ভেক্চিন নাই, আইচিইউ নাই, ৰাজ্যত হাহাকাৰ
আমাৰ অসম, ১১ মে’: ৰাজ্যত এতিয়া ক’ভডৰ ভয়ংকৰ ৰূপ৷ চহৰ-নগৰ, গাঁৱে-ভূঞে সকলোতে মহামাৰী ভাইৰাছৰ সামাজিক সংক্ৰমণ৷ দৈনিক ৫,০০০কৈ লোক ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে ৫০জনকৈ ৰোগী নিতৌ মৃত্যুমুখত পৰিছে৷ এনে সময়ত এফালে যদি হাস্পতালত ক’ভিড ৰোগীৰ বাবে আই চি ইউ তথা সাধাৰণ বেডৰ অভাৱে দেখা দিছে, আনফালে আকৌ ভেকচিনৰ নাটনিয়ে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’ভিডৰ ভেকচিন মজুত আছে বুলি দাবী কৰাৰ সময়তে ভেকচিন বিচাৰি ১৮ বছৰ ঊধবৰ্ৰ আৰু ৪৫ বছৰ বয়সৰ ঊধবৰ্ৰ ব্যক্তিয়ে ভেকচিন কেন্দ্ৰই কেন্দ্ৰই তাঁত-বাতি কাঢ়িবলগীয়া হৈছে৷ চৰকাৰী তথ্য মতে, ৰাজ্যৰ ৮.৯১ শতাংশ ৪৫ ঊধবৰ্ৰ ব্যক্তিয়েহে ক’ভিড ভেকচিন ল’বলৈ সক্ষম হৈছে৷ ভেকচিন নথকাৰ বাবে কেন্দ্ৰসমূহত দৈনিক নগন্যসংখ্যকহে ভেকচিন দিয়াৰ ব্যৱস্থা কৰাত সাধাৰণ লোকসকলে হাহাকাৰ কৰিবলগীয়া হৈছে৷ আনকি প্ৰথম পালি ভেকচিন লোৱা বহু বৃদ্ধ-বৃদ্ধাই দ্বিতীয় পালি গ্ৰহণৰ সময়-সীমা অন্ত পৰাৰ দিন চমু চাপি অহাৰ পাছতো ভেকচিন লাভ নকৰাত হাবাথুৰি খাবলগীয়া পৰিস্থিতিৰো সৃষ্টি হৈছে৷ ইপিনে ১৮ বছৰ ঊধবৰ্ৰ ব্যক্তিৰ ক্ষেত্ৰত CoWIN' পৰ্টেলত পঞ্জীয়ন কৰি শ্লট বুকিং অৰ্থাৎ ভেকচিনৰ দিন-বাৰ তথা সময় নিৰ্দ্ধাৰণ কৰিব লাগে যদিও অনলাইনত ২৪ ঘণ্টাই সকলো কেন্দ্ৰৰ শ্লট বুকিং দেখুওৱাত ভয়ংকৰ সমস্যাৰ সৃষ্টি হৈছে৷ আনকি যি দুই-এটা কেন্দ্ৰত শ্লট খালি দেখাই, সেই কেন্দ্ৰত কাৰিকৰীগত কাৰণত শ্লট বুকিং নহয়৷ স্বাভাৱিকতেই ভেকচিনৰ বাবে ১৮ ঊধবৰ্ৰ ব্যক্তিয়ে হাহাকাৰ কৰা দেখা গৈছে৷ এনে পৰিপ্ৰেক্ষিতত ভেকচিন কেন্দ্ৰসমূহত প্ৰতিদিনে মানুহৰ বাক-বিতণ্ডাৰ সৃষ্টি হৈছে৷ ভেকচিনৰ সমান্তৰালভাৱে চিকিৎসালয়ত বিছনাৰ অভাৱে পৰিস্থিতি অধিক ভয়াৱহ কৰি তুলিছে৷ জি এম চি এইছত এতিয়া কেৱল সংকটজনক ৰোগীকহে ভৰ্তি কৰাৰ নিয়ম বান্ধি দিছে৷ অৰ্থাৎ কোনো ব্যক্তি ক’ভিডত পজিটিভ হ’লেও উশাহ-নিশাহত কষ্ট নাপালে তেনে ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰা নহয়৷ অৱশ্যে ইয়াৰ মাজতে জি এম চি এইছৰ অধ্যক্ষৰ সৈতে পৰিচিত ব্যক্তিয়ে সাধাৰণ বেড- আইচিইউ লাভ কৰে হাস্পতালখনত৷ গুৱাহাটী নাৰ্ছিং হোমসমূহতো আই চি ইউৰ নাটনিয়ে ভয়ংকৰ ৰূপ লৈছে৷
ৰাজ্যত এদিনতে ৭৭জনৰ ক’ভিডত মৃত্যু
কাল কৰ’নাই এতিয়াই এজনৰ পাছত এজনকৈ পৰিচিত ব্যক্তিৰ প্ৰাণ কাঢ়ি নিছে৷ ৰাজ্যৰ ক’ভিডসৃষ্ট পৰিস্থিতি অধিক জটিল হৈ পৰাই নহয়, হাস্পতালত সংকটজনক ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে৷ অনাকাংক্ষিতভাৱে ৰাজ্যত ক’ভিডত মৃত্যু হোৱা ৰোগীৰ সংখ্যাও বৃদ্ধি পোৱা দেখা গৈছে৷ এসপ্তাহত অসমত ৩০০জনৰো অধিক ক’ভিড ৰোগীৰ মৃত্যু হৈছে৷ ৰাজ্যৰ আগশাৰী শিক্ষানুষ্ঠান ডিব্ৰুগড়ত চল্টব্ৰুক একাডেমীৰ অধ্যক্ষ অজয় চাহু [৫৩] কৰ’নাত আক্ৰান্ত হৈ সোমবাৰে ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজ হাস্পতালত মৃত্যু হয়৷ এসপ্তাহ পূৰ্বে মৰাণস্থিত বাসগৃহতে ক’ভিডত আক্ৰান্ত হৈছিল৷ প্ৰথমে এখন ব্যক্তিগত হাস্পতাল চিকিৎসাধীন হৈছিল যদিও চাহুক তিনিদিনি পূৰ্বে অসম মেডিকেল কলেজ হাস্পতাললৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছিল৷ অৱশ্যে সোমবাৰে ৭.৩০ বজাত চিকিৎসালয়ত চাহুৰ মৃত্যু হয়৷ ইফালে ৰাজ্যৰ এগৰাকী জনপ্ৰিয় কবি তথা ‘মায়া’ আলোচনীৰ উপ-সম্পাদক পল শেনচোৱা ক’ভিডজনিত ৰোগত মৃত্যু হৈছে৷ নাজিৰাৰ গড়গাঁৱৰ নিবাসী পল শেনচোৱাই সোমবাৰে উশাহ-নিশাহত কষ্ট পোৱাত ডিব্ৰুগড়ৰ মেডিকেল কলেজ হাস্পতাললৈ নি থকা অৱস্থাতে আদবাটতে কবিজনৰ মৃত্যু হয়৷ ইপিনে অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ বিপুল দে’ৰ দেওবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল ক’ভিডত মৃত্যু হয়৷ কংগ্ৰেছ নেতাজনে মৃত্যুৰ পূৰ্বে বন্ধু মহললৈ ৱাটছএপত জি এম চি এইছত উপযুক্ত চিকিৎসা লাভ কৰা নাছিল বুলিও মেছেজ প্ৰেৰণ কৰি সহায়ৰ আহ্বান জনাইছিল৷ আনহাতে বঙাইগাঁও তেল শোধানাগাৰৰ জ্যেষ্ঠ প্ৰবন্ধক যোগেশ শৰ্মা সোমবাৰে ক’ভিড আক্ৰান্ত হৈ মৃত্যু হয়৷ যোৰহাট জিলা কংগ্ৰেছৰ সংখ্যালঘু কোষৰ অধ্যক্ষ ছাজবিন বেগম হাজৰিকাৰ ক’ভিডত মৃত্যু হৈছে৷ ইপিনে, ভ্ৰাম্যমান থিয়েটাৰৰ অভিনেতা নলবাৰীত বৰভাগ পাণ্ডুলা গাঁৱৰ ভিকি লহকৰৰ দেওবাৰে সন্ধিয়া জি এম চি এইচত মৃত্যু হয়৷ চলচ্ছিত্ৰ প্ৰযোজক, সাংস্কৃতিক কৰ্মী চৈয়দ মুকাব্বিৰ ৰহমানৰো ক’ভিডত মৃত্যু হৈছে৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত মুঠ ৭৭ জন ৰোগীৰ মৃত্যু হৈছে৷ সম্প্ৰতি প্ৰতি ঘণ্টাত ৪জনকৈ ক’ভিড ৰোগীয়ে প্ৰাণ ত্যাগ কৰিব লগা হৈছে৷ সোমবাৰে গুৱাহাটীত ৩০ জন ক’ভিড ৰোগীৰ মৃত্যু হৈছে৷ তদুপৰি কামৰূপ গ্ৰাম্য আৰু ডিব্ৰুগড় জিলাত ১০ জনকৈ ৰোগীৰ মৃত্যু হোৱা বুলি স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে৷ আনহাতে সোমবাৰৰ দিনটোত ৰাজ্যত নতুনকৈ ৫,৮০৩ জন লোক ক’ভিডত আক্ৰান্ত হৈছে৷ ইয়াৰ ভিতৰত কামৰূপ মহানগৰ জিলাত ১,৪৮ৰজন, কামৰূপ গ্ৰাম্যত ৪৮৬জন, ডিব্ৰুগড়ত ৩৯২জন, নগাঁৱত ২৭৫জন, বৰপেটাত ২১৮জন, কাছাৰত ২১৫জন আৰু নলবাৰীত ২০০ জন লোকৰ দেহত পজিটিভ ধৰা পৰিছে৷
বঙাইগাঁও শোধনাগাৰৰ জ্যেষ্ঠ বিষয়াৰ কৰ’নাত মৃত্যু
কৰ’নাত প্ৰাণ গ’ল বঙাইগাঁও শোধনাগাৰৰ এজন জ্যেষ্ঠ বিষয়াৰ৷ বিষয়াজন হৈছে বঙাইগাঁও শোধনাগাৰস্থিত চিকিৎসালয়ৰ জ্যেষ্ঠ প্ৰৱন্ধক যোগেন শৰ্মা৷ উল্লেখ্য যে, পূৰ্বৰে পৰা শাৰীৰিক অসুস্থতাত ভুগি থকা বিষয়াজনৰ আজি শাৰীৰিক অৱস্থাৰ অধিক অৱনতি ঘটাত তেওঁক প্ৰথমত বঙাইগাঁও ল’ৱাৰ আছাম হাস্পতাল এণ্ড ৰিছাৰ্ছ চেণ্টাৰত লৈ অহা হয় চিকিৎসাৰ বাবে৷ তাতে ক’ভিড পৰীক্ষা কৰাত তেওঁৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে৷ কিন্তু উক্ত চিকিৎসা কেন্দ্ৰত ৰোগীৰ বাবে বিছনা খালি নথকাত তেওঁক স্বাগত হাস্পতাল এণ্ড ৰিছাৰ্ছ চেণ্টাৰলৈ যোৱা হৈছিল৷ কিন্তু উক্ত চিকিৎসালয় পোৱাৰ আগতে আদবাটতে মৃত্যু ঘটে বিষয়াজনৰ৷ উল্লেখ্য, এই বিষয়াজনৰ মৃত্যুত বঙাইগাঁও শোধনাগাৰ উপনগৰীত সৃষ্টি হৈছে গভীৰ শোকৰ ছাঁ৷ ইপিনে বিষয়াজনৰ পত্নী মৌচুমী ভাগৱতীয়ো ক’ভিড পজিটিভত আক্ৰান্ত হৈ বঙাইগাঁও স্বাগত হাস্পতাল এণ্ড ৰিছাৰ্ছ চেণ্টাৰত চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে৷
ভেক্চিনৰ নাটনি, আতংকিত ৰাইজ
ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ লগতে বৰপেটা জিলাতো বৃদ্ধি পাইছে কৰ’না সংক্ৰমণ৷ জিলাখনত দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্ত লোকৰ সংখ্যা৷ কেৱল আজিৰ দিনটোতে জিলাখনত ১৯৫ জন ক’ভিড আক্ৰান্ত লোকক চিনাক্ত কৰা হৈছে৷ কৰ’না সংক্ৰমণে জিলাখনত উদ্বেগৰ সৃষ্টি কৰাৰ সময়তে সৰ্বসাধাৰণ লোকৰ মনত আন এক বিষয়ে সৃষ্টি কৰিছে গভীৰ উদ্বেগৰ৷ ক’ভিডৰ সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত ভেক্চিন দিয়াৰ অতিকে প্ৰয়োজন যদিও, এই গুৰুত্বপূৰ্ণ সময়ত জিলাখনত ভেক্চিনৰ নাটনিয়ে সমস্যাৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে, জিলাখনৰ জ্জ্বটা খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন উপ-স্বাস্থ্যকেন্দ্ৰৰ লগতে বৰপেটা নগৰ উপ-স্বাস্থ্যকেন্দ্ৰ, বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভেক্চিন প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল৷ জিলাখনত ক’ভিশ্বিল্ড আৰু কোভাক্সিন দিয়াৰ ব্যৱস্থা কৰা হৈছিল৷ কিন্তু শেহতীয়াভাৱে ভেক্চিনৰ নাটনিৰ বাবেই বিভিন্ন কেন্দ্ৰত ভেক্চিন ল’বলৈ আহি বহুলোক ঘূৰি যাবলগীয়া হৈছে৷ ভেক্চিনৰ বাবে ভালেসংখ্যক লোকে নিজৰ নাম পঞ্জীয়ন কৰিও ভেক্চিনৰ অপেক্ষাত ৰৈ থাকিবলগীয়া হৈছে৷ ইপিনে, ভেক্চিনৰ প্ৰথম পালি গ্ৰহণ কৰা বহুলোকে দ্বিতীয় পালি ল’বলৈ আহি আন এক আহুকালৰ সন্মুখীন হ’বলগা হৈছে৷ আজি বিভিন্নজনে জানিবলৈ দিয়া অনুসৰি, বহুসংখ্যক লোকে প্ৰথম পালি গ্ৰহণ কৰাৰ এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত দ্বিতীয় পালি ল’বলৈ আহি বিমুখ হ’বলগা হৈছে৷ জানিব পৰা মতে, বহুলোকে ক’ভাক্সিনৰ প্ৰথম পালি গ্ৰহণ কৰিছিল যদিও, বহু ভেক্চিন কেন্দ্ৰত ক’ভাক্সিনৰ নাটনি হোৱাৰ বাবে আৰু আন কিছুমান কেন্দ্ৰত ক’ভিশ্বিল্ড ভেক্চিন দি থকাৰ বাবেই এই লোকসকল বিমুখ হ’বলগীয়া হৈছে৷ যদিহে অতিশীঘ্ৰে ভেক্চিনৰ নাটনি দুৰ কৰা নহয় তেনেহ’লে জিলাখনৰ প্ৰথম পালি ভেক্চিন লোৱা বহুলোকে নিৰ্ধাৰিত সময় উকলি যোৱাৰ পাছতো দ্বিতীয় পালি ভেক্চিন ল’বলৈ সক্ষম নহ’ব বুলি বিভিন্নজনে মন্তব্য কৰিছে৷ একেদৰে, বিভিন্ন ভেক্চিন কেন্দ্ৰত নিয়োজিত একাংশ কৰ্মচাৰীৰ কাণ্ডজ্ঞানহীনতাৰ বাবেই বহুসংখ্যক লোকে আন এক সমস্যাৰ সন্মুখীন হ’বলগা হৈছে৷ ভেক্চিনৰ প্ৰথম পালি গ্ৰহণ কৰা একাংশ লোকৰ নাম সঠিকভাৱে পঞ্জীয়ন নকৰাৰ লগতে অনলাইন নকৰাৰ বাবে উক্তলোকসকলে মোবাইলত কোনোধৰণৰ বাৰ্তা লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ এইলোকসকলে দ্বিতীয় পালি গ্ৰহণ কৰিবলৈ অহাৰ সময়তে অনলাইন ব্যৱস্থাত ভেক্চিন গ্ৰহণ নকৰা আৰু পঞ্জীয়ন নকৰা বুলি দেখুওৱাৰ ফলতে এই লোকসকলৰ বাবে আন এক সমস্যাই দেখা দিছে৷ জিলাখনৰ সচেতন মহলে অতিশীঘ্ৰে ভেক্চিন প্ৰদান কৰাৰ ক্ষেত্ৰত সকলো আঁসোৱাহ আতৰ কৰি সকলোকে ভেক্চিন প্ৰদান কৰিবলৈ দাবী জনাইছে৷
ক’ভিডত মৃত শিল্পীৰ পত্নীৰ আহ্বানঃ অনাহকতে ঘৰৰ বাহিৰলৈ নোলাব
অনাহকত ঘৰৰ বাহিৰলৈ নাযাব ৷ এসাঁজ নোখোৱাকৈও থাকিব বাছি থাকক ৷ নাখাই কোনো নমৰে, কিন্তু বেমাৰত পৰিলে অকালতে হেৰুৱাব পাৰে আপোনজনক ৷ মই মোৰ স্বামীক হেৰুৱালোঁ গতিকে আৰু যাতে কোনেও কাকো হেৰুৱাব নালাগে এই কাতৰ আহ্বান , এজন ক’ভিড -১৯ আক্ৰান্ত হৈ আই চি ইউত ভৰ্তি হৈ থকা এগৰাকী অসহায় মহিলাৰ ৷ উল্লেখযোগ্য যে, তেজপুৰৰ বিশিষ্ট গীটাৰ বাদক তথা শিক্ষক প্ৰতিম বৰদলৈয়ে ক’ভিড -১৯ ত আক্ৰান্ত হৈ দুদিন পূৰ্বে প্ৰাণ হেৰুৱাইছিল৷ তেওঁৰ পত্নী আৰু একমাত্ৰ কন্যাও সম্প্ৰতি ক’ভিড আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে৷ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ক’ভিড কক্ষৰ পৰা প্ৰয়াত বৰদলৈৰ পত্নী কবিতা শৰ্মাই এক ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰিছে ৰাইজলৈ যে, ক’ভিড -১৯ ক সহজভাৱে নল’ব৷
সমগ্ৰ দেশত সন্মিলিত সংস্থাৰ যুদ্ধকালীন তৎপৰতা
ক’ভিড-১৯ মহামাৰীৰ দ্বিতীয় ঢৌৱে সমগ্ৰ দেশক জোকাৰি গৈছে৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ প্ৰচেষ্টা স্বত্ত্বেও সংকটটো নিয়ন্ত্ৰণ কৰাটো এক কঠিন হৈ পৰিছে৷ দেশৰ নাগৰিক সমাজে বিভিন্ন ক্ষেত্ৰৰ লোকসকলে সমণ্বিতভাৱে কাম কৰি সকাহ প্ৰদান কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে৷ এইক্ষেত্ৰত ক’ভিড সঁহাৰি দল [চি.আৰ.টি.] এক অনুষ্ঠান যিয়ে সমাজৰ বিভিন্ন শ্ৰেণীৰ একাধিক অংশীদাৰৰ এক সহযোগিতামূলক পদক্ষেপ লৈ শেহতীয়াকৈ একত্ৰিত হৈ প্ৰচলিত পৰিস্থিতি উন্নত কৰাৰ বাবে কিছু সমণ্বিত প্ৰচেষ্টা চলাইছে৷ সংগঠনবোৰ আৰু বিশিষ্ট নাগৰিকসকলৰ প্ৰচেষ্টাৰ অংশবোৰে কাম কৰাৰ বাবে উদ্যোগ ফিকি, চি আই আই, পি এইচ ডি-চি চি আই, এছ’ চি এ এম, লঘু উদ্যোগ ভাৰতী, জিটোণ্ড চি.এ.আই.টি.লগতে পেছাদাৰী সংস্থা আই চি এ আই, আই চি এছ আই আৰু আই চি ডব্লিউ এ আগবাঢ়ি আহিছে৷ আনহাতে, আধ্যাত্মিক আৰু ধৰ্মীয় সংগঠন পতঞ্জলি যোগপীঠ, ঈশা ফাউণ্ডেশ্বন, আৰ্ট অৱ লিভিং; গৌৰী শংকৰ মন্দিৰ, ভগৱান বাল্মীকি মন্দিৰ, সন্ত ৰবিদাস বিশ্বম স্থান দেৱনগৰ, সনাতন ধৰ্ম প্ৰতিনিধি সভা, আৰ্য সমাজ আৰু ঝান্দেৱালা মাতা মন্দিৰ আৰু তিৰাপান্ত জৈন সমাজৰ উপৰি সামাজিক সংগঠন সেৱা ভাৰতী, লায়ন্স ক্লাব, বিশ্ব হিন্দু পৰিষদ, স্বদেশী জাগৰণ মঞ্চ ৰ’টাৰী ক্লাব আদিয়েও সহযোগিতা কৰিছে৷ তদুপৰি, কৰ’নাকালীন অৱস্থাত বিশিষ্ট নাগৰিক ভাস্বতী মুখাৰ্জী, নেডাৰলেণ্ডৰ ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰদূত বি.এছ. বাচী, প্ৰাক্তন সদস্য, ইউপিএছচি; নৰেন্দ্ৰ কুমাৰ, আইএএছ বিষয়া; এম এল মীনা, আইএএছ বিষয়া; আৰু কুলভূষণ আহুজা, প্ৰান্ত সংঘচলক, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ [দিল্লী]৷চিআৰটিআদিয়ে নিম্নলিখিত উদ্দেশ্যবোৰ সাৰ্থক কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে৷ এইক্ষেত্ৰত সমূহ সংস্থাই চিকিৎসালয়ৰ বাবে অক্সিজেন যোগান উন্নত কৰা, অক্সিজেন কনচেণ্ট্ৰেটৰ সংগ্ৰহ কৰা, পৃথকীকৰণ কেন্দ্ৰ স্থাপন কৰা আদিৰ দৰে চিওভিআইডি চিকিৎসা সাহায্য প্ৰচেষ্টাত যথেষ্ট পৰিমাণে সহায় কৰাৰ বাবে সম্পদ ৰখা চিওচিভিআইডি টিকাকৰণ, ঘৰৰ বিচ্ছিন্নতাৰ জৰিয়তে চিকিৎসা, প্লাজমা দান আদি বিষয়ত সাধাৰণ জনতাৰ মনত সজাগতা বিয়পোৱা. চিকিৎসা আৰু চিকিৎসালয়ৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে চৰকাৰক প্ৰাসংগিক নীতিগত পৰামৰ্শ দিয়াৰ লগতে এই সংকটৰ সময়ত উদ্ভৱ হোৱা বিভিন্ন প্ৰয়োজনীয়তাৰ প্ৰতি ইয়াৰ সামৰ্থত অৰিহণা যোগোৱাৰ দৰে কাম কৰিব৷ তদুপৰি, অক্সিজেন সুবিধাৰ সৈতে পৃথকীকৰণ কেন্দ্ৰ স্থাপন কৰা, চকাত অক্সিজেন উৎক্ষেপণ কৰা, ক’ভিড সংক্ৰমিত পৰিয়াল আৰু বৃদ্ধসকলৰ যত্নৰ বাবে খাদ্য প্ৰদান কৰা, ৰোগ প্ৰতিৰোধ ক্ষমতাবৰ্ধক আয়ুৰ্বেদিক ঔষধ বিতৰণ কৰা, মৃত ক’ভিড ৰোগীৰ অন্তিম সংস্কাৰ কৰাত সহায় কৰক, চিকিৎসকৰ দ্বাৰা হেল্পলাইন আৰু অনলাইন পৰামৰ্শ স্থাপন কৰা আদি কামত সহায়তা প্ৰদান কৰিব৷ তেজ আৰু প্লাজমা দানৰ ব্যৱস্থা কৰা আৰু অন্যান্য চিকিৎসা সেৱাৰ ব্যৱস্থা কৰা, ইতিবাচকতা বিয়পাবলৈ আধ্যাত্মিক নেতাসকলৰ দ্বাৰা অনুপ্ৰেৰণামূলক আলোচনা আৰু বক্তৃতাৰ আয়োজনৰো ব্যৱস্থা গ্ৰহণ কৰিছে সন্মিলিত সংস্থাসমূহে৷ আনকি, চিআৰটিয়ে ইতিমধ্যে প্ৰায় ৫০০ বিছনা ক্ষমতাৰ সৈতে ৯টা পৃথকীকৰণ কেন্দ্ৰ স্থাপন কৰা, ৭টা অক্সিজেন অন হুইলৰ জৰিয়তে চিকিৎসালয়ত ভৰ্তি হোৱাৰ বাবে অস্থায়ী অক্সিজেন যোগান ধৰা, প্ৰতিটোত ৬খন বিছনা থকা অক্সিজেন, ২৮, ০০০ পৰিয়ালক খাদ্য যোগান ধৰা, ৮০৩টা প্লাজমা দান আৰু ১৩০০ চিটী স্কেনৰ ব্যৱস্থা কৰা৷ , আৰু ক’ভিডৰ ফলত ২৬১৯জন লোকৰ অন্তে্যষ্টিক্ৰিয়াৰ ব্যৱস্থা কৰা হৈছে৷ চিআৰটিয়ে ১২০০ স্বেচ্ছাসেৱক আৰু ১৩০জন চিকিৎসকক অন্তৰ্ভুক্ত কৰি এটা হেল্পলাইনও স্থাপন কৰিছে৷ উক্ত হেল্পলাইন আজিলৈকে ৮৮,০০০ তকৈও অধিক কল বিভিন্নজনৰ পৰা লাভ কৰা হৈছে৷ চিআৰটিয়ে ‘পজিটিভিটি আনলিমিটেড’ শীৰ্ষক কাৰ্যসূচী আৰম্ভ কৰাৰ আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ য’ত ১১-১৪ মেলৈ চিআৰটিৰ সৈতে সম্পৰ্কিত বিশিষ্ট ব্যক্তিসকলে তেওঁলোকৰ মনোবল বৃদ্ধি কৰিবলৈ ইলেক্ট্ৰনিক মাধ্যমৰ জৰিয়তে সাধাৰণ ৰাইজক সম্বোধন কৰিব আৰু তেওঁলোকক একেলগে এই মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ উৎসাহিত কৰিব বুলিও সন্মিলিত সংস্থাটোৱে জানিবলৈ দিছে৷ উক্ত সমগ্ৰ বিষয় সন্দৰ্ভত তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰিব৷