Logo
image

দুটকা ইউনিটৰ বিদ্যুতৰ দাম হ’লগৈ ৭.৪৯ টকা

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১০ আগষ্টঃ  অৰুণাচল প্ৰদেশৰ গেৰুকামুখত নিৰ্মীয়মান এনএইচপিচিৰ ২,০০০ মেগাৱাট ক্ষমতা সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ অভূতপূৰ্ব ব্যয়বৃদ্ধি আৰু দীৰ্ঘদিনীয়া বিলম্বক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে সংসদীয় স্থায়ী কমিটীয়ে৷ কেন্দ্ৰীয় কেবিনেটৰ অৰ্থনৈতিক পৰিক্ৰমা কমিটীয়ে অনুমোদন জনোৱা মূল ব্যয়ৰ বিপৰীতে প্ৰকল্পটোৰ ব্যয় ৩৪৪.৬৬ শতাংশ বৃদ্ধি পোৱাত কমিটীয়ে শক্তি মন্ত্ৰণালয়ক অধিক কঠোৰ আৰু নিয়মীয়া নিৰীক্ষণ ব্যৱস্থা গঢ়ি তোলাৰ পৰামৰ্শ দিছে৷ সংসদীয় ৰাজহুৱা উদ্যোগসমূহৰ কমিটীৰ ৩১সংখ্যক প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি, ২০০৩ চনত প্ৰকল্পটোৰ বাবে ৬,২৮৫.৩৩ কোটি টকা অনুমোদন কৰা হৈছিল৷ কিন্তু প্ৰকল্পটো সম্পূৰ্ণ কৰিবলৈ এতিয়া আনুমানিক ব্যয় ২৭, ৯৪৮.৫২ কোটি টকালৈ বৃদ্ধি পাইছে৷ অৰ্থাৎ দুটা দশকৰো অধিক সময়ৰ ভিতৰত মূল অনুমোদিত ব্যয়ৰ তুলনাত প্ৰকল্পটোৰ ব্যয় প্ৰায় চাৰে তিনি গুণতকৈও অধিক বৃদ্ধি পাইছে৷  প্ৰকল্পটোৰ ব্যয়বৃদ্ধিৰ প্ৰভাৱ উৎপাদিত বিদ্যুতৰ সম্ভাব্য মূল্যতো স্পষ্ট হৈছে৷ ব্যয় বৃদ্ধিৰ পোনে পোনে প্ৰভাৱ পৰিছে এই প্ৰকল্পৰ পৰা উৎপাদিত বিদ্যুৎ শক্তিৰ মূল্যত৷ প্ৰতিবেদন অনুসৰি, প্ৰকল্পটোৰ প্ৰতি ইউনিট বিদ্যুৎ উৎপাদনৰ গড় খৰচ প্ৰথমতে ১.৯৩ টকা ধাৰ্য কৰা হৈছিল যদিও ব্যয় বৃদ্ধিৰ বাবে এই খৰচ বৰ্তমান প্ৰতি ইউনিটত ৭.৪৯ টকালৈ বৃদ্ধি পাইছে৷ অৰ্থাৎ প্ৰকল্পটোৰ বিদ্যুতৰ গড় মূল্য প্ৰায় গুণ বৃদ্ধি পাইছে৷ নামনি সোৱণশিৰি প্ৰকল্পটোৰ পৰা বছৰি প্ৰায় ৭, ৪২২ নিযুত ইউনিট বিদ্যুৎ উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷ ২০০৩ চনৰ ছেপ্টেম্বৰত অনুমোদন লাভ কৰাৰ পাছত ২০০৫ চনৰ জানুৱাৰীত প্ৰকল্পটোৰ নিৰ্মাণকাৰ্য আৰম্ভ হৈছিল৷ মুঠ ৮টা টাৰ্বাইনৰ ভিতৰত ৮টা টাৰ্বাইনেৰে বিদ্যুৎ উৎপাদন আৰম্ভ হৈছে৷ প্ৰকল্পটো দীৰ্ঘদিন ধৰি পলম হোৱাৰ কাৰণ সন্দৰ্ভত এনএইচপিচিয়ে সংসদীয় কমিটীক কেইবাটাও কাৰকৰ কথা অৱগত কৰিছে৷ ৰাইজৰ প্ৰতিবাদ, নিৰ্মাণকাৰ্য বন্ধ হৈ পৰা আৰু ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ স্থগিতাদেশৰ ফলত প্ৰকল্পটোৰ কাম কেইবাবছৰ ধৰি ব্যাপকভাৱে ব্যাহত হৈছিল৷ দীৰ্ঘদিনীয়া স্থবিৰতাৰ পাছত ২০১৯ চনৰ অক্টোবৰত নিৰ্মাণকাৰ্য পুনৰ আৰম্ভ কৰা হয়৷ কিন্তু ইয়াৰ পাছতো অতিৰিক্ত নিৰ্মাণকাৰ্য, ক’ভিড-১৯ মহামাৰী আৰু প্ৰতিকূল পৰিৱেশগত পৰিস্থিতিয়ে প্ৰকল্পটোৰ কামত বিলম্ব  ঘটায়৷ সংসদীয় কমিটীয়ে স্বীকাৰ কৰিছে যে প্ৰকল্পটো পলম হোৱাৰ আঁৰত কেইবাটাও বাহ্যিক কাৰক জড়িত আছিল৷ তথাপি এনে বৃহৎ আন্তঃগাঁথনিমূলক প্ৰকল্পৰ ক্ষেত্ৰত পৰিকল্পনা, নিৰীক্ষণ, অংশীদাৰসকলৰ সৈতে সমন্বয় আৰু বিভিন্ন অনুমোদন লাভৰ ব্যৱস্থা অধিক ফলপ্ৰসূ কৰাৰ প্ৰয়োজন আছে বুলি কমিটীয়ে মত প্ৰকাশ কৰিছে৷


ভৱিষ্যতে বৃহৎ শক্তি প্ৰকল্পসমূহত সময় আৰু ব্যয়ৰ অস্বাভাৱিক বৃদ্ধি ৰোধৰ বাবে গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছে সংসদীয় কমিটীয়ে৷ কমিটীৰ পৰামৰ্শ অনুসৰি, কোনো শক্তি প্ৰকল্পৰ সময়সূচী অথবা বিত্তীয় ব্যয়ৰ তাৰতম্য ২০ শতাংশত উপনীত হ’লেই ত্ৰৈমাসিক ভিত্তিত বিশেষ নিৰীক্ষণ আৰম্ভ কৰিব লাগে৷ এনে প্ৰকল্পসমূহক সচিব পৰ্যায়ৰ নিৰীক্ষণ গোটৰ অধীনলৈ আনি সমস্যাসমূহ ক্ষিপ্ৰতাৰে সমাধান কৰাৰ ব্যৱস্থা কৰিব লাগে৷ ইয়াৰ উপৰি নামনি সোৱণশিৰি প্ৰকল্পৰ সময়সূচী আৰু ব্যয় কিয় ইমান ব্যাপকভাৱে সলনি হ’ল, তাৰ বিস্তৃত মূল্যায়ন কৰিবলৈকো কমিটীয়ে পৰামৰ্শ দিছে৷ এই মূল্যায়নৰ পৰা লাভ কৰা শিক্ষা ভৱিষ্যতৰ জলবিদ্যুৎ প্ৰকল্পসমূহৰ ক্ষেত্ৰত প্ৰয়োগ কৰি সময়মতে প্ৰকল্প সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে৷ দুই দশকৰো অধিক সময় ধৰি নিৰ্মাণ চলি থকা ২,০০০ মেগাৱাটৰ নামনি সোৱণশিৰি প্ৰকল্পত ৬, ২৮৫ কোটিৰ পৰা ২৭, ৯৪৯ কোটিলৈ ব্যয় বৃদ্ধি আৰু বিদ্যুতৰ সম্ভাব্য মূল্য ১.৯৩ৰ পৰা ৭.৪৯ টকা ইউনিটলৈ বৃদ্ধি পোৱাৰ তথ্যই কেৱল এটা প্ৰকল্পৰ ব্যয়বৃদ্ধিৰ ছবিকে প্ৰতিফলিত কৰা নাই৷ ইয়াৰ জৰিয়তে দেশৰ বৃহৎ জলবিদ্যুৎ প্ৰকল্পসমূহৰ পৰিকল্পনা, সময়সীমা, ব্যয় নিয়ন্ত্ৰণ, পৰিৱেশগত অনুমোদন আৰু অংশীদাৰসকলৰ সৈতে সমন্বয়ৰ ক্ষেত্ৰত থকা প্ৰত্যাহ্বানসমূহো স্পষ্ট হৈ পৰিছে৷ সংসদীয় কমিটীৰ কঠোৰ নিৰীক্ষণৰ পৰামৰ্শৰ পাছত এতিয়া নামনি সোৱণশিৰি প্ৰকল্পৰ অবশিষ্ট কাম নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰাৰ লগতে ব্যয় আৰু বিদু্যতৰ মূল্য অধিক বৃদ্ধি ৰোধ কৰাটো সংশ্লিষ্ট কতৃৰ্পক্ষৰ বাবে ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে৷ সংসদীয় প্ৰতিবেদন অনুসৰি, সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ উপৰি এনএইচপিচিৰ আন দুটা প্ৰকল্পতো সময় আৰু ব্যয় বৃদ্ধিৰ সমস্যা দেখা দিছে৷ সেই দুটা হৈছে ছিকিমৰ ৫০০ মেগাৱাট ক্ষমতাসম্পন্ন তীস্তা-VI আৰু ১২০ মেগাৱাট ক্ষমতাসম্পন্ন ৰংগিত-IV জলবিদ্যুৎ প্ৰকল্প৷ অৱশ্যে এই তিনিটা প্ৰকল্পৰ ভিতৰত নামনি সোৱণশিৰি প্ৰকল্পত সৰ্বাধিক ব্যয়বৃদ্ধি হৈছে৷