১০ দিনলৈ গেছ মজুত আছে
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৪ মাৰ্চঃ ইৰান-আমেৰিকাৰ যুদ্ধৰ পাছতেই অসম তথা ভাৰতত ৰন্ধন গেছৰ নাটনিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ পশ্চিম এছিয়াৰ ৰাষ্ট্ৰসমূহৰ পৰা এল পি জি, খাৰুৱা তেলকে ধৰি ইন্ধন সৰবৰাহত হৰমুজ প্ৰণালীত ইৰানে প্ৰতিবন্ধকতা আৰোপ কৰাত অসমীয়া গৃহিনীৰ আখলত এতিয়া জুই নজ্বলাৰ উপক্ৰম ঘটিছে৷ কিয়নো বিগত প্ৰায় এসপ্তাহ কৰি দেশৰ লগত অসমতো ৰন্ধন গেছৰ চিলিণ্ডাৰৰ অনলাইন বুকিং ব্যৱস্থা বন্ধ হৈ পৰিছে৷ যাৰ বাবে পুৱাৰে পৰা সন্ধিয়ালৈ গেছ এজেন্সীসমূহত গ্ৰাহকৰ দীঘলীয়া শাৰী দেখা পোৱা গৈছে৷ ৰন্ধন গেছৰ বুকিঙৰ ক্ষেত্ৰত কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰণালয়ে পূৰ্বৰ ১৫ দিনৰ ব্যৱধানৰ পৰিৱৰ্তে চহৰ অঞ্চলত ২৫ দিন আৰু গ্ৰাম্যাঞ্চলত ৪৫ দিনলৈ ম্যাদ বৃদ্ধি কৰাৰ পাছৰে পৰা অনলাইন ফোন বুকিং কাৰ্যতঃ বন্ধ হৈ পৰিছে৷ গেছৰ বুকিং কৰিব নোৱৰাত গ্ৰাহকসকল অধিক আতংকিত হৈ পৰিছে৷ ইয়াৰ মাজতে এল পি জি উৎপাদনকাৰী কোম্পানী ভাৰতীয় তেল নিগম চমুকৈ আই অ’চিৰ মুখ্য মহাপ্ৰবন্ধক অমৰজ্যোতি বৰদলৈয়ে শুকুৰবাৰে সংবাদ মাধ্যমক আগত অসমত মাত্ৰ ১১ দিনলৈ জোৰা মাৰিব পৰাকৈ এলপিজি মজুত আছে বুলি জানিবলৈ দিছে৷ অৰ্থাৎ অসমত মজুত থকা ৰন্ধন গেছে অসমবাসীৰ আৰু মাত্ৰ ১০ দিনৰহে চাহিদা পূৰণ কৰিব পাৰিব৷ সংবাদ মাধ্যমক সাক্ষাৎকাৰত চি জি এম অমৰজ্যোতি বৰদলৈয়ে কয়–অসমত ৪টা শোধনাগাৰত এলপিজি উৎপাদন কৰা হয়৷ এই চাৰিটা শোধনাগাৰত অসমত মুঠ চাহিদাৰ প্ৰায় ৩৫-৪০ শতাংশ উৎপাদন কৰে৷ ইয়াৰ উপৰি এলপিজি নিয়মীয়াকৈ আমদানি কৰা হয়৷ এই প্ৰক্ৰিয়াত কোনো ধৰণৰ বাধাগ্ৰস্ত হোৱা নাই৷ সেয়েহে গ্ৰাহকে শংকা কৰিবলগীয়া কোনো কথা নাই৷ অসমত বৰ্তমান ১১ দিন অসুবিধা নোহোৱাকৈ যোগান ধৰিব পৰাকৈ এল পি জি মজুত আছে৷ ভৱিষ্যতেও অসমত এলপিজিৰ কোনো নাটনি নহয়৷ কিয়নো ধাৰাবাহিকভাৱে অসমৰ শোধানগাৰ কেইটাই এলপিজি উৎপাদন কৰি থাকিব৷
অসমৰ বঙাইগাঁও, গুৱাহাটী, ডিগবৈ আৰু এন আৰ এল শোধনাগাৰ – এই চাৰি শোধনাগাৰৰ এলপিজি উৎপাদন ক্ষমতা হৈছে প্ৰায় ১,১০০-১২০০ মেট্ৰিক টন৷ অসমত সৰ্বমুঠ চাহিদা হৈছে ২,২০০-২৫০০ মেট্ৰিকটন৷ সৰ্বভাৰতীয় ক্ষেত্ৰত চালে চাহিদাৰ ৩০-৪০ শতাংশ এলপিজি অসমতে উৎপাদন হয়৷ সেয়েহে গ্ৰাহকসকল পেনিক হ’ব নালাগে৷ আমাৰ বাণিজ্যিক চিলিণ্ডাৰ যোগানত কিছু সমস্যা হৈছে৷ কিয়নো চৰকাৰে বাণিজ্যিক চিলিণ্ডাৰৰ ক্ষেত্ৰত হাস্পতাল আৰু শিক্ষানুষ্ঠানক অগ্ৰাধিকাৰ দিয়াৰ নিৰ্দেশ দিছে৷’ ইফালে, ভাৰতীয় তেল নিগমৰ তথ্য অনুসৰি অসমত দৈনিক ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ চাহিদা হৈছে ৰ.৩৪ লাখ টা৷ বাণিজ্যিক চিলিণ্ডাৰৰ দৈনিক চাহিদা হৈছে ৪,১১২টা আৰু অসমত অ’চিএলৰ ৯টা বটলিং প্লাণ্ট আছে৷ লক্ষণীয়ভাৱে ভাৰতীয় তেল নিগমে অসমত চাহিদা অনুপাতে ৩৫-৪০ শতাংশহে এলপিজি উৎপাদন হোৱা বুলি স্পষ্ট কৰি দিয়াত আমদানিকৃত এলপিজিৰ যোগান বন্ধ হৈ পৰিলে, স্বাভাৱিকতেই অসমত যে অচিৰেই ৰন্ধন গেছৰ নাটনিয়ে দেখা দিব, সেয়া নকলেও স্পষ্ট হৈ পৰিছে৷ এনে প্ৰেক্ষাপটতে কেৰাচিনমুক্ত অসমলৈ এতিয়া কেন্দ্ৰীয় চৰকাৰে ততাতৈয়াকৈ অতিৰিক্ত কেৰাচিন যোগান ধৰিছে বুলি জানিব পৰা গৈছে৷ কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰণালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই ৰন্ধন গেছৰ যোগানক লৈ সৃষ্টি হোৱা অসুবিধা মোকাবিলা কৰাৰ বাবে ৰাজ্যসমূহক অতিৰিক্তভাৱে ৪৮,০০০ কিলোলিটাৰ কেৰাচিন তেল যোগান ধৰা তথ্য সদৰী কৰিছে৷ ইফালে হৰমুজ প্ৰণালীত ইন্ধন পৰিবাহী জাহাজৰ চলাচলৰ ক্ষেত্ৰত ইৰান চৰকাৰে এইবাৰ ভাৰতক আশাব্যঞ্জক সঁহাৰি জনাইছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইৰানৰ ৰাষ্ট্ৰপতি মাছুদ পেজেশকিয়ানৰ টেলিফোনিক বাৰ্তালাপৰ পাছতেই ৪০ হাজাৰ মেট্ৰিক টন এলপিজি পৰিবাহী শিৱলিক আৰু নন্দাদেৱী নামৰ দুখন টেংকাৰ জাহাজ হৰমুজ প্ৰণালী পাৰ হৈ ভাৰত অভিমুখে যাত্ৰা আৰম্ভ কৰিছে৷ এই ৪০ হাজাৰ মেট্ৰিক টন এলপিজিয়ে ভাৰতক বহু সকাহ দিব বুলি আশা কৰা হৈছে৷






