ড০ হীৰেন গোহাঁইলৈ মুকলি চিঠি অখিল গগৈৰ
'আমাৰ অসম'ৰ ডিজিটেল ডেস্কঃ ড০ হীৰেন গোহাঁইলৈ মুকলি চিঠি অখিল গগৈৰ। মুকলি চিঠিত হীৰেন গোহাঁইলৈ লিখিছে বিধায়ক অখিল গগৈয়ে-
প্ৰতি,
শ্ৰদ্ধাস্পদ ড॰ হীৰেন গোহাঁই ছাৰ
বিষয়ঃ ড॰ হীৰেন গোহাঁই ছাৰৰ ৫ ছেপ্তেম্বৰৰ ফেচবুক পোষ্ট, ইতিহাসৰ বস্তুনিষ্ঠতা, অসমৰ বিৰোধী ৰাজনীতিৰ পথ আৰু ‘ৰাইজৰ দল’ৰ বিকল্প অসমৰ সংকল্প সংক্ৰান্তত৷
ছাৰ,
প্ৰথমতেই মোৰ সশ্ৰদ্ধ প্ৰণাম যাচিছোঁ৷ বাইদেউকো মোৰ শ্ৰদ্ধাভৰা নমস্কাৰ দিব৷ যোৱা ৫ ছেপ্তেম্বৰত আপুনি মোৰ বিষয়ে/বিৰুদ্ধে লিখা চমু লেখাটোৰ উত্তৰ মই আপোনাক নিজে লগ ধৰি দিম বুলি ভাবিছিলোঁ যদিও উজনি অসমৰ মহাদুৰ্যোগৰ পৰিপ্ৰেক্ষিতত মই শিৱসাগৰ-যোৰহাট এৰিব নোৱাৰা পৰিস্থিতিৰ বাবে আপোনাক লগ ধৰিবলৈ সময় উলিয়াব পৰা নাই৷ এনেকৈ দেৰি হ’লে বিষয়টোৰ প্ৰাসংগিকতা হ্ৰাস পাব বুলি ভাবি এই চিঠিখন লিখিলোঁ৷ আজি মই প্ৰচণ্ড জ্বৰত বিচনাত পৰি পৰি ভাইটি এটাক শ্ৰুতলিপি দি এই চিঠিখন লিখিছোঁ৷ চিঠিৰে আপোনাৰ লেখাৰ উত্তৰ দিবলগীয়া হোৱা বাবে ক্ষমা মাৰ্জনা কৰিব৷
অসমৰ বৌদ্ধিক আৰু সামাজিক জীৱনত আপোনাৰ অৱদান অনস্বীকাৰ্য৷ কিন্তু যোৱা ৫ ছেপ্তেম্বৰ, ২০২৬ তাৰিখে সামাজিক মাধ্যম ‘ফেচবুক’ত মোৰ বিৰুদ্ধে আপুনি লিখা চমু লেখাটোৱে মোক গভীৰভাৱে চিন্তিত কৰি তুলিলে৷ অনিচ্ছা স্বত্ত্বেও মই ক’বলৈ বাধ্য, আপোনাৰ এই মূল্যায়নত এজন বয়োজ্যেষ্ঠ বাঁওপন্থী চিন্তাবিদৰ বস্তুনিষ্ঠ বিশ্লেষণ প্ৰকাশ পোৱা নাই, তাৰ পৰিৱৰ্তে, এক ধাৰণাগত একদেশদৰ্শিতা আৰু মূলসুঁতিৰ বুৰ্জোৱা দল কংগ্ৰেছৰ প্ৰতি থকা আপোনাৰ অহেতুক দুৰ্বলতাহে প্ৰকাশ পাইছে৷ আপোনাৰ এই লেখাটো আমাৰ(মোৰ আৰু ৰাইজৰ দলৰ) নীতি-উদ্দেশ্য আৰু কৰ্মসূচীৰ ওপৰত সমালোচনা নহৈ, ব্যক্তিৰ চৰিত্ৰ আৰু মনস্তত্ত্বৰ ওপৰত কৰা ব্যক্তিগত আক্ৰমণতহে পৰিণত হ’ল৷
আশ্বৰ্যজনকভাৱে আপুনি মোৰ চৰিত্ৰহনন কৰিছে৷ আপুনি প্ৰথমেই চিঠিখনত লিখিছে – “প্ৰথমতে অখিলৰ প্ৰধান লক্ষ্য, যি কোনো উপায়ে নিজক যিমান পাৰি ওপৰলৈ তোলা৷ আৰু এই আকাংক্ষাৰ কোনো উৰ্ধসীমা নাই৷ তাৰ বাবে আদৰ্শ, বন্ধুত্ব, বুজাবুজি, চুক্তি, নিজা মতামত, সকলো পেলনীয়া কাগজ হ’ব পাৰে৷ ই ৰাজ্যৰ ৰাজনীতিৰ বাবে হিমন্তৰ উত্থানৰ দৰেই বিপজ্জনক৷” এয়া আপোনাৰ মোৰ ওপৰত বিশুদ্ধ ব্যক্তিকেন্দ্ৰিক আক্ৰমণ অথবা ব্যক্তিগত চৰিত্ৰহননৰ প্ৰয়াস৷ এজন ব্যক্তিৰ মানসিকতা আৰু স্বভাৱৰ ওপৰত কৰা ব্যক্তিগত আক্ষেপ– ইয়াত কোনো মাৰ্ক্সীয় চিন্তাৰ বস্তুনিষ্ঠতাৰ অস্তিত্ব নাই, বৰং এয়া হ’ল দীৰ্ঘদিনীয়া মেহনতি জনতাৰ জাতীয় সংগ্ৰামত জড়িত, কাৰাৰূদ্ধ অৱস্থাতে জনপ্ৰতিনিধি নিৰ্বাচন কৰি পঠিওৱা নিৰ্বাচিত প্ৰতিনিধিক, তথ্য- প্ৰমাণহীনভাৱে ৰাজ্যখনৰ বাবে ‘বিপজ্জনক’ বুলি আখ্যা দি, কেৱল মনস্তাত্ত্বিকভাৱে পাঠকক প্ৰভাৱিত কৰাৰ দুষ্ট প্ৰয়াস৷
আপুনি এফালে স্বীকাৰ কৰিছে যে ব্যক্তিজন ‘অতি কৰ্মপটু’ আৰু “ৰাইজৰ দলত বহুত সৎ কৰ্মী আছে’’, কিন্তু আনফালে সমগ্ৰ দল আৰু নেতৃত্বৰ পদক্ষেপক কেৱল ‘আত্ম-প্ৰচাৰ’ বা ‘খেয়াল’ বুলি অভিহিত কৰি স্ববিৰোধিতাৰে সৈতে নিজৰ অভিপ্ৰায় পূৰণ কৰিছে৷ আপুনি কংগ্ৰেছৰ পক্ষে একপক্ষীয় স্থিতি লোৱাৰ আৱেগত পাহৰি গৈছে যে নিৰ্বাচনী ৰাজনীতিত আসনৰ দাবী কৰাটো এটা আঞ্চলিক দল বা নতুন দলৰ অধিকাৰ আৰু অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম৷ আপুনি বৃহৎ ৰাষ্ট্ৰীয়তাবাদী দল (কংগ্ৰেছ)ৰ দৃষ্টিভংগীক শুদ্ধ বুলি আগতীয়াকৈ ধৰি লৈ সৰু আঞ্চলিক দলৰ দাবীক ‘আঁকোৰগোজ’ আৰু ‘হুলস্থূল’ বুলি অপবাদ দিছে৷ আৱেগত উটিভাঁহি আপুনি এইটোও পাহৰি গ’ল যে দুটা দলৰ মাজৰ আসনৰ টনা-আঁজোৰাত দলৰ বাহিৰৰ কোনো মানুহে মতামত দিয়াটোৱে শুদ্ধ ধাৰণা নহয়৷ লগতে আপুনি এইটো সত্যও পাহৰি গৈছে যে ডাঙৰ দলবোৰে সৰু দলবোৰক নিজৰ অধীনস্থ কৰি ৰাখিব খোজা ৰাজনৈতিক হেঁচাক সম্পূৰ্ণভাৱে আপুনি এৰাই চলিছে৷ এয়া আপোনাৰ দেখ দেখ ৰাজনৈতিক পক্ষপাতদুষ্টতা৷ কংগ্ৰেছে নিৰ্বাচনৰ যথেষ্ট পূৰ্বে ৰাজনৈতিক দলবোৰৰ মাজত মিত্ৰতা গঢ়ি তুলিব নোৱাৰাৰ ব্যৰ্থতাক আপুনি সমালোচনা কৰা নাই, দেৰিকৈ মিত্ৰতা কৰি(বাধ্যত পৰি) ২০২৬ ৰ নিৰ্বাচনত অসমৰ সংসদীয় ইতিহাসৰ সবাতোকৈ বেয়া ফলাফল প্ৰদৰ্শন কৰা বাবে ডাঙৰ দলটোক সমালোচনাও কৰা নাই, বিৰোধী ঐক্য ভাঙি দিয়া বাবেও আপুনি কংগ্ৰেছৰ গাত আঁচ এটাও পৰিবলৈ দিয়া নাই; দোষাৰোপ কৰিছে কেৱল আঞ্চলিক দলটোক ৷ কংগ্ৰেছৰ ব্যৰ্থতা, অহংকাৰ, নিৰ্বাচনী প্ৰস্তুতিহীনতা, শাসক দলৰ লগত একাংশৰ বুজাবুজি, মিত্ৰতাৰ ক্ষেত্ৰত দেখুওৱা কেৰামতালিক সম্পূৰ্ণ সুৰক্ষা দি আপুনি মোক আৰু ৰাইজৰ দলক খলনায়ক সজোৱাৰ এক স্পষ্ট ৰাজনৈতিক ৰণনীতি লৈছে৷ ৰাজ্যৰ এজন স্বনামধন্য জ্যেষ্ঠ বুদ্ধিজীৱীৰ লেখাত বস্তুনিষ্ঠতাৰ পৰিৱৰ্তে কেৱল হতাশা, ব্যক্তিগত বিতৃষ্ণা, উটিভাঁহি যোৱা আৱেগ তথা উষ্মা, একদেশদৰ্শিতা আৰু ৰাইজক বিপথে পৰিচালিত কৰাৰ উদ্দেশ্য প্ৰকাশ পাইছে৷
ছাৰ, আপোনাৰ এই লেখাত বুদ্ধিজীৱীসুলভ বস্তুনিষ্ঠ ৰাজনৈতিক মূল্যায়ন দেখা নাপালোঁ, বৰঞ্চ দেখিলোঁ এক ভাবাৱেগ ভিত্তিক আৰু পক্ষপাতদুষ্ট মতামত৷ ৰাইজৰ দল আৰু আমাৰ ৰাজনৈতিক মতাদৰ্শ আৰু কৰ্মসূচীক একাষৰীয়া কৰি ৰাখি, মোক ব্যক্তিগত আক্ৰমণ কৰি সামাজিক আৰু ৰাজনৈতিক গ্ৰহণযোগ্যতাক হ্ৰাস কৰাৰ স্পষ্ট প্ৰচেষ্টাহে চিঠিখনত ওলাই পৰিল৷ সকলো জটিল ৰাজনৈতিক সন্ধিক্ষণত কংগ্ৰেছৰ ঐতিহাসিক ভুল সিদ্ধান্তক আপুনি ৰক্ষণাবেক্ষণ দি আহিছে৷ কংগ্ৰেছে ৰাইজৰ দলৰ সৈতে মিত্ৰতা ভংগৰ আনুষ্ঠানিক ঘোষণা দিয়াৰ লগে লগে এই চিঠিখনত আপুনি যেনেকৈ অপ্ৰাংগিকভাৱে কংগ্ৰেছক মূৰত তুলি লৈছে, কংগ্ৰেছক ৰক্ষণাবেক্ষণ দিবলৈ মোক আকস্মিক আৰু অনাকাংক্ষিতভাৱে ব্যক্তিগত আক্ৰমণ কৰিছে, তেনেকৈ ২০২১ চনতো বিধানসভা নিৰ্বাচনত আপুনি কংগ্ৰেছৰ ঐতিহাসিক ভুল সিদ্ধান্ত (সাম্প্ৰদায়িক মৌলবাদী এআইইউডিএফক মিত্ৰতালৈ আনি আঞ্চলিক দলসমূহক বিশ্বাসঘাতকতা কৰা)ক বিনাদ্বিধাই সমৰ্থন কৰি নতুনকৈ গঠিত আঞ্চলিক দল দুটাক ভুলকৈ খলনায়ক সজাবলৈ যত্ন কৰিছিল৷ আমাৰ নতুন দলটোৰ আন প্ৰাৰ্থীৰ কথা বাদেই দিলো, আপুনি মই NIA ত বন্দী হৈ থকাৰ সময়তো জে’লৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰোঁতে মোকো পৰাজিত কৰিবলৈ উঠি পৰি লাগিছিল, যিটোত আপুনি ব্যৰ্থ হ’ল৷ মই শিৱসাগৰৰ জনতাৰ মৰমত জয়ী হ’লোঁ, কাৰামুক্ত হ’লোঁ আৰু পাঁচ বছৰ অসম বিধান সভাত একমাত্ৰ বিৰোধীৰ দৰে কাৰ্যনিৰ্বাহ কৰিলোঁ৷ আপুনি নিশ্চয় জানে সেই সময়ত সদনত কংগ্ৰেছ বিধায়িনী দলৰ ভূমিকা আছিল দুখ লগাকৈ দুৰ্বল আৰু আত্মসমৰ্পনকাৰী৷
সেয়েহে আপোনাৰ মোৰ প্ৰতি বিদ্বেষপূৰ্ণ, ঘৃণাৰে ভৰি থকা লেখাটোৰ ওপৰত মোৰ মন্তব্য প্ৰকাশ কৰাৰ পাছত তলত মূল কথাখিনিৰ উত্তৰ দাঙি ধৰিলোঁ৷ আমি যদি কেতিয়াবা ক্ষমতা দখল কৰোঁ, তেনেহ’লে কেনে এখন অসম গঢ়ি তুলিম, তাৰো চমু ৰূপৰেখা এটা তুলি ধৰিলোঁঃ
১) ব্যক্তিকেন্দ্ৰিক আক্ৰমণ বনাম সংগ্ৰামী বাস্তৱতাঃ
আপুনি মোৰ ৰাজনৈতিক স্থিতি-পদক্ষেপক ‘উৰ্ধসীমা নোহোৱা ব্যক্তিগত আকাংক্ষা’ আৰু ‘খেয়াল’ বুলি লঘূ কৰিব বিচাৰিছে৷ কিন্তু ইতিহাস ইয়াৰ সাক্ষী– যিসকলে আন্দোলনক কেৱল শীততাপ নিয়ন্ত্ৰিত কোঠাৰ বৌদ্ধিক চৰ্চাতে আৱদ্ধ নাৰাখি ৰাজপথৰ ধূলি-বালিলৈ নমাই আনে, তেওঁলোকক সদায় স্থিতাৱস্থাবাদী শক্তিবোৰে ‘অহংকাৰী’ বা ‘বিপজ্জনক’, ‘হঠকাৰী’, ‘নৈৰাজ্যবাদী’, ‘উন্নয়নবিৰোধী’, ‘প্ৰতিক্ৰিয়াশীল’ বুলিয়েই অপবাদ দি আহিছে৷ প্ৰায় আঢ়ৈ দশক ধৰি অসমত কৃষকসকলে আমাৰ উদ্যোগত কৰা কঠোৰ উত্তাল গণ সংগ্ৰাম, মোৰ দীৰ্ঘদিনীয়া আৰু সঘন জে’ল যাত্ৰা, অন্তহীন কাৰাৰূদ্ধ জীৱন, মোৰ ওপৰত ৰাষ্ট্ৰৰ শাৰীৰিক-মানসিক নিৰ্যাতন আৰু শাসকৰ ৰঙা চকুক সদায়ে প্ৰত্যাহ্বান জনোৱা আমাৰ দীৰ্ঘদিনীয়া গণসংগ্ৰামখনক কেৱল ব্যক্তিস্বাৰ্থ বুলি অভিহিত কৰাটো আপোনাৰ চিন্তাৰ ধাৰণাগত স্থৱিৰতাকহে সূচায়৷
২) কংগ্ৰেছৰ দেউলীয়া মতাদৰ্শ আৰু অহেতুক কংগ্ৰেছ নিৰ্ভৰতাৰ সমালোচনাঃ
আপুনি বিৰোধী ঐক্যৰ নামত কংগ্ৰেছক কেন্দ্ৰবিন্দু কৰি সাম্প্ৰদায়িক- ফেচিবাদী বিজেপি চৰকাৰখনৰ বিৰুদ্ধে ৰথৰ চকৰী ঘূৰাৰ যি ওকালতি কৰিছে, সি অত্যন্ত দুঃখজনকেই নহয়, আপোনাৰ জীৱনৰ হতাশগ্ৰস্ততাৰ লক্ষণ বুলি গণ্য কৰিবলৈ বাধ্য হৈছোঁ৷ যি কংগ্ৰেছে দশক দশক ধৰি দেশত স্বৈৰাতান্ত্ৰিক শাসন চলালে, ব্যাপক ভ্ৰষ্টাচাৰত লিপ্ত হৈ কাৰ্যতঃ গণবিচ্ছিন্ন হৈ গ’ল, আৰু নব্য-উদাৰবাদী নীতিৰে বহুজাতিক সাম্ৰাজ্যবাদৰ ওচৰত দেশৰ অৰ্থনীতি বিক্ৰী কৰিলে— সেই একেটা দেউলীয়া দলৰ পদসেৱা কৰাটোকে আপুনি বিৰোধীৰ ধৰ্ম বুলি ধৰি লৈছে৷ কংগ্ৰেছৰ ওচৰত অসমবাসীৰ আঞ্চলিক স্বায়ত্ত্বশাসন আৰু স্বাভিমান আত্মসমৰ্পণ কৰাটো ‘ঐক্য’ নহয়, সেয়া হ’ল ইতিহাসৰ প্ৰতি ঐতিহাসিক বিশ্বাসঘাটকতা৷ নিৰ্বাচনী আসনৰ দাবী আমাৰ কোনো আঁকোৰগোজ স্থিতি নাছিল; বৰঞ্চ আমাৰ মূল উদ্দেশ্য আছিল অসমৰ খিলঞ্জীয়া, মেহনতী জনতা আৰু গণআন্দোলনৰ ভৱিষ্যতক কংগ্ৰেছৰ হাইকামাণ্ডীয় মেৰপাকৰ বলি হ’বলৈ নিদিয়া৷
বিজেপি-আৰএছএছৰ আগ্ৰাসী আক্ৰমণক বাৰে বাৰে প্ৰতিৰোধত ব্যৰ্থ হৈ, নিৰ্বাচনত পৰাজিত হৈ আপুনি আৰু অসমৰ একাংশ বুদ্ধিজীৱীয়ে কংগ্ৰেছৰ ওচৰত সম্পূৰ্ণ আত্মসমপৰ্ন কৰিছে৷
ছাৰ, কংগ্ৰেছ এতিয়া আদৰ্শহীন, গণবিচ্ছিন্ন আৰু কাৰোৰে বাবে আশাৰ সঞ্চাৰ কৰিব নোৱাৰা মৰহি যোৱা ৰাজনৈতিক দল৷ এই দলৰ নেতৃত্বত সাম্প্ৰদায়িক- ফেচিবাদক প্ৰতিৰোধ কৰিম বুলি ভবাটোক একাংশ প্ৰগতিশীল বুদ্ধিজীৱীক মৰীচিকা খেদাৰ বাহিৰে আন একো নহয়৷
বিজেপি-আৰএছএছক যদি প্ৰতিৰোধ কৰিব লাগে, স্বৈৰতন্ত্ৰক যদি ৰূদ্ধ কৰিব লাগে, সাম্প্ৰদায়িকতাবাদক যদি গণবিচ্ছিন্ন কৰিব লাগে; তেন্তে আদৰ্শহীন-ভ্ৰষ্টাচাৰী কংগ্ৰেছৰ নেতৃত্বত নহয়, এই মহৎ কাম কৰিব লাগিব সুস্থ মতাদৰ্শ আৰু আশাৰ সঞ্চাৰ কৰিব পৰা কৰ্মসূচীৰে– নতুন মানুহেৰে, নৱ প্ৰজন্মৰে৷ এই যাত্ৰাত নিশ্চয় কংগ্ৰেছেও অংশীদাৰ হ’ব পাৰে, কিন্তু কংগ্ৰেছৰ নেতৃত্বত নহয়৷
৩) বিজেপি-আৰএছএছৰ ফেচিবাদী ৰাজনীতিৰ বিৰুদ্ধে আমাৰ অপ্ৰতিৰোধ্য সংগ্ৰামঃ
নাগপুৰৰ দ্বাৰা পৰিচালিত বিজেপি-আৰএছএছৰ ফেচিবাদী, সাম্প্ৰদায়িক আৰু ধৰ্মান্ধ ৰাজনীতিৰ বিৰুদ্ধে আটাইতকৈ শক্তিশালী প্ৰত্যাহ্বান যে আমি আজিও জনাই আহিছোঁ, সি সমগ্ৰ অসমবাসীয়ে জানে৷ শাসকীয় দলটোৰ ৰাজনৈতিক মেৰুকৰণ, কৰ্পোৰেট পুঁজিৰ হাতত অবাধ লুণ্ঠনৰ অধিকাৰ প্ৰদান আৰু সাংবিধানিক গণতান্ত্ৰিক অনুষ্ঠানসমূহক ধ্বংস কৰা নীতিৰ বিৰুদ্ধে ‘ৰাইজৰ দল’ সদায় প্ৰথম শাৰীত আছে৷ অসম বিধানসভাৰ মজিয়াত মই নিজে প্ৰতিখন অধিৱেশনত সদনৰ ভিতৰে/বাহিৰে গঢ়ি তোলা ব্যতিক্ৰমী আৰু কোনোদিন নোহোৱা নোপজা প্ৰতিবাদ, প্ৰতিখন গণবিৰোধী আৰু সাম্প্ৰদায়িক বিধেয়কৰ বিৰুদ্ধে প্ৰতিৰোধৰ প্ৰাচীৰ গঢ়ি তোলা, প্ৰতিটো জনগণবিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে অকতোভয় সবল প্ৰতিবাদ কৰা, প্ৰত্যুৎপন্নমতিতাৰে চৰকাৰক ব্যতিব্যস্ত কৰা কৌশল লৈ চৰকাৰক শলঠেকত পেলোৱাৰ চেষ্টা; বিধান সভাৰ ভিতৰত উত্থাপন কৰিব নোৱাৰা বা সময় নোপোৱা প্ৰতিটো সমস্যা সদনৰ বাহিৰত তুলি ধৰি অসম বিধানসভাৰ ইতিহাসত নজিৰ সৃষ্টি কৰিবলৈ চেষ্টাৰ ত্ৰুটী কৰা নাই৷ তদ্ৰুপ, জনগণৰ প্ৰতিটো সংকটত চৰকাৰক জবাবদিহি কৰি চৰকাৰক কঁপাই তুলিবলৈ যত্নবান হৈছোঁ৷ উদাহৰণ– শেহতীয়া উজনি অসমৰ মহাপ্ৰলয়৷ প্ৰতিটো সংকটৰ সময়ত ঐতিহাসিক শিৱসাগৰ বিধান সভা সমষ্টিলৈ মুখ্যমন্ত্ৰীক আহিবলৈ বাধ্য কৰোৱা, সমষ্টিৰ বাবে নতুন বৃহৎ আঁচনি উলিয়াই নিবলৈ সক্ষম হোৱাটোক আপুনি ‘হিমন্ত বিশ্ব শৰ্মাৰ বন্দনা’ বুলি আখ্যা দিয়াটো আপোনাৰ ৰাজনৈতিক অপৰিপক্কতা, অভিজ্ঞতাহীনতাহীনতা আৰু তথ্যহীনতাৰহে পৰিচায়ক৷
ছাৰ, এইটো নিষ্ঠুৰ সত্য যে স্বাধীনোত্তৰ ভাৰতৰ ইতিহাসৰ সবাতোকৈ সংকটৰ সময়খিনিত (২০১৪-২০২৬) আমাৰ বাঁওপন্থী বুদ্ধিজীৱী সমাজৰ বৃহৎ অংশ এটা আৰু বাঁওপন্থী দলবোৰ এতিয়া দিশহাৰা, কিংকৰ্ত্তব্যবিমোৰ আৰু লক্ষ্য- উদ্দেশ্য- কৰ্মসূচীবিহীন হৈ পৰিছে; যাৰ বাবে তেওঁলোক ভাৰতৰ ৰাজনীতিত নিজকে অপ্ৰাসংগিক আৰু গণবিচ্ছিন্ন কৰি পেলাইছে৷ আৰু তাৰ শেষ ফলাফল হ’লগৈ ‘কম ক্ষতিকৰ’ তত্ত্ব উদ্ভাৱন কৰি আদৰ্শৰ নামত কংগ্ৰেছত শৰণ লোৱা৷
৪) ‘ৰাইজৰ দল’ৰ মূল ৫ টা কাৰ্যসূচী আৰু বিকল্প অসমৰ গতিপথঃ
আপোনাৰ আৰু আপোনাৰ দৰে বাঁওপন্থী বুদ্ধিজীৱী শিবিৰৰ নিৰাশাবাদী দৃষ্টিভংগীৰ বিপৰীতে, আমাৰ হাতত আছে এক নতুন, সমৃদ্ধিশালী অসম গঢ়াৰ স্পষ্ট আৰু বাস্তৱসন্মত কৰ্মসূচী৷ আমি ক্ষমতালৈ আহিলে বৰ্তমানৰ একনায়কত্ববাদী শাসনৰ অন্ত পেলাই প্ৰকৃত গণতান্ত্ৰিক শাসন প্ৰতিষ্ঠা কৰিম৷ আমাৰ বিকল্প অৰ্থনীতি আৰু শাসনৰ মূল ৫ টা স্তম্ভ হ’লঃ
(ক) বছৰৰ সকলো সময়তে খেতিঃ আধুনিক জলসিঞ্চন আৰু শেহতীয়া প্ৰযুক্তিৰ বৈজ্ঞানিক পদ্ধতিৰে অসমৰ কৃষি খণ্ডক খাদ্য-উদ্বৃত্ত্ব আৰু লাভজনক খণ্ডত পৰিণত কৰা৷ যাক আমি নাম দিছোঁ সেউজ স্বৰাজ৷ ইয়াৰ লগত আছে কৃষকসকলৰ বাবে MSP ৰ গেৰাণ্টি৷
(খ) উৎপাদন বৃদ্ধি আৰু নিবনুৱামুক্ত অসমঃ অসমৰ প্ৰতিখন গাঁৱত আৰু নগৰৰ ৱাৰ্ডে ৱাৰ্ডে ক্ষুদ্ৰ, লঘু আৰু মাক্ৰ’ উদ্যোগ (MSME) প্ৰতিষ্ঠা কৰি স্থানীয় উৎপাদন বৃদ্ধি কৰা৷ ইয়াক আমি গ্ৰাম্য স্বৰাজ নাম দিছোঁ৷
(গ) নগৰবোৰক যোগান শৃংখলৰ মূল কেন্দ্ৰ কৰাঃ ডিজিটেল ডেলিভাৰী নেটৰ্ৱক গঢ়ি তোলা, উচ্চ দক্ষতাসম্পন্ন ফ্ৰিলেন্সাৰ আৰু ডিজিটেল ইক’নমী গঢ়ি তোলা, চহৰকেন্দ্ৰিক উদ্যোগীকৰণ আদি, যাক আমি নগৰ স্বৰাজ নাম দিছোঁ৷
(ঘ) দক্ষতা বিকাশেৰে পেছাদাৰী অসমঃ প্ৰতিজন নিবনুৱা যুৱক-যুৱতীক বিশ্বমানৰ কাৰিকৰী আৰু পেছাগত দক্ষতাৰে (Skill Development) গঢ়ি তোলাৰ বাবে, প্ৰতিজনৰ নিশ্চিত আৰু মৰ্যাদাসম্পন্ন কৰ্মসংস্থাপনৰ বাবে প্ৰতিখন শিক্ষানুষ্ঠানৰ সৈতে ‘ফিনিছিং স্কুল’ নামৰ নতুন কাৰিকৰী অনুষ্ঠান গঢ়ি তোলা৷
(ঙ) বজাৰ দখলঃ উৎপাদিত কৃষি আৰু উদ্যোগিক সামগ্ৰীৰ বাবে থলুৱা, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰি স্বাবলম্বী অৰ্থনীতি নিৰ্মাণ কৰা৷ দালালৰাজ/ছিণ্ডিকেটৰাজ উৎখাত কৰি স্থানীয় বজাৰ দখল, পূবৰ দুৱাৰ মুকলি, উত্তৰ-পূৰ্বাঞ্চলৰ সকলো বজাৰ দখল, মাণ্ডি প্ৰতিষ্ঠাৰে সুচল বজাৰ ব্যৱস্থা গঢ়ি তোলা হ’ব৷
ৰাইজৰ দলৰ মূল ৰাজনীতি— ফেডাৰেল ভাৰতত ফেডাৰেল অসমঃ কেন্দ্ৰীয় চৰকাৰৰ একনায়কত্ববাদৰ বিৰুদ্ধে সংগ্ৰাম কৰি ভাৰতীয় সংবিধানৰ প্ৰকৃত ফেডাৰেল (সংঘীয়) কাঠামোত অসমৰ সম্পদ আৰু মাটিৰ অধিকাৰ আৰু স্বায়ত্ত্বশাসন সুনিশ্চিত কৰিবলৈ ভাৰতৰ সংবিধানৰ ৩৭১ক অনুচ্ছেদ আদায় কৰি অনা৷
ছাৰ, ওপৰৰ বিস্তৃত আলোচনাৰ পঢ়াৰ পাছত, এতিয়া আপুনিয়েই কওকচোন এই ছটা কৰ্মসূচী সাম্প্ৰদায়িক ফেচিষ্ট বিজেপিৰ কৰ্মসূচীৰে সৈতে একেই হয়নে? এনে কাম কৰাটো হিমন্ত বিশ্বৰ দৰে কাম কৰা বুজায়নে? এই ৬ দফীয়া কৰ্মসূচী ৰূপায়ণ কৰিলে ‘অখিল গগৈ’ কেনেকৈ ‘হিমন্ত বিশ্ব শৰ্মা’ৰ দৰে হ’ব?
সামৰণিঃ
ছাৰ, আপুনি আপোনাৰ ফেচবুক পেজটোত মোক আদৰ্শগতভাৱে সমালোচনা নকৰি মোৰ উত্থান(ৰাইজৰ দলৰ উত্থান) “ই ৰাজ্যৰ ৰাজনীতিৰ বাবে হিমন্তৰ উত্থানৰ দৰে বিপদজনক” বুলি কৈ ব্যক্তিগত আখেজ পুৰাইছে আৰু ভ্ৰষ্টাচাৰী কংগ্ৰেছক ক্লিনছিট দিছে৷
ছাৰ, আপুনি বয়োজ্যেষ্ঠ, আপোনাৰ গঠনমূলক সমালোচনা আমাৰ সদায় কাম্য৷ কিন্তু আপুনি যদি সংগ্ৰামৰ মূল ধাৰাৰ পৰা ফালৰি কাটি বাৰে বাৰে কেৱল বুৰ্জোৱা-কংগ্ৰেছীয় ৰাজনীতিৰ ঢাল হৈ থিয় দিয়ে, তেন্তে ইতিহাসে আপোনাক নতুন প্ৰজন্মৰ বৈপ্লৱিক যাত্ৰাৰ এক হেঙাৰ হিচাপেহে চিহ্নিত কৰিব৷ দুৰ্ভাগ্যৰ বিষয়, যোৱা ডেৰ দশকৰ সময়খিনিত আপোনাৰ ভূমিকা কংগ্ৰেছ দলকেন্দ্ৰিক আৰু ভৱিষ্যত পৰিকল্পনাহীন বিজেপিবিৰোধিতা— যিটো আপোনাৰ দীঘলীয়া ইতিহাসৰ ব্যক্তিত্বৰ সৈতে খাপ নাখায়৷
আশা কৰোঁ, এই সংকীৰ্ণ প্ৰতিশোধৰ আৰু কংগ্ৰেছ প্ৰীতিৰ ৰাজনৈতিক চশমাযোৰ খুলি আপুনি সময়ৰ এই গতিশীল বাস্তৱতা আৰু ‘ৰাইজৰ দল’ৰ নবীন বিকল্পক বিচাৰ বুদ্ধিৰে অনুধাৱন কৰিবলৈ প্ৰয়াস কৰিব৷
পুনৰ শ্ৰদ্ধাৰে,
অখিল গগৈ
সভাপতি, ৰাইজৰ দল
তথা বিধায়ক, শিৱসাগৰ সমষ্টি






