Logo
image

ইয়াছৰ পৰা ফাংগাছলৈ, ৰুষ্ট প্ৰকৃতি

◾ক’ভিড-ভূমিকম্প-ঘূৰ্ণিৰ মাজতে ভূতৰ ওপৰত দানহ পৰাদি এইবাৰ ব্লেক ফাংগাছ

◾কেন্দ্ৰৰ নিৰ্দেশত দিছপুৰৰ জাননী

◾ব্লেক ফাংগাছক মহামাৰী ঘোষণা

আমাৰ অসম, ২৭ মেঃ যেন মানৱৰ প্ৰতি প্ৰকৃতি ৰুষ্ট হৈ পৰিছে৷ ক’ভিডৰ পৰা ভূমিকম্পলৈ, ব্লেক ফাংগাছৰ পৰা ইয়াছলৈ–এই সময়ত সৰ্বত্ৰ প্ৰকৃতিৰ ৰুদ্ৰৰূপ৷ সমগ্ৰ দেশজুৰি ক’ভিডৰ সংহাৰ চলি থকাৰ মাজতে উত্তৰ পূবক, ঘাইকৈ অসমক বিপৰ্যস্ত কৰি তুলিলে ৬.৪ প্ৰাবল্যৰ ভূমিকম্পই৷ ক’ভিডৰ দ্বিতীয় ঢৌত দেশবাসীয়ে ককবকাই থাকোতেই আক্ৰমণ আৰম্ভ হ’ল ব্লেক ফাংগাছ নামৰ ভয়ানক ৰোগৰ৷ তাৰ মাজতে তিনিখনকৈ ৰাজ্যক এফালৰ পৰা আজি মষিমূৰ কৰি নিয়া চাইক্লন ইয়াছ যেন ভূতৰ ওপৰত দানহ৷ দেশবাসীয়ে জীয়াতু ভোগা এই প্ৰত্যেকটো ঘটনাই প্ৰকৃতিৰ সৃষ্টি৷ সঁচাকৈয়ে যেন মানৱৰ ওপৰত ৰুষ্ট হৈছে প্ৰকৃতি৷ মহামাৰী ক’ভিডত দেশত তিনি লাখৰো অধিক লোকৰ মৃত্যু হৈছে৷ আনহাতে, অসমত ভূমিকম্পত কেইবাজনো লোকৰ প্ৰাণহানি হোৱাৰ বিপৰীতে বংগ আৰু ওড়িশাত ইয়াছত চাৰিজন লোকৰ মৃত্যু হৈছে৷ আনহাতে, অসমতো ক’ভিডত এতিয়ালৈ প্ৰায় পাঁচ হাজাৰ লোকৰ মৃত্যু হোৱাৰ তথ্য স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে৷ ইফালে, ক’ভিডৰ সংক্ৰমণৰ মাজতে ৰাজ্যত এতিয়া ব্লেক ফাংগাছৰ আতংকই বিৰাজ কৰিছে৷ ইতিমধ্যে ব্লেক ফাংগাছ অৰ্থাৎ ক’লা ভেঁকুৰত আক্ৰান্ত এজন ক’ভিড ৰোগীৰ গুৱাহাটীত মৃত্যু হৈছে৷ যাৰ পৰিপ্ৰেক্ষিততে মিউক’ৰ-মাইকোচিছ [ব্লেক ফাংগাছ]ক এপিডেমিক ডিজিছ এক্ট ১৮৯৭ৰ অধীনত ৰাজ্য চৰকাৰে মহামাৰী ঘোষণা কৰিছে৷ উল্লেখ্য, দেশৰ প্ৰায় ১৫ খন ৰাজ্যত ব্লেক ফাংগাছে ত্ৰাসৰ সৃষ্টি কৰাত তেলেংগনা, ওডিশা, বিহাৰ, মহাৰাষ্ট্ৰ, গুজৰাট, কৰ্ণাটক, তামিলনাডু, ৰাজস্থান, অন্ধ্ৰপ্ৰদেশ, উত্তৰাখণ্ড আৰু মধ্যপ্ৰদেশ চৰকাৰে ব্লেক ফাংগাছক মহামাৰী ঘোষণা কৰিছে৷ বিগত ১৯ মে’ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে  ব্লেক ফাংগাছক এপিডেমিক ডিজিছ এক্টৰ অধীনত মহামাৰী তথা মাৰাত্মক ৰোগ ঘোষণা কৰাৰ বাবে ৰাজ্যসমূহক নিৰ্দেশ দিছিল৷ এই নিৰ্দেশৰ ভিত্তিত আৰু বৰ্ধিত ৰোগীৰ আধাৰতে মঙলবাৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে ব্লেক ফাংগাছক মহামাৰী ঘোষণা কৰে৷ তদুপৰি সকলো চৰকাৰী তথা ব্যক্তিগত চিকিৎসালয়ক কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয় আৰু আই চি এম আৰৰ নিৰ্দেশাৱলী মানি চলিবলৈ নিৰ্দেশনাতো কোৱা হৈছে৷ ব্লেক ফাংগাছৰ সন্দেহজনক তথা নিশ্চিত হোৱা ৰোগীৰ সন্দৰ্ভত তাৎক্ষণিকভাৱে স্বাস্থ্য বিভাগৰ লগত যোগাযোগ কৰিবলৈও হাস্পতালসমূহক কোৱা হৈছে৷ উল্লেখ্য, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে ব্লেক ফাংগাছৰ লক্ষণসমূহ ৰাজহুৱা কৰাৰ লগতে ৰাইজৰ মাজতো সতৰ্কতা বৃদ্ধিৰ চেষ্টা চলাইছে৷ মুখ ফুলা [সাধাৰণতে এফালে], নাক বিষ, মূৰৰ বিষ, নাকৰ ওপৰৰ অংশত আৰু মুখৰ ভিতৰৰ ওপৰৰ অংশত ক’লা দাগ, জ্বৰ, কাহৰ লগতে ফোঁহা বা আলচাৰ আৰু সংক্ৰমিত স্থান ক’লা পৰা, কোনো ঘাঁৰ চাৰিওফালে ৰঙা পৰা আৰু তীব্ৰ বিষ অনুভৱ কৰাই ব্লেক ফাংগাছৰ প্ৰধান লক্ষণ৷ অনিয়ন্ত্ৰিত ডায়েবেটিচ, কৰ্কট ৰোগ, ষ্টেৰয়ড ব্যৱহাৰ, শৰীৰত অত্যাধিক আইৰণৰ উপস্থিতি, অংগ সংৰোপন ইত্যাদি ব্লেক ফাংগাছত আক্ৰান্ত হোৱাৰ অন্যতম প্ৰধান কাৰক হ’ব পাৰে৷ উল্লেখ্য, দেশত এই পৰ্যন্ত ১১,৭১৭ জন লোক ব্লেক ফাংগাছত আক্ৰান্ত হৈছে৷ ইয়াৰে অধিকাংশ ৰোগীয়েই হৈছে গুজৰাট, মহাৰাষ্ট্ৰ আৰু অন্ধ্ৰপ্ৰদেশৰ৷ গুজৰাটতে ২,৮৫৯জন লোক ফাংগাছৰ চিকাৰ হৈছে৷ উল্লেখ্য, ব্লেক ফাংগাছক মহামাৰী ঘোষণা কৰিলেও ৰোগৰ প্ৰতিষেধক ঔষধ ‘এমফ’টেৰিচিন-বি’ৰ নাটনিয়ে দেখা দিছে ৰাজ্যত৷