পৰ্ণগ্ৰাফিৰ টকাৰ যুদ্ধৰ ড্ৰোন!
'আমাৰ অসম'ৰ ডিজিটেল ডেস্ক ৮ ছেপ্টেম্বৰঃ ৰাছিয়াৰ বিৰুদ্ধে যুঁজিবলৈ ইউক্ৰেইনৰ অভিনৱ পৰিকল্পনা! যুদ্ধ চলাবলৈ অস্ত্ৰ লাগে, অস্ত্ৰ কিনিবলৈ লাগে ধন। আৰু সেই ধন সংগ্ৰহৰ বাবেই এইবাৰ ইউক্ৰেইনে চকু দিছে এনে এটা উদ্যোগলৈ, যিটোৰ নাম শুনিলেই বহুতৰে হয়তো চকু কপালত উঠিব! ৰাছিয়াৰ বিৰুদ্ধে চলি থকা যুদ্ধৰ মাজতে ইউক্ৰেইনত পৰ্ণগ্ৰাফি বা Adult Content উদ্যোগক বৈধ কৰাৰ প্ৰস্তাৱক লৈ তীব্ৰ চৰ্চা আৰম্ভ হৈছে। উদ্দেশ্য—এই উদ্যোগক কৰৰ আওতালৈ আনি চৰকাৰৰ ৰাজহ বৃদ্ধি কৰা আৰু সেই ধন যুদ্ধৰ ব্যয়ত ব্যৱহাৰ কৰা।
লক্ষ্য বছৰি ২.৫ কোটি ডলাৰ!
ইউক্ৰেইনৰ সাংসদ য়াৰোছ্লাভ জেলেজনিয়াকে আগবঢ়োৱা যুক্তি অনুসৰি, Adult Content উদ্যোগক বৈধভাৱে কৰৰ আওতালৈ আনিব পাৰিলে বছৰি প্ৰায় ২.৫ কোটি ডলাৰ ৰাজহ সংগ্ৰহ কৰিব পৰা যাব।
এই পৰিমাণৰ ধন যুদ্ধৰ ক্ষেত্ৰত সৰু নহয়। জেলেজনিয়াকৰ হিচাপ অনুসৰি, এই ধনেৰে প্ৰায় ৩০ হাজাৰ সামৰিক ড্ৰোন ক্ৰয় কৰিব পৰা যাব। ৰাছিয়া-ইউক্ৰেইন যুদ্ধত ড্ৰোন এতিয়া যুদ্ধক্ষেত্ৰৰ অন্যতম গুৰুত্বপূৰ্ণ অস্ত্ৰ হৈ পৰিছে। সেয়েহে কৰ সংগ্ৰহৰ এই অভিনৱ পৰিকল্পনাৰ আঁৰত আছে একেবাৰে বাস্তৱ সামৰিক প্ৰয়োজন।
‘অবৈধ’ অথচ বিশাল অনলাইন ব্যৱসায়
আচলতে ইউক্ৰেইনত Adult Content-ৰ ব্যৱসায় সম্পূৰ্ণ নতুন নহয়। অনলাইন প্লেটফৰ্ম, বিশেষকৈ OnlyFansৰ দৰে ছাইটৰ জৰিয়তে বহু ইউক্ৰেইনীয়ই ইতিমধ্যে উপাৰ্জন কৰি আহিছে।
প্ৰকাশিত তথ্য অনুসৰি, ২০২৩ চনত প্ৰায় ৭,৯০০ ইউক্ৰেইনীয়ই OnlyFansৰ জৰিয়তে ১৩.১ কোটি ডলাৰতকৈ অধিক উপাৰ্জন কৰিছিল। অৰ্থাৎ চৰকাৰৰ দৃষ্টিত এইটো কেৱল নৈতিকতাৰ বিতৰ্ক নহয়—ই এটা বৃহৎ অৰ্থনৈতিক ক্ষেত্ৰও।
সমস্যাটো হ’ল, এই উদ্যোগৰ এটা ডাঙৰ অংশ এতিয়াও আইনৰ ছাঁৰ বাহিৰত। ইউক্ৰেইনৰ বৰ্তমান আইন অনুসৰি পৰ্ণোগ্ৰাফীৰ উৎপাদন আৰু বিতৰণ অপৰাধ হিচাপে গণ্য হ’ব পাৰে আৰু ইয়াৰ বাবে কাৰাদণ্ডৰ ব্যৱস্থাও আছে।
তেন্তে চৰকাৰৰ লাভ ক’ত?
সমৰ্থকসকলৰ যুক্তি—যিটো উদ্যোগ ইতিমধ্যে অনলাইনত চলি আছে, তাক কেৱল নিষিদ্ধ কৰি ৰাখিলে চৰকাৰৰ কোনো ৰাজহ নাহে। বৰং বৈধ কৰি নিয়ম-কানুনৰ মাজলৈ আনিলে চৰকাৰে কৰ সংগ্ৰহ কৰিব পাৰিব। ইয়াৰ লগতে Adult Content উদ্যোগক নিয়ন্ত্ৰণৰ অধীনলৈ অনাৰ ফলত আৰক্ষীৰ হস্তক্ষেপ আৰু দুৰ্নীতি কমিব পাৰে বুলিও যুক্তি দিয়া হৈছে। অৰ্থাৎ প্ৰস্তাৱটোৰ মূল যুক্তি হৈছে—“যেতিয়া ব্যৱসায়টো বাস্তৱত চলিয়েই আছে, তেন্তে তাক নিয়ন্ত্ৰণ কৰি কৰ সংগ্ৰহ নকৰিব কিয়?”
যুদ্ধৰ অৰ্থনীতিত ‘Adult Industry’
ৰাছিয়াৰ আক্ৰমণৰ পিছৰে পৰা ইউক্ৰেইনৰ অৰ্থনীতি আৰু চৰকাৰী বাজেটৰ ওপৰত যুদ্ধৰ ব্যাপক চাপ পৰিছে। অস্ত্ৰ, গোলাবাৰুদ, ড্ৰোন, সেনাৰ সা-সামগ্ৰী—সকলোতে বিপুল ধনৰ প্ৰয়োজন। এনে পৰিস্থিতিত চৰকাৰৰ বাবে নতুন ৰাজহৰ উৎস বিচৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিছে। সেই প্ৰেক্ষাপটতেই পৰ্নগ্ৰাফিক উদ্যোগক কৰৰ আওতালৈ অনাৰ প্ৰস্তাৱটো বিশেষ চৰ্চালৈ আহিছে। অৰ্থাৎ যুদ্ধৰ বাজেটত এতিয়া কেৱল অস্ত্ৰ-শস্ত্ৰৰ হিচাপ নহয়—Adult Content-ৰ কৰৰ হিচাপো সোমাব পাৰে!
কিন্তু বিতৰ্ক কমা নাই
অৱশ্যে এই প্ৰস্তাৱক লৈ সকলো পক্ষ একমত নহয়। Adult Content বৈধ কৰিলে ইয়াৰ সামাজিক প্ৰভাৱ কি হ’ব, উদ্যোগটোক কেনেদৰে নিয়ন্ত্ৰণ কৰা হ’ব, শোষণ আৰু জোৰ-জবৰদস্তি কেনেকৈ ৰোধ কৰা হ’ব—এনেধৰণৰ বহু প্ৰশ্নও উত্থাপিত হৈছে। আনহাতে সমৰ্থকসকলৰ মতে, সম্পূৰ্ণ নিষেধাজ্ঞাই সমস্যাৰ সমাধান কৰা নাই। বৰং অনলাইন জগতত উদ্যোগটো চলি থকাৰ ফলত ইয়াৰ ওপৰত চৰকাৰৰ নিয়ন্ত্ৰণ আৰু ৰাজহ দুয়োটাই সীমিত হৈ আছে।
এতিয়া কি হ’ব?
প্ৰস্তাৱিত বিধেয়কখনে ইউক্ৰেইনৰ সংসদত প্ৰথম পৰ্যায়ৰ ভোট পাৰ কৰিছে। এতিয়া দ্বিতীয় পৰ্যায়ৰ ভোট আৰু পৰৱৰ্তী সাংবিধানিক প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰিব প্ৰস্তাৱটো বাস্তৱায়িত হয় নে নহয়। যদি আইনখন গৃহীত হয়, তেন্তে যুদ্ধৰ মাজত Adult Content উদ্যোগৰ পৰা কৰ সংগ্ৰহ কৰা দেশসমূহৰ তালিকাত ইউক্ৰেইনো যোগ হ’ব পাৰে।ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধত ইউক্ৰেইনৰ নতুন সমীকৰণ—Adult Content → Tax → Revenue → Drone! যুদ্ধৰ ভয়ংকৰ বাস্তৱৰ মাজত এই পৰিকল্পনাই এটা অদ্ভুত প্ৰশ্ন উত্থাপন কৰিছে—যুদ্ধৰ পুঁজিৰ বাবে এখন দেশে কিমান দূৰলৈ যাব পাৰে?






