‘হিতাধিকাৰীক বিজেপিৰ ভোটাৰলৈ ৰূপান্তৰ কৰক’
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩১ জানুৱাৰীঃ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ আঁচনিৰ সুবিধা লাভ কৰা ৰাজ্যৰ প্ৰতিজন হিতাধিকাৰীৰ ভোট যাতে বিজেপিৰ ভোটলৈ ৰূপান্তৰিত হয়, ইয়াকও নিশ্চিত কৰিবলৈ বিজেপি দল-চৰকাৰক মন্ত্ৰণা দিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ উল্লেখ্য, কালি সন্ধিয়া প্ৰদেশ বিজেপিৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত অমিত শ্বাহে ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ সৈতে প্ৰায় আঢ়ৈ ঘণ্টাজোৰা এক বিশেষ বৈঠকত মিলিত হয়৷ এই বৈঠকত প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ লগতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, প্ৰদেশ বিজেপিৰ প্ৰভাৱী বৈজয়ন্ত জয় পাণ্ডা, হৰিশ দ্বিৱেদী, নিৰ্বাচন প্ৰৱন্ধন সমিতিৰ অধ্যক্ষ তথা সাংসদ প্ৰদান বৰুৱা, দলৰ জ্যেষ্ঠ নেতা বিশ্বৰূপ ভট্টাচাৰ্য, গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি, মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী, যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতিকে ধৰি বিজেপিৰ বচা বচা ২৫ গৰাকী বিশেষ নেতা উপস্থিত আছিল৷ কালিৰ এই বৈঠকৰ পাছতে অমিত শ্বাহে এদিনীয়া অসম ভ্ৰমণৰ কাৰ্যসূচী সমাপ্ত কৰি পশ্চিমবংগ অভিমুখে উৰা মাৰে৷ কালি অমিত শ্বাহৰে অনুষ্ঠিত বৈঠকৰ সন্দৰ্ভত আজি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এনেদৰে কয়– ‘যোৱা কালি দুঘণ্টা সময় খুব ভাল আলোচনা গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অনুষ্ঠিত হয়৷
দুঘণ্টা সময় আমাৰ প্ৰস্তুতিৰ কথাই পাতিছো৷ নিৰ্বাচনৰ আগলৈকে কি কি কৰিব লাগিব, কেনেকৈ আগুৱাই যাব লাগিব –ইয়াৰ বাবে অমিত শ্বাহ ডাঙৰীয়াই আমাক মাৰ্গদৰ্শন দিয়ে৷ মিত্ৰতাৰ বিষয়টো আলোচনা হৈছে, কিন্তু মিত্ৰতা লাহে ধীৰে হ’ব৷ চব ঠিকেই আছে, ইমান একো অসুবিধা নাই৷’ ইফালে প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কালি বৈঠকৰ সন্দৰ্ভত কয় যে কিদৰে ৰাইজৰ আৰ্শীবাদ লৈ সংগঠন আৰু চৰকাৰে কামকাজৰ মাজেৰে অসমত পুনৰ বিজেপি চৰকাৰ গঠন কৰিব পাৰিব৷– ইয়াৰ বিভিন্ন কৌশল অমিত শ্বাহে দিয়ে৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন জনকল্যাণকামী আঁচনিবোৰক আধাৰ কৰি ভোট সংগ্ৰহৰ বাবেও তেওঁ পৰামৰ্শ দিয়ে৷ আগন্তুক বিধানসভাৰ নিৰ্বাচনত বিজেপিয়ে যে এনডিএ হিচাপেই নিৰ্বাচন খেলিব এই কথাও অমিত শ্বাহ ডাঙৰীয়াই নিশ্চিত কৰে৷ আমাৰ লক্ষ্য হ’ল– অধিক ভোট লাভেৰে এইবাৰ অধিক আসনত জয়যুক্ত হোৱা৷ শইকীয়াই লগতে কয় যে এনডিএৰ অংশীদাৰ দলসমূহৰ সৈতে বিজেপিৰ বুজাপৰা পূৰ্বৰ পৰাই আছে, আগন্তুক নিৰ্বাচনৰ বাবে মিত্ৰতাৰ প্ৰয়োজনীয় ৰাজনৈতিক সিদ্ধান্ত খুব কম দিনৰ ভিতৰতে গ্ৰহণ কৰা হ’ব৷






