প্ৰফেছৰ আদিয়ে মানুহতকৈ অধিক দক্ষতাৰে নিজৰ কাম কৰিব পাৰিব৷ মানুহে কৰা বহু কাম এআয়ে দখল কৰি ল’ব৷ সেই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে৷ এআইৰ জনক বুলি কোৱা, পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা বিজয়ী আৰু গুগলৰ এআই গৱেষণাৰ সৈতে জড়িত হৈ থকা জিঅ’ফ্ৰি হিণ্টনে ইতিমধ্যে গুগলৰ কামৰ পৰা পদত্যাগ কৰিছে আৰু সমগ্ৰ পৃথিৱীকে এআইৰ পৰা হ’ব পৰা ক্ষতিৰ বিষয়ে আৰু তাৰ পৰা ৰক্ষা পোৱাৰ উপায়ৰ বিষয়ে সচেতন কৰাৰ কামত প্ৰবৃত্ত হৈছে৷ হিণ্টনে কৈছে যে পানীমিস্ত্ৰী বা প্লাম্বাৰৰ দৰে কিছুমান কাম এআয়ে কেতিয়াও কৰিব নোৱাৰিব, সেয়েহে তেওঁঁ নিজেও পানীমিস্ত্ৰীৰ কাম শিকি থকা বুলি কৈছে৷ বৰ্তমান এজন প্ৰভাৱশালী চিন্তাবিদ নোৱা হাৰাৰিয়ে কৈছে যে তেওঁ এখন কিতাপ ৰচনাৰ কাম কৰি আছে, কিন্তু এই চিন্তা তেওঁৰ মনলৈ আহিছে যে হয়তো এইখনেই তেওঁৰ শেষখন কিতাপ হ’ব, কাৰণ কিতাপ লিখা কামটো এআয়ে অধিগ্ৰহণ কৰি ল’ব৷ এআয়ে মানুহ লিখাতকৈ অধিক দক্ষতাৰে কিতাপ লিখিব পাৰিব৷ 

বুদ্ধিৰ ক্ষেত্ৰত যন্ত্ৰই আহি এআইৰ পৰ্যায় পাইছে, আৰু মানুহক চেৰ পেলাইছে৷ কিন্তু চেতনা লাভ কৰাৰ ক্ষেত্ৰত এআইৰ সামান্যতমো উন্নতি ঘটা নাই৷ এআয়ে বিশ্ববিজয়ী দবা খেলুৱৈজনক পৰাস্ত কৰাৰ পাছত আনন্দত আত্মহাৰা হ’ব নোৱাৰে বা পৰাজিত হ’লে দুখত কাতৰ হ’ব নোৱাৰে৷ শব্দৰ ব্যৱহাৰেৰে এআয়ে প্ৰেমৰ কবিতা লিখিব পাৰে, কাৰণ মানুহ কবিয়েও প্ৰেমৰ কবিতা লিখোতে ‘অনুভৱ’ নিলিখে, সেই অনুভৱক প্ৰকাশ কৰা ‘শব্দ’হে লিখে৷ এআয়ে প্ৰেমৰ কবিতাত ব্যৱহাৰ হোৱা শব্দৰ পেটাৰ্ণটো শিকি ল’ব পাৰে৷ পৃথিৱীৰ সকলো যুগৰ সকলো ভাষাৰ প্ৰেমৰ কবিতা পঢ়ি ল’ব পাৰে, প্ৰতিটো শব্দ তাৰ স্মৃতিত সঞ্চয় কৰিব পাৰে আৰু সেই পেটাৰ্ণটো অনুকৰণ কৰি, শব্দ ব্যৱহাৰ কৰি প্ৰেমৰ কবিতা লিখিব পাৰে৷ কিন্তু এআয়ে প্ৰেম অনুভৱ কৰিব নোৱাৰে৷ মানুহৰ দৰে চেতনা বিকাশ কৰাৰ দিশত এআই অকণো আগবঢ়া নাই৷ চৰায়ো উৰে আৰু উৰাজাহাজো উৰে৷ কিন্তু চৰাইৰ উৰণৰ প্ৰক্ৰিয়াটো উৰাজাহাজৰ উৰণৰ প্ৰক্ৰিয়াতকৈ সম্পূৰ্ণ বেলেগ৷ উৰাজাহাজে পাখী নথকাকৈয়েই চৰাইতকৈ অধিক বেগত অধিক দূৰলৈ উৰিব পাৰে, একেদৰে এআয়েও শব্দ ব্যৱহাৰ কৰি চেতনা আৰু তাৰ সৈতে জড়িত আৱেগ-অনুভূতি অবিহনেই প্ৰেমৰ কবিতা লিখিব পাৰে৷ সেয়েহে নিয়ন্ত্ৰকৰ আসনত বহিবলৈ এআইৰ চেতনা বিকাশ হোৱাৰ কোনো প্ৰয়োজন নাই৷ এআয়ে ভাষা আয়ত্ত কৰা প্ৰক্ৰিয়াটো মানুহে ভাষা শিকা প্ৰক্ৰিয়াটোৰ দৰে নহয়৷

হিণ্টৰ দৰে সামান্যসংখ্যক বিজ্ঞানীয়েহে এআই কি বুজিব পাৰে৷ তেওঁ সকীয়নি দিছে যে এআই মানৱ জাতিৰ বিলুপ্তিৰ কাৰণ হ’ব পাৰে৷ পৃথিৱীৰ প্ৰতিজন মানুহৰ জীৱনত এআইৰ প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিছে৷ স্মাৰ্টফোনটোৰে ইতিমধ্যে এআই আপোনাৰ জীৱনত প্ৰৱেশ কৰিছে আৰু ক্ৰমে আপোনাক নিয়ন্ত্ৰণ কৰিবলৈও আৰম্ভ কৰিছে৷ আপুনি কি চাইছে, কি পঢ়িছে সেয়া এআয়ে নিয়ন্ত্ৰণ কৰিছে আৰু আপুনি কি পোষ্ট দিছে তাকো আপোনাৰ অগোচৰে এআয়ে নিয়ন্ত্ৰণ কৰিছে, নিয়ন্ত্ৰণ নকৰিলেও প্ৰভাৱিত কৰিছে৷