বিশিষ্ট সাহিত্যিক, সাংবাদিক,কথাশিল্পী, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ দেহাৱসান
আমাৰ অসম, ১২ মেঃ অসমৰ সমাজ জীৱন উদং কৰি আতৰি গ'ল বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি। বুধবাৰে পুৱা ৬.৫৮ মিনিটত জিএনআৰচিত শেষ নিশ্বাস ত্যাগ কৰে ৮৯ বছৰীয়া বিশিষ্ট সাহিত্যিক গৰাকীয়ে। বিশিষ্ট সাহিত্যিক গৰাকীৰ মৃত্যুত ৰাজ্যজুৰি শোক প্ৰকাশ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বহু গুণমুগ্ধই বিশিষ্ট সাহিত্যিক গৰাকীৰ মৃত্যুত শোক প্ৰকাশ। 'আমাৰ অসম' কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল বিশিষ্ট সাহিত্যিকগৰাকী। তেখেত ৩১ মে ২০১৫ চন পৰ্যন্ত 'আমাৰ অসম' কাকতৰ মুখ্য সম্পাদকৰ দ্বায়িত্বত আছিল। প্ৰতিষ্ঠান চৌহদত কাকতৰ প্ৰতিষ্ঠাপক সম্পাদকগৰাকীৰ শেষ শ্ৰদ্ধা জনোৱা হয়।