Logo
image

কেনেদৰে দিয়া হ'ল মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ কেবিনেটৰ মন্ত্ৰী সভাৰ দপ্তৰ

আমাৰ অসম, ১২ মেঃ মঙলবাৰে বিতৰণ কৰা হয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ কেবিনেটৰ মন্ত্ৰী সভাৰ দপ্তৰ সমূহ। এই মন্ত্রীসভাত মিত্রজোঁট অগপৰ দুজন আৰু ইউ পি পি এলৰ এজন প্রতিনিধি অন্তর্ভুক্ত হৈছে৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গৃহ, গড়াকপ্টানী, পাৰ্ছনেল বিভাগকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰ নিজৰ লগত ৰাখিছে। অসম মন্ত্রীসভাত প্রথমবাৰৰ বাবে স্থান লাভ কৰা ৰাজ্যিক বিজেপিৰ সভাপতি তথা পাটাছাৰকুছি সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসে লাভ কৰে গ্ৰাম্য আৰু পঞ্চায়ত, খাদ্য আৰু অসামৰিক যোগান বিভাগে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰ। চন্দ্ৰমোহন পাটোৱাৰীয়ে পৰিবহন আৰু উদ্যোগৰ বিভাগৰ দায়িত্ব লাভ কৰাৰ লগতে সংখ্যালঘু উন্নয়ন দপ্তৰ লাভ কৰে। অগপৰ সভাপতি অতুল বৰাই লাভ কৰে কৃষি বিভাগকে ধৰি পশুপালন আৰু অসম চুক্তি বিভাগ। ধেমাজি সমষ্টিৰ বিজেপি বিধায়ক ডাঃ ৰণোজ পেগুৱে প্ৰথমবাৰৰ বাবে মন্ত্ৰীত্ব লাভ কৰি শিক্ষা দৰে গুৰুত্বপূৰ্ণ দপ্তৰ লাভ কৰাৰ লগতে ভৈয়াম আৰু জনজাতি উন্নয়নৰ দপ্তৰ লাভ কৰে। পীয়ুষ হাজৰিকাই লাভ কৰিছে জলসম্পদ বিভাগ, জনসংযোগ আৰু সাংসদীয় পৰিক্ৰমা মন্ত্ৰী। চাপাগুৰি সমষ্টিৰ ইউ পি পি এলৰ বিধায়ক উর্খাও গৌৰা ব্রহ্মই লাভ কৰে হস্ত আৰু বস্ত্ৰশিল্প বিভাগ, ভূমি সংৰক্ষণ বিভাগ, ভৈয়াম আৰু জনজাতি উন্নয়নৰ দপ্তৰ (বিটিচি)। পৰিমল শুক্লবৈদ্যই লাভ কৰে মীন বন পৰ্যটন তথা আবকাৰী বিভাগ। কেশৱ মহন্তই লাভ কৰিছে স্বাস্থ্যকে, ধৰি তথ্য প্ৰযুক্তি দপ্তৰ। সঞ্জয় কিষাণক দিয়া হৈছে চাহ জনজাতি আৰু শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়। যোগেন মহনে লাভ কৰিছে ৰাজহ, পাৰ্বত্য উন্নয়ন খনিৰ বিভাগৰ দায়িত্ব। অজন্তা নেওগক দিয়া হৈছে বিত্তৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰ লগতে সমাজ কল্যাণ বিভাগ। অজন্তা নেওগেই হৈছে ৰাজ্যৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী। ঢ়েকীয়াজুলি সমষ্টিৰ বিজেপি বিধায়ক অশোক সিংঘালে লাভ কৰিছে গুৱাহাটী উন্নয়ন মন্ত্ৰীৰ লগতে নগৰ উন্নয়নৰ মন্ত্ৰী । টিংখাং সমষ্টিৰ বিজেপি বিধায়ক বিমল বৰাই লাভ কৰিছে ক্ৰীড়া শক্তি আৰু পৰ্যটন বিভাগ।