উক্তি-বক্ৰোক্তি
একাংশ ব্যক্তিয়ে মৰিগাঁৱক ইণ্টাৰনেট জিহাদৰ কেন্দ্ৰ কৰি পেলাইছে৷ মিঞাই কম্পিউটাৰ, এটিএমতো জিহাদ কৰিছে৷ অসমখন খাই পেলাব৷ বিজেপি আছে বাবেহে অসম বাচি আছে৷ নহ’লে ৰেজাউল কৰিমৰ মানুহ অসমৰ বৰঘৰতে সোমাব৷ এনেকুৱা কৰি থাকিলে কেতিয়াবা ৰেজাউল কৰিমকো জে’লত ভৰাব লাগিব৷
– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
কালি দেখিলো মহিলা সাংবাদিক নিগৃহীত৷ তৃণমূলৰাজত স্কুল-কলেজতো মহিলা সুৰক্ষিত নহয়৷ নিৰ্যাতিতসকল ক’ৰ্টলৈ যাবলগীয়া হয়, তেওঁলোকৰ কথা চৰকাৰে নুশুনে৷ এই পৰিস্থিতি সলনি কৰিব লাগিব৷ এই কাম আপোনালোকৰ একোটা একোটা ভোটে কৰিব পাৰিব৷ এই নিপীড়ন শেষ কৰক৷
– প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
শিৱসাগৰ আৰু গুৱাহাটীৰ ডিচি হ’ব লাগিব মিঞাৰ ল’ৰা৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ দিবলৈ মিঞাই শিক্ষাৰ জিহাদ কৰিব লাগিব৷ কিডনী বেছি হ’লেও মিঞাই ল’ৰা-ছোৱালীক পঢ়ুৱাবই লাগিব৷
– ৰেজাউল কৰিম সৰকাৰ
২০১৬ চনৰ আগলৈকে জীৱনটো বেলেগ আছিল৷ এখনৰ পাছত এখন হিট চিনেমা দিছো৷ তেতিয়া বলীউডৰ সৰ্বোচ্চ পাৰিশ্ৰমিক পোৱা অভিনেত্ৰী আছিলো৷ এজন সহকৰ্মী হূতিক ৰোশনে আইনী নটিচ পঠিয়ালে৷ তেতিয়াৰ পৰা ইণ্ডাষ্ট্ৰীত বহিৰাগত আৰু ভিতৰৰ দুভোগ হৈ গ’ল৷ জীৱনটো বিষময় হৈ গ’ল৷
– অভিনেত্ৰী-সাংসদ কংগনা ৰাণাৱাত
ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ দিনা কি হৈছিল, সেইটোৰহে তদন্ত হৈছে৷ ১৪ জানুৱাৰীৰ শুনানিতো তেওঁলোকে কৈছে, এয়া কোনো বিচাৰ নহয়, সাক্ষ্যহে৷ অসমত কি হৈছিল, কেনেকৈ গৈছিল সেই সকলো কথা থাকিব৷ অসুৰ বধ হওক৷ অপশক্তি নিৰ্মূল হ’বই লাগিব৷
– গৰিমা শইকীয়া গাৰ্গ
তেওঁলোকে ভাবিছিল, শিৱসেনা শেষ হৈ গ’ল৷ পিছে শিৱসেনা শেষ হোৱা নাই৷ আপোনালোকৰ সমৰ্থনত আমি এতিয়াও মুম্বাইৰ পৌৰ নিগমৰ নিৰ্বাচনত অসংখ্য আসন লাভ কৰিছো৷ সেয়া আপোনালোকৰে জয়৷
– শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাক্ৰে
প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ স্বাগতম৷ তেওঁ জুবিন ক্ষেত্ৰলৈ নগ’ল৷ ইয়াৰ আগতো তেওঁ আহিছিল৷ তেতিয়াও নগ’ল৷ তেওঁ মুখেৰে জুবিন গাৰ্গৰ নামেই উচ্চাৰণ নকৰিলে৷ নিয়ম মতে তেওঁ জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰলৈ যাব লাগিছিল৷
– যোৰহাটৰ সাংসদ গৌৰৱ গগৈ
অনলেৰে গলিয়ে গলিয়ে ফুটবল খেলিছিল৷ এক পইচাও ইনকাম কৰা নাছিল৷ দিনৰ দিনটো শুই থাকে৷ মোৰ সকলো টকা লৈ গ’ল৷
– বিশ্ববিশ্ৰুত বক্সাৰ এম চি মেৰীকম






