‘ছাৰ’ক লৈ মমতা বেনাৰ্জীক সকাহ দিলে উচ্চতম ন্যায়ালয়ে
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৯ ফেব্ৰুৱাৰীঃ চুবুৰীয়া পশ্চিমবংগত অব্যাহত থকা ভোটাৰ তালিকা বিশেষ নিবিড় পুনৰীক্ষণ প্ৰক্ৰিয়া চমুকৈ ‘ছাৰ’ক লৈ মমতা চৰকাৰক সকাহ দিলে সৰ্বোচ্চ ন্যায়ালয়ে৷ অহা ১৪ ফেব্ৰুৱাৰীত পশ্চিমবংগৰ ‘ছাৰ’ৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰাৰ সময়সূচী নিৰ্ধাৰণ কৰা হৈছিল যদিও ভোটাৰ তালিকা পুনৰীক্ষণ প্ৰক্ৰিয়াৰ স্ক্ৰুটিনিৰ বাবে অতিৰিক্ত ৭ দিনৰ সময়সীমা বৃদ্ধিৰ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে৷ যাৰ পৰিপ্ৰেক্ষিততে অন্তত ২১ ফেব্ৰুৱাৰী পৰ্যন্ত বংগৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ নহয় বুলিও ইংগিত দিছে নিৰ্বাচন আয়োগে৷ বংগৰ ‘ছাৰ’ক লৈ মমতা বেনাৰ্জী চৰকাৰে ৰুজু কৰা গোচৰটোৰ সোমবাৰে শুনানি গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ে৷ এই শুনানিত ন্যায়ালয়ে ভোটাৰ তালিকাৰ শুদ্ধ স্ক্ৰুটিনিৰ বাবে ইলেক্ট’ৰেল ৰেজিষ্ট্ৰেচন অফিচাৰ [ই আৰ অ’] সকলক অতিৰিক্ত এসপ্তাহ সময় দিয়াৰ নিৰ্দেশ দিয়ে৷ যাতে তেওঁলোকে নথি-পত্ৰ পৰীক্ষা-নিৰীক্ষা সম্পূৰ্ণ কৰি চূড়ান্ত সিদ্ধান্ত ল’ব পাৰে৷ অৱশ্যে, বংগৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা মতে ১৪ ফেব্ৰুৱাৰীতহে ‘ছাৰ’ৰ শুনানি প্ৰক্ৰিয়া শেষ হ’ব৷ তাৰ পৰা ৭ দিন অৰ্থাৎ ২১ ফেব্ৰুৱাৰী পৰ্যন্ত স্ক্ৰুটিনি চলিব৷ পূৰ্বে ঘোষণা কৰা অনুসৰি ১৪ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ হ’ব লাগিছিল যদিও এতিয়া সেই তাৰিখ পিছুৱাটো নিশ্চিত হৈছে৷ ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ [চিইঅ’] কাৰ্যালয়ৰ সূত্ৰই জনোৱা মতে ইআৰঅ’-সকলৰ কাম সম্পূৰ্ণ হোৱাৰ পাছত জিলা নিৰ্বাচনী অধিকাৰ [ডিইঅ’]-এ মূল্যায়ন কৰিব৷ তাৰ পাছত চিইঅ’ কাৰ্যালয়ে সমগ্ৰ প্ৰক্ৰিয়া পৰ্যালোচনা কৰি ভাৰতীয় নিৰ্বাচন আয়োগক জনাব৷ ইয়াৰ পাছতহে চূড়ান্ত তালিকা প্ৰকাশ কৰা হ’ব৷ সেয়েহে ২১ ফেব্ৰুৱাৰীৰ পাছতহে তালিকা প্ৰকাশ হোৱাৰ সম্ভাৱনা অধিক৷ উল্লেখ্য, কেইবাখনো ৰাজ্যত এছআইআৰ-ৰ এনুমাৰেচন পৰ্যায়ৰ সময়সীমা বৃদ্ধি কৰা হৈছিল যদিও পশ্চিমবংগৰ ক্ষেত্ৰত সেই সুবিধা দিয়া হোৱা নাছিল৷ সোমবাৰে প্ৰায় ডেৰ ঘণ্টা ধৰি চলা শুনানিৰ সময়ত শীৰ্ষ আদালতে সকলো ৰাজ্যক স্পষ্ট বাৰ্তা দিয়ে যে এছআইআৰ-ৰ কামত কোনো বাধা সহ্য কৰা নহ’ব৷ লগতে বাস্তৱ পৰিস্থিতিৰ সৈতে আয়োগৰ কাৰ্যপদ্ধতিৰ অমিল দেখা গৈছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে আদালতে৷ লক্ষণীয় বিষয়টো হৈছে, অসমত কাইলৈ অৰ্থাৎ মঙলবাৰে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব যদিও পশ্চিমবংগৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশৰ দিন পিছুৱাই গ’লে, অসম আৰু বংগকে ধৰি হ’বলগীয়া ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাতো পলম হোৱাৰ সম্ভাৱনাই দেখা দিছে৷
অসমত দুদিনীয়া পৰ্যালোচনা বৈঠক নিৰ্বাচন আয়োগৰ
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদকঃ আগন্তুক অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন, ২০২৬ ৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীত দেওবাৰ আৰু সোমবাৰে দুদিন ধৰি নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত বিশদ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়৷ ভাৰতৰ নিৰ্বাচন আয়োগৰ জ্যেষ্ঠ বিষয়াসকলৰ নেতৃত্বত এই বৈঠকসমূহ অনুষ্ঠিত হয়৷ ভাৰতৰ নিৰ্বাচন আয়োগৰ ভ্ৰমণকাৰী বিষয়াসকলৰ ভিতৰত আছিল জ্যেষ্ঠ উপ নিৰ্বাচন আয়ুক্ত মনীষ গাৰ্গ, জ্যেষ্ঠ উপ নিৰ্বাচন আয়ুক্ত পৱন কুমাৰ শৰ্মা, উপ নিৰ্বাচন আয়ুক্ত ভানু প্ৰকাশ যেটুৰু, উপ নিৰ্বাচন আয়ুক্ত সঞ্জয় কুমাৰ আৰু সঞ্চালক [আদৰ্শ আচৰণ বিধি] বিদ্যাৰাণী কোন্থৌজাম৷ পৰ্যালোচনা বৈঠকত ভাৰতৰ নিৰ্বাচন আয়োগৰ অন্যান্য জ্যেষ্ঠ বিষয়া উপস্থিত আছিল৷ পৰ্যালোচনা বৈঠকৰ প্ৰথম দিনটো জিলা পৰ্যায়ৰ প্ৰস্তুতিৰ মূল্যায়নৰ বাবে উৎসৰ্গিত আছিল৷ বৈঠকত অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ লগতে এছএনপিঅ’, আইজিপি/ডিআইজি, জিলা নিৰ্বাচন বিষয়া [ডিইও], জ্যেষ্ঠ আৰক্ষী অধীক্ষক [এছএছপি] সহ জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল৷ নিৰ্বাচন ব্যৱস্থাপনা, প্ৰশাসনিক সমন্বয়, দুৰ্বলতা মূল্যায়ন, আৰু নিৰাপত্তা ব্যৱস্থাৰ সৈতে সম্পৰ্কিত মূল দিশবোৰ বিশদভাৱে পৰ্যালোচনা কৰা হৈছিল৷ দ্বিতীয় দিনা বলবৎকাৰী সংস্থাসমূহৰ সৈতে সমন্বয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল৷ এই বৈঠকত বলবৎকাৰী সংস্থাসমূহৰ প্ৰতিনিধিসকলৰ লগতে অসমৰ মুখ্য নিৰ্বাচনী বিষয়া, ৰাজ্যিক আৰক্ষীৰ নডেল বিষয়া আৰু ৰাজ্যিক বাহিনীৰ সমন্বয়ক উপস্থিত আছিল৷ বলৱৎ কৰাৰ প্ৰস্তুতি, আন্তঃ-সংস্থাৰ সমন্বয়, আদৰ্শ আচৰণ বিধিৰ ফলপ্ৰসূ ৰূপায়ণ, আৰু নিৰ্বাচনী আইনৰ প্ৰয়োগ কঠোৰ ভাবে নিশ্চিত কৰাৰ ওপৰত আলোচনা কেন্দ্ৰীভূত আছিল৷ দুদিনীয়া পৰ্যালোচনাৰ ফলত প্ৰশাসনিক আৰু বলৱৎকৰণ দুয়োটা স্তৰতে নিৰ্বাচনৰ প্ৰস্তুতিৰ এক ব্যাপক মূল্যায়ন সম্ভৱ হৈছিল৷ সমগ্ৰ ৰাজ্যত নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাটো নিশ্চিত কৰিবলৈ অংশীদাৰসকলৰ মাজত নিৰবিচ্ছিন্ন সমন্বয়, সম্পদৰ ফলপ্ৰসূ নিয়োজন, আৰু বিধিবদ্ধ আৰু পদ্ধতিগত পৰিকাঠামো মানি চলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়৷






