অসমত বৃদ্ধি পাইছে ক’ভিডোত্তৰ জটিলতা
আমাৰ অসম, ২৭ মেঃ ৰাজ্যত ক’ভিড পজিটিভ হাৰ সামান্য হ্ৰাস পোৱা ইতিবাচক দিশ যদিও সংখ্যাগত হিচাপত ক’ভিডত আক্ৰান্তৰ সংখ্যা অলপো হ্ৰাস পোৱা নাই৷ গুৱাহাটী মহানগৰীত সংক্ৰমণ কিছু হ্ৰাস পালেও আন আন জিলাসমূহত এতিয়া ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাইছে৷ শেহতীয়াকৈ গ্ৰামাঞ্চলসমূহতো ক’ভিডে ভয়ংকৰ ৰূপত ছানি ধৰা পৰিলক্ষিত হৈছে৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে ৫,৬৯৯জন লোক৷ ইয়াৰ ভিতৰত গুৱাহাটীত আক্ৰান্তৰ সংখ্যা হৈছে ৬৭০জন৷ বুধবাৰৰ দিনটোত ১.১৬ লাখ ক’ভিড টেষ্টৰ বিপৰীতে পজিটিভৰ হাৰ হৈছে ৪.৯১ শতাংশ৷ আনহাতে বুধবাৰে ৰাজ্যত ৯০জন ক’ভিড ৰোগীৰ মৃত্যু হৈছে৷ মঙলবাৰেও ৰাজ্যত ৯২জন ৰোগী মৃত্যুমুখত পৰিছিল৷ ইপিনে চিকিৎসক বিশেষজ্ঞসকলে সদৰী কৰা মতে ক’ভিডৰ সমান্তৰালভাৱে ৰাজ্যত এতিয়া পোষ্ট ক’ভিডজনিত জটিলতা বৃদ্ধি পাইছে৷ পোষ্ট ক’ভিডজনিক ৰোগত সংকটজনত অৱস্থাত বহু ৰোগীয়ে জীৱন-মৃত্যুকে হাস্পতালত যুঁজ দি থকা বুলিও স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে৷ এনে জটিলতাৰ বাবে ক’ভিডত মৃত্যুৰ হাৰ নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হোৱা নাই চিকিৎসকসকলে৷ বুধবাৰে গোসাঁইগাঁও বিধানসভা সমষ্টিৰ বিপিএফ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰী পোষ্ট ক’ভিডত জি এম চি এইছত মৃত্যু হয়৷ বিশিষ্ট সাহিত্যিক শিক্ষাবিদ ড॰ লক্ষ্মীনন্দ বৰা ক’ভিডত আক্ৰান্ত হৈ গুৱাহাটীত এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছে৷ বুধবাৰে আমগুৰি সমষ্টিৰ অগপ বিধায়ক প্ৰদীপ হাজৰিকা ক’ভিডত আক্ৰান্ত হোৱাত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে৷ বিগত ২৪ ঘণ্টাত গুৱাহাটীত সৰ্বাধিক ১৮জন ৰোগীৰ মৃত্যু হৈছে৷ তদুপৰি তিনিচুকীয়াত ৯জন আৰু কাচাৰ, ডিব্ৰুগড়, কামৰূপ গ্ৰাম্যত ৮জনকৈ ৰোগীৰ মৃত্যু হয় হোৱাৰ তথ্য স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে৷