Logo
image

বিষাক্ত গেছেই ৪ যুৱকৰ ঘাতক! লখিমপুৰত শেষকৃত্য

‘আমাৰ অসম’ৰ ঢকুৱাখনাৰ বিশেষ প্ৰতিবেদক, ১ফেব্ৰুৱাৰীঃ ৩০ জানুৱাৰীৰ নিশা কৰ্ণাটকৰ ৰাজধানী বেংগালুৰু গ্ৰাম্য জিলাৰ চুলিবেলে আৰক্ষী থানাৰ অন্তৰ্গত মুটছান্দ্ৰা গাঁৱৰ এটা ভাৰাঘৰৰ একেটা কোঠাতে শুই থকা অৱস্থাত মৃত্যুক আঁকোৱালি লোৱা ৪জন যুৱকৰ ভিতৰৰ ঢকুৱাখনাৰ তিনিওজন যুৱকৰ নশ্বৰদেহ আজি নামনি বৰ্ষামুখ গাঁৱৰ স্বগৃহলৈ অনা হয়৷  মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত শ্ৰদ্ধাঞ্জলি আঁচনিৰ অধীনত বেংগালুৰুৰ পৰা ডিব্ৰুগড় বিমান বন্দৰত প্ৰথমে ধনঞ্জয় টাইডৰ মৃতদেহটো নমোৱাৰ পিছত আজি বিয়লি প্ৰায় ৩-৩০ বজাত নামনি বৰ্ষামুখত পৰিয়ালক চমজাই দিয়া হয়৷ পিছত এক শোকাকুল পৰিৱেশত মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত নিয়মেৰে শেষকৃত্য সম্পন্ন কৰা হয়৷ একেদৰে সন্ধিয়া ৬-৪৫মান বজাত দুৰ্ভগীয়া নৰেন্দ্ৰ নাথ টাইড আৰু  ডক্টৰ টাইডৰ মৃতদেহো ডিব্ৰুগড় বিমান বন্দৰৰ পৰা পোনে পোনে স্বগৃহলৈ অনা হয় আৰু পৰম্পৰাগত নিয়মেৰে শেষকৃত্য সম্পন্ন কৰা হয়৷ একেটা কোঠাতে একে সময়তে ৪ জনকৈ যুৱকৰ অতি কৰুণভাৱে মৃত্যু ঘটাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই৷ এই সন্দৰ্ভত আৰক্ষীয়ে আনুষ্ঠানিকভাৱে একো তথ্য প্ৰকাশ কৰা নাই৷


লখিমপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক গুণেন্দ্ৰ ডেকাই জনোৱা মতে মৃত ৪ যুৱকৰ ৩১ জানুৱাৰীত মৰণোত্তৰ পৰীক্ষা সম্পন্ন হয় আৰু মৃত্যুৰ ঘটনাৰ তদন্ত বেংগালুৰু আৰক্ষীয়ে অব্যাহত ৰাখিছে৷ এই বিষয়ত অসম আৰক্ষী বেংগালুৰু আৰক্ষীৰে যোগাযোগত আছে৷ আনহাতে এক অসমৰ্থিত সূত্ৰৰ পৰা জানিব পৰা মতে তেওঁলোকে শোৱা কোঠাটোতেই ৰন্ধন কাৰ্ত সম্পন্ন কৰিছিল৷ বন্ধ কোঠাটোত এল পি জি চিলিণ্ডাৰৰ লিকেজৰ ফলত অক্সিজেনৰ অভাৱত চাৰিওজন যুৱকৰ মৃত্যু ঘটা বুলি অনুমান কৰা হৈছে৷ কিন্তু যুৱকসকলৰ পৰিয়ালে চিলিণ্ডাৰৰ লিকেজৰ পৰিপ্ৰেক্ষিতত  ৪জন যুৱকৰ মৃত্যু ঘটিব নোৱাৰে বুলি মন্তব্য কৰিছে৷ তেওঁলোকে এই ক্ষেত্ৰত অসম চৰকাৰৰ দ্বাৰা এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে৷ উল্লেখ্য যে বেংগালুৰু শীতল পানীয় উৎপাদনকাৰী কোম্পানী ক’কাকোলাৰ ৱেৰহাউচত শ্ৰমিক হিচাপে কৰ্মৰত ঢকুৱাখনাৰ ৩ গৰাকী আৰু নাওবৈচাৰ শালমৰাৰ এজনসহ মুঠ ৪জন যুৱকৰ ৩০ জানুৱাৰীত তেওঁলোক থকা কোঠাটোৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল৷ ইফালে স্থানীয় বিধায়ক নৱ কুমাৰ দলেই ৩১জানুৱাৰীৰ সন্ধিয়া আৰু আজি পুৱা ঢকুৱাখনা সম-জিলাৰ সম-আয়ুক্ত অপূৰ্ব কুমাৰ নাথ নামনি বৰ্ষামুখ গাঁৱৰ তিনিও গৰাকী ভুক্তভোগীৰ ঘৰত উপস্থিত হৈ তেওঁলোকৰ মানসিক অৱস্থাৰ বুজ লোৱাৰ লগতে  চৰকাৰৰ তৰফৰ পৰা কৰণীয় সম্পৰ্কে অৱগত কৰে৷