Logo
image

ফেব্ৰুৱাৰীৰ পাছত বাংলাদেশত হিন্দু নিৰাপদ হ’বনে

চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত ফেব্ৰুৱাৰী মাহত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ আশা কৰা হৈছে যে তেতিয়াই হয়তো দেশখনত গণতান্ত্ৰিকভাৱে নিৰ্বাচিত এখন স্থায়ী চৰকাৰ শাসনত বহিব৷ কিন্তু এই নিৰ্বাচন একপক্ষীয় হোৱাৰ সম্ভাৱনাই অধিক৷ কিয়নো স্বাধীনতাৰ পাছৰে পৰা দেশখনৰ ৰাজনীতিত মূলতঃ দুটা দলেই প্ৰভাৱ বিস্তাৰ কৰি আছে৷ জিয়াউৰ ৰহমানে জন্ম দি থৈ যোৱা বাংলাদেশ নেচনেলিষ্ট পাৰ্টী [বি এন পি] আৰু বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানে প্ৰতিষ্ঠা কৰি থৈ যোৱা আৱামী লীগ৷ বংগবন্ধুৰ কন্যা তথা বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ইতিমধ্যে দেশখনৰ পৰা খেদি পঠিওৱাৰ উপৰি তেওঁৰ দল আৱামী লীগৰ ওপৰত নিষেধাজ্ঞাও জাৰি কৰা হৈছে যে এই দলটোৱে বাংলাদেশৰ আগন্তুক নিৰ্বাচনত ভাগ ল’ব নোৱাৰিব৷ তেনে ক্ষেত্ৰত ফেব্ৰুৱাৰীৰ সাধাৰণ নিৰ্বাচন একপক্ষীয় নহ’ব বুলি কেনেকৈ ভাবিব পাৰি? আনটো প্ৰধান দল বি এন পিৰ মুৰব্বী তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰ ইতিমধ্যে মৃত্যু হৈছে আৰু তেওঁৰ পুত্ৰ তাৰিক ৰহমানে লণ্ডনৰ পৰা উভতি আহি দলটোৰ নেতৃত্ব চমজি লৈছে৷ এক কথাত নামত নিৰ্বাচন যদিও কাৰ্যতঃ এয়া তাৰিক ৰহমানৰ ৰাজঅভিষেক বুলি ক’লেও নিশ্চয় ভুলকৈ কোৱা নহ’ব৷

এখন সাৰ্বভৌম ৰাষ্ট˜ই নিজৰ আভ্যন্তৰীণ নিৰ্বাচন কেনেকৈ পৰিচালনা কৰে, কি কৌশল অৱলম্বন কৰে সেয়া তেওঁলোকৰ নিজা কথা৷ কিন্তু বিষয়টো হ’ল সেই দেশখনত সংখ্যালঘু লোকসকলৰ ওপৰত চলি থকা ধাৰাবাহিক আক্ৰমণ আৰু হত্যাৰ ঘটনাবিলাক৷ সংখ্যালঘু বুলিলে বাংলাদেশত মূলতঃ হিন্দু বাসিন্দাসকলকেই বুজা যায় আৰু আক্ৰমণ, নিৰ্যাতনো ধাৰাবাহিকভাৱে চলি আছে এই হিন্দুসকলৰ ওপৰতেই৷

নোবেল বঁটাপ্ৰাপক মহম্মদ ইউনুছৰ নেতৃত্বত বাংলাদেশত চলি থকা বৰ্তমানৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰখনে অলপতে ৰাজহুৱা কৰিছে ২০২৫ বৰ্ষটোত বাংলাদেশত সংখ্যালঘুৰ ওপৰত কিমান অত্যাচাৰ চলিল সেই তথ্য৷ কিন্তু মন কৰিবলগীয়া কথাটো হ’ল যে ইউনুছৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰে প্ৰকাশ কৰা সেই পৰিসংখ্যাবিলাকৰ ভিতৰত খুব কম পৰিমাণৰ ঘটনাকহে সাম্প্ৰদায়িক আক্ৰমণ বুলি কোৱা হৈছে৷ সামাজিক মাধ্যমত দেশখনৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰখনে প্ৰকাশ কৰা মতে, বাংলাদেশত ২০২৫ চনৰ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈকে আৰক্ষীৰ তথ্য অনুসৰি সংখ্যালঘু সম্প্ৰদায়ৰ সৈতে জড়িত ৬৪৫টা ঘটনা নথিভুক্ত কৰা হৈছে, যিসমূহ বিভিন্ন থানাৰ এজাহাৰ, সাধাৰণ ডায়েৰী, চাৰ্জশ্বীট আৰু তদন্তৰ তথ্যৰ পৰা একত্ৰিত কৰা হৈছে৷ আনহাতে, ইয়াৰে মাত্ৰ ৭১টা ঘটনাতহে সাম্প্ৰদায়িক উপাদান থকা বুলি চিনাক্ত কৰা হৈছে৷ ইয়াৰ বিপৰীতে ৫৭৪টা ঘটনাক অসাম্প্ৰদায়িক প্ৰকৃতিৰ বুলি কোৱা হৈছে৷ সাম্প্ৰদায়িক ঘটনা বুলিলে মূলতঃ ধৰ্মীয় স্থান বা বিভিন্ন দেৱ-দেৱীৰ মূৰ্তি ভাঙি-ছিঙি পেলোৱা বা অপৱিত্ৰ কৰাৰ লগতে আন কিছুসংখ্যক অপৰাধ সন্নিবিষ্ট কৰা হৈছে৷ ইয়াৰ বিপৰীতে সংখ্যালঘু লোক বা তেওঁলোকৰ সম্পত্তিৰ ওপৰত চলা আক্ৰমণৰ অধিকাংশ ঘটনাক অপৰাধমূলক কাৰ্যকলাপ, চুবুৰিৰ বিবাদ, ভূমি সংঘাত, ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা, চুৰি, যৌন নিৰ্যাতন আৰু পূৰ্বৰ ব্যক্তিগত শত্ৰুতাৰ সৈতে জড়িত গোচৰ কৰিহে ৰখা হৈছে৷

স্বাভাৱিকতে দেশখনৰ সাধাৰণ নিৰ্বাচনৰ আগে আগে এইদৰে বিগত বছৰটোত সংখ্যালঘুৰ ওপৰত সংঘটিত ৬৪৫টা ঘটনাৰ ভিতৰত মাত্ৰ ৭১টা ঘটনাকহে সাম্প্ৰদায়িক আক্ৰমণ বুলি চিনাক্ত কৰাটো তাৎপৰ্যপূৰ্ণ৷ যি সময়ত সমগ্ৰ বাংলাদেশত ভাৰতবিৰোধী এটা শক্তি সক্ৰিয় হৈ পদে পদে ভাৰতৰ প্ৰতি তাচ্ছিল্যসূচক তিৰ্যক মন্তব্য আগবঢ়াইছে, হিন্দু লোকৰ ওপৰত ধাৰাবাহিক আক্ৰমণ চলাইছে, সেই সময়ত ইউনুছৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰখনে কিন্তু দেশখনৰ সংখ্যালঘুক আশ্বস্ত কৰিব পৰা নাই৷ এনে অৱস্থাত ফেব্ৰুৱাৰীৰ নিৰ্বাচনৰ অন্তত দেশখনত গণতান্ত্ৰিকভাৱে নিৰ্বাচিত এখন চৰকাৰ শাসনলৈ আহিলেও বাংলাদেশৰ হিন্দু যে অনাগত সময়তো সেইখন দেশত নিৰাপদ হৈ থাকিব, সেই আশা কৰিব নোৱাৰি৷