Logo
image

এদিনৰ বাবে সহকাৰী আয়ুক্ত

আমাৰ অসম, ১৪ মেঃ ধেমাজি জিলাৰ উপায়ুক্ত কাৰ্যালয়ত বৃহস্পতিবাৰে অনুষ্টুপীয়া আৰু অনাড়ম্বৰপূৰ্ণভাৱে বিগত বিধানসভা নিৰ্বাচনত ভোটদানৰ হাৰৰ ক্ষেত্ৰত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হোৱা দুটা ভোটগ্ৰহণ কেন্দ্ৰৰ দুগৰাকী বুথ পৰ্যায়ৰ বিষয়াক প্ৰমাণপত্ৰ, শৰাই আৰু নগদ টকাৰে সন্মান জনোৱা হয়৷ ধেমাজি জিলা উন্নয়ন আয়ুক্ত দীপাংকৰ দাসে ১১৩ নং ধেমাজি বিধানসভা সমষ্টিৰ ভিতৰতে ভোটদানৰ হাৰৰ ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হোৱা ১৮নং ভোটগ্ৰহণ কেন্দ্ৰৰ বুথ পৰ্যায়ৰ বিষয়া নমিতা পেগুক জিলা প্ৰশাসনৰ হৈ এখন প্ৰমাণপত্ৰ, এখন শৰাই, গামোচা আৰু নগদ টকাৰে সন্মানিত কৰে৷ আনহাতে নগৰাঞ্চলৰ ভিতৰত ভোটদানৰ হাৰ অধিক হোৱা ১৯৪ নং ভোটগ্ৰহণ কেন্দ্ৰৰ বুথ পৰ্যায়ৰ বিষয়া নিভামণি হাজৰিকাক ইতিমধ্যেই ঘোষণা কৰা অনুসৰি ধেমাজি ব্যৱসায়ী সংস্থাৰ ফালৰ পৰা এখন শৰাই, গামোচা, নগদ টকা আৰু এখন প্ৰমাণপত্ৰৰে সন্মানিত কৰা হয়৷ ব্যৱসায়ী সংস্থাৰ হৈ সভাপতি ঘনকৃষ্ণ বৰগোহাঁই আৰু সাধাৰণ সম্পাদক ৰাণা দেউৰীয়ে এই সন্মান প্ৰদান কৰে৷ আনহাতে ইতিমধ্যেই ঘোষণা কৰা অনুসৰি জিলাখনৰ এগৰাকী যুৱ ভোটাৰ মধুস্মিতা পালক এদিনৰ বাবে জিলাখনৰ এগৰাকী সহকাৰী আয়ুক্ত পদেৰে সন্মান জনোৱা হয়৷ উল্লেখ্য, বিগত বিধানসভা নিৰ্বাচনত ১১৩নং ধেমাজি [অঃজঃ] সমষ্টিৰ এছভিইইপি কোষৰ উদ্যোগত যুৱ ভোটাৰসকলক ভোটদানৰ বিষয়ে সজাগ কৰিবৰ বাবে ছ’চিয়েল মাধ্যমৰ জড়িয়তে এক সজাগতা অভিযান চলোৱা হৈছিল৷ সমষ্টিটোৰ ১৮ৰ পৰা ৩০ বছৰ বয়সৰ ভোটাৰসকললৈ জিলা প্ৰশাসনৰ ফালৰ পৰা আহ্বান জনোৱা হৈছিল যে ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰাৰ পাছত তেওঁলোকে ছেল্‌ফি লৈ ডেপুটী কমিছনাৰ, ধেমাজি ফেচবুক  পেজত টেগ কৰিলে তেওঁলোকৰ মাজৰ এজনক লটাৰীৰ জড়িয়তে এদিনৰ বাবে সহকাৰী আয়ুক্ত পদেৰে [অবৈতনিক] সন্মান জনোৱা হ’ব৷ মুঠ ৬৮জন ভোটাৰে সেই অভিযানত অংশ লৈছিল৷ সেই ৬৮ জনৰ ভিতৰত শেহতীয়াকৈ কৰা লটাৰীত মধুস্মিতা পালক বাছনি কৰা হয় আৰু তেওঁক ইতিপূৰ্বে ঘোষণা কৰা অনুসৰি ১৩ মে’ৰ দিনটোৰ বাবে সহকাৰী আয়ুক্ত পদবীৰে [অবৈতনিক] সন্মান জনোৱা হয়৷ জিলা প্ৰশাসনৰ হৈ উন্নয়ন আয়ুক্ত দীপাংকৰ দাসে মধুস্মিতা পালক প্ৰমাণপত্ৰ প্ৰদান কৰে৷