Logo
image

চৰকাৰী অনুষ্ঠানসমূহৰ নিৰপেক্ষতা

স্বাধীনতাই ভাৰত ৰাষ্ট্ৰৰ বাবে দুটা ভয়ংকৰ প্ৰত্যাহ্বান কঢ়িয়াই  আনিছিল– এক, দেশ বিভাজন আৰু দুই, বিভিন্ন ৰজাৰ অধীনত থকা ৫৬৫খন সৰু-বৰ ৰাজ্যক ভাৰত ৰাষ্ট্ৰৰ সৈতে একত্ৰীকৰণ৷ দেশ বিভাজনৰ সময়ত হোৱা অভাৱনীয় ৰাজনৈতিক, আৰ্থিক আৰু মানৱীয় সংকটে বহুতৰে মনত এক ‘বালকানাইজেশ্বন’ৰ আশংকা জন্ম দিছিল, বহুতে ভাবিছিল শীঘ্ৰেই ভাৰত জাত-পাত-ভাষা আদিৰ ভিত্তিত বহু সৰু সৰু ৰাষ্ট্ৰত বিভাজিত হৈ যাব৷ এই বিষয়ে আনকি পাশ্চাত্যৰ ৰাজনীতিকসকল একপ্ৰকাৰ প্ৰায় নিশ্চিত আছিল বুলি ক’ব পাৰি৷ কিন্তু স্বাধীনতা আন্দোলনত বহু ত্যাগ স্বীকাৰ কৰি অভিজ্ঞ হোৱা আমাৰ পূৰ্বজ তথা সমসাময়িক নেতাসকলৰ বিচক্ষণতা আৰু ভাৰতীয় অসামৰিক সেৱাৰ বিভিন্ন বিভাগৰ অনেক অভিজ্ঞ আৰু কৰ্মপটু আমোলাৰ চেষ্টাৰ ফলত অতি কম সময়ৰ ভিতৰতে ভাৰত এখন শক্তিশালী গণতান্ত্ৰিক, ফেডাৰেল ৰাষ্ট্ৰ হিচাপে বিশ্বত নিজৰ স্থান নিগাজী কৰিবলৈ সক্ষম হয়৷ ভাৰত চৰকাৰৰ বিভিন্ন মন্ত্ৰণালয় আৰু বিভাগ, বিভিন্ন অনুষ্ঠান আৰু সংস্থাৰ সেই সৎ আৰু সাহসী আমোলা-বিষয়াসকলৰ অৱদান আৰু ত্যাগক সন্মান জনাই ভাৰতৰ প্ৰথম কেন্দ্ৰীয় গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলে ভাৰতীয় আমোলাতন্ত্ৰক আখ্যা দিছিল ‘দি ষ্টীল ফ্ৰেম অৱ ইণ্ডিয়া’ বুলি৷

ৰাজনৈতিক উদ্দেশ্যৰে ৰাজ্যিক পুলিচক ব্যৱহাৰৰ অভিযোগ বহু পুৰণি যদিও ৰাজনৈতিক প্ৰতিপক্ষক হাৰাশাস্তি দিবলৈ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা  চিবিআই আৰু কেন্দ্ৰীয় চোৰাংচোৱা সংস্থা আইবিক ব্যৱহাৰ কৰাৰ পৰম্পৰা প্ৰথমে আৰম্ভ কৰে শ্ৰীমতী ইন্দিৰা গান্ধীয়ে, কুখ্যাত ইমাৰ্জেঞ্চীৰ সময়ত৷ প্ৰথমবাৰৰ বাবে ভাৰতীয় আমোলাতন্ত্ৰৰ ষ্টীল ফ্ৰেম কিছু সুলকি পৰে৷ ইমাৰ্জেঞ্চীৰ পাছত গঠন কৰি দিয়া শ্বাহ কমিছনে আনকি এয়াও অভিযোগ উত্থাপন কৰিছিল যে, সেই সময়ত দিল্লীৰ এক বৃহৎসংখ্যক আমোলা-বিষয়াই প্ৰধানমন্ত্ৰীৰ সলনি তেওঁৰ পুত্ৰ সঞ্জয় গান্ধীকহে ৰিপ’ৰ্ট কৰিছিল৷ অৱশ্যে, ইতিহাসৰ পৰা মানুহে এটা কথাই শিকে যে, মানুহে একো নিশিকে৷ গতিকে, ইমাৰ্জেঞ্চীৰ পাছৰে পৰা চিবিআইক ৰাজনৈতিক হেঁচা প্ৰয়োগৰ বাবে ব্যৱহাৰ কৰাটো এটা পৰম্পৰাত পৰিণত হয়৷ ৭০ৰ দশকৰ পাছৰ কোনো এখন চৰকাৰ নাই যাৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত হোৱা নাই৷

২০১৪ চনৰ পাছত অৱশ্যে চিবিআইতকৈ অধিক সঘনে এই অভিযোগ উত্থাপন হৈ আছে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট, চমুকৈ ‘ইডি’ৰ বিৰুদ্ধে৷ শাসকীয় ভাৰতীয় জনতা পাৰ্টীৰ এনেকুৱা কোনো বিৰোধী দল নাই যাৰ জে্যষ্ঠ নেতাৰ বিৰুদ্ধে ইডিয়ে তদন্ত আৰম্ভ নকৰাকৈ আছে– তামিলনাডুৰ ডিএমকে দলৰ পৰা কাশ্মীৰৰ নেচনেল কনফাৰেঞ্চলৈ, দিল্লীৰ আম আদমী পাৰ্টীৰ পৰা বেংগলৰ তৃণমূল কংগ্ৰেছলৈ৷ ২জি স্পেকট্ৰাম আৰু নেচনেল হেৰল্ডৰ দৰে হাই প্ৰফাইল ৰাজনৈতিক মামলাও ইডিৰ দ্বাৰা সম্পন্ন কৰা৷ আনকি গণতান্ত্ৰিক নিৰ্বাচনৰ জড়িয়তে মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত মুখ্যমন্ত্ৰীসকলেও বাদ পৰা নাই ইডিৰ তদন্তৰ পৰা৷ যোৱা সপ্তাহত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ইডিৰ ওপৰত যি অভিযোগ উত্থাপন কৰিছে সেয়া খুবেই গম্ভীৰ৷ মুখ্যমন্ত্ৰী বেনাৰ্জীৰ মতে, পশ্চিম বংগৰ আগন্তুক বিধানসভা নিৰ্বাচনত অংশগ্ৰহণ কৰিবলগীয়া শাসকীয় তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী চয়নৰ পৰা আৰম্ভ কৰি ইস্তাহাৰলৈকে নিৰ্বাচনকেন্দ্ৰিক সকলো কামতে দলটোৱে প্ৰফেছনেল সহায় লৈ আছে ‘ইণ্ডিয়ান প’লিটিকেল একশ্বন কমিটী’ চমুকৈ ‘আই-পেক’ নামৰ সংস্থাটোৰ৷ পশ্চিম বংগত বিজেপিয়ে বাৰে বাৰে মুখ থেকেচা খোৱাৰ বাবে এইবাৰ দলটোৱে ইডিৰ হতুৱাই তৃণমূল কংগ্ৰেছৰ সকলো সম্ভাব্য প্ৰাৰ্থী তথা নিৰ্বাচনৰ ষ্ট্ৰ্ৰেটেজী হস্তগত কৰিবলৈ কলকাতাষ্ঠিত ‘আই-পেক’ৰ কাৰ্যালয়ত ৰেইড কৰিছে৷ আনহাতে, মমতা বেনাৰ্জীৰ এই অভিযোগ নাকচ কৰি ইডিৰ শীৰ্ষ মহলে ওলোটাই কেন্দ্ৰীয় সংস্থাৰ কামত মমতা বেনাৰ্জীয়ে হস্তক্ষেপ কৰাৰ অভিযোগ উত্থাপন কৰি আদালতৰ দাৰস্থ হৈছে৷ অৱশ্যে, ইডিৰ শীৰ্ষ মহলৰ বিৰুদ্ধেও বহু অভিযোগ আছে৷ বিশেষকৈ ইডিৰ প্ৰাক্তন চীফ সঞ্জয় কুমাৰ মিশ্ৰৰ বিৰুদ্ধে৷ ২০২০ চনতে অৱসৰ গ্ৰহণ কৰিবলগীয়া বিষয়াজনক মোদী চৰকাৰে ২০১৮ চনতে সঞ্চালক পদত নিয়োগ কৰি, নিয়ম বহিৰ্ভূতভাৱে তিনিবাৰ তেওঁৰ কাৰ্যকালৰ ম্যাদ বৃদ্ধি কৰি পাঁচ বছৰ অতিৰিক্তভাৱে ইডিৰ শীৰ্ষ পদত ৰাখে৷ শেষত উচ্চতম ন্যায়ালয়ে তেওঁৰ কাৰ্যকালৰ ম্যাদ বৃদ্ধিক ‘অবৈধ’ ঘোষণা কৰে৷ 

মমতা বেনাৰ্জীৰ ৰাজনৈতিক গিমিকৰ সৈতে সকলোৱে পৰিচিত৷ তেওঁ ৰাজ্যিক আৰক্ষীক কেন্দ্ৰীয় সংস্থাৰ বিৰুদ্ধে ব্যৱহাৰ কৰাৰ দৃষ্টান্তও নথকা নহয়৷ কিন্তু তাৰ পাছতো এই কথা আজি সকলো সচেতন নাগৰিকে অনুভৱ কৰিবলৈ আৰম্ভ কৰিছে যে, কেন্দ্ৰীয় তদন্তকাৰী, চোৰাংচোৱা আৰু কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বিভিন্ন সংস্থা আৰু অনুষ্ঠানসমূহে যেন ক’ৰবাত নিজৰ নিৰপেক্ষতা ৰক্ষা কৰিব পৰা নাই৷ ভাৰত চৰকাৰৰ স্বাৰ্থৰ সলনি তেওঁলোকে চৰকাৰ গঠন কৰা ৰাজনৈতিক দলসমূহৰ স্বাৰ্থতহে যেন অধিক কাম কৰি আছে৷ চৰকাৰ গঠন কৰা ৰাজনৈতিক দল সলনি হৈ থাকে, আজি আছে, কাইলৈ নাই, কিন্তু ‘ভাৰত চৰকাৰ’ অক্ষয়, অমৰ৷ চৰকাৰী অনুষ্ঠান, সংস্থাসমূহে যদি নিজৰ নিৰপেক্ষতা আৰু অ-ৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰাখিব নোৱাৰে, তেন্তে ভাৰতৰ এই ‘ষ্টীল-ফ্ৰেম’টো চিৰদিনলৈ দুৰ্বল হৈ যাব৷ ইতিহাসে সকলো লক্ষ্য কৰি আছে৷