Logo
image

শেষনিশা ইমৰান খানক চিকিৎসালয়লৈ

'আমাৰ অসম'ৰ ডিজিটেল ডেক্স ইছলামাবাদ, ২১ আগষ্টঃ  পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক স্বাস্থ্য পৰীক্ষাৰ বাবে হাস্পতাললৈ নিয়াৰ কেইঘণ্টামান পাছতে পুনৰ আদিয়ালা কাৰাগাৰলৈ ঘূৰাই নিয়া হয়। ৭৩ বছৰীয়া ইমৰান খানক বৃহস্পতিবাৰে শেষনিশা উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ইছলামাবাদৰ শিফা ইণ্টাৰনেচনেল হাস্পতাললৈ নিয়া হৈছিল। চকুৰ সমস্যাকে ধৰি একাধিক স্বাস্থ্যজনিত সমস্যাৰ বাবে তেওঁৰ স্বাস্থ্য পৰীক্ষাৰ নিৰ্দেশ দিছিল আদালতে।  উল্লেখ্য যে, ইমৰান খানৰ স্বাস্থ্যক লৈ যোৱা কেইবামাহ ধৰি উদ্বেগ অব্যাহত আছে। বিশেষকৈ তেওঁৰ দৃষ্টিশক্তিৰ অৱনতি ঘটাৰ অভিযোগ উত্থাপন কৰিছিল পৰিয়াল আৰু পাকিস্তান তেহৰিক-ই-ইনছাফে । ১৮ আগষ্টত পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে ইমৰান খানক ব্যক্তিগত চিকিৎসকৰ উপস্থিতিত বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰোৱাৰ নিৰ্দেশ দিয়ে। আদালতে পৰিয়ালৰ লোককো নিয়মীয়াকৈ সাক্ষাৎ কৰাৰ সুযোগ দিবলৈ নিৰ্দেশ দিছিল। চিকিৎসা পৰীক্ষাৰ বাবে ইমৰান খানক শিফা ইণ্টাৰনেচনেল হাস্পতাললৈ নিয়া হয় যদিও নিশাটোৰ ভিতৰতে পৰীক্ষা সম্পূৰ্ণ কৰি তেওঁক পুনৰ জেললৈ ঘূৰাই অনা হয়। পাকিস্তানৰ তথ্য মন্ত্ৰী আতাউল্লাহ তাৰাৰে কয় যে বিশেষজ্ঞ চিকিৎসকৰ দলে পৰীক্ষা কৰাৰ পাছত ইমৰান খানক শাৰীৰিকভাৱে সুস্থ বুলি ঘোষণা কৰিছে। চিকিৎসক দলটোত চকু বিশেষজ্ঞ আৰু হৃদৰোগ বিশেষজ্ঞও আছিল।  অৱশ্যে, ইমৰান খানক হাস্পতালত অধিক সময় ৰাখি চিকিৎসা কৰোৱাৰ দাবী জনাইছিল তেওঁৰ দল PTIয়ে। দলটোৰ মতে, আদালতে নিৰ্দেশ দিয়া সময়ছোৱাত হাস্পতালত ৰাখি তেওঁৰ স্বাস্থ্যৰ অধিক পৰীক্ষা আৰু প্ৰয়োজনীয় চিকিৎসা কৰা উচিত আছিল। আদালতৰ নিৰ্দেশ অনুসৰি তেওঁক ১৬ ছেপ্টেম্বৰলৈ হাস্পতালত ৰখাৰ কথা আছিল বুলি প্ৰতিবেদন প্ৰকাশ পাইছিল।


ইয়াৰ মাজতে কেইদিনমান পূৰ্বে ইমৰান খান জেলত মৃত্যু হোৱা বুলি প্ৰচাৰিত এক দাবীয়ে পাকিস্তানত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল। পাকিস্তানী সাংবাদিক ৱাজাহাত ছৈয়দ খানে কেইজনমান সামৰিক বিষয়াৰ উদ্ধৃতি দি ইমৰান খান জেলত আৰু জীয়াই থকা নাই বুলি দাবী কৰিছিল। অৱশ্যে এই দাবীৰ কোনো বিশ্বস্ত ভিত্তি নাছিল আৰু পাছত সাংবাদিকগৰাকীয়েও তেওঁৰ দাবী নিশ্চিত তথ্যৰ আধাৰত নাছিল বুলি স্পষ্ট কৰিছিল। পাকিস্তান সেনাৰ জনসংযোগ বিভাগেও এই মৃত্যুৰ দাবীক মিছা বুলি খাৰিজ কৰিছিল। এই উৰাবাতৰিৰ মাজতে ইমৰান খানৰ পৰিয়াল আৰু PTI-এ তেওঁক সাক্ষাৎ কৰিবলৈ দিয়াৰ লগতে তেওঁৰ স্বাস্থ্যৰ অৱস্থা স্পষ্ট কৰিবলৈ দাবী জনাইছিল। আনকি ইমৰান খানৰ হাস্পতালত চিকিৎসা লোৱাৰ এখন ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল যদিও AFP-ৰ 'ফেক্টৰ চেক'ত সেই ছবিখন কৃত্ৰিম বুদ্ধিমত্তাৰে তৈয়াৰ কৰা বুলি নিশ্চিত কৰা হৈছিল। ২০২২ চনৰ এপ্ৰিলত অনাস্থা প্ৰস্তাৱত প্ৰধানমন্ত্ৰীৰ পদ হেৰুওৱাৰ পাছৰে পৰা ইমৰান খান আৰু পাকিস্তানৰ শক্তিশালী সামৰিক প্ৰতিষ্ঠানৰ মাজৰ সংঘাত ক্ৰমে তীব্ৰ হয়। ২০২৩ চনৰ পৰা তেওঁ কাৰাবন্দী হৈ আছে আৰু তেওঁৰ বিৰুদ্ধে শতাধিক গোচৰ ৰুজু হোৱা বুলি PTI-এ দাবী কৰি আহিছে। ইমৰান খান আৰু তেওঁৰ দলে এই গোচৰসমূহ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি অভিযোগ কৰি আহিছে। চৰকাৰে অৱশ্যে সেই অভিযোগ অস্বীকাৰ কৰিছে। ইমৰান খানৰ বিৰুদ্ধে আল-কাদিৰ ট্ৰাষ্টৰ ভূমি দুৰ্নীতি গোচৰ, চৰকাৰী গোপন নথি প্ৰকাশ আৰু চৰকাৰী উপহাৰ বিক্ৰীৰ সৈতে জড়িত গোচৰকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ গোচৰ চলিছে। ২০২৫ চনত আল-কাদিৰ ট্ৰাষ্ট গোচৰত তেওঁক ১৪ বছৰৰ কাৰাদণ্ড দিয়া হৈছিল। ২০২৪ চনত গোপন কূটনৈতিক বাৰ্তা প্ৰকাশৰ গোচৰতো তেওঁ দোষী সাব্যস্ত হৈছিল যদিও পাছত সেই ৰায় বাতিল কৰা হয়। জেলত থকা সময়ছোৱাতো ইমৰান খান পাকিস্তানৰ ৰাজনীতিত অত্যন্ত প্ৰভাৱশালী হৈ আছে। ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত PTI-য়ে প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত বিভিন্ন বাধাৰ সন্মুখীন হোৱাৰ পাছতো শক্তিশালী ফলাফল লাভ কৰিছিল। দলটোৱে এতিয়াও ইমৰান খানৰ মুক্তিৰ দাবী কৰি আহিছে আৰু অহা ২৭ ছেপ্টেম্বৰত দেশজুৰি প্ৰতিবাদৰ পৰিকল্পনাও ঘোষণা কৰিছে। ইফালে, ইমৰান খানক হাস্পতাললৈ স্থানান্তৰ আৰু পুনৰ জেললৈ ঘূৰাই অনাৰ ঘটনাই পাকিস্তানৰ ৰাজনীতিত নতুনকৈ উত্তেজনা সৃষ্টি কৰিছে। মৃত্যুৰ উৰাবাতৰি, স্বাস্থ্যক লৈ উদ্বেগ আৰু চিকিৎসাৰ অধিকাৰৰ দাবীৰ মাজতে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ পৰৱৰ্তী আইনী আৰু ৰাজনৈতিক পদক্ষেপৰ ওপৰত এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে।