Logo
image

কেৰালাত ২২ টকীয়া মাস্কৰ দাম অসমত ১৫০ টকা

কেৰালাত অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাত সোমাল ক’ভিড চিকিৎসাৰ সামগ্ৰী

আমাৰ অসম, ১৭ মেঃ দেশত এতিয়া ক’ভিডৰ ভয়ংকৰ ৰূপ৷ অসমৰ লগতে কেৰালাতো ভাইৰাছৰ সংক্ৰমণে দুয়োখন ৰাজ্যকে গভীৰ সংকটৰ দিশে লৈ গৈছে৷ কিন্তু ক’ভিড ৰোগীৰ চিকিৎসাত অসমৰ বিপৰীতে কেৰালাৰ বাওঁ চৰকাৰে নিদৰ্শন দাঙি ধৰিছে৷ যি সময়ত অসমৰ যোগানমন্ত্ৰী ৰঞ্জিত দাসে কেৱল নিমখহে অত্যাৱশ্যকীয় সামগ্ৰীৰ অধীনত ধৰা হৈছে বুলি প্ৰকাশ কৰি বিজেপি চৰকাৰৰ স্বৰূপ উদঙাই দেখুৱাইছে, ঠিক তেনে সময়ত কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে ক’ভিডৰ প্ৰয়োজনীয় চিকিৎসা সামগ্ৰীক অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাভুক্ত কৰি সূলভ মূল্য নিৰ্ধাৰণ কৰি দেশৰ ভিতৰতে নিদৰ্শন দাঙি ধৰিছে৷ ক’ভিড প্ৰতিৰোধৰ স্বাৰ্থত ‘কেৰালা অত্যাৱশ্যকীয় সামগ্ৰী নিয়ন্ত্ৰণ আইন- ১৯৮৬’ৰ অধীনত ক’ভিড চিকিৎসাৰ বাবে প্ৰয়োজনীয় পি পি ই কিট, মাস্ককে ধৰি সামগ্ৰীসমূহৰ মূল্য নিৰ্ধাৰণ কৰি দিছে৷ অৰ্থাৎ নাগৰিকে সূলভ মূল্যতে চিকিৎসা তথা সুৰক্ষা সামগ্ৰী ক্ৰয় কৰাৰ ব্যৱস্থা কৰিছে বাওঁপন্থী চৰকাৰখনে৷ কিন্তু অসম চৰকাৰে ক’ভিড চিকিৎসা সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ কৰি নিদিয়াত খুচুৰা বজাৰত চ’ৰা দামত বিক্ৰী হৈ আহিছে সাধাৰণ মাস্কৰ দৰে সামগ্ৰীও৷ কেৰালা চৰকাৰে একোটা পি পি ই কিটৰ মূল্য নিৰ্ধাৰণ কৰিছে ২৭৩ টকা৷ ইয়াৰ বিপৰীতে অসমৰ বজাৰত একোটা পি পি ই কিট ৪০০ টকাৰ পৰা ২,০০০ টকাত বিক্ৰী হৈ আছে৷ এখন এন-৯৫ মাস্কৰ মূল্য কেৰালাত এতিয়া ২২ টকা৷ ২২ টকীয়া এন-৯৫ মাস্কখন অসমত সৰ্বনিম্ন ১৫০ টকা ভৰিব লাগে জনসাধাৰণে৷ লক্ষণীয়ভাৱে কেৰালা চৰকাৰে ত্ৰিপ্‌ল লেয়াৰ মাস্কৰ মূল্য নিৰ্ধাৰণ কৰিছে ৩.৯০ টকা৷ কিন্তু অসম চৰকাৰে শেহতীয়াকৈ ত্ৰিপ্‌ল লেয়াৰ মাস্কৰ খুচুৰা মূল্য ১০ টকা নিৰ্ধাৰণ কৰিছিল যদিও ৰাজ্যৰ বিভিন্ন ফাৰ্মাচীত এনে মাস্ক ১০ টকাৰ পৰা ১৬ টকালৈ বিক্ৰী হৈ আছে৷ কেৰালাত একোখন ফেচশ্বিল্ডৰ মূল্য ২১ টকা নিৰ্ধাৰণ কৰাৰ বিপৰীতে অসমৰ বজাৰত প্ৰতি ফেচশ্বিল্ড ৮০ টকাৰ পৰা ১০০ টকাকৈ বিক্ৰী হৈছে৷ কেৰালাত ডিছপ’জেবল এপ্ৰ’নৰ মূল্য ১২ টকা নিৰ্ধাৰণ কৰাৰ বিপৰীতে অসমত ডিছপ’জেবল এপ্ৰ’ন ৪০-১০০ টকাকৈ বিক্ৰী হৈ আছে৷ ইপিনে ইন্সপেকছন গ্ল’ভছৰ মূল্য ৫.৭৫ টকা নিৰ্ধাৰণ কৰিছে কেৰালা চৰকাৰে৷ একেই ইন্সপেকছন গ্ল’ভছ অসমৰ খুচুৰা বজাৰত বিক্ৰী হৈছে ১২-১৫ টকাত৷ কেৰালাই ছাৰ্জিকেল গাউনৰ মূল্য নিৰ্ধাৰণ কৰি দিছে ৬৫টকা৷ ইয়াৰ বিপৰীতে অসমত এই সামগ্ৰীবিধ বিক্ৰী হৈছে ৮০-২০০ টকাত৷ ক’ভিড ৰোগীৰ বাবে এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ সামগ্ৰী হৈছে অক্সিমিটাৰ৷ অক্সিমিটাৰৰ জৰিয়তে  ক’ভিড ৰোগীয়ে দেহৰ অক্সিজেন মাত্ৰা পৰীক্ষা কৰি সময়ত চিকিৎসা গ্ৰহণেৰে জীৱন ৰক্ষা পাবলৈ সক্ষম হৈছে৷ কেৰালা চৰকাৰে ইয়াৰ গুৰুত্বতা উপলব্ধি কৰি একোটা অক্সিমিটাৰৰ মূল্য ১,৫০০ টকা  নিৰ্ধাৰণ কৰি দিছে৷ কিন্তু অসমৰ বজাৰত একোটা অক্সিমিটাৰ ২,০০০-৩,৫০০ টকালৈ বিক্ৰী হৈ আহিছে৷ নতুন চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’ভিড চিকিৎসাৰ এই সামগ্ৰী সমূহৰ ক’লা বজাৰ নিয়ন্ত্ৰণ কৰিবলৈ কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া হ’ব লক্ষণীয়৷