অসমৰ বানক ৰাষ্ট্ৰীয় সমস্যা ঘোষণাৰ দাবীত গণ অভিৱৰ্তন
‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২ আগষ্টঃ অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰাৰ দাবীত দেওবাৰে যোৰহাটত এখন গণ অভিৱৰ্তন অনুষ্ঠিত হয়৷ যোৰহাট সন্মিলিত নাগৰিক মঞ্চৰ আহ্বান ক্ৰমে যোৰহাটৰ জাতীয় ভৱনৰ কথাশিল্পী ডিম্বেশ্বৰ দয়াল শৰ্মা সভাঘৰত অনুষ্ঠিত এই গণ অভিৱৰ্তন পৰিচালনা কৰে মঞ্চৰ সভাপতি গোপাল গোস্বামী, কাৰ্যকৰী সভাপতি হেমেন বৰা, উপদেষ্টা পুলিন ফুকন, যোৰহাট জামাত কল্যাণ সমিতিৰ অধ্যক্ষ নেকিবুৰ ৰহমান বৰবৰা আৰু মঞ্চৰ উপদেষ্টা দেৱব্ৰত শৰ্মাৰে গঠিত সভাপতিমণ্ডলীয়ে৷ এই গণ অভিৱৰ্তনে জৰুৰীভাৱে কাৰ্যকৰী হোৱাকৈ অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণাৰ দাবী জনোৱাৰ লগতে ৰাজ্যখনত বানত মৃতসকলৰ বাবে দহ লাখ টকা আৰু সা-সম্পদ-জীৱন-জীৱিকা ধ্বংস হোৱাসকলৰ বাবে পূৰ্বৰ দৰে সকলো পুনৰ নিৰ্মাণৰ দাবী কৰা হয়৷ অভিৱৰ্তনে নাগালেণ্ড, অৰুণাচল আদি চুবুৰীয়া ৰাজ্যত কেন্দ্ৰীয় চৰকাৰৰ প্ৰত্যক্ষ উদ্যোগত গঢ়ি তোলা বৃহৎ নদী বান্ধবিলাকে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলক বিপন্ন কৰিছে বুলি অভিযোগ কৰে৷ অভিৱৰ্তনে এই বিষয়ত অচিৰেই সকলো তথ্য সম্বলিত শ্বেতপত্ৰৰ দাবী জনায়৷ অভিৱৰ্তনে ইয়াৰ বাবে বিজেপি শাসিত কেন্দ্ৰ চৰকাৰ আৰু অসম তথা নাগালেণ্ডৰ চৰকাৰক পোনপটীয়াকৈ দায়ী কৰে আৰু জবাবদিহি কৰে৷ অভিৱৰ্তনে অসম, নাগালেণ্ড আৰু মেঘালয়কে ধৰি উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যত বৃহৎ পৰিমাণৰ অবৈধ কয়লাখনন চলি থকাত উদ্বেগ প্ৰকাশ কৰে আৰু অসমত অবৈধ কয়লা খননৰ লগত শাসকীয় দলৰ অন্তত আধাদজন মন্ত্ৰী-বিধায়ক পোনপটীয়াকৈ জড়িত বুলি অভিযোগ তোলে৷ এই অবৈধ কয়লা খননে এফালে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰকৃতিক বিপন্ন কৰিছে আৰু আনফালে লাখ লাখ মানুহক কৰুণ মৃত্যুৰ ফালে ঠেলি দিছে বুলি অভিযোগ তুলি অভিৱৰ্তনে এই অবৈধ কয়লাখনন জৰুৰীভাৱে বন্ধ কৰাৰ লগতে ইয়াৰ লগত জড়িত মন্ত্ৰী-বিধায়ক নিৰ্বিশেষে সকলোৰে কঠোৰতম শাস্তিৰ দাবী তোলে৷ অভিৱৰ্তনে শেহতীয়া মহাপ্ৰলয়ত মৃত্যুবৰণ কৰা আৰু নিৰুদ্দিষ্ট হৈ থকা প্ৰত্যেকজনৰ সম্পূৰ্ণ নামৰ তালিকা অবিলম্বে প্ৰকাশৰ বাবে দাবী জনায়৷ অভিৱৰ্তনে ধ্বংসপ্ৰাপ্ত চৰকাৰী বিদ্যালয়সমূহ জৰুৰী ভিত্তিত পুনৰ নিৰ্মাণৰ কাৰণে চৰকাৰৰ ওচৰত দাবী জনায়৷ বেচৰকাৰী বিদ্যালয়বিলাকৰ ক্ষেত্ৰত চৰকাৰৰ উপৰিও বেচৰকাৰী অনুষ্ঠান তথা ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠানবিলাকক আগবাঢ়ি আহিবলৈ দাবী কৰে৷
অভিৱৰ্তনে চৰকাৰী-বেচৰকাৰী সকলো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাচুলৰ দায়িত্ব চৰকাৰৰ ওপৰত ন্যস্ত কৰে৷ অভিৱৰ্তনে এই দুঃসময়তো নিকৃষ্ট হিন্দুত্ববাদী ৰাজনীতিৰ বিষবাস্প বিয়পাব খোজা দুষ্ট চক্ৰৰ ওপৰতো কঠোৰ শাস্তিৰ দাবী জনায়৷ অভিৱৰ্তনে বিভিন্ন ধৰণৰ ধাৰত ধৰুৱা হৈ থকা বান দুৰ্গত মানুহৰ খাজনা ৰেহাই, ধাৰৰ মাহেকীয়া কিস্তি ৰেহাই দিয়াৰ দাবী জনায়৷ অভিবৰ্তনে স্বাভাৱিক জীৱন ঘূৰি নহালৈকে বান দুৰ্গতসকলৰ বাবে বিনামূলীয়া ৰেচনৰ ব্যৱস্থা কৰাৰো দাবী জনায়৷ তদুপৰি, অসমৰ উচ্ছেদৰ বিৰোধী কৃষক আন্দোলনৰ নেতা প্ৰণৱ দলেৰ আশুমুক্তিৰ দাবী জনায়৷ অভিৱৰ্তনখনৰ উদ্দেশ্য ব্যাখ্যা কৰে মঞ্চৰ সম্পাদক দীপক ৰফিক আহমেদে৷ অভিৱৰ্তনত অসমীয়া জাতীয় অভিধানৰ মুখ্য সম্পাদক দেৱব্ৰত শৰ্মা, ছেবাৰ প্ৰাক্তন সচিব কমলজ্যোতি গগৈ, সমাজকৰ্মী যুগল হাজৰিকা, জীপাল কৃষক শ্ৰমিক সংঘৰ নেতা সোনেশ্বৰ নৰহ, নাৰী মুক্তি কৰ্মী বন্দিতা মৃনা, ৰাজনৈতিক সংগঠক ড॰ প্ৰদীপ সৰকাৰ, সন্মিলিত নাগৰিক মঞ্চৰ যুটীয়া সম্পাদক দীপ্তি কলিতা, যোৰহাট উকীল সন্থাৰ সভাপতি হেমেন বৰা, প্ৰাক্তন পৌৰপতি প্ৰশান্ত বৰা, অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ড॰ কৌশিক দাস, বুৰঞ্জীবিদ ড॰ সোমেন বুঢ়াগোহাঁই, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ নেতা ইন্দু কমল ভূঞা, নতুন অসম ছাত্ৰ সন্মিলনৰ নেতা ৰূপম তাছা, অসম মজুৰি শ্ৰমিক ইউনিয়নৰ উপ-সভাপতি ভদ্ৰেশ্বৰ শইকীয়া, অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ আমুচ তাঁতী, ৰাজ্যিক শিক্ষা সংস্থাৰ অৱসৰী অধ্যক্ষা ড॰ নিৰ্মলা শৰ্মা, ঝাৰখণ্ডী আদিবাসী সংগ্ৰাম পৰিষদৰ কিৰণ তাঁতী, সদৌ অসম খেতিয়ক সন্থাৰ বিপিন লাহন, নাৰী মুক্তি কৰ্মী নন্দা দেৱী বৰা, স্বপ্না বৰঠাকুৰ, জিনামণি গগৈ নেওগ, অনীতা পূজাৰী, অদিতি গোস্বামী, যোৰহাট জাতীয় বিদ্যালয়ৰ প্ৰভস্ত সান্তনা শৰ্মা, লুণা টায়ে হাতীবৰুৱা, তুলতুল খাউন্দ, সমাজকৰ্মী প্ৰবীণ পেগু, উদ্যমী মহিলা ৰাজিয়া ৰহমান, গণনাট্য কৰ্মী কমল শৰ্মা আৰু শংকৰলাল মাহাতো, লেখক তাজহাৰুল হক, অৱসৰী শিক্ষা বিষয়া দিলীপ বৰদলৈ, ভূপেন ফুকন আৰু প্ৰবীণ দত্ত, বিপ্লৱী যুৱ লীগৰ আকাশ দাস, অধ্যাপক শান্তনু ঠাকুৰ, ৰ’দকাচিয়লিৰ সম্পাদক বিষ্ণুৰাত শৰ্মা আদিয়ে সভাত ভাগ লয়৷ এই অভিবৰ্তনৰ পাছত উপস্থিত জনতাই ৰাজপথলৈ ওলাই আহি তেওঁলোকৰ দাবীত ধবনি দিয়ে৷






