বনাঞ্চল চিহ্নিত আৰু সীমা নিৰ্ধাৰণৰ পাছতহে উচ্ছেদ
‘আমাৰ অসম’ৰ নতুন দিল্লীৰ প্ৰতিনিধি, ১০ ফেব্ৰুৱাৰীঃ অসমত চলি থকা উচ্ছেদ অভিযানৰ ন্যায্যতা পৰীক্ষা কৰিবলৈ এতিয়াৰে পৰা ৰাজ্য চৰকাৰে এখন বিশেষ কমিটী গঠন কৰিব লাগিব৷ উচ্ছেদিত লোকসকলে দাখিল কৰা আবেদনৰ ৰায়দান কৰি ন্যায়াধীশ পি এছ নৰসিমহা আৰু ন্যায়াধীশ অলোক আৰাধেৰে গঠিত খণ্ড বিচাৰপীঠে আজি ৰাজ্য চৰকাৰক এই নিৰ্দেশ প্ৰদান কৰে৷ ৰাজ্যৰ বন আৰু ৰাজহ বিভাগৰ বিষয়াসকলক লৈ উক্ত কমিটী গঠন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে৷ ৰায়দানত স্পষ্ট কৰি দিয়া হৈছে যে চৰকাৰে কেৱলমাত্ৰ সংৰক্ষিত বনাঞ্চলতহে উচ্ছেদ অভিযান চলাব পাৰিব৷
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ সংশোধন কৰি উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে বনাঞ্চল চিহ্নিত কৰাৰ লগতে সীমা নিৰ্ধাৰণ কৰাৰ পাছতহে উচ্ছেদৰ কথা আহিব৷ ইয়াৰ উপৰি বন অধিকাৰ আইনৰ অধীনত বনাঞ্চলত থকা কোনো গাঁও পঞ্চায়তৰ অৱস্থান আইনী নে বেআইনী, সেই বিষয়ে উক্ত কমিটীয়ে পুংখানুপুংখভাৱে চালিজাৰি চোৱাৰ পাছতহে উচ্ছেদৰ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল’ব পৰা যাব৷ উচ্ছেদ অভিযানৰ পূৰ্বে কমিটীয়ে সংশ্লিষ্ট অঞ্চলৰ লোকসকলক জাননী প্ৰদান কৰাটো বাধ্যতামূলক কৰা হৈছে৷ এই জাননীৰ জৰিয়তে লোকসকলৰ হাতত বনভূমিত বসবাসৰ কোনো প্ৰমাণযোগ্য আইনী নথি আছে নে নাই, সেয়া নিশ্চিত কৰা হ’ব৷ যদিহে কোনো লোকে উপযুক্ত নথি প্ৰদান কৰিব নোৱাৰে, তেন্তে বন বিভাগে বিষয়টো ৰাজহ বিভাগক অৱগত কৰিব লাগিব৷ ৰাজহ বিভাগে অনুমতি প্ৰদান কৰাৰ পিছতহে উচ্ছেদৰ সিদ্ধান্ত স্থিৰ হ’ব৷ লগতে, উচ্ছেদ আৰম্ভ কৰাৰ আগতে স্থানীয় প্ৰশাসনে সংশ্লিষ্ট লোকসকলক অঞ্চলটো খালী কৰিবলৈ কমেও ১৫ দিনৰ সময় দিয়াটো বাঞ্ছনীয় বুলি ন্যায়ালয়ে স্পষ্ট কৰি দিছে৷ উল্লেখ্য যে গোলাঘাট, নগাঁও আৰু হোজাই জিলাৰ উৰিয়ামঘাট, নেঘেৰী বিল, উদমাৰী, যমুনা গাঁও, ধানচলা, ৰাঙলু বস্তি, ধনশিলা, বৰবিল আৰু গেলাজান আদি সংৰক্ষিত বনাঞ্চলত চলোৱা উচ্ছেদক লৈ যোৱা ১৬ জানুৱাৰীত চূড়ান্ত শুনানি গ্ৰহণ কৰা হৈছিল৷ যোৱা ডিচেম্বৰ মাহত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা কোনো সকাহ নোপোৱাত আবেদনকাৰীসকলে বিশেষ অনুমতি আবেদনৰ [এছ এল পি] জৰিয়তে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল৷ যদিও উচ্চতম ন্যায়ালয়ে আবেদনকাৰীসকলক কোনো তাৎক্ষণিক সকাহ প্ৰদান কৰা নাই, তথাপিও আজিৰ এই নিৰ্দেশনাৱলীৰ ভিত্তিত তেওঁলোকক পৰৱৰ্তী আইনী পদক্ষেপ গ্ৰহণ কৰাৰ সুযোগ দি আবেদনখন নিষ্পত্তি কৰি দিয়া হয়৷






