অসমীয়া ভাষা দুৰ্বল নহয়
‘আমাৰ অসম’ৰ নিতাইপানীদিহিঙৰ প্ৰতিবেদক, ১ ফেব্ৰুৱাৰীঃ ‘ল’ৰা-ছোৱালীক ঘৰতে অসমীয়া ভাষা শিকাব লাগিব৷ ঘৰখনৰপৰাই বাতৰিকাকত-আলোচনী পঢ়াৰ পৰিৱেশ গঢ়ি তুলিব লাগিব৷ ঘৰখনৰপৰাই বাতৰিকাকত-আলোচনী পঢ়াৰ পৰিৱেশ গঢ়ি তুলিব লাগিব৷ পৃথিৱীৰ সকলো মনীষীয়ে মাতৃভাষাত চৰ্চা কৰি বিখ্যাত হৈছে৷ টলষ্টয়, আইনষ্টাইন, মেক্সিম গৰ্কীকে ধৰি সকলো মনীষীয়ে মাতৃভাষাত অধ্যয়ন কৰিছিল৷’ –জনপ্ৰিয় অসমীয়া মাহেকীয়া সাহিত্য আলোচনী ‘স্বদেশ পটভূমি’ৰ উদ্যোগত আৰু এজান্তি, ককিলামাৰী, ধাইবাৰী, ধাইবাৰী মিচিং গাঁও, দলপা আৰু বালিকুৰ গাঁৱৰ আতিথ্যত তথা নিতাইপানীদিহিংবাসী ৰাইজৰ সহযোগত শিৱসাগৰ জিলাৰ পানীদিহিং মৌজাৰ ককিলামাৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰত আজি আয়োজিত দ্বাদশ মেজমেলৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি এই মন্তব্য কৰে বিশিষ্ট গল্পকাৰ, ‘আমাৰ অসম’ কাকতৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীয়ে৷ প্ৰসিদ্ধ সাহিত্যিক-সাংবাদিকজনে লগতে কয় যে বিশ্বত ইতিমধ্যে ৩৫০০ কাকত-আলোচনীৰ মৃত্যু হৈছে৷ বৰ্তমান ডিজিটেল যুগত অধিকাংশ লোক ম’বাইল ফোন, ইণ্টাৰনেটত ব্যস্ত থাকে৷ কম সময়তে সকলো বস্তু পাব বিচাৰে৷ যাৰবাবে বাতৰি কাকত-কিতাপৰ প্ৰচলন কমি আহিছে৷ তদুপৰি কিতাপ-বাতৰি কাকতৰ খৰচ বাঢ়ি গৈছে৷ যাৰ বাবে সংবাদ গোষ্ঠীয়ে চৰকাৰী বিজ্ঞাপন পাবৰ বাবে আশা কৰি থাকিব লগা হৈছে৷ তদুপৰি কেতিয়াবা চৰকাৰী বিজ্ঞাপনৰ বাবে তোষামোদ কৰিবলগীয়া হৈছে৷ এসময়ত বহল প্ৰচলিত বিস্ময়, প্ৰান্তিক আদি আলোচনীৰ প্ৰচলন কমি আহিল৷ অসমীয়া কাকত-আলোচনী পঢ়িবলৈ কিয় অনীহা বুলি তেওঁ প্ৰশ্ন কৰে৷ বৰ্তমান অসমত তিনি কোটি মানুহৰ বিপৰীতে অসমীয়া কাকত-আলোচনীৰ পাঠকৰ সংখ্যা দুই লাখৰ বেছি নহয়৷ অসমীয়া মানুহৰ অনীহাৰ বাবে এদিন আলোচনী বন্ধ হৈ যাব বুলিও তেওঁ শংকা প্ৰকাশ কৰে৷ অসমীয়া মানুহে ৰীল্ছ বনাইছে৷ সেয়া ভাল খবৰ৷ কিন্তু ৰীল্ছ বনাবলৈ গৈ পানীত নপৰিব৷ ৰীল্ছ বনাবলৈ গৈ ৰে’লৰ আগত নপৰিব৷ আজি অসমীয়া বোৱাৰী ৰীল্ছ বনোৱাত ব্যস্ত৷ তেওঁ লগতে কয় যে ভাৰতীয়ই এশবছৰ ধৰি পদাৰ্থ বিজ্ঞানত নবেল বঁটা পোৱা নাই৷ যিটো অতি দুৰ্ভাগ্যজনক৷ এআই-ৰ জৰিয়তে ভাল লেখা আহিব পাৰে৷ ইতিমধ্যে কবিতা লিখা আৰম্ভ হৈছে৷ কৃত্ৰিম বুদ্ধিমত্তাৰ ওচৰত মানুহ হাৰি যাব বুলিও তেওঁ কয়৷ ভাষণ প্ৰসংগত তেওঁ কয় যে ১৮৪৬ চনত নাথান ব্ৰাউনে অৰুণোদয় প্ৰকাশ কৰি উলিয়াইছিল৷ তেওঁলোকে অসমীয়া জাতিটোক দাবী ধমকিৰে কিবা কৰিব পাৰিব বুলি ভবা নাছিল৷ সেয়ে তেওঁলোকে কাকত-আলোচনী উলিয়াই ধৰ্মীয় দিশত নিয়ন্ত্ৰণ কৰিব বিচাৰিছিল৷ বৰ্তমান সময়ত ঘৰলৈ অতিথি আহিলে সন্তানে আলহীৰ লগত কথা পাতিব নিবিচাৰে৷ আনকি ঘৰতে নিজৰ পৰিয়ালৰ মানুহৰ মাজত কথা নকয়৷ ফলত ভাষাটোৰ প্ৰতি সংকট নামি আহে৷ তেওঁ কয় যে ইউনেস্ক’ৰ মতে প্ৰতি ১৪ দিনত একোটাকৈ ভাষাৰ মৃত্যু হয়৷ কিন্তু অসমীয়া এটা দুৰ্বল ভাষা নহয়৷ ৩ কোটি অসমীয়াই ইয়াৰ চৰ্চা কৰিব লাগিব৷ অৱশ্যে অসমীয়া মানুহে ইমান দুখ কৰিবলগীয়া বিষয় নহয় যে অসমীয়া ভাষাৰ মৃত্যু হ’ব৷
অসমীয়া ভাষা জীয়াই ৰাখিবলৈ হ’লে প্ৰতিজন অসমীয়াই ইয়াৰ সংকল্প ল’ব লাগিব৷ ‘স্বদেশ পটভূমি’ৰ মুখ্য সম্পাদক ৰবীন ভূঞাই সঞ্চালনা কৰা মুকলি সভাত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক ড॰ গিৰিন ফুকনে কয় যে বাতৰি কাকত-আলোচনী-কিতাপ আদি বাণিজ্যকৰণ হৈছে৷ এখন বঁটাপ্ৰাপক কিতাপ ভাল ন’হবও পাৰে৷ ইয়াৰ ভিতৰত সোমাই থকা চিন্তাশীল বক্তব্য, ৰুচিশীল লেখাৰ ওপৰতহে নিৰ্ভৰ কৰে গ্ৰন্থখনৰ মানদণ্ড৷ মুকলি সভাত নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক ড॰ গোপাল চন্দ্ৰ হাজৰিকাই অসমীয়া কিতাপ-আলোচনী-বাতৰি কাকতৰ ওপৰত ৰসাল বক্তব্য দাঙে৷ স্বদেশ পটভূমিৰ মুখ্য আহ৩ায়ক দীপক বড়াই আদৰণী ভাষণ প্ৰদানৰ পাছতে “ অসমীয়া কাকত - আলোচনী-কিতাপৰ ভৱিষ্যত” শীৰ্ষক বিষয়ৰ মুকলি সভা উদ্বোধন কৰি বিশিষ্ট সমাজকৰ্মী অজয় কুমাৰ গগৈয়ে কয় যে বৰ্তমান বাতৰি কাকতৰ পূৰ্বৰ সোণালী দিন নাই৷ বাতৰি কাকত আজি পুঁজিপতিৰ হাতৰ মুঠিলৈ গুচি গৈছে৷ স্বদেশ পটভূমি আলোচনীয়ে গাঁৱে-ভূঞে এইদৰে মেজমেল পাতি অসমীয়া ভাষাৰ উন্নতিৰ হকে যি কাম কৰিছে সেয়া প্ৰশংসনীয়৷ ইফালে ৰাজেন গোহাঁইয়ে কণ্ঠ দিয়া ‘লহিয়াই বেলি’ গীতৰ দৃশ্য-শ্ৰব্য সঁফুৰা মুকলি সভাতে উন্মোচন কৰা হয়৷ আনহাতে মেজমেল উপলক্ষে প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ “বৰনৈ” মুকলি সভাতে উন্মোচন কৰা হয়৷ মুকলি সভাত বিশিষ্ট অতিথিৰূপে বিশিষ্ট শিল্পী ৰাজেন গোহাঁই, দেউৰী স্বায়ত্ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য হিৰণজৎ বীৰেশ্বৰ দেউৰী, সাধাৰণ সদস্য সোণেশ্বৰ দেউৰী উপস্থিত থাকে৷ অনুষ্ঠানত সমবেদ সংগীতকে ধৰি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীও পৰিৱেশন কৰা হয়৷ মুকলি সভাৰ পূৰ্বে জুবিন গাৰ্গ, সমৰ হাজৰিকা আৰু প্ৰদীপ বৰুৱাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলী জনোৱা হয়৷ মুকলি সভাৰ পাছতে ৰবীন ভূঞাৰ সঞ্চালনাত অনুষ্ঠিত কবি সন্মিলন উদ্বোধন কৰে বিশিষ্ট কবি তপন বৰুৱাই৷ সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰে কবি, লেখক ৰুদ্ৰ গগৈয়ে৷ বিশিষ্ট অতিথিৰূপে মৰাণ মহিলা মহাবিদ্যালয়ৰ অধ্যাপক তথা কবি ড॰ নিৰোদ গোহাঁই, বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ অধ্যাপক তথা লেখক ড॰ সীমান্ত বৰুৱা উপস্থিত থাকে৷ অনুষ্ঠানত লোকেশ্বৰ পাংগিং, মীৰা দত্ত, টংকেশ্বৰ বুঢ়াগোহাঁই, মাইনা ফুকন, মীনাক্ষী ফুকন, নৱনীতা শ্যাম উৰঙীয়া, লখিমী চুতীয়া গগৈ, শান্তি গৌতম, নিৰোজ কুমাৰ ৰাজমেধি, অৰূপ সোণোৱাল, সংগীতা বৰদলৈ, ভদ্ৰেশ্বৰ গগৈ, বৰিস্মিতা ফুকন, পৰি গগৈ, প্ৰদীপ কুমাৰ শৰ্মাকে ধৰি কুৰিৰো অধিক কবিয়ে কবিতা পাঠ কৰি ব্ৰহ্মপুত্ৰৰ পাৰ জীপাল কৰি তোলে৷






