Logo
image

মৃতদেহৰ ৰাজনীতি

◾ক’ভিডত মৃতৰ সংখ্যা লুকুৱাইছে ভাৰতেঃমাৰ্কিন সমীক্ষা

বৰষুণে খহালে গোপন সমাধি, দুই সহস্ৰাধিক মৃতদেহ উন্মুক্ত

আমাৰ অসম, ১৮ মেঃ ভাৰতত যিমানসংখ্যক লোক ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে বুলি চৰকাৰীভাৱে প্ৰকাশ পাইছে, প্ৰকৃততে মৃত্যুৰ সংখ্যা তাৰ তিনিগুণৰো অধিক৷ দেশৰ প্ৰত্যেকখন ৰাজ্য চৰকাৰেই ক’ভিডত মৃত্যুৰ সংখ্যা অতি কৌশলেৰে গোপন কৰিছে৷ মূলতঃ নিজ ৰাজ্যৰ চৰকাৰৰ ব্যৰ্থতা লুকুৱাই ৰাখিবলৈকে ৰাজ্য চৰকাৰসমূহে ক’ভিডত হোৱা ৰোগীৰ মৃত্যুৰ তথ্য গোপন কৰাৰ ব্যৱস্থাই মোদী চৰকাৰকো একপ্ৰকাৰ সন্তুষ্টি প্ৰদান কৰিছে৷ কিয়নো ক’ভিডৰ মৃত্যুৰ কম সংখ্যাই চৰকাৰখনৰ প্ৰতি সাধাৰণ ৰাইজৰ ক্ষোভো কমাই ৰাখে৷ আমেৰিকাৰ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ ‘হেল্‌থ মেট্ৰিকছ এণ্ড ইভালুৱেচন’ প্ৰতিষ্ঠানে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ৫ মে’ পৰ্যন্ত ভাৰতত ক’ভিডত ৬,৫৪,৩৯৫ জন লোকৰ মৃত্যু হৈছে৷ অথচ মোদী চৰকাৰৰ তথ্য অনুসৰি যোৱা ৫ মে’লৈকে ভাৰতত ক’ভিডত মৃত্যুৰ সংখ্যা হৈছে ২,২১,১৮১ জন৷ অৰ্থাৎ ভাৰতত ক’ভিডত মৃত্যু হোৱা প্ৰতি তিনিজনৰ হিচাপ চৰকাৰে গোপন কৰি পেলাইছে৷ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ এই তথ্যই হাহাকাৰৰ সৃষ্টি কৰিছে আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতে ক’ভিডৰ মৃত্যুৰ ক্ষেত্ৰত তথ্য গোপন কৰি ৰাখি ভাৱমূৰ্তি তৈয়াৰ কৰাৰ বিষয়টো উন্মোচিত হৈ পৰিছে৷

ৰাজ্য চৰকাৰসমূহে কেনেকৈ লুকুৱাইছে ক’ভিড ৰোগীৰ মৃত্যুৰ তথ্য? এয়া এক সুন্দৰ কৌশল৷ এজন ব্যক্তি ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হোৱাৰ পাছত তেওঁৰ যদি হাৰ্টএটেক, ডায়েবেটিছ কিম্বা আন অসুখত মৃত্যু হয়, তেতিয়া চিকিৎসকে ৰোগীগৰাকীৰ মৃত্যু ক’ভিডত হোৱা বুলি নিলিখে৷ তেওঁৰ হাৰ্টএটেক, ডায়েবেটিছ কিম্বা মৃত্যুৰ তৎকালীন কাৰণটোহে চিকিৎসক আৰু চিকিৎসালয়ে মৃত ৰোগীৰ ডেথ চাৰ্টিফিকেটত লিখে৷ অৱশ্যে সামগ্ৰিক কাৰণটোও তেওঁলোকে বৰ্ণনা কৰে৷ ফলত তেনে মৃত্যুৰ সংখ্যা চৰকাৰে ক’ভিডৰ মৃত্যুৰ ৰোগীৰ সংখ্যাৰ সৈতে প্ৰকাশ নকৰে আৰু সেয়া ক’ভিডৰ ফলত হোৱা মৃতকৰ পৰিসংখ্যাৰ তালিকাৰ পৰা বাদ পৰি যায়৷ এই ঘটনা কেৱল ভাৰততহে সংঘটিত হৈ আছে আৰু এয়া বিশ্ব স্বাস্থ্য সংস্থা অৰ্থাৎ ‘হু’ৰ নীতি বিৰুদ্ধ৷ 

কেনে মৃত্যুক ক’ভিডত মৃত্যু হোৱা বুলি ঘোষণা কৰিব লাগে তাৰ স্পষ্ট নিৰ্দেশনা ‘হু’ৱে দি থৈছে৷ সেই অনুসৰিঃ 

[১] ক’ভিড পজিটিভ হোৱা এজন ৰোগী যদি উপসৰ্গহীনো হয় আৰু তেওঁৰ মৃত্যু ঘটে তেন্তে তেওঁক ক’ভিডত মৃত্যু হোৱা বুলি ঘোষণা কৰিব লাগিব৷

[২] ক’ভিড পজিটিভ ৰোগী এজনৰ যদি শ্বাস-প্ৰশ্বাসজনিত কাৰণত মৃত্যু হয়, তেন্তে তেওঁক ক’ভিডত মৃত্যু হোৱা বুলি ঘোষণা কৰিব লাগিব৷ 

[৩] ক’ভিড পজিটিভ ৰোগীজনৰ যদি আন বিভিন্ন ৰোগ থাকে [ক’-মৰ্বিডিটি] আৰু তেনেবোৰ অসুখত মৃত্যু হয়, তেতিয়াও তেওঁক ক’ভিডত মৃত্যু হোৱা বুলি ঘোষণা কৰিব লাগিব৷

[৪] যদিহে কোনো ৰোগীৰ ক’ভিড পৰীক্ষা নকৰাকৈয়ে মৃত্যু হয় অথচ তেওঁৰ শৰীৰত ক’ভিডৰ উপসৰ্গ থাকে আৰু কোনো ৰোগী ক’ভিড নিগেটিভ হোৱাৰ পাছত মৃত্যু হয়, তেন্তে তেওঁকো ক’ভিডত মৃত্যু হোৱা বুলি ঘোষণা কৰিব লাগিব৷

কিন্তু অতি দুৰ্ভাগ্যজনক বিষয় এয়াই যে, ভাৰতত বিগত এবছৰৰো অধিক দীঘলীয়া ক’ভিড অতিমাৰীত হোৱা মৃত্যুৰ ক্ষেত্ৰত চিকিৎসক, চিকিৎসালয় আৰু ৰাজ্য চৰকাৰে ‘হু’ৰ এই নিৰ্দেশ উলংঘা কৰি আহিছে৷ মোদী চৰকাৰেও এই নিৰ্দেশ পালনৰ বাবে ৰাজ্য চৰকাৰক বাধ্য কৰোৱা নাই৷ ফলত চাৰে ৬ লাখৰো অধিক ক’ভিড আক্ৰান্তৰ মৃত্যু হ’লেও ভাৰতৰ চৰকাৰী পৰিসংখ্যা অনুসৰি সেই সংখ্যা দুই লাখৰহে অধিক৷ এই তথ্য গোপন বা জুৱাচুৰিৰ কাৰ্যই ইতিহাসৰ এটা গভীৰ সত্য চিৰকালৰ বাবে লুকুৱাই পেলাব৷ চিকিৎসকে ৰোগীৰ মৃত্যুৰ তাৎক্ষণিক কাৰণ আৰু সামগ্ৰিক কাৰণ দুয়োটাই ডেথ চাৰ্টিফিকেটত উল্লেখ কৰে যদিও ৰাজ্য চৰকাৰে ক’ভিডৰ কথাটো বহু ৰোগীৰ ক্ষেত্ৰত উপেক্ষা কৰি ক’ভিডত মৃত্যুৰ সংখ্যা হ্ৰাস কৰে৷ তদুপৰি চিকিৎসালয়ৰ পৰা ডিচাৰ্জ দিয়া ক’ভিড আক্ৰান্তৰ পৰৱৰ্তী সময়ত মৃত্যু হ’লে সেয়া চিকিৎসকে ক’ভিডত মৃত্যু হোৱা বুলি নকয়৷ আনহাতে হোম আইছ’লেশ্বনত থাকিও বহু ক’ভিড আক্ৰান্তৰ মৃত্যু হৈছে৷ তেনে মৃত্যুৰ পৰিসংখ্যা চৰকাৰে দৈনিক প্ৰকাশ কৰা ক’ভিডৰ মৃত্যুৰ সৈতে যোগ নকৰে৷ ফলত ক’ভিডত যিমান বৃহৎসংখ্যক লোকৰ ভাৰতত মৃত্যু হৈছে তাৰ তিনিভাগ লুকাই ৰৈ গৈছে৷  ইয়াৰ ফলত প্ৰথমতে, চৰকাৰখনে নিজ ৰাজ্যৰ স্বাস্থ্যক্ষেত্ৰৰ ব্যৰ্থতা ঢাকি ৰাখিব পাৰে৷ এয়া নৰেন্দ্ৰ মোদী চৰকাৰৰ বাবে গৌৰৱৰ কাৰণ হৈ পৰিছে৷ মোদী চৰকাৰে বহুসময়ত আৰু স্বয়ং প্ৰধানমন্ত্ৰী মোদীয়ে নিজেও ভাৰতত ক’ভিডত মৃত্যুৰ সংখ্যা কম বুলি বাৰম্বাৰ নিজৰ ভাষণত প্ৰকাশ কৰি আহিছে৷ বিশেষ কিছুমান পদত থকা চৰকাৰী চাকৰিয়ালৰ বাবে ৰাজ্যিক চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে ক’ভিডৰ মৃত্যুৰ ক্ষেত্ৰত বৃহৎ আৰ্থিক অনুদান ঘোষণা কৰি থৈছে৷ যিদৰে উত্তৰপ্ৰদেশ চৰকাৰে বিগত পঞ্চায়ত নিৰ্বাচনৰ সময়ত নিৰ্বাচনত নিয়োজিত কৰ্মী-বিষয়াৰ মৃত্যু হ’লে পৰিয়ালক ৩০ লাখ টকাৰ অনুদান ঘোষণা কৰিছিল৷ উত্তৰাখণ্ড চৰকাৰেও ক’ভিডক মৃতকৰ পৰিয়াললৈ ৰ লাখ টকাকৈ আৰ্থিক অনুদান ঘোষণা কৰিছিল৷ তেনেদৰে দেশৰ অধিকাংশ ৰাজ্যই ক’ভিডত মৃত্যুৰ ক্ষেত্ৰত অনুদান ঘোষণা কৰা আছে৷ কেন্দ্ৰীয় চৰকাৰেও চিকিৎসক, স্বাস্থ্যকৰ্মী, নাৰ্ছ ইত্যাদিৰ উপৰি প্ৰথমশাৰীৰ ক’ভিড যোদ্ধাৰ মৃত্যু হ’লে বৃহৎ অংকৰ আৰ্থিক অনুদান প্ৰদান কৰাৰ কথা৷ এনে ক্ষেত্ৰত ক’ভিডত মৃত্যুৰ সংখ্যা কম হ’লে চৰকাৰে আৰ্থিক অনুদান প্ৰদান কৰাৰ পৰা হাত সৰাৰ সুবিধা হয়৷ ভাৰতত ক’ভিডত মৃত্যু হ’লেও মৃত্যুৰ মূল সংখ্যাৰ তিনিগুণ মৃত্যুৰ ক্ষেত্ৰত সেয়ে কাৰণ হিচাপে চৰকাৰে ক’ভিডত মৃত্যু বুলি প্ৰকাশ কৰা নাই৷ ফলত ভাৰতত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা বিগত এবছৰত কোনোমতে ২ লাখ পাৰ হৈছে৷ অথচ আমেৰিকাৰ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ মতে সেই সংখ্যা চাৰে ছয় লাখৰো অধিক৷ 

উত্তৰ প্ৰদেশত গংগাৰ বালিত গণ কবৰ

বিজেপি শাসিত ৰাজ্য উত্তৰপ্ৰদেশত পৱিত্ৰ গংগাৰ বালিত ২ হাজাৰৰো অধিক মৃতদেহ ওলোৱাৰ ঘটনাই ভাৰতত ক’ভিড ৰোগীৰ মৃত্যুৰ সংখ্যা গোপন কৰাটো উন্মোচিত কৰিছে৷ উত্তৰ প্ৰদেশৰ ৬ খন জিলা ক্ৰমে কানপুৰ, উন্নাও, গাজিপুৰ, কণৌজ, বালিয়া আৰু ঘাজিপুৰ জিলাত গংগাৰ পাৰৰ বালিত ২০০০ ৰো অধিক ক’ভিড ৰোগীৰ মৃতদেহ আৱিষ্কাৰ হৈছে৷ প্ৰশাসনে এই সম্পৰ্কত কোনো তথ্য প্ৰকাশ কৰাৰ পূৰ্বে স্থানীয় লোকৰ পৰা খবৰ পাই কেইজনমান সাংবাদিকে এই চাঞ্চল্যকৰ ঘটনা উন্মোচিত কৰে৷ বৰষুণৰ পানীয়ে বালি উটুৱাই নিয়াত গংগাৰ পাৰত গণকবৰ দি থোৱা এই মৃতদেহসমূহ ওলাই পৰে৷ স্থানীয় এজন সমাজকৰ্মী ব্ৰীজমোহন মিশ্ৰই প্ৰকাশ কৰা অনুসৰি শ্মশানৰ খৰিৰ অভাৱৰ বাবেই গাঁওবাসীয়ে ক’ভিডত মৃত্যু হোৱা লোকসকলক এনেদৰে গংগাৰ বালিত পুতি থৈছে৷ ৬ খনকৈ জিলাত এনেদৰে ক’ভিড ৰোগীৰ মৃতদেহ সিঁচৰতি হৈ পৰি থকাৰ ঘটনাই কেৱল উত্তৰপ্ৰদেশৰে নহয় সমগ্ৰ ভাৰতৰ ক’ভিডক শোকাৱহ চিত্ৰখন উন্মোচিত কৰি দিছে৷ উল্লেখ্য বিগত সপ্তাহত পৱিত্ৰ গংগা আৰু যমুনা নদীৰে কেইবা শতাধিক মৃতদেহ উটি আহিছিল৷ তাৰে কিছুসংখ্যক মৃতদেহ উদ্ধাৰ কৰি বিহাৰ আৰু উত্তৰপ্ৰদেশৰ দুই-এখন জিলাৰ প্ৰশাসনে সৎকাৰ কৰে৷ বাকী মৃতদেহসমূহ দুই পৱিত্ৰ নদীৰে উটি যায়৷ আনহাতে গংগাৰ পাৰত গোটাই থোৱা কেইবাশ মৃতদেহ কুকুৰে টানি টানি খাই থকাৰ দৃশ্যও প্ৰকাশ পাইছিল৷ এই সকলোবোৰ মৃতদেহ ক’ভিড ৰোগীৰ বুলি স্থানীয় গাঁওবাসীয়ে দৃঢ়তাৰে কৈছে৷