Logo
image

৯+৬=১৫ সমীকৰণে সলনি কৰিব পাৰে খেলা

◾‘কিংমেকাৰ’ৰ ৰূপত অতুল-প্ৰমোদ

আমাৰ অসম, ৫ মে’: এক অবুজ সমীকৰণত ওলমি আছে অসমৰ নিৰ্বাচনোত্তৰ ৰাজনীতি৷ দেখাত সাধাৰণ বা ক্ৰমশ দুৰ্বল যে লগা ইউ পি পি এল আৰু অগপ দল শেহতীয়ভাৱে অসমৰ ৰাজনীতিত ‘কীংমেকাৰ’ৰ ভূমিকাত অৱতীৰ্ণ হৈছে৷ বিধানসভাৰ সদ্য সমাপ্ত নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে মুঠ ৭৫ খন আসন লাভ কৰে৷ ইয়াৰ মিত্ৰজোঁটৰ অংশীদাৰ অসমখন পৰিষদ দলে ৯ খন আৰু ইউ পি পি এল দলে ৬ খন আসন লাভ কৰে৷ লক্ষণীয়ভাৱে দুয়োটা মিত্ৰদল যদি এই মুহূৰ্তত বিজেপিৰ কাষৰ পৰা আঁতৰি যায় তেন্তে চৰকাৰ গঠনৰ যোখেৰে বিজেপিৰ ওচৰত সংখ্যাগৰিষ্ঠতা নাথাকিব৷ বিজেপিৰ সংগ ত্যাগ কৰি ইয়াৰ দুই মিত্ৰদল যদি কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ সৈতে লগ লাগে তেন্তে কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটে চৰকাৰ গঠন কৰিব পৰা ‘মেজিক নম্বৰ’ লাভ কৰিব৷ উল্লেখ্য যে মহাজোঁটে মুঠ ৫০ খন আসন লাভ কৰিছে৷ দেওবাৰে নিশা ফলাফল ঘোষণাৰ পিছতে ইউ পি পি এলৰ নৱ নিৰ্বাচিত ৬ জন বিধায়ককে জৰুৰীভাৱে গুৱাহাটীলৈ তলব কৰা হয়৷ সোমবাৰে পুৱাই হোটেল লিলিত ইউ পি পি এলৰ মুৰব্বী প্ৰমোদ বড়োৰ উপস্থিতিত ৬ বিধায়কৰ মাৰাথান বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকত ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে ড॰ হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ দলৰ এই আনুষ্ঠানিক সিদ্ধান্ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক পোনপটীয়াভাৱে অৱগত কৰোৱা হয়৷ আনকি ইউ পি পি এলৰ মুৰব্বী প্ৰমোদ বড়োই লিখিতভাৱে বিজেপিৰ শীৰ্ষ নেতৃত্বক তেওঁলোকৰ সিদ্ধান্ত অৱগত কৰে৷ এই বৈঠকৰ পিছতে এজন ডাইনেমিক লোককহে তেওঁলোকে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে বিচৰা বুলি সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে প্ৰমোদ বড়োই৷ হোটেল লিলিৰ বৈঠকৰ পিছতে প্ৰমোদ বড়োৰ নেতৃত্বত ইউ পি পি এলৰ নৱ নিৰ্বাচিত বিধায়ক তথা বি টি আৰৰ উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী আৰু চাপাগুৰিৰ বিধায়ক উৰ্খাও গৌড়া ব্ৰহ্মই অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশব মহন্তক সাক্ষাৎ কৰি দীঘলীয়া বৈঠকত মিলিত হয়৷ প্ৰমোদ বড়োই উদ্যোগ লৈ তেওঁলোকৰ দৰে অগপকো মুখ্যমন্ত্ৰী প্ৰাৰ্থী হিচাপে ড॰ হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন জনাবলৈ প্ৰস্তাব দিয়ে৷ অগপক এই ক্ষেত্ৰত সিদ্ধান্ত লৈ বিজেপি নেতৃত্বক অৱগত কৰিবলৈও বড়োয়ে হেচা দিয়ে৷ অৱশ্যে অগপ নেতৃত্বই এই ক্ষেত্ৰত প্ৰমোদ বড়োৰ পৰা কিছু সময় বিচাৰে বিষয়টো দলৰ বিধায়ক সকলৰ মাজত আলোচনাৰ বাবে৷ অৱশ্যে অগপৰ অভ্যন্তৰত বিষয়টোক লৈ মত পাৰ্থক্যৰ সৃষ্টি হয়৷ মিত্ৰদলৰ এনে স্থিতিৰ বিষয়ে অৱগত হৈয়ে বিজেপি হাইকামাণ্ড ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত সিদ্ধান্ত ল’বলৈ গৈ পিছ হুহকিবলগীয়া হৈছে৷ চূড়ান্ত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত থোৰাপোৰা কৰি আছে৷ উল্লেখ্য যে এই মুহূৰ্তত সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী পদৰ পৰা আতৰোৱাৰ ক্ষেত্ৰত বিজেপি নেতৃত্বৰ ওচৰত কোনো পতিয়নযোগ্য আৰু যুক্তিযুক্ত কাৰণ নাই৷ বিজেপি নেতৃত্বৰ এনে দদুল্যমান স্থিতিৰ বিপৰীতে মঙলবাৰেও ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰী বাসভৱনত অব্যাহত থাকে ইখনৰ পিছত সিখনকৈ বৈঠক৷