Logo
image

অৰুণাচলক লৈ ভাৰতৰ চীনক কঠোৰ সকীয়নি

'আমাৰ অসম'ৰ ডিজিটেল সংবাদঃ অৰুণাচল প্ৰদেশক লৈ চীনৰ নতুন দাবীৰ বিৰুদ্ধে অতি কঠোৰ স্থিতি গ্ৰহণ কৰিছে মোদী চৰকাৰে। অৰুণাচল প্ৰদেশৰ ২৭টা স্থান আৰু ভৌগোলিক বৈশিষ্ট্যক ভাৰতৰ চৰকাৰী মানচিত্ৰত নামকৰণ কৰাৰ পাছত চীনে ইয়াৰ তীব্ৰ বিৰোধিতা কৰাত নতুনকৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে স্পষ্ট কৰি দিছে—অৰুণাচল প্ৰদেশ ভাৰতৰ অবিচ্ছেদ্য আৰু অবিচ্ছিন্ন অংগ; কোনো দেশৰ আপত্তি বা কৃত্ৰিম নামকৰণে এই বাস্তৱ সত্য সলনি কৰিব নোৱাৰে। 

ভাৰত চৰকাৰে ৭ আগষ্টত অৰুণাচল প্ৰদেশৰ ২৭টা স্থান আৰু ভৌগোলিক বৈশিষ্ট্যক চৰকাৰী মানচিত্ৰত মান্য নামৰে চিহ্নিত কৰে। ইয়াৰ ভিতৰত ভূমি, পাহাৰীয়া গিৰিপথ, হ্ৰদ আৰু অন্যান্য ভৌগোলিক বৈশিষ্ট্য অন্তৰ্ভুক্ত। এই পদক্ষেপক অৰুণাচলৰ ওপৰত ইণ্ডিয়াৰ প্ৰশাসনিক আৰু সাৰ্বভৌম অধিকাৰ স্পষ্টভাৱে পুনৰ প্ৰতিষ্ঠা কৰাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চোৱা হৈছে। ইয়াৰ পাছতে চীনে ভাৰতৰ এই পদক্ষেপক ‘অবৈধ’ আৰু ‘শূন্য’ বুলি অভিহিত কৰে। বেইজিঙে অৰুণাচল প্ৰদেশক নিজৰ দাবীকৃত ‘জাংনান’ অঞ্চলৰ অংশ বুলি পুনৰ দাবী কৰি ভাৰতৰ নামকৰণে সীমান্ত আলোচনা অধিক জটিল কৰিব পাৰে বুলি মন্তব্য কৰে। 


কিন্তু চীনৰ এই দাবীক একপ্ৰকাৰ পোনপটীয়াকৈ নাকচ কৰিছে নতুন দিল্লীয়ে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ বক্তব্য—চীনে অৰুণাচল প্ৰদেশৰ স্থানসমূহৰ বাবে যিমানেই ‘কৃত্ৰিম নাম’ সৃষ্টি নকৰক কিয়, তাৰ ফলত প্ৰকৃত বাস্তৱ সলনি নহয়। এইটো প্ৰথমবাৰৰ বাবে হোৱা ঘটনা নহয়; চীনে ২০১৭ চনৰ পৰা একাধিক পৰ্যায়ত অৰুণাচলৰ বিভিন্ন স্থানৰ নাম সলনি কৰাৰ চেষ্টা কৰি আহিছে।  চীনৰ নাম সলনি কৰাৰ এই কৌশলক নতুন দিল্লীয়ে দীৰ্ঘদিন ধৰি সাৰ্বভৌমত্বৰ দাবী শক্তিশালী কৰাৰ এক ৰাজনৈতিক প্ৰচেষ্টা হিচাপে প্ৰত্যাখ্যান কৰি আহিছে। ২০১৭ চনত চীনে প্ৰথমে ৬টা স্থানৰ নাম সলনি কৰিছিল। ২০২১ চনত আৰু ১৫টা স্থানৰ নাম ঘোষণা কৰাৰ পাছত ২০২৩ চনতো ১১টা স্থানৰ বাবে নতুন নাম প্ৰকাশ কৰিছিল। 

অৰুণাচল প্ৰদেশক লৈ ভাৰত-চীনৰ এই সংঘাত কেৱল নামকৰণৰ বিষয় নহয়; ইয়াৰ আঁৰত আছে সাৰ্বভৌমত্ব আৰু সীমান্তক লৈ দুয়োখন দেশৰ দীৰ্ঘদিনীয়া ভূ-ৰাজনৈতিক সংঘাত। চীনে সমগ্ৰ অৰুণাচল প্ৰদেশৰ ওপৰত দাবী কৰি আহিছে, আনহাতে ভাৰতৰ স্থিতি স্পষ্ট—অৰুণাচল প্ৰদেশ অতীতত ভাৰতৰ অংশ আছিল, বৰ্তমানতো আছে আৰু ভৱিষ্যতেও থাকিব। সেয়ে ২৭টা স্থানৰ চৰকাৰী নামকৰণক কেৱল মানচিত্ৰৰ এক সালসলনি হিচাপে নাচাই চীনৰ ভূখণ্ডগত দাবীৰ বিৰুদ্ধে ভাৰতৰ এক দৃঢ় কূটনৈতিক আৰু কৌশলগত বাৰ্তা হিচাপে দেখা হৈছে। বেইজিঙে আপত্তি জনালেও নতুন দিল্লীৰ বাৰ্তা একেবাৰে স্পষ্ট—নাম সলনি কৰি অৰুণাচলক নিজৰ বুলি দাবী কৰিব নোৱাৰি, আৰু কোনো ধৰণৰ কৃত্ৰিম নামকৰণে ভাৰতৰ ভূখণ্ডগত অধিকাৰ সলনি কৰিব নোৱাৰে।