Logo
image

মাথোঁ নিমখৰহে ‘দায়িত্ব’ ল’ব নতুন যোগানমন্ত্ৰীয়ে

আমাৰ অসম, ১৫ মেঃ ‘নিত্যপ্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ঘটিলে অহেতুক যোগান বিভাগক গালি পাৰি নাথাকিব৷ কাৰণ শাকপাচলি যোগান বিভাগৰ অধীনত নহয়৷ নিত্যপ্ৰয়োজনীয় সামগ্ৰীৰ ভিতৰত কেৱল নিমখহে যোগান বিভাগৰ নিয়ন্ত্ৰণৰ অধীনত৷ গতিকে বাকী নিত্যপ্ৰয়োজনীয় সামগ্ৰীৰ দামবৃদ্ধি পালে সংবাদ মাধ্যম তথা ৰাইজে যাতে যোগান বিভাগক অহেতুক দোষাৰূপ নকৰে৷’– এই ভাষ্য ৰাজ্যৰ নৱনিযুক্ত খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ৷ কোৱা বাহুল্য যে ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ থকাৰ সময়ত মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিজেপিয়ে অহৰহ আন্দোলন কৰিছিল৷ সেই আন্দোলনৰ নেতৃত্ব লোৱা বিজেপি নেতাসকলৰ ভিতৰত অন্যতম আছিল ৰঞ্জিত দাস৷ কিন্তু নিজে ক্ষমতালৈ অহাৰ পাছত আন দহজন বিজেপি নেতাৰ দৰে ৰঞ্জিত দাসৰ কথাৰ সুৰ সলনি হ’বলৈ ধৰিলে৷ কিছুদিন পূৰ্বে ডিব্ৰুগড়ৰ বিজেপি বিধায়ক প্ৰশান্ত ফুকনে ৰাজহুৱাভাৱে অকপটে স্বীকাৰ কৰিছিল যে ৰাজনৈতিক নেতাসকল পানীৰ দৰে– তেওঁলোকক যি পাত্ৰতেই থোৱা হয় তাৰেই বৰণ নলয়৷ সেইবাবেই বিৰোধী পক্ষত থকাৰ সময়ত মূল্যবৃদ্ধিৰ বিৰুদ্ধে আন্দোলন কৰা প্ৰশান্ত ফুকনে তেওঁৰ নিজৰ দলৰ চৰকাৰ থকাৰ সময়ত মূল্যবৃদ্ধি সন্দৰ্ভত নীৰৱতা অৱলম্বন কৰা বুলিও স্বীকাৰ কৰিছিল ডিব্ৰুগড় বিধায়কজনে৷ প্ৰশান্ত ফুকনৰ দৰে মুখ ফুটাই সেই ধৰণৰ কথা নক’লেও প্ৰদেশ বিজেপিৰ সভাপতি ৰঞ্জিত দাসো যে প্ৰশান্ত ফুকনৰ দৰেই বৰণ সলাই থকা বিজেপি নেতা সেই কথা তেওঁৰ ভাষ্যত স্পষ্ট হৈ পৰিছে৷ সমান্তৰালভাৱে এই কথাও স্পষ্ট হৈ পৰিল যে ৰঞ্জিত দাসে কেৱল নিমখৰহে ‘দায়িত্ব’ ল’ব৷ আন সামগ্ৰীৰ মূল্যবৃদ্ধি বা যোগানৰ ক্ষেত্ৰত তেওঁ দায়বদ্ধ নহয়৷ নতুন যোগানমন্ত্ৰীজনে লগতে কয় যে, অসমত বৰ্তমান নিত্যপ্ৰয়োজনীয় সামগ্ৰীৰ দাম যথেষ্ট নিয়ন্ত্ৰণত আছে৷ মন্ত্ৰীজনে উদাহৰণ দাঙি কয় যে, পশ্চিমবংগত বৰ্তমান মচুৰ দালিৰ দাম হৈছে ১০১ টকা প্ৰতি কেজিত৷ কিন্তু অসমত মচুৰ দালিৰ দাম হৈছে ৯০ টকা প্ৰতি কেজিত৷ উল্লেখ্য যে, বঙাইগাঁও জিলাৰ ক’ভিড পৰিস্থিতিৰ বুজ ল’বলৈ আহি সাংবাদিকৰ আগত এই তথ্য দাঙি ধৰে মন্ত্ৰীজনে৷ ৰাজ্যখনত দেখা দিয়া কৰ’নাৰ ব্যাপক সংক্ৰমণৰ দুৰ্যোগৰ সুযোগ লৈ ব্যবসায়ীমহলে যাতে নিত্যপ্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নকৰে তাৰ প্ৰতিও আহ্বান জনায় মন্ত্ৰীজনে৷  ব্যৱসায়ীমহলক এই আহ্বান জনোৱাৰ লগতে চেম্বাৰ অৱ কমাৰ্চক এই বিষয়ত দৃষ্টি ৰাখিবলৈয়ো আহ্বান জনায় মন্ত্ৰীজনে৷ মন্ত্ৰীজনে সাংবাদিকৰ আগত জনোৱা মতে, অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে অসমৰ প্ৰতিজন মন্ত্ৰীক ৰাজ্যখনৰ বিভিন্ন জিলাত নিয়োগ কৰা হৈছে ক’ভিড পৰিস্থিতিৰ বুজ ল’বলৈ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি অসম মন্ত্ৰীসভাৰ সদস্যসকলে বিভিন্ন জিলাত উপস্থিত হৈ বুজ লৈছে এই ক’ভিড পৰিস্থিতিৰ৷ সেইঅনুসৰি তেওঁৰ দায়িত্বত থকা বঙাইগাঁও জিলাত তেওঁ উপস্থিত হৈছে শুকুৰবাৰে এই ক’ভিড পৰিস্থিতিৰ বুজ ল’বলৈ৷  বঙাইগাঁও জিলা প্ৰশালনে ক’ভিড মোকাবিলা কৰাৰ কাৰণে যিবোৰ ব্যৱস্থাৱলী হাতত লৈছে ইয়াৰ প্ৰশংসা কৰে মন্ত্ৰীজনে৷ ক’ভিড আক্ৰান্ত ৰোগীসকলক একেলগে নাৰাখি জিলাখনত যি সুকীয়াকৈ ৰখাৰ ব্যৱস্থা কৰিছে এই ব্যৱস্থাৰ প্ৰতি তেওঁ সন্তুষ্টি প্ৰকাশ কৰে৷ জিলাখনত ক’ভিড ৰোগীৰ পৰ্যাপ্ত পৰিমাণৰ বিছনা থকা বুলি মন্ত্ৰীজনে জনায়৷ তেওঁ জনোৱা অনুসৰি, জিলাখনত ক’ভিড ৰোগীৰ বাবে মুঠ ৩২৪খন বিছনা আছে আৰু অতিৰিক্ত ৩২০খন বিছনাৰ ব্যৱস্থা কৰা বুলি জনায়৷ তদুপৰি, বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ২০খন আইচিইউ বিছনা আৰু অক্সিজেন উৎপাদন প্ৰকল্প অতিশীঘ্ৰে চালু কৰা হ’ব বুলিও মন্ত্ৰীজনে জনায়৷ ইপিনে ৰাজ্যিক বিজেপিৰ সংখ্যালঘু মৰ্চা ভংগ কৰা সন্দৰ্ভত তেওঁ কয় যে, চাৰিমাহ পূৰ্বে এক সভা অনুষ্ঠিত হৈছিল সংখ্যালঘু মৰ্চাৰ উক্ত সভাতে সিদ্ধান্ত লোৱা হৈছিল যে, বিজেপি দলৰ সংখালঘু মৰ্চাৰ ২০জনীয়া সদস্য থকা বুথৰ অধিকাংশ বুথত যদি ২০টাতকৈ কম ভোট কম লাভ কৰা হয় তেনেহ’লে এই সংখালঘু মৰ্চা ৰখাতকৈ নৰখাই ভাল৷ সেই সিদ্ধান্তৰ আধাৰতে সংখালঘু মৰ্চাখন ভংগ কৰি দিয়া হৈছে৷ কাৰণ বিগত বিধানসভা নিৰ্বাচনত সংখ্যালঘু অধ্যুষিত বহু বুথত একক সংখ্যাৰ ঘৰত ভোট লাভ কৰিছে বিজেপি তথা মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে৷ যাৰবাবেই সংখালঘু মৰ্চাখন ভংগ কৰা বুলি জনোৱা হৈছে৷ তেওঁ লগতে কয় যে, কোনো ধৰ্মীয় ভিত্তিত কোনো মৰ্চা নহয়, প্ৰত্যক্ষভাৱে বিজেপি কৰিব লাগিব৷ উল্লেখ্য যে, মন্ত্ৰীজনৰ লগত আজি স্থানীয় বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ফণীভূষণ চৌধুৰী আৰু বঙাইগাঁও জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষীপ্ৰিয়াৰ লগতে আৰু কেইবাজনো বিষয়া উপস্থিত থাকে৷

মিনি লকডাউনত কাম নহ’লে সম্পূৰ্ণ লকডাউন

অসমৰ জনসাধাৰণৰ যাতে কোনো ক্ষতি নহয়, দুৰ্যোগৰ সময়তো যাতে দৈনন্দিন জীৱন-যাপন চলি থাকে তাৰ কাৰণে আমাৰ চৰকাৰে বৰ্তমান মিনি লকডাউন দি এই ভয়াৱহ দুৰ্যোগৰ পৰা হাত সৰাৰ চেষ্টা কৰিছে৷ কিন্তু যদি ইয়াৰ পাছতো ক’ভিড ৰোধ নহয় তেন্তে শীৰ্ঘে সম্পূৰ্ণ লকডাউন দিবলৈ বাধ্য হ’ব চৰকাৰ৷  এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি তথা পঞ্চায়ত গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী আৰু খাদ্য আৰু যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ৷  মন্ত্ৰিত্ব লাভ কৰাৰ পাছত প্ৰথমবাৰৰ কাৰণে নিজ সমষ্টি পাটাছাৰকুছিত প্ৰৱেশ কৰি মন্ত্ৰীজনে কৰ’না মহামাৰীত আক্ৰান্ত হৈ অকালতে প্ৰাণ আহুতি দিয়া সমষ্টিৰ ছজনকৈ দুৰ্ভগীয়া পৰিয়ালৰ ঘৰলৈ গৈ মৃতকৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে৷ মন্ত্ৰীজনে কৰ’না মহামাৰীৰ এই দুঃসময়ত যাতে কোনো ব্যৱসায়ীয়ে যাতে আত্যাবশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি নকৰে তাৰ প্ৰতি আহ্বান জনায়৷  কোনো দুষ্ট ব্যৱসায়ীয়ে যদি নিজৰ মতে দাম বৃদ্ধি কৰে তাৰ খবৰ পালে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও সমষ্টিত প্ৰৱেশ কৰি প্ৰথমটো কঠোৰ সকীয়নি প্ৰদান কৰে৷

দুৰ্নীতিগ্ৰস্তসকলক দিয়া হ’ব স্বেচ্ছামূলক অৱসৰ

ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত এতিয়াৰে পৰা কোনো বিষয়া-কৰ্মচাৰীৰ গাফিলতি আৰু দুৰ্নীতি সহ্য কৰা নহ’ব৷ এই সকীয়নি ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰমোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ৷ আজি পাঠশালাৰ শ্বহীদ মদন ৰাউতা নগৰস্থিত বজালী জিলা উপায়ুক্তৰ কাৰ্যালয়ত বজালী জিলাৰ কভিড পৰিৱেশৰ লগতে সামগ্ৰীক পৰিৱেশৰ বুজ লৈ সাংবাদিকৰ আগত এনেদৰে গুৰুত্বপূৰ্ণ মত প্ৰদান কৰে মন্ত্ৰী তথা পাটাছাৰকুছি সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসে৷ অনাগত দিনত যদি কোনো কৰ্মচাৰীয়ে কামত গাফিলতি অথবা দুৰ্নীতি কৰে তেন্তে তেনে কৰ্মচাৰীক স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰাৰ বাবেও আহ্বান জনাইছে বিভাগীয় মন্ত্ৰী তথা ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসে৷ আগন্তুক দিনত তেওঁৰ অধীনৰ বিভাগসমূহত কোনোধৰণৰ গাফিলতি কোনো কাৰণতে সহ্য কৰা নহব বুলিও তেওঁ সাংবাদিকৰ আগত দৃঢ়তাৰে কয়৷ ইয়াৰোপৰি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ ক্ষেত্ৰতো চৰকাৰ কঠোৰ হব বুলি দাসে ঘোষণা কৰি বৰ্তমানৰ সংকটকালীন পৰিস্থিতিৰ সুযোগ লৈ কোনো ব্যৱসায়িকে মূল্যবৃদ্ধি নকৰিবলৈ আহ্বান জনায়৷ আনহাতে নগাঁৱত দুৰ্ভগ্যজনকভাৱে কৰুণভাৱে মৃত্য বৰণ কৰা হাতী কেইটাৰ বিষয়টোত তেওঁ গভীৰ দুখ প্ৰকাশ কৰাৰ লগতে উক্ত ঘটনা কেনেদৰে হবলৈ পালে সেই সন্দৰ্ভতো বিতংকৈ পৰ্যালোচনা কৰা হব বুলি ৰাজ্যিক বিজেপিৰ সভাপতিজনে মত প্ৰকাশ কৰে৷ মন্ত্ৰী হোৱাৰ পিছত আজি প্ৰথমবাৰৰ বাবে নিজৰ সমষ্টিত প্ৰৱেশ কৰি বজালী জিলা উপায়ুক্ত আৰু প্ৰশাসনিক বিষয়াসকলৰ সতে মন্ত্ৰী গৰাকীয়ে আলোচনাত মিলিত হয়৷ বিশেষকৈ ৰাজ্যৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে মন্ত্ৰী ৰণজিত কুমাৰ দাসে বজালী জিলাৰ কভিড পৰিস্থিতিৰ বুজ লয়৷ ৰাজ্যৰ ভিন্ন জিলাৰ লগতে বজালীতো কভিডৰ দ্ৰুত সংক্ৰমণত গভীৰ উদ্বেগ প্ৰকাশ কৰে ৰণজিত কুমাৰ দাসে৷ ইতিমধ্যে বজালী জিলাত ৯ গৰাকীকৈ লোক এই কভিডত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ তথ্যত গভীৰ উদ্বেগ প্ৰকাশ কৰি জিলাখনৰ ৰাইজক অধিক সতৰ্ক হবলৈ আহ্বান জনায় মন্ত্ৰীজনে৷ উল্লেখ্য যে পৰিস্থিতি ইয়াতকৈ অধিক অৱনতি ঘটিলে সম্পূৰ্ণ লকডাউনৰ বিকল্প নাথাকিব বুলিও মন্ত্ৰীজনে সদৰী কৰে৷ মন্ত্ৰী দাসে বজালী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা জিলাখনৰ সাদেৰী, বামাখাটা আদি অঞ্চলত ক’ভিডত আক্ৰান্ত হৈ মৃত্যুবৰণ হোৱা কেবাগৰাকী লোকৰ বাসগৃহত উপস্থিত হৈ শোক সন্তপ্ত পৰিয়ালৰ খা খবৰ লৈ তেওঁলোকক সান্তনা প্ৰদান কৰে৷ ক’ভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱা পাটাছাৰকুছি সমষ্টিৰ অন্তৰ্গত অপূৰ্ব মেধি, মঞ্জু দাস আৰু মোহিনী তালুকদাৰৰ বাসগৃহত উপস্থিত হৈ তেখেতসকলৰ শোকবিহ৩ল পৰিয়ালবৰ্গক দাসে গভীৰ সমবেদনা জ্ঞাপন কৰে৷ বজালী জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, চক্ৰ বিষয়া আৰু আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ দাসেও মন্ত্ৰীজনৰ সৈতে উপস্থিত থাকে৷ সাম্প্ৰতিক ক্ষণত ক’ভিড ১৯ৰ ভয়াৱহ সংক্ৰমণৰ পৰা নিজক ৰক্ষা কৰিবলৈ পুনৰবাৰ সকলোকে সচেতন হৈ থাকিবলৈ আহ্বান জনায় ৰণজিৎ কুমাৰ দাসে৷ উল্লেখ্য যে নতুনকৈ গঠন হোৱা বজালী জিলাত যুটীয়া স্বাস্থ্য সঞ্চালকালয়ৰ কাৰ্যালয় নথকাৰ বাবে বৰপেটা জিলা যুটিয়া স্বাস্থ্য সঞ্চালকালয় কাৰ্যালয়ৰ পৰাই সমগ্ৰ ক’ভিডৰ কাম-কাজসমূহ চোৱাচিতা কৰি থকা হৈছে৷ ইয়াৰ পৰিপ্ৰেক্ষিততে মন্ত্ৰী দাসে ক’ভিড সম্পৰ্কত বজালী জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু স্বাস্থ্য বিভাগৰ বিষয়াৰ সৈতে এখনি গুৰুত্বপূৰ্ণ বৈঠকত অংশ লৈ বিশদ ভাৱে আলোচনা কৰি অনাগত সময়খিনিত জিলা প্ৰশাসনক পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবৰ বাবে সষ্টম হৈ থাকিবলৈ আহ্বান জনায়৷