Logo
image

ক’ভিডৰ ত্ৰাস

ৰাজ্যত ঘণ্টাত ৩জনৰ মৃত্যু

আমাৰ অসম, ১৩ মেঃ ৰাজ্যৰ অৱনতি ঘটিছে ক’ভিড পৰিস্থিতিৰ৷ ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে অস্বাভাৱিক হাৰত মৃত্যুৰ হাৰ বৃদ্ধি পোৱাত চৰকাৰে ক’ভিডৰ বাধা– নিষেধাজ্ঞা পূৰ্বতকৈ কঠোৰ কৰি তুলিছে৷ বৃহস্পতিবাৰৰ পৰা চহৰ সমূহত দিনৰ ১ বজাতে দোকান-বজাৰ বন্ধ ঘোষণা কৰাৰ লগতে দিনৰ ২ বজাৰ পৰা ৰাজপথত বিনা কাৰণত সাধাৰণ লোকৰ চলাফুৰাত নিষেধাজ্ঞা আৰোপ কৰিছে৷ কেৱল ইমানেই নহয়, প্ৰতিৰোধৰ বাবে ঘোষণা কৰা কণ্টেইনমেণ্ট জ’নসমূহত এতিয়াৰে পৰা আৰক্ষীয়ে চোকা নজৰ ৰখাৰ লগতে ক’ভিড বিধি উলংঘনকাৰীৰ বিৰুদ্ধে আৰক্ষী অধিক কঠোৰ হ’ব বুলিও স্পষ্ট কৰি দিছে৷ চৰকাৰে ক’ভিড নিয়ন্ত্ৰণৰ বাবে চেষ্টা অব্যাহত ৰাখিলেও চিকিৎসক বিশেষজ্ঞসকলে ক’ভিড সংক্ৰমণৰ পৰিস্থিতিলৈ লক্ষ্য ৰাখি লকডাউনৰ পোষকতা কৰিছে৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ ৫,৬৫৭জন লোক ক’ভিডত আক্ৰান্ত হৈছে৷ বৰ্তমান ৰাজ্যত ক’ভিড সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে প্ৰায় ৪০ হাজাৰ৷ আনহাতে বুধবাৰে ৰাজ্যত ক’ভিডত মৃত্যু হৈছে ৭১জন ৰোগীৰ৷ ইয়াৰ ভিতৰত গুৱাহাটীত সৰ্বাধিক ২৬জন ৰোগীৰ মৃত্যু হৈছে৷ অৰ্থাৎ অসমত প্ৰতি ঘণ্টাত গড়ে তিনিজনকৈ ক’ভিড ৰোগীৰ মৃত্যু হৈছে৷ লক্ষণীয় বিষয়টো হৈছে অসমৰ বিভিন্ন হাস্পতালত ১০,৮৪৪খন ক’ভিড বেড আছে যদিও বেডৰ অভাৱ বা আন আন কাৰণত প্ৰায় ৩৫ হাজাৰ ৰোগী হোম আইছ’লেশ্বনত আছে৷ ইপিনে প্ৰাক্তন আই এ এছ বিষয়া তথা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ অৱসৰপ্ৰাপ্ত যুটীয়া সচিব অশোক শইকীয়াৰ পুত্ৰ তথা অসমৰ দক্ষতা বিভাগ আৰু বৃত্তিমুখঈ বাটকটীয়া আদিত্য শইকীয়াৰ বুধবাৰে ক’ভিডত আক্ৰান্ত হৈ দিল্লীৰ এখন হাস্পতালত মৃত্যু হয়৷

মন্ত্ৰীসকলক ‘ক’ভিড ডিউটী’ ভগাই দিলে মুখ্যমন্ত্ৰীয়ে

ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ প্ৰথমখন কেবিনেটৰ পাছত বুধবাৰে মুখ্যমন্ত্ৰী ড॰ শৰ্মা সমন্বিতে কেবিনেটৰ আটাইকেইজন সদস্যই প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাসভৱনত উপস্থিত হয়৷ প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালৰ সৈতে মুখ্যমন্ত্ৰী ড॰ শৰ্মা সমন্বিতে কেবিনেটৰ সদস্যসকলে কেবিনেটৰ সিদ্ধান্তসমূহৰ বিষয়ে অৱগত কৰে৷ কেবিনেটৰ কেউজন সদস্যই প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালৰ পৰা দিহা-পৰামৰ্শ বিচাৰে৷ কেবিনেটৰ সিদ্ধান্ত অনুসৰিয়ে আটায়ে বুধবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালৰ কাষত উপস্থিত হৈ সৌজন্যমূলক সাক্ষাৎ কৰাৰ উপৰি চৰকাৰখনৰ কাম-কাজ চলাই নিয়াৰ বাবে পৰামৰ্শ বিচাৰে৷ ইফালে, ৰাজ্যখনৰ শেহতীয়া ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি এক নিৰ্দেশনাৰ জৰিয়তে ৰাজ্যৰ কেবিনেট মন্ত্ৰীসকলক বিভিন্ন জিলাৰ নিৰীক্ষণৰ দায়িত্ব অৰ্পণ কৰিছে৷ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি এক নিৰ্দেশনাৰ জৰিয়তে ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন  বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক বৰপেটা, বজালী আৰু বঙাইগাঁও জিলাৰ ক’ভিড পৰিস্থিতি অবিৰতভাৱে নিৰীক্ষণৰ দায়িত্ব অৰ্পণ কৰিছে৷ ঠিক তেনেদৰে কৃষি বিভাগৰ মন্ত্ৰী অতুল বৰাক যোৰহাট আৰু গোলাঘাট, হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মক কোকৰাঝাৰ, চিৰাং আৰু বাক্সা জিলা, উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক নলবাৰী, কামৰূপ আৰু ওদালগুৰি, পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যক কাচাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তক নগাঁও আৰু হোজাই, শিক্ষা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুক ধেমাজি আৰু লখিমপুৰ, নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘালক শোণিতপুৰ, দৰং আৰু বিশ্বনাথ, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনক পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং আৰু ডিমা হাছাও, চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণক তিনিচুকীয়া আৰু ডিব্ৰুগড়, বিত্ত বিভাগৰ মন্ত্ৰী অজন্তা নেওগক ধুবুৰী আৰু লখিমপুৰ, জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাক মৰিগাঁও আৰু গোৱালপাৰা, শক্তি বিভাগৰ মন্ত্ৰী বিমল বৰাক শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ নিৰীক্ষণৰ দায়িত্ব অৰ্পণ কৰা হৈছে৷ আনহাতে, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই মাজুলী জিলাৰ ক’ভিড পৰিস্থিতি নিৰীক্ষণ কৰিব৷ নিৰ্দেশনাটোত মন্ত্ৰীসকলক তেওঁলোকক দায়িত্বভাৰ অৰ্পণ কৰা জিলাসমূহৰ ক’ভিড ৰোগীৰ সংখ্যা আৰু ক’ভিড পজিটিভৰ শতাংশ, বৰ্তমানৰ আৰু ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি হ’লে হাস্পতালৰ বিচনা, চিকিৎসা কৰ্মী, আই চি ইউৰ সুবিধা, ঔষধ, অক্সিজেনৰ পৰ্যাপ্ততা, এম্বুলেঞ্চ ইত্যাদিৰ পৰ্যাপ্ততাৰ মূল্যায়ন, জিলাসমূহত ক’ভিড সম্বন্ধীয় বাধা-নিষেধৰ যথোচিত ৰূপায়নৰ নিৰীক্ষণ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা অন্যান্য বিভাগসমূহৰ সৈতে জিলা প্ৰশাসনৰ সমন্বয়ৰ দিশত নিৰ্দেশনা, জিলাসমূহৰ শেহতীয়া ক’ভিড পৰিস্থিতিৰ নিয়মীয়া তথ্যসমূহ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীক অৱগত কৰাৰ দায়িত্বভাৰ অৰ্পণ কৰা হৈছে৷

ক’ভিড যুদ্ধত বিত্ত বিভাগক সহযোগ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী শৰ্মাৰ

মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে বিত্ত বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ ক’ভিড-১৯ অতিমাৰীৰ বিৰুদ্ধে চলাই থকা যুঁজখন আৰু অধিক শক্তিশালী কৰাৰ  দিশত সহায়ক হোৱাকৈ স্বাস্থ্য বিভাগৰ সৈতে জড়িত যিকোনো ফাইলৰ ওপৰত অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে৷ বিত্ত বিভাগৰ সভা কক্ষত বিত্তমন্ত্ৰী অজন্তা নেওগৰ উপস্থিতিত অনুষ্ঠিত হোৱা উক্ত পৰ্যালোচনা বৈঠকত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই এই অতিমাৰীৰ বিৰুদ্ধে চলাই থকা যুঁজখন আৰু অধিক শক্তিশালী কৰাৰ বাবে বিত্ত বিভাগে স্বাস্থ্য বিভাগৰ ফাইলসমূহ খৰতকীয়াকৈ নিষ্পত্তি কৰাৰ পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়ে৷ বৈঠকত মুখ্যমন্ত্ৰীয়ে জনকল্যাণমূলক আঁচনিসমূহৰ বাবে সকলো বিত্তীয় নিয়ম পূৰণ কৰাৰ অন্তত বিত্ত বিভাগক খৰতকীয়াকৈ পুঁজি মোকলাই দিয়াৰ বাবেও নিৰ্দেশ দিয়ে৷ মুখ্যমন্ত্ৰীয়ে বিত্ত বিভাগক জুলাই মাহক ‘অৰুণোদয়’ মাহ হিচাপে ঘোষণা কৰাৰ নিৰ্দেশ দিয়ে৷ মুখ্যমন্ত্ৰীয়ে যুৱ সৱলীকৰণৰ বাবে ‘স্বয়ম’ আঁচনিৰ অধীনত পুঁজি মোকলাই দিয়াৰ বাবেও নিৰ্দেশ দিয়ে৷ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত স্কুটী বিতৰণৰ আঁচনিৰ পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰীয়ে অগ্ৰাধিকাৰৰ ভিত্তিত বাকী থকা স্কুটী সকলো নীতি-নিয়ম অনুসৰণ কৰি বিতৰণৰ পদক্ষেপ ল’বলৈও নিৰ্দেশ দিয়ে৷ বৈঠকতে মুখ্যমন্ত্ৰীয়ে বিত্ত বিভাগৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহাক ৰাজ্যখনৰ চৰকাৰী বিভাগসমূহত বৰ্তমানে খালী থকা পদসমূহৰ বিতং তথ্য আহৰণৰ বাবে নিৰ্দেশ দিয়ে যাতে চৰকাৰী বিভাগসমূহত ১ লাখ যুৱক-যুৱতীৰ নিয়োগৰ দিশত ইতিবাচক আৰু ফলপ্ৰসূ পদক্ষেপ ল’ব পৰা যায়৷ মুখ্যমন্ত্ৰীয়ে লগতে মাইক্ৰ’ফাইনেন্স প্ৰতিষ্ঠানসমূহৰ পৰা গ্ৰহণ কৰা ঋণৰ পৰিমাণৰ এক বিস্তৃত মূল্যায়ণ কৰাৰ বাবেও বিভাগক নিৰ্দেশ দিয়ে যাতে এই ঋণ ৰেহাইৰ ক্ষেত্ৰত এক বাস্তৱসন্মত ব্যৱস্থাৱলী গ্ৰহণ কৰিব পাৰে চৰকাৰে৷