Logo
image

এনআৰচি ১০০% পুনৰীক্ষণৰ বাবে দিছপুৰৰ আৱেদন

◾লাখ লাখ বিদেশী পঞ্জীভুক্ত, ন্যায়ালয়ত অভিযোগ স্বয়ং এনআৰচি কতৃৰ্পক্ষৰ

আমাৰ অসম, ১৪ মেঃ এন আৰ চিৰ তথ্য এশ শতাংশ পুনৰীক্ষণ কৰাৰ আৰ্জিৰে উচ্ছতম ন্যায়ালয়ত অন্তৰ্ৱৰ্তীকালীন আৱেদন দাখিল কৰিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে৷ ৰাজ্যৰ পঞ্চদশ মুখ্যমন্ত্ৰীৰূপে শপত লোৱাৰ ২৪ ঘণ্টা পাছতে মুখ্যমন্ত্ৰী শৰ্মাই উচ্ছতম ন্যায়ালয়ত দাখিল  কৰে উক্ত আৱেদন৷ ১১ মে’ত দাখিল কৰা ১২০ পৃষ্ঠাজোৰা অন্তৰ্ৱৰ্তীকালীন আৱেদনত কোৱা হয় যে এন আৰ চিত কেইবা লাখ সন্দেহযুক্ত লোকৰ নাম অন্তৰ্ভুক্ত হৈছে৷ সন্দেহযুক্ত এইসকল নাগৰিকৰ নাম এন আৰ চিৰ পৰা বাতিল কৰিব নোৱাৰিলে ৰাজ্যৰ প্ৰকৃত নাগৰিকসকললৈ ভাবুকি আহিব৷ উল্লেখ্য, মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিয়ে অৰ্থাৎ উচ্ছতম ন্যায়ালয়ত আৱেদন দাখিল কৰাৰ আগদিনা হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছিল যে ৰাজ্যৰ সীমান্ত অঞ্চলৰ জিলাসমূহত ২০ শতাংশ আৰু অন্যান্য জিলাসমূহত ১০ শতাংশ তথ্য পুনৰীক্ষণ কৰা হ’ব৷ এনে পুনৰীক্ষণৰ সময়ত ব্যাপক খেলিমেলি পালেহে এন আৰ চি গৃহীত কৰা নকৰা সন্দৰ্ভত চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব৷ মুখ্যমন্ত্ৰীজনে সংবাদ মেল পাতি এই সন্দৰ্ভত বক্তব্য আগবঢ়োৱাৰ পিছদিনাই এন আৰ চিৰ তথ্য এশ শতাংশ পুনৰীক্ষণৰ আৰ্জিৰে উচ্ছতম ন্যায়ালয়ত আৱেদন দাখিল কৰা কাৰ্য ৰহস্যজনক বুলি বিবেচিত হৈছে৷

নাগৰিকপঞ্জীত সোমাইছে লাখ লাখ বিদেশীৰ নামঃ এন আৰ চি কতৃৰ্পক্ষৰ বিস্ফোৰক অভিযোগ

এন আৰ চিত সোমাইছে লাখ লাখ সন্দেহযুক্ত নাগৰিকৰ নাম– এয়া কোনো সংগঠন অথবা কোনো ৰাজনৈতিক দলৰ অভিযোগ নহয়৷ এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে খোদ এন আৰ চিৰ কতৃৰ্পক্ষই৷ এন আৰ চিৰ তথ্য পৰীক্ষা কৰি গুৰুতৰ বিসংগতি পোৱা বুলি উল্লেখ কৰি উচ্ছতম ন্যায়ালয়ত অন্তৰ্ৱৰ্তীকালীন আবেদন দাখিল কৰিছে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই৷ এন আৰ চিৰ সমগ্ৰ প্ৰক্ৰিয়াটোত সন্দেহ প্ৰকাশ কৰি এন আৰ চিৰ ৰাজ্যিক সমন্বয়কজনে উচ্ছতম ন্যায়ালয়ত অন্তৰ্ৱৰ্তীকালীন আবেদন দাখিল কৰাৰ কাৰ্যই ইতিমধ্যে আছাম পাব্লিক ৱৰ্কছ, সচেতন নাগৰিক মঞ্চ, অসমসহ কেইবাটাও সংগঠনে কৰি অহা অভিযোগ সত্য প্ৰমানিত কৰিলে৷ আছাম পাব্লিক ৱৰ্কছ আৰু সচেতন নাগৰিক মঞ্চই এন আৰ চিৰ তথ্য ২০ শতাংশ পুনৰীক্ষণৰ আৰ্জিৰে কেইবাখনো আবেদন দাখিল কৰিছিল৷ এন আৰ চিৰ তথ্য পুনৰীক্ষনৰ বাবে অনুমতি বিচাৰি এন আৰ চিৰ ৰাজ্যিক সমন্বয়কে জ্জ্বমে’ত উচ্ছতম ন্যায়ালয়ত অন্তৰ্ৱৰ্তীকালীন আবেদন দাখিল কাৰিছে৷ উল্লেখ্য, ২০১৯ চনৰ ৩১ আগষ্টত প্ৰকাশ পাইছিল এন আৰ চিৰ পৰিপূৰক তালিকা৷ তেতিয়াই চৰ্চা হৈছিল এন আৰ চিত অসংখ্য বিদেশীৰ নাম সোমোৱা বুলি৷ কিন্তু সেই সময়ত এন আৰ চি কতৃৰ্পক্ষই এই কথা অস্বীকাৰ কৰিছিল৷ এন আৰ চিৰ পূৰ্বৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে বিজেপি আৰু বিজেপিৰ সমৰ্থক একাধিক সংগঠনে আনিছিল বহু গুৰুতৰ অভিযোগ৷ পৰৱৰ্তী প্ৰায় দুটা বছৰে দেশৰ মহাপঞ্জীয়কে প্ৰকাশ নকৰিলে চূড়ান্ত এন আৰ চি৷ এই সময়ছোৱাত উচ্ছতম ন্যায়ালয়েও চূড়ান্ত এন আৰ চি প্ৰকাশ কৰা সন্দৰ্ভত নিদিলে কোনো ৰায়৷   ৮ মে’ত উচ্ছতম ন্যায়ালয়ত এন আৰ চিত ব্যাপক খেলিমেলি হোৱা বুলি অন্তৰ্ৱৰ্তীকালীন আবেদন দাখিল কৰিছে এন আৰ চিৰ বৰ্তমানৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই৷ আবেদনত উল্লেখ্য কৰা মতে পৰিয়ালবৃক্ষ পুনৰীক্ষণত ন’ লিখিবলগীয়া অসংখ্য ঠাইত ইয়েছ লিখা হৈছে৷ প্ৰায় ৪০ শতাংশ তথ্যৰ খেলিমেলি আছে এন আৰ চিত৷ অৰিজিনেল ইনহেবিটেণ্ট [অ’ আই] শাখাত ছমৰীয়াত ৬৪ হাজাৰ অবৈধ লোকৰ নাম সোমাইছে৷ ডি এম আই টি ব্যৱস্থাত ১৬লাখ লোকৰ নাম নথি পত্ৰই নাকচ কৰিছিল যদিও অন্তৰ্ভুক্ত হৈছে এন আৰ চিত৷ এন আৰ চি কতৃৰ্পক্ষৰ মতে প্ৰায় ৪০ লাখ অবৈধ লোকৰ নাম অন্তৰ্ভুক্ত হৈছে এন আৰ চিত৷ এনে আবেদনৰ জৰিয়তে এন আৰ চিৰ বৰ্তমানৰ কতৃৰ্পক্ষই পূৰ্বৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ নেতৃত্বত প্ৰকাশ কৰা এন আৰ চি প্ৰকাৰন্তৰে নাকচ কৰিছে৷ এন আৰ চিৰ বৰ্তমান কতৃৰ্পক্ষই গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনাইছে আছাম পাব্লিক ৱৰ্কছৰ সভাপতি আভিজিৎ শৰ্মাই৷ তেওঁ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়– ডেৰ বছৰ ধৰি যি কথা চিঞৰি আহিছিলো, সেই কথা প্ৰমান হ’ল৷ মনৰ আশা পূৰণ হ’ল৷ ৰাজ্যৰ ৫০হাজাৰ ভূমিপুত্ৰৰ নাম এন আৰ চিৰ পৰা বাদ পৰি গৈছে৷ নতুন গৃহমন্ত্ৰীয়ে এইসকল নাগৰিকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত কৰোৱাৰ ব্যৱস্থা ল’ব লাগে৷ এন আৰ চি কতৃৰ্পক্ষৰ পদক্ষেপক আদৰণি জনাইছে সচেতন নাগৰিক মঞ্চৰ সভাপতি চন্দন ভট্টাচাৰ্যই৷ তেওঁ কয়– অবৈধ নাগৰিকৰ নাম অন্তৰ্ভুক্ত হোৱা বুলি আমি বাৰে বাৰে কি আহিছিলো৷ ২০ শতাংশ তথ্য পুনৰীক্ষণৰ আহ্বান জনাই উচ্ছতম ন্যায়ালয়ত ৬খন শপতনামা দাখিল কৰিছিলো৷ এন আৰ চি কতৃৰ্পক্ষৰ এনে আবেদনে আমাৰ অভিযোগ সত্য প্ৰমান কৰিলে৷