চাটবটে নীৰৱে দখল কৰিছে ছ’চিয়েল মিডিয়া
এসময়ত সামাজিক মাধ্যমক ডিজিটেল ৰূপত জনসমাগমৰ, মতামত বিনিময়ৰ স্থান বুলি বিবেচনা কৰা হৈছিল৷ সেই মাধ্যমত সঁচা মানুহে নিজৰ মতামত প্ৰকাশ কৰিছিল, পৰস্পৰৰ মাজত মতামত বিনিময় কৰিছিল, বিতৰ্কত লিপ্ত হৈছিল৷ কিন্তু ক্ৰমান্বয়ে ছ’চিয়েল মিডিয়া এনে সত্তাৰে ভৰি পৰিছে যিবোৰ মানুহ নহয়৷ চাটবটবোৰ এলগৰিডম আৰু কৃত্ৰিম বুদ্ধিমত্তাই সৃষ্টি কৰা আৰু পৰিচালনা কৰা স্বয়ংক্ৰিয় বা অৰ্ধ স্বয়ংক্ৰিয় একাউণ্ট৷ চাটবটবোৰে মানুহৰ দৰে লিখিব আৰু কথা ক’ব পাৰে৷ আৰু চাটবট ক্ৰমান্বয়ে সামাজিক মাধ্যমৰ এটা কাঠামোগত বৈশিষ্ট্য হৈ পৰিছে আৰু চাটবটে নীৰৱে ছ’চিয়েল মিডিয়াৰ কথপোকথন, ধাৰণাবোৰক নতুনকৈ গঢ় দিছে৷ চাটবটৰ একেবাৰে নিৰীহ ৰূপটোত সেইবোৰে দৰকাৰী কাম কিছুমান কৰে৷ সেইবোৰে গ্ৰাহকৰ প্ৰশ্নৰ উত্তৰ দিয়ে, মানুহে দিয়া পোষ্টবোৰ প্ৰয়োজন অনুসৰি সম্পাদনা কৰাৰ কাম কৰে, মানুহৰ ৰুচি আৰু চিন্তা-চৰ্চা অনুসৰি কোনটো পোষ্ট পঢ়িব বা চাব সেইটো বিচাৰি দিয়ে আৰু সীমাহীন কনটেণ্টৰ মাজত বাট নেহেৰুৱাকৈ থকাত সহায় কৰে৷ ব্যৱসায় প্ৰতিষ্ঠানে গ্ৰাহকক দিনে-নিশাই অবিৰত সেৱা আগবঢ়াবৰ বাবে চাটবট ব্যৱহাৰ কৰে, চৰকাৰে নাগৰিকক বিভিন্ন বিষয় অৱগত কৰাবৰ বাবে চাটবট ব্যৱহাৰ কৰে৷ যেতিয়ালৈ চাটবটে সামাজিক মাধ্যম ব্যৱহাৰ কৰাসকলৰ সেৱাত নিয়োজিত হৈ থাকে, তেতিয়ালৈ সমস্যা উদ্ভৱ নহয়, বৰং ইয়াৰ ফলত লাভেই হয় বুলিব পাৰি৷ সমস্যা আৰম্ভ হয় যেতিয়া চাটবটে সেৱা আগবঢ়োৱাৰ সলনি ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰাসকলক নিয়ন্ত্ৰণ কৰিবলৈ আৰম্ভ কৰে৷
যিহেতু প্ৰায়ভাগ মানুহেই এতিয়া ছ’চিয়েল মিডিয়াৰ সদস্য, গতিকে চাটবটে সকলোকে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে, বহু সময়ত সফলো হৈছে৷ এতিয়া চাটবটবোৰ কেৱল গ্ৰাহকৰ সেৱাত নিযুক্ত, নিৰ্দিষ্ট আৰু সীমিত কিছুমান সমস্যা সমাধান কৰিব পৰা সঁজুলি হৈ থকা নাই৷ এতিয়াৰ কৃত্ৰিম বুদ্ধিমত্তাৰে পৰিচালিত চাটবটে মানুহৰ আৱেগ-অনুভূতি অনুকৰণ কৰিব পাৰে, কথাত ভাগ ল’ব পাৰে, আনকি আদৰ্শগত স্থিতিও গ্ৰহণ কৰিব পাৰে৷ মানৱীয় আচৰণৰ অতি সূক্ষ্ম উপাদানসমূহো এতিয়া চাটবটে আয়ত্ত কৰি লৈছে৷ ফলত চাটবট আৰু প্ৰকৃত মানুহৰ মাজত পাৰ্থক্য বিচাৰ কৰা অসম্ভৱ হৈ পৰিছে৷ চাটবটে বিতৰ্কত অংশ গ্ৰহণ কৰিব পাৰে, একোটা নেৰেটিভক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিব পাৰে আৰু পোষ্ট বা পাছত উদ্দেশ্যপ্ৰণোদিত মন্তব্যৰে একোটা বিশেষ মত প্ৰতিষ্ঠাৰ প্ৰয়াস কৰিব পাৰে৷
ইয়াৰ ফলত কোনখিনি সঁচা মানুহৰ মাজৰ বিতৰ্কৰ মাজেৰে প্ৰতিষ্ঠা লাভ কৰা মতামত আৰু কোনখিনি চাটবটে প্ৰতিষ্ঠা কৰা মতামত, তাক নিৰ্ণয় কৰা অসম্ভৱ হৈ পৰে৷ দুয়োটাৰে মাজৰ পাৰ্থক্য নোহোৱা হৈ পৰে৷ গণতন্ত্ৰ আৰু ৰাজহুৱা বিতৰ্কৰ ওপৰত ইয়াৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী৷ ছ’চিয়েল মিডিয়াৰ এলগৰিডমে অধিক দৃশ্যমান হোৱা, অধিক সময় নিয়োজিত হোৱা আৰু অধিক উৎসাহী হোৱাসকলক উৎসাহিত কৰে আৰু তেওঁলোকক অধিক দৃশ্যমান কৰি তোলে৷ চাটবটে এইবোৰ মানুহতকৈ সহজে আৰু অধিক পাৰদৰ্শিতাৰে কৰিব পাৰে৷ সেয়েহে স্বয়ংক্ৰিয় চাটবট একাউণ্টৰ এটা সু-পৰিচালিত নেটৱৰ্কে এটা অশুদ্ধ-অপ্ৰয়োজনীয় বিষয়কো গুৰুত্বপূৰ্ণ মুখ্য বিতৰ্কৰ বিষয়ত পৰিণত কৰিব পাৰে৷ খং-বিদ্বেষ-ভয় আদিক অধিক প্ৰকট কৰি তুলিব পাৰে আৰু প্ৰকৃত যুক্তিসংগত বিৰোধিতাক বা বিৰুদ্ধমতক অলেখ পোষ্ট আৰু কমেণ্টৰ মাজত নোহোৱা কৰি পেলাব পাৰে৷
চাটবটে কেৱল ৰাজনৈতিক কাৰচাজি নকৰে, লগতে অৰ্থনৈতিক আৰু সাংস্কৃতিক পৰিৱেশকো ই বিকৃত কৰিব পাৰে৷ ইনফ্লুৱেঞ্চাৰসকলে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ চাটবট সমৰ্থক কিনিব পাৰে৷ প্ৰতিষ্ঠিত ব্ৰেণ্ডবোৰে তেওঁলোকৰ ব্ৰেণ্ডক পছন্দ কৰা লোকৰ সংখ্যা লক্ষ্য কৰি থাকে– চাটবটে এনে পছন্দ কৰা লোকৰ সংখ্যা বঢ়াই দিয়ে৷ শিল্পী, সাংবাদিক আৰু আন সৃষ্টিশীল লোকে চাটবটে সৃষ্টি কৰা হুলস্থূলৰ মাজত তেওঁলোকৰ কষ্টসাধ্য সৃষ্টি ঢাক খাই পৰা দেখা পায়৷
মূল প্ৰশ্নটো হ’ল– চাটবটৰ মত প্ৰকাশৰ অধিকাৰ থাকিব লাগেনে? মত প্ৰকাশৰ অধিকাৰ এক মৌলিক মানৱ অধিকাৰ আৰু মানৱ অধিকাৰ মানুহৰহে থাকে৷ চাটবটবোৰ মানুহ নহয়, যন্ত্ৰ৷ যন্ত্ৰৰ মানৱ অধিকাৰ থাকিব নোৱাৰে আৰু সেয়েহে মত প্ৰকাশৰ অধিকাৰো থাকিব নোৱাৰে৷ চাটবটৰ বহু উপযোগিতা আছে, কিন্তু চাটবটে মানুহৰ বেশ ধৰি সঁচা মানুহৰ দৰে মত প্ৰকাশ কৰি মানুহক ঠগাৰ অধিকাৰ নাই৷ কিন্তু ছ’চিয়েল মিডিয়া প্লেটফৰ্মবোৰৰ মালিক বিগ ডেটা কৰ্পৰেটবোৰৰ অধিক মানুহক আকৰ্ষণ কৰি অধিক টকা ঘটাৰ উদ্দেশ্যটোত চাটবটবোৰে প্ৰচুৰ অৰিহণা যোগাই আছে৷ এই কৰ্পৰেটসমূহ এতিয়া প্ৰায় সাৰ্বভৌম ক্ষমতাৰ অধিকাৰী–চৰকাৰবোৰ এই কৰ্পৰেটবোৰৰ অসীম ক্ষমতা আৰু শক্তিৰ আগত অসহায়৷ চাটবটক নিয়ন্ত্ৰণ কৰা এতিয়া আৰু সহজ নহয়৷ আপোনাক দিনটো ব্যস্ত-ব্যতিব্যস্ত কৰি ৰখা ছ’চিয়েল মিডিয়াৰ কোনবোৰ প’ষ্ট বা কমেণ্ট চাটবটৰ আপুনি জানেনে? কোনে কি উদ্দেশ্য সিদ্ধিৰ বাবে এই ৰবটবোৰ ব্যৱহাৰ কৰি আছে তাক জনাৰ কিবা উপায় আপোনাৰ আছেনে?






