Logo
image

বাহিৰে ৰং চং ভিতৰে...

দেশত এতিয়া এনে এটা পৰিস্থিতিৰ উদ্ভৱ হৈছে যে  প্ৰধানমন্ত্ৰীজনে যিয়েই  নকওঁক কিয়, বিজেপি সমৰ্থকৰ বাহিৰে সাধাৰণ জনতাই বিশ্বাস নকৰা হৈছে৷ পৰিস্থিতি এনে হৈছেগৈ যে প্ৰধানমন্ত্ৰীয়ে  সদৰি কৰা যিকোনো তথ্য এতিয়া জনতাই সন্দেহৰ চকুৰে চাবলৈ ধৰিছে৷ অলপতে দেশৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি  ৭.৮  শতাংশ বুলি প্ৰধানমন্ত্ৰীয়ে জনোৱাৰ লগে লগে সমগ্ৰ দেশতে বিৰূপ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গ’ল৷ জনতাই  এনে তথ্যক বিশ্বাসত লোৱাটো দূৰৈৰে কথা, এনে আচহুৱা তথ্যৰে জনতক বিভ্ৰান্ত কৰা বাবে প্ৰধানমন্ত্ৰীক নানান ধৰণেৰে উপহাস কৰাহে পৰিলক্ষিত হ’ল৷ প্ৰধানমন্ত্ৰী তথা চৰকাৰৰ এনে বহু তথ্য ভুৱা বুলি সময়ত প্ৰমাণিত হোৱাও দেখা গৈছে৷ শেহতীয়াকৈ প্ৰধানমন্ত্ৰীয়ে সদৰি কৰা ভাৰতৰ জনমূৰি আয় জ্জ.জ্জ্ব  শতাংশ বৃদ্ধিৰ তথ্য লৈ সমগ্ৰ দেশতে বিতৰ্কৰ সৃ্‌ষ্টি হয়৷ দেশৰ বহু অৰ্থনীতিবিদৰ মতে প্ৰকৃততে  এই হাৰ মাত্ৰ ২.৮ শতাংশহে৷ জনমুৰি আয় গণনাত হেৰাফেৰি কৰিহে চৰকাৰে ৭.৮ শতাংশ বুলি প্ৰকাশ কৰিছে৷ আনকি দেশৰ প্ৰাক্তন বিত্তীয় সচিবৰ তথ্যয়ো একেই সত্যকে উদঙাই দেখুৱাইছে৷৷ ইয়াৰ পৰা এই কথাই প্ৰমাণিত হ’ল যে দেশৰ প্ৰধানমন্ত্ৰীয়ে জনতাৰ আগত মিছা মাতিছে৷ যোৱা বাৰটা বছৰে চৰকাৰ তথা প্ৰধানমন্ত্ৰীজনে এনেদৰে বহুবাৰ মিছাৰ আশ্ৰয় লৈছে৷ সেয়ে জনতাই প্ৰধানমন্ত্ৰীৰ আসনখনৰ মৰ্য্যদাকো পাহৰি বহু সময়ত নৰেন্দ্ৰ মোদীক   নানা ধৰণেৰে উপহাস কৰিবলৈ ধৰিছে৷ ভৰতৰ ইতিহাসত নৰেন্দ্ৰ মোদীয়েই হয়তো এনে এজন প্ৰধানমন্ত্ৰী যিজনক ছবছৰীয়া ছাত্ৰৰ পৰা আৰম্ভ কৰি বৃদ্ধ লোকেও ইতিকিং নকৰাকৈ থকা নাই৷ ই ভাৰতৰ ৰাজনীতিত  এক অনাকাংক্ষিত ঘটনা৷

দেশত   মূল্যবৃদ্ধি, কৰ্ম সংস্থাপনৰ  অভাৱ, নিয়ন্ত্ৰণহীন আইন-শৃংখলা ব্যৱস্থা, ৰাজনৈতিক নেতাৰ অসামাজিক কৰ্ম, ভণ্ডামি, দুৰ্নীতি, ছিণ্ডিকেট, ধৰ্মীয় ভেদাভেদ, সন্ত্ৰাসবাদ, হত্যা, ধৰ্ষণ আদিৰ দৰে হাজাৰ হাজাৰ সমস্যাই ছানি ধৰি থকাৰ সময়ত কিছুমান ইচ্ছাকৃত ন্যেৰেটিভ সৃষ্টি কৰি জনতাক বিভ্ৰান্ত কৰাটো দক্ষ শাসকৰ কৰ্ম নহয়৷  চতুৰ্থ বৃহৎ অৰ্থনীতিৰ দেশ হ’বলৈ যোৱাৰ আগতে আমি এইবোৰ  কথাও বিশ্লেষ¸ণ কৰা ভাল৷ দেশৰ বৈদেশিক নীতি আৰু অধিক শক্তিশালী কৰি গঢ়ি  তোলা নিতান্তই প্ৰয়োজন, যাতে  সময়ত অন্য  দেশেও সহায়ৰ হাত আগবঢ়াব পাৰে৷ 

কেৱল হিতাধিকাৰী জনতাৰ সঁহাৰি লাভ কৰি ভোটত জিকি ক্ষমতা দখল কৰাই ৰাজনৈতিক দলৰ  শেষ কথা হোৱা অনুচিত৷ বা মিছা প্ৰলোভন দি, ধৰ্মীয় আবেগ সৃষ্টি কৰি, জনতাক ভ্ৰমত  ৰাখি  গাদী দখল কৰিলেই দেশ  সঁচা অৰ্থত আগুৱাব নোৱাৰে৷ নিজৰ  সিদ্ধান্ত  আৰু বিচাৰ, কুটনৈতিক কৌশল অতি মজবুত হোৱাও অতি দৰকাৰ৷ অন্যথা আমেৰিকাৰ দৰে দেশৰ আঙুলিৰ মূৰচ নচা শাসক যিমান জনপ্ৰিয় নহওক লাগে,  জনতাক এদিন আমোৱাব৷ নিজৰ দক্ষতাক অজুহাত আৰু পৰিস্থিতিৰ গাত  ভেঁজা নিদিয়কৈ জনতাৰ মাজলৈ লৈ যাব  নোৱাৰিলে তেনে শাসকক জনতাই সদায় শিৰত তুলি নেৰাখে, এদিন  হলেও মাটিত নমাই দিব৷

আমাক এখন উন্নত, নিৰ্মল, নিকা ভাৰতবৰ্ষ লাগে৷ লাগিলে বিশ্বৰ চতুৰ্থ অৰ্থনীতিৰ স্বীকৃতি পাওঁতে কিছু পলমেই নহওক  কিয় ৷ সত্যৰ ওপৰত প্ৰতিষ্ঠিত এটা মজবুত ভেটি লাগে৷ এই ভেটি কেৱল এজন দক্ষ নিষ্ঠাবান, সদাচাৰী, জ্ঞানী, দূৰদৰ্শী, নিৰ্ভীক,  দয়ালু, প্ৰজাৰ স্বাৰ্থৰ হকে চিন্তা কৰা শাসকেহে গঢ়িব পাৰিব৷ কোনো ক্ষমতালিপ্সুু, মিথ্যাচাৰী, মতলবী, অহংকাৰী, অল্পজ্ঞানী, প্ৰচাৰমুখী, আৰু প্ৰতিশোধ পৰায়ণ শাসকৰ দ্বাৰা ই সম্ভব নহয়৷ আমি বিশ্বত  জিলিকি ৰ’ব খোজোঁ, বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতিৰে বিশ্ব জয় কৰিব খোজো৷ ইয়াৰ বাবে এটা বৈপ্লৱিক পৰিৱৰ্তনৰ কিন্তু  প্ৰয়োজন আছে৷