উপসাগৰীয় কূটনীতি
বিশ্ব বাণিজ্য পৰিস্থিতিৰ ক্ৰমবৰ্ধিত অনিশ্চয়তাক লক্ষ্য কৰিলে মূলতঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ অনিশ্চিত, মতগৰ্বী আৰু একপক্ষীয় কুটিল কাৰ্যৰ বাবে ভাৰতে কৌশলগত অৰ্থনৈতিক পদক্ষেপ, আন্তৰ্জাতিক বজাৰখনত নিজৰ স্থিতি শক্তিশালী কৰি তোলা আৰু ইউৰোপিয়ান ইউনিয়নকে ধৰি কেইবাখনো দেশৰ সৈতে মুক্ত বাণিজ্য চুক্তি ত্বৰান্বিত কৰি তোলাত গুৰুত্ব আৰোপ কৰি আহিছে৷ উপসাগৰীয় দেশসমূহৰ লগত নিজৰ অৰ্থনৈতিক আৰু সাংস্কৃতিক সম্বন্ধ অধিক গভীৰ কৰাৰ বাবে অৰ্থনৈতিক লেনদেনৰ পৰা আৰম্ভ কৰি কৌশলগত সম্পৰ্ক গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰালৈকে ভাৰতে এক বিস্তৃত পদক্ষেপ গ্ৰহণ কৰিছে৷ ইয়াৰে অংশ হিচাপে সংযুক্ত আৰব শ্বাহীৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ তিনি ঘণ্টীয়া চমু আৰু আকস্মিক ভাৰত ভ্ৰমণে আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত দুয়োখন দেশৰ মাজৰ ঘনিষ্ঠ সম্পৰ্কই দেশ দুখনৰ মাজৰ ক্ৰমবৰ্ধমান গভীৰ বন্ধুত্ব আৰু সহযোগিতা বৃদ্ধিৰ ছবিখন প্ৰতিফলিত কৰিলে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰী প্ৰটকল ভংগ কৰি বিমানবন্দৰলৈ গৈ আৰব শ্বাহীৰ ৰাষ্ট্ৰপতিক সম্ভাষণ জনোৱা আৰু দুয়োজন নেতাই পৰস্পৰক কৰা উষ্ম আলিংগনে দেশ দুখনৰ মাজৰ সম্পৰ্কৰ নৱীকৃত উত্তাপক ইংগিত প্ৰদান কৰাৰ লগতে সমগ্ৰ বিশ্বত ভাৰতে এই কথাও স্পষ্ট কৰে যে, ভাৰতৰ ব্যৱসায়িক লেনদেনৰ বাবে আমেৰিকা এখন গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰ হ’লেও একমাত্ৰ গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰ নহয় আৰু ভাৰতে কোনো কাৰণতে আমেৰিকাৰ কুটিল অৰ্থনৈতিক ৰণকৌশলৰ আগত শিৰ নত নকৰে৷ মধ্যপ্ৰাচ্যৰ এখন অন্যতম সম্পদশালী ৰাষ্ট্ৰ আৰব শ্বাহীৰ ৰাষ্ট্ৰপতিজনৰ এই চমু ভ্ৰমণৰ সময়ছোৱাত প্ৰতিৰক্ষা, বাণিজ্য, শক্তি আৰু আঞ্চলিক নিৰাপত্তাৰ ক্ষেত্ৰত দেশ দুখনৰ মাজত সহযোগিতা বৃদ্ধি পোৱাৰ মাজতে কূটনৈতিক দিশৰ পৰাও এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গণ্য কৰা হৈছে৷ এই ভ্ৰমণৰ সময়তে দেশ দুখনৰ মাজৰ অৰ্থনৈতিক লেনদেনক অধিক বৃদ্ধি কৰি তোলাৰ স্বাৰ্থত ২০৩২ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ ১০০ বিলিয়ন ডলাৰৰ পৰা ২০০ বিলিয়নলৈ বৃদ্ধি কৰাৰ বাবেও দুয়োজন নেতা অংগীকাৰবদ্ধ হয়৷
সংযুক্ত আৰব শ্বাহীৰ ৰাষ্ট্ৰপতিজনৰ এই নতুন দিল্লী ভ্ৰমণে উপসাগৰীয় অঞ্চলত ভাৰতৰ বৰ্ধিত কৌশলগত প্ৰভাৱক প্ৰতিফলিত কৰিছে৷ এই ভ্ৰমণত যদিও দুয়োপক্ষই কেইবাখনো বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে, কিন্তু প্ৰতিৰক্ষা অংশীদাৰিত্বৰ ক্ষেত্ৰত স্বাক্ষৰিত চুক্তিখন হৈছে ইয়াৰ মাজৰ আটাইতকৈ গুৰুত্বপূৰ্ণ চুক্তি৷ স্বাক্ষৰিত এই চুক্তিখনৰ জড়িয়তে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আৰব শ্বাহীৰ মিত্ৰ ৰাষ্ট্ৰ হিচাপে পৰিচিত পাকিস্তানকো চিন্তান্বিত কৰি তোলাৰ সম্ভাৱনা আছে৷ ইৰাণৰ ইছলামিক ৰিপাব্লিক চৰকাৰখনক উৎখাত কৰাৰ দাবীৰে তেহৰানৰ ৰাজপথ কঁপাই তোলা প্ৰতিবাদকাৰীৰ ওপৰত চৰকাৰে গ্ৰহণ কৰা দমনমূলক কাৰ্যক লৈ আমেৰিকা-ইজৰাইল আৰু ইৰানৰ মাজৰ পৰিস্থিতি উত্তেজনাময় হৈ থকাৰ সময়তে দেশ দুখনৰ মাজত স্বাক্ষৰিত এই প্ৰতিৰক্ষামূলক চুক্তিয়ে ভৱিষ্যতৰ বাবে বহল পৰিসৰৰ ইংগিত আগবঢ়াইছে৷ তদুপৰি, য়েমেনক লৈ শেহতীয়া সময়বোৰত ছৌদি আৰবৰ সৈতে সংযুক্ত আৰব শ্বাহীৰ সংঘাত বৃদ্ধি পাইছে৷ ছৌদি আৰব-পাকিস্তানৰ সামৰিক মিত্ৰতাই য়েমেনৰ ওপৰত হেঁচাৰ সৃষ্টি কৰিছে, যাক লৈ ছৌদি আৰবৰ পূৰ্বৰ মিত্ৰ ৰাষ্ট্ৰ আৰব শ্বাহী গভীৰভাৱে অসন্তুষ্ট হৈ পৰা দেখা গৈছে৷ একেদৰে, ইৰানৰ সৈতে কূটনৈতিক সম্পৰ্ক বজাই ৰখা আৰু যোগাযোগ, শক্তি আৰু আঞ্চলিক ভাৰসাম্য বৰ্তাই ৰখাৰ সৈতে জড়িত কৌশলগত দিশসমূহৰ ওপৰত ভাৰতেই দৃষ্টি নিবদ্ধ কৰি আহিছে৷ এনে প্ৰেক্ষাপটত ইৰানৰ জ্বলন্ত পৰিস্থিতিৰ সময়ত আৰব শ্বাহীৰ ৰাষ্ট্ৰপতিজনৰ চমু অথচ গুৰুত্বপূৰ্ণ ভাৰত ভ্ৰমণে দেশ দুখনৰ মাজত বহল পৰিসৰৰ কৌশলগত প্ৰেক্ষাপট সৃষ্টি কৰিছে৷ তদুপৰি, ভাৰত আৰু আৰব শ্বাহীয়ে শেহতীয়া বছৰবোৰত বাণিজ্য, শক্তি, কৃত্ৰিম বুদ্ধিমত্তা আৰু ছুপাৰ কম্পিউটিং, প্ৰতিৰক্ষা, প্ৰযুক্তি, আৰু কৌশলগত আলোচনাকে ধৰি বিভিন্ন খণ্ডত সহযোগিতা যথেষ্ট বৃদ্ধি কৰিছে৷ ২০২২ চনত দুয়োখন দেশে এক বিস্তৃত অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিত স্বাক্ষৰ কৰিছিল আৰু এয়া প্ৰকৃতাৰ্থত কাৰ্যকৰী কৰি তোলাৰ বাবে দেশ দুখনৰ শীৰ্ষ নেতাসকলৰ ভ্ৰমণ আৰু কূটনৈতিক তথা প্ৰতিষ্ঠানিক ব্যৱস্থাৰ জৰিয়তে নিয়মীয়াকৈ নিজৰ মাজত উমৈহতীয়া যোগাযোগ বৰ্তাই ৰাখিছে৷






