ফেব্ৰুৱাৰীৰ শেষভাগত বিজেপিৰ প্ৰথম প্ৰাৰ্থী তালিকা
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ ফেব্ৰুৱাৰীঃ ’২৬ৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে সম্পূৰ্ণভাৱে সাজু হৈছে বিজেপি দল৷ মিত্ৰদল অগপৰে আসন বুজাবুজিৰ চূড়ান্ত সিদ্ধান্ত আনুষ্ঠানিকভাৱে ঘোষণা নহ’লেও ২৫ ফ্ৰেব্ৰুৱাৰীৰ পাছত বিজেপিৰ প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে৷ প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াই প্ৰকাশ কৰা মতে যিকোনো মুহূৰ্তত দলৰ প্ৰথম প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পাব পাৰে যদিও ২৫ ফেব্ৰুৱাৰীৰ পাছতহে এই তালিকা প্ৰকাশ পাব৷
উল্লেখ্য যে দলৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা কোনো ধৰণৰ ৰাজনৈতিক বাধ্যবাধকতা আৰু বিৰ্তক নথকা সমষ্টি সমূহৰ প্ৰাৰ্থীৰ নাম সন্নিবিষ্ট থাকিব৷ ইয়াৰে ভিতৰত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাকে ধৰি মন্ত্ৰীসভাৰ অধিকাংশ সদস্য আৰু একাংশ বিধায়কৰ নাম থাকিব বুলি বাজপেয়ী ভৱনৰ সূত্ৰত প্ৰকাশ৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ইতিমধ্যে নগাঁও, সৰুপথাৰ, বৰক্ষেত্ৰী, খুমটাই লখিমপুৰ, ঢকুৱাখনা আদি সমষ্টিত বৰ্তমানৰ বিধায়ক কেইজনে পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ৰাজহুৱা ঘোষণা কৰিছিল৷ প্ৰথমখন তালিকাত এইসকল বিধায়কৰ নামো অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে৷ সূত্ৰটোৰ মতে বিজেপিয়ে নিজাববীয়াকৈ যিকেইটা সমষ্টিত নিৰ্বাচন খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সমষ্টি সমূহৰ প্ৰাৰ্থীৰ তালিকা ইতিমধ্যে চূড়ান্ত হৈছে৷ বৰ্তমান কেৱল অগপক এৰি দিবলগীয়া সমষ্টি সমূহ ক্ষেত্ৰতহে চূড়ান্ত সিদ্ধান্ত হোৱা নাই৷ হয়তো বহুকেইটা সমষ্টিত বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা হ’ব পাৰে দুই মিত্ৰদলৰ মাজত৷






