তাৰেক ৰহমানক সাক্ষাৎ ভাৰতীয় উচ্চায়ুক্ত দীনেশ ত্ৰিৱেদীৰ
'আমাৰ অসম'ৰ ডিজিটেল ডেস্কঃ ঢাকাত বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰেক ৰহমানক সাক্ষাৎ কৰিলে বাংলাদেশত নিযুক্ত ভাৰতৰ হাই কমিছনাৰ দীনেশ ত্ৰিৱেদীয়ে। সোমবাৰে বাংলাদেশ সচিবালয়ত দুয়োৰে মাজত সৌজন্যমূলক সাক্ষাৎ অনুষ্ঠিত হয়। জুনত বাংলাদেশত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত তাৰেক ৰহমানৰ সৈতে এয়াই দীনেশ ত্ৰিৱেদীৰ প্ৰথম মুখামুখি বৈঠক।
বৈঠকত ঠিক কি কি বিষয় আলোচনা হ’ল, সেই বিষয়ে ভাৰত বা বাংলাদেশ—কোনো পক্ষই বিস্তৃত তথ্য প্ৰকাশ কৰা নাই। অৱশ্যে ভাৰতীয় দূতাবাসে জনোৱা মতে, দুয়োখন দেশৰ দ্বিপাক্ষিক বিভিন্ন বিষয়ত আলোচনা হয়। বাংলাদেশ চৰকাৰ আৰু দেশখনৰ জনসাধাৰণৰ সৈতে ইতিবাচক আৰু গঠনমূলকভাৱে একেলগে কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰে ভাৰতীয় পক্ষই।
শেহতীয়াকৈ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ দিল্লীৰ পৰা দিয়া ৰাজনৈতিক ভাষণক কেন্দ্ৰ কৰি ভাৰত-বাংলাদেশ সম্পৰ্কত পুনৰ উত্তেজনাৰ সৃষ্টি হৈছে। বাংলাদেশে হাছিনাই ভাৰতত থাকি ৰাজনৈতিক কাৰ্যকলাপ চলোৱাৰ বিষয়ত আপত্তি জনাইছে। আনহাতে, ভাৰতে স্পষ্ট কৰিছে যে হাছিনাৰ অনুষ্ঠানৰ সৈতে ভাৰত চৰকাৰৰ কোনো সম্পৰ্ক নাই আৰু তাত প্ৰকাশ কৰা বক্তব্যৰ সৈতেও চৰকাৰ জড়িত নহয়।
এই পৰিস্থিতিৰ মাজতে দীনেশ ত্ৰিৱেদী-তাৰেক ৰহমানৰ বৈঠকক যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰা হৈছে। বিশেষকৈ আগন্তুক ব্ৰিকছ সন্মিলনত অংশগ্ৰহণৰ বাবে তাৰেক ৰহমানৰ ভাৰত ভ্ৰমণৰ সম্ভাৱনাক লৈ সৃষ্টি হোৱা অনিশ্চয়তাৰ মাজত এই সাক্ষাৎ অনুষ্ঠিত হৈছে। অৱশ্যে বৈঠকত তাৰেক ৰহমানক ভাৰত ভ্ৰমণৰ আনুষ্ঠানিক আমন্ত্ৰণ জনোৱা হৈছিল নে নাই, সেয়া স্পষ্ট হোৱা নাই।
ইয়াৰ পূৰ্বে দীনেশ ত্ৰিৱেদীয়ে বাংলাদেশৰ বিদেশমন্ত্ৰী খলিলুৰ ৰহমানৰ সৈতেও বৈঠকত মিলিত হৈছিল। ভাৰতীয় ৰাষ্ট্ৰদূতগৰাকীয়ে মত প্ৰকাশ কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তাৰেক ৰহমানৰ মাজত পোনপটীয়া আলোচনা হ’লে দুয়োখন দেশৰ বহু সমস্যাৰ সমাধানৰ পথ মুকলি হ’ব পাৰে। তেওঁৰ মতে, আলোচনাৰ জৰিয়তেই সমস্যা সমাধানৰ পথ উলিয়াব পাৰি।
তাৰেক ৰহমানৰ নেতৃত্বত বাংলাদেশত নতুন চৰকাৰ গঠনৰ পাছত দিল্লী-ঢাকাৰ সম্পৰ্ক উন্নত কৰাৰ প্ৰচেষ্টা আৰম্ভ হোৱা বুলি কূটনৈতিক মহলে ধাৰণা কৰিছে। কিন্তু হাছিনা-সম্পৰ্কীয় শেহতীয়া বিতৰ্কই সেই প্ৰক্ৰিয়াত নতুন প্ৰত্যাহ্বান সৃষ্টি কৰিছে। এনে সময়ত দীনেশ ত্ৰিৱেদীৰ তাৰেক ৰহমান সাক্ষাতে দুয়োখন দেশৰ সম্পৰ্ক স্বাভাৱিক কৰাৰ ক্ষেত্ৰত নতুন কূটনৈতিক বাৰ্তা কঢ়িয়াইছে নেকি, এতিয়া সেই বিষয়টোৱেই বিশেষ চৰ্চাত।






