Logo
image

চৰকাৰলৈ আহিলেই এটা এটাকৈ খেদা হ’ব বাংলাদেশী

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু ডিব্ৰুগড়ৰ প্ৰতিবেদক, ৩০ জানুৱাৰীঃ  ‘হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত তৃতীয়বাৰলৈ বিজেপি চৰকাৰ বনাই দিয়ক৷ এজন এজনকৈ অবৈধ বিদেশীক বিচাৰি উলিয়াই বহিষ্কাৰ কৰিম৷’ –এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ৷ আজি ডিব্ৰুগড়  খনিকৰ খেলপথাৰত অনুষ্ঠিত হোৱা এক বিশাল জনসভাত এনেদৰে অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে গৰজি উঠিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ গৃহমন্ত্ৰী অমিত শ্বাহে নিজৰ ভাষণত কয় যে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত তৃতীয়বাৰলৈ বিজেপি চৰকাৰ বনাওক৷ এজন এজনকৈ অবৈধ বিদেশী অসমৰ পৰা বহিষ্কাৰ কৰা হ’ব৷ অনুপ্ৰৱেশকাৰীয়ে অসমৰ জনবিন্যাস সলনি কৰি পেলাইছে৷ অনুপ্ৰৱেশকাৰীয়ে মহাপুৰুষ শংকৰদেৱৰ জন্মস্থানকো নেৰিলে৷ কাজিৰঙাতো বেদখল কৰি ভাবুকিৰ সৃষ্টি কৰিছিল৷ যিসকল বিদেশী, তেওঁলোকক বহিষ্কাৰ কৰিবই লাগিব৷ কেৱল বিজেপিয়েহে সেই কাম কৰিব পাৰিব৷ অসমৰ উন্নয়ন আৰু জাতিৰ সুৰক্ষাৰ বাবে তৃতীয়বাৰলৈ বিজেপিক শাসনলৈ আনিব লাগিব৷ আনহাতে বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে অসমৰ দৰিদ্ৰ জনতাৰ অধিকাৰ কাঢ়ি লোৱা বুলি উল্লেখ কৰি জনগাঁথনিৰ পৰিৱৰ্তনেৰে অনুপ্ৰৱেশকাৰীয়ে দেশৰ সুৰক্ষালৈ ভাবুকি আনিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে শ্বাহে৷ ইফালে দশক দশক ধৰি অসমে ভোগ কৰি অহা অনুপ্ৰৱেশৰ সমস্যাৰ বাবে কংগ্ৰেছকে জগৰীয়া কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে৷ কংগ্ৰেছে ভোট বেংকৰ ৰাজনীতিৰ বাবে অনুপ্ৰৱেশক হাথিয়াৰ বনাইছিল বুলি কটাক্ষ কৰি শ্বাহে কয় যে বৰ্তমান অসমৰ জনবিন্যাস সলনি কৰাৰ চক্ৰান্ত বন্ধ কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছো৷ অসমবাসীক সাৱধানবাণী দি গৃহমন্ত্ৰী অমিত শ্বাহে কয়, চৰকাৰৰ সমান্তৰালকৈ যদি অসমবাসীয়ে অনুপ্ৰৱেশকাৰীৰ এনে পৰিকল্পিত জনবিন্যাসৰ পৰিৱৰ্তন ৰোধ নকৰে ভৱিষ্যতে ভয়ংকৰ বিপদত পৰিব অসম৷ আনহাতে কংগ্ৰেছৰ দিনত বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বাবে অসমৰ সীমা খোলা আছিল বুলি সমালোচনা কৰি অমিত শ্বাহে লগতে কয়, কেন্দ্ৰত নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পাছত তথা অসমত প্ৰথমে সৰ্বানন্দ সোণোৱাল আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাত বন্ধ হ’ল অসমলৈ অনুপ্ৰৱেশ৷ অসম-বাংলাদেশ সীমান্ত ছীল হোৱাৰ বাবে এতিয়া অসমলৈ বাংলাদেশীৰ অনুপ্ৰৱেশ নহয়৷ কেৱল অনুপ্ৰৱেশ বন্ধ কৰাৰ দাবীয়েই নহয় ’চ্ছত পুনৰ অসমবাসীক বিজেপি চৰকাৰক শাসনলৈ অনাৰ আহ৩ান জনাই গৃহমন্ত্ৰী শ্বাহৰ দাবী কৰে যে পূৰ্বে যিসকল বাংলাদেশী অসমলৈ আহিলে তেওঁলোকো সাৰি নাযায়৷ বাচি বাচি প্ৰতিটো বাংলাদেশীকে খেদিব বিজেপি চৰকাৰে৷ সেইবাবেই অসমৰ ভৱিষ্যৎ সুৰক্ষাৰ স্বাৰ্থত পুনৰ বিজেপি চৰকাৰক শাসনলৈ অনাৰ আহ৩ান জনালে গৃহমন্ত্ৰী শ্বাহে৷ কংগ্ৰেছক পুনৰ সমালোচনা কৰি শ্বাহে কয়, কংগ্ৰেছৰ দিনত বহুত ঘোষণা ঘোষণা হৈয়ে থাকি গৈছিল৷


স্বাধীনতাৰ পিছৰে পৰা অধিক সময় শাসনত থাকি কংগ্ৰেছে বছৰ বছৰ অসমৰ বিকাশৰ বাবে একো নকৰিলে, কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৃদয়ত অসম আছে বাবেই এতিয়াহে অসমৰ উন্নয়ন হৈছে৷ আজি সকলো উন্নয়নমূলক কামতে কেন্দ্ৰীয় চৰকাৰৰ প্ৰথম প্ৰাধান্য পায় অসমে৷ দেশৰ কেৱল ৩খন ৰাজ্যত ছেমিকণ্ডাক্টৰ প্ৰকল্প স্থাপনৰ কথা আহিলেও এতিয়া ২৭ হাজাৰ কোটিৰ বৃহৎ বিনিয়োগ অসমেই পায়৷ এয়া সম্ভৱ হৈছে বিজেপি চৰকাৰৰ সদিচ্ছাৰ বাবে৷ ইফালে কংগ্ৰেছক কটাক্ষ কৰি ৰাহুল গান্ধীলৈ প্ৰশ্ন অমিত শ্বাহৰ, ইমান দিনে কি দিলে অসমক? গুলী, বোমা বিস্ফোৰণ, সাম্প্ৰদায়িক সংঘৰ্ষ আৰু অসমৰ তেজাল যুৱকক হত্যাহে কৰিছিল কংগ্ৰেছে৷ এসময়ত কাৰ্ফিউ, বোমা বিস্ফোৰণ, গুলীৰ শব্দৰে ৰজনজনাইছিল এইখন অসম৷ কিন্তু আজি ভূপেন দাৰ সংগীত ইয়াৰ পৰা বিশ্বলৈ বিয়পিছে৷ সমান্তৰালকৈ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ লগতে কংগ্ৰেছৰে নেতা লোকপ্ৰিয় গোপীনাথ বৰদলৈকো বিজেপিয়ে ভাৰতৰত্ন দিবলগীয়া হ’ল৷ দেশৰ ৰাষ্ট্ৰপতিয়ে গণৰাজ্য দিৱসৰ উপলক্ষে আয়োজন কৰা বিশেষ অনুষ্ঠানত ৰাহুল গান্ধীয়ে উত্তৰ-পূবৰ গামোচাক অপমান কৰা বুলি অভিযোগ আনি শ্বাহে কয় যে, চ্ছ জানুৱাৰীত এটা কাৰ্যসূচীত ৰাষ্ট্ৰপতিয়ে সকলোকে উত্তৰ-পূবৰ গলবস্ত্ৰ পিন্ধালে৷ বিশেষ অনুষ্ঠানটোত উপস্থিত থকা ইউৰোপীয়ান ইউনিয়নৰ অধ্যক্ষৰ পৰা সকলোৱে পিন্ধিলে উত্তৰ-পূবৰ সংস্কৃতিৰে সমৃদ্ধ গলবস্ত্ৰ৷ তাত উপস্থিত এজনেই নিপিন্ধিলে, তেওঁ হ’ল ৰাহুল গান্ধী৷ উত্তৰ-পূবৰ গামোচা যে নিপিন্ধিলে অসম তথা উত্তৰ-পূবৰ সৈতে কি শত্ৰুতা আছে? কিয় ইমান অন্যায় কৰে ৰাহুল গান্ধীয়ে৷ ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰি অসমৰ জনতাক অমিত শ্বাহৰ অভয়বাণী, বিজেপি শাসনত থকালৈকে উত্তৰ-পূবৰ সংস্কৃতি সুৰক্ষিত হৈ থাকিব৷ আনহাতে গামোচাই সংস্কৃতিৰ সন্মানৰ প্ৰতীক হিচাপে প্ৰতিষ্ঠা কৰিলে বুলি উল্লেখ কৰি গৃহমন্ত্ৰী শ্বাহে লগতে কয়, প্ৰধানমন্ত্ৰীয়ে দেশ-বিদেশলৈ গ’লে কান্ধত লৈ যায় অসমৰ গামোচা৷ বিদেশত শংকৰদেৱ, মাধৱদেৱৰ পৰিচয় বলিষ্ঠভাৱে দাঙি ধৰে মোদীয়ে৷ অসমত অনুপ্ৰৱেশ ঘটাই ভোট বেংকৰ ৰাজনীতি কৰিছিল কংগ্ৰেছে৷ অমিত শ্বাহে পুনৰ কংগ্ৰেছক সমালোচনা কৰি কয়, কংগ্ৰেছে অসমৰ চাহক বদনাম কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে৷ ইমানদিনে অসমৰ চাহ শ্ৰমিকৰ কোনো ঠিকনা নাছিল৷ বিজেপি চৰকাৰে চাহ শ্ৰমিকক মাটিৰ পট্টা প্ৰদানৰ পদক্ষেপ ল’লে৷ চাহ শ্ৰমিকক মাটিৰ মালিক বনালে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে৷ উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  ২০১৬ চনতে অসমত নিৰ্বাচন প্ৰচাৰ চলাবলৈ আহি ১৬ মে’ৰ পিছতে বাংলাদেশীয়ে টালি-টোপোলা বান্ধিব লাগিব বুলি মন্তব্য কৰিছিল৷ পুনৰ জ্ঝ বছৰৰ  পিছত অমিত শ্বাহে আজি যেন মোদীৰ সেই বাণীকে আওৰালে৷