বুধবাৰে আহিব প্ৰিয়ংকা, ৬২টা সমষ্টিৰ প্ৰাৰ্থীৰ পেনেল সাজু কৰিলে কংগ্ৰেছে
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৫ ফেব্ৰুৱাৰীঃ বিজেপিক ৰুধিবলৈ বিৰোধী শিবিৰৰ আসন ভাগ বাটোৱাৰাক লৈ ৰাজ্যৰ ৰাজনীতি গৰম হৈ থকাৰ সময়তে কংগ্ৰেছে দিল্লীলৈ প্ৰেৰণ কৰিছে ৬২টা সমষ্টিৰ সাম্ভাব্য প্ৰাৰ্থী তালিকা৷ ৬২ টা সমষ্টিৰ বাবে প্ৰেৰণ কৰা হৈছে ৯৪ জনীয়া সাম্ভাব্য প্ৰাৰ্থী তালিকা৷ ৰাজ্যৰ ১৯খন জিলাৰ ৬২ টা সমষ্টিৰ বাবে প্ৰেৰণ কৰা হৈছে উক্ত প্ৰাৰ্থী তালিকা৷ প্ৰাথমিক সমীক্ষাৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে উক্ত প্ৰাৰ্থী তালিকা৷ ইয়াৰে ভিতৰত ৩৬ টা সমষ্টিৰ বাবে প্ৰেৰণ কৰা হৈছে এজনীয়া প্ৰাৰ্থী তালিকা৷ প্ৰাপ্ত তথ্য মতে বীৰসিং জৰুৱাত ৱাজেদ আলী চৌধুৰী, গোৱালপাৰাত [পশ্চিম] প্ৰণয় ৰাভা, অভয়াপুৰীত নুৰুল আহমেদ আৰু প্ৰদীপ সৰকাৰ, মন্দিয়াত আব্দুল খালেক আৰু আব্দুৰ ৰেজ্জাক আহমেদ, পাকাবেউকাৰীত জাকিৰ হুছেইন শিকদাৰ, বজালীত দীপ বায়ন, ছমৰীয়াত ৰেকিবুদ্দিন আহমেদ, ৰঙিয়াত প্ৰাণজিৎ চৌধুৰী, দিছপুৰত মীৰা বৰঠাকুৰ, জালুকবাৰীত বিদিশা নেওগ আৰু প্ৰাঞ্জল বৰগোহাঁঞি, বৰক্ষেত্ৰীত দিগন্ত বৰ্মন, নলবাৰীত অশোক শৰ্মা, টিহুত নীলমণি সেন ডেকা আৰু ৰাতুল পাটোৱাৰী, লাহৰি ঘাটত আচিফ নাজাৰ আৰু ইমদাদ হুছেইন, চামগুৰিত তানজি হুছেইন, বঢ়মপুৰত বিৰিঞ্চি বৰা, ঢেকীয়াজুলিত প্ৰানেশ্বৰ বসুমতাৰী, বৰচলাত ৰিপুন বৰা, নদুৱাৰত আৰ পি শৰ্মা, বিশ্বনাথত জয়ন্ত বৰা, গহপুৰত ড॰ শংকৰজ্যোতি কুটুম, ৰঙানদীত ভূপেন বৰা, নাওবৈচাত ডাঃ জয়প্ৰকাশ দাস, ডুমডুমাত দুৰ্গা ভূমিজ, নাজিৰাত দেৱব্ৰত শইকীয়া, টিংখঙত বিপুল গগৈ, খুমটাইত ৰ’জলীনা তিৰ্কীৰ নাম প্ৰেৰণ কৰা হৈছে কংগ্ৰেছ হাইকামাণ্ডলৈ৷ প্ৰথমখন সাম্ভাব্য প্ৰাৰ্থী তালিকাত কোকৰাঝাৰ, ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, কামৰূপ, কামৰূপ মহানগৰ, নলবাৰী, দৰং মৰিগাঁও, নগাঁও, শোণিতপুৰ, ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, গোলাঘাট আৰু কৰিমগঞ্জৰ সমষ্টিৰ বিপৰীতে প্ৰেৰণ কৰা হৈছে সাম্ভাব্য প্ৰাৰ্থীৰ নাম৷ এই তালিকাত নাই যোৰহাট জিলাৰ কোনো সমষ্টিৰ প্ৰাৰ্থীৰ নাম৷
১৮ ফেব্ৰুৱাৰীত অসমলৈ প্ৰিয়ংকা গান্ধী
বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাবলৈ ১৮ ফেব্ৰুৱাৰীত অসমলৈ আহিব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী৷ দুদিনীয়া ভ্ৰমণসূচীৰে তেওঁ অসমলৈ আহিব৷ ১৮ ফেব্ৰুৱাৰীৰ পুৱাৰ ভাগত তেওঁ গুৱাহাটীৰ বিমান বন্দৰত অৱতৰণ কৰিব৷ তাৰ পৰা তেওঁ পোনে পোনে গুৱাহাটীৰ ৰাজীৱ ভৱনলৈ আহিব৷ দিনৰ ১১ বজাত তেওঁ ৰাজীৱ ভৱনত কংগ্ৰেছৰ স্ক্ৰীণিং কমিটীৰ সৈতে বৈঠকত মিলিত হ’ব৷ ইয়াৰ পাছত তেওঁ সংসদীয় কমিটীকে ধৰি বিভিন্ন উপ-সমিতিৰ সৈতে বৈঠকত মিলিত হ’ব৷ ১৯ ফেব্ৰুৱাৰীত তেওঁ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিসকলৰ সৈতে আলোচনাত মিলিত হ’ব৷ ইয়াৰ পাছত ক্ৰমে সাংসদ, ব্লক কংগ্ৰেছৰ সভাপতিসকলৰ সৈতে আলোচনাত মিলিত হ’ব কংগ্ৰেছ নেত্ৰীগৰাকী৷
এইবাৰ গৌৰৱ গগৈৰ নেতৃত্বত চৰকাৰঃ ৰকিবুল
‘আমাৰ অসম’ৰ আগমনিৰ প্ৰতিবেদকঃ মুখ্যমন্ত্ৰীয়ে বিশেষ সম্প্ৰদায়ৰ লোকক হাৰাশাস্তি কৰাৰ যিমানে চেষ্টা নকৰক যিকোনো বিপদৰ সময়ত দেৱালৰ নিচিনা হৈ থিয় দিম৷ প্ৰয়োজনত আইনী যুঁজত অৱতীৰ্ণ হ’ম৷ মুঠতে এক তিলো ক্ষতি কৰিব নিদিওঁ এই অভয়বাণী ধুবুৰী লোকসভাৰ সাংসদ ৰকিবুল হুছেইনৰ৷ আজি গৌৰীপুৰ সমষ্টিৰ বালাজানত কংগ্ৰেছৰ ইয়ং ব্ৰিগেডৰ উদ্যোগত সাংসদ পুঁজিৰ অধীনত এঘাৰটা সমষ্টিত এঘাৰখন এম্বুলেন্স বিতৰণৰ উদ্দেশ্যে এখন সভা অনুষ্ঠিত হয়৷ সভাত নিজৰ ভাষণত সাংসদ ৰকিবুল হুছেইনে কয় যোৱা কেইদিন গৌৰৱ গগৈৰ লগত উজনি অসমত ঘূৰি ফুৰাৰ সময়ত ৰাইজৰ যথেষ্ট সঁহাৰি লাভ কৰিছে৷ গৌৰৱ গগৈৰ জনপ্ৰিয়তাত হিমন্ত বিশ্ব শৰ্মা ভয়তে পেপুৱা লাগিছে৷ যাৰবাবে বিভিন্ন সময়ত বিজেপিৰ লোকক লগাই অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ লখিমপুৰ চিকিৎসালয়ৰ ঘটনাটো বিজেপিলোকক সুমুৱাই দি পৰিকল্পিতভাৱে সংঘটিত কৰা বুলি মতপোষণ কৰে৷ তেওঁ নিজৰ ভাষণত কয় যে মুখ্যমন্ত্ৰীয়ে কৈছিল পচিশ লাখ চাকৰি দিব ক’ত গ’ল পচিশ লাখ৷ যি এক লাখ দিছে অৱসৰ লোৱা পদতহে দিছে কোচ ৰাজবংশীক জনজাতিকৰণৰ নামতো আভুৱা-ভাঁৰিলে এশ দিনৰ ভিতৰত জনজাতিকৰণ কৰিব বুলি দিয়া প্ৰতিশ্ৰুতি ক’ত গ’ল বুলিও উপহাস কৰে৷ আজিৰ সভাত বিধায়ক একে ৰচিদ আলম, আৱতাফ উদ্দিন মোল্লা আব্দুছ ছোৱাহান আলী সৰকাৰ প্ৰাৰ্থিত্বপ্ৰত্যাশী ৰফিকুল ইছলাম বাবু আদি উপস্থিত থাকে৷ ইপিনে আজি গৌৰীপুৰ সমষ্টিত কংগ্ৰেছে নিৰ্বাচনী ৰণশিঙা বজোৱাৰ সময়তে স্পষ্ট হৈ পৰে দলীয় বাদ-বিসম্বাদ৷ প্ৰাৰ্থিত্বপ্ৰত্যাশীৰ মাজত বাদ-বিসম্বাদ কালিৰে পৰা অঞ্চলটোত প্ৰকাশ্য ৰূপ ধাৰণ কৰে৷ সমষ্টি পুনঃনিৰ্ধাৰণ হোৱাৰ পিছতে গোলকগঞ্জ সমষ্টিৰ বিধায়ক আব্দুছ ছোৱাহান আলী সৰকাৰ এইবাৰ গৌৰীপুৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্বৰ দাবী জনাই আছে৷ কিন্তু পূৰ্বৰ একাংশ দাবীদাৰ আজিকক ছোৱাহানক সম্পূৰ্ণ একাষৰীয়া কৰা পৰিলক্ষিত হয়৷ সভাৰ চাৰিওফালে তথা ৰাস্তাৰ কাষত শ শ বেনাৰ-পোষ্টাৰ লগাইছে যদিও এখন ফটোও স্থান পোৱা নাই বিধায়ক আব্দুছ ছোৱাহানৰ৷ সাংসদ ৰকিবুল হুছেইনৰ লগতে জিলিকি আছিল প্ৰৱল দাবীদাৰ ৰফিকুল ইছলাম বাবু আৰু আবুল মিঞা৷ দৃষ্টিকটুভাৱে সভাত সাংসদৰ কাষতো বহিব নোৱাৰিলে বিধায়ক আব্দুছ ছোৱাহান৷ কাৰ্যত দলৰ প্ৰাৰ্থিত্বৰ ভিতৰুৱা সংঘাত স্পষ্ট হৈ পৰিছে৷ আৰম্ভণিতে আৰম্ভ হোৱা সংঘাত কিমান সোনকালে সমাপ্ত কৰিব পাৰে সেয়াই লক্ষণীয়৷






