Logo
image

‘মধুচক্ৰ’ৰ পৰা সাৱধান

◾ৰহস্যময়ী সুন্দৰীৰ জালত পৰি সৰ্বস্বান্ত বহুজন

◾আৰক্ষীৰ আহ্বান

আমাৰ অসম, ২৭ মেঃ ‘বিগত কিছুদিন ধৰি চলি থকা এক ধৰণৰ অসামাজিক কাৰ্যকলাপ আমাৰ দৃষ্টিগোচৰ হৈছে৷ সামাজিক মাধ্যমত যেনে ফেচবুক আৰু মেছেঞ্জাৰৰ জৰিয়তে এই অসামাজিক কৰ্ম চলে৷ প্ৰায়ভাগ ক্ষেত্ৰত ফেচবুকত কোনো ভুৱা একাউণ্টৰ জৰিয়তে কোনো যুৱতীয়ে ভুক্তভোগীজনলৈ প্ৰথমে ফ্ৰেইণ্ড ৰিকুৱেষ্ট পঠিয়ায়৷ ফ্ৰেইণ্ড ৰিকুৱেষ্ট এক্‌চেপ্ট কৰাৰ পাছত মেছেঞ্জাৰত কথা পতা আৰম্ভ কৰি এদিন-দুদিনৰ পাছত নম্বৰ সালসলনি কৰি পৰৱৰ্তী পৰ্যায়ত হোৱাট্‌ছএপত অথবা মেছেঞ্জাৰত এই ভুৱা একাউণ্টসমূহৰ পৰা ভিডিঅ’ কল কৰা হয়৷ ভিডিঅ’ কলত ভুক্তভোগীজনক কথাৰ জালত বান্ধি কিছু সময়ৰ পাছতেই সিপাৰে থকা যুৱতীয়ে হঠাতেই নিজক নগ্ন কৰি দিয়ে৷ ভিডিঅ’ কলটো এই অপকৰ্মত জড়িত থকাসকলে ৰেকৰ্ড কৰে আৰু কল শেষ কৰি ভুক্তভোগীক টকা বিচাৰে আৰু ব্লেকমেইল কৰিবলৈ আৰম্ভ কৰে৷ এই পোষ্টৰ জৰিয়তে মই ফেচবুক অথবা মেছেঞ্জাৰ, হোৱাট্‌ছএপ ব্যৱহাৰ কৰা সকলোকে অনুৰোধ জনাইছোঁ যে কোনো অচিনাকি ব্যক্তিৰ ফ্ৰেইণ্ড ৰিকুৱেষ্ট গ্ৰহণ নকৰিব আৰু কোনো অচিনাকি ব্যক্তিৰ সৈতে নিজৰ হোৱাট্‌ছএপ নম্বৰ সালসলনি নকৰিব৷ যদি আপুনি এই অপচক্ৰই কৰা অনৈতিক কামৰ ভুক্তভোগী হয়, তেন্তে বিনাদ্বিধাই আৰক্ষীৰ কাষ চাপক৷ সামাজিক মাধ্যমৰ এই ধৰণৰ ব্লেকমেইলিঙৰ বিৰুদ্ধে সজাগ হওক৷ সজাগ থাকক, সতৰ্ক থাকক৷ [বিঃ দ্ৰঃ যি ব্যক্তিয়ে নিজৰ সন্মান/আত্মসন্মান হানি হ’ব বুলি ভাবিয়েই এনে ঘটনা ঘটাৰ পাছত আইনৰ কাষ চাপিবলৈ সংকোচবোধ কৰিছে, তেখেতসকলে শংকা-ভয় একাষৰীয়া কৰি আইনৰ কাষ চাপি এনে অপৰাধৰ বিৰুদ্ধে থিয় দিয়ক৷] শেষত সকলোকে ক’ভিড বিধিসমূহ ভালদৰে মানি চলিবলৈ আহ্বান জনাইছোঁ৷ সামাজিক দূৰত্ব বৰ্তাই ৰাখিলে আৰু বিধিসমূহ আখৰে আখৰে মানি চলিছে এই মহামাৰীক আমি অতি সোনকালে প্ৰতিহত কৰিব পাৰিম৷’ –এয়া এজন আৰক্ষী বিষয়াৰ ফেচবুক পোষ্ট৷ সম্প্ৰতি বাগ্‌সা জিলাৰ শালবাৰী মহকুমাৰ মহকুমা আৰক্ষী বিষয়াৰূপে কৰ্মৰত সমীৰণ বৈশ্যই দিনচেৰেক পূৰ্বে সামাজিক মাধ্যমত দিয়া এই পোষ্টৰ জৰিয়তে উপকৃত হৈছে বহু লোক৷ ‘হনী ট্ৰেপিং’ বা ‘মধুচক্ৰ’ৰ পৰা সাৱধানে থাকিবলৈ ৰাইজক আহ্বান জনাই আৰক্ষী বিষয়াজনে দিয়া এই পোষ্ট ৰাইজৰ মাজত বিশেষ চৰ্চাৰ বিষয় হৈ পৰিছে৷ শেহতীয়াভাৱে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ বাবে ত্ৰাসৰ কাৰণ হৈ পৰা এনেধৰণৰ অসামাজিক চক্ৰৰ বিৰুদ্ধে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে আৰক্ষী বিষয়াজনে গ্ৰহণ কৰা তৎপৰতাক সকলোৱে প্ৰশংসা কৰিছে৷ উল্লেখ্য, মধুচক্ৰৰ চিকাৰ হৈ ইতিমধ্যে ৰাজ্যৰ বহু লোক সৰ্বস্বান্ত হৈ পৰিছে৷ এই সন্দৰ্ভত বিগত ছমাহত ৰাজ্যৰ বিভিন্ন থানাত গোচৰ ৰুজু হৈছে৷ কমেও ১১জন লোকে লোকনিন্দাৰ ভয়ত আৰু মধুচক্ৰৰ দাবী পূৰণ কৰিব নোৱৰাৰ ফলত হ’ব পৰা বিপদৰ আশংকাত আত্মহত্যাৰ চেষ্টা চলোৱাৰ খবৰো আৰক্ষীৰ হাতত পৰিছে৷ অৱশ্যে এইক্ষেত্ৰত এই অসাধু চক্ৰত জড়িত লোকসকলেই একমাত্ৰ দোষী নহয়৷ এই চক্ৰৰ কৱলত পৰা লোকসকলো বহুক্ষেত্ৰত দোষী বুলি প্ৰমাণিত হৈছে৷ মিঠা কণ্ঠৰ যুৱতীৰ মাত শুনিলেই দেহা সাতখন-আঠখন হোৱা লোকসকল সাধাৰণতে মধুচক্ৰৰ কৱলত পৰাৰ সম্ভাৱনা থাকে৷ আৰ্থিকভাৱে স্বচ্ছল লোকসকলৰ বহুতৰে সুন্দৰী নাৰীৰ সৈতে সময় কটোৱাৰ হাবিয়াস থাকে৷ ইয়াত বয়সৰ বিশেষ প্ৰশ্ন নাথাকে৷ ডেকাৰ পৰা বুঢ়ালৈ বহু ধনী লোকৰ এনে বদ্‌অভ্যাস থাকে৷ আৰু সেইবাবেই এনেধৰণৰ লোক সহজে মধুচক্ৰৰ চিকাৰ হৈ পৰে৷ ফেচবুকত কোনো অচিনাকি ছোৱালীয়ে ফ্ৰেইণ্ড ৰিকুৱেষ্ট পঠিয়ালে আগ-পিছ নুগুণি তেওঁলোকে ৰিকুৱেষ্ট এক্‌চেপ্ট কৰে৷ ছোৱালীজনী যদি দেখিবলৈ ধুনীয়া হয়, তেতিয়াতো কোনো কথাই নাই৷ বহু পুৰুষৰ এই দুৰ্বলতাৰ সুযোগ লয় সুন্দৰী যুৱতীয়ে– যিসকলৰ নেপথ্যত থাকে বহু অসাধু পুৰুষ৷ কোনো যুৱতীৰ সৈতে ভিডিঅ’ কল কৰিলে যুৱতীগৰাকীয়ে কোৱা মতেই গাৰ কাপোৰ খুলি দিয়া পুৰুষৰ সংখ্যাও একেবাৰে কম নহয়৷ সেইবাবেই আৰক্ষীয়ে হাজাৰ চেষ্টা কৰাৰ পাছতো মধুচক্ৰক পুলিয়ে-পোখাই নিৰ্মূল কৰিব পৰা নাই৷ মধুচক্ৰৰ নিৰ্মূলকৰণৰ বাবে সকলো শ্ৰেণীৰ লোক সজাগ, সতৰ্ক আৰু সচেতন হোৱাটো খুবেই প্ৰয়োজন৷ লগতে চৰিত্ৰগত দুৰ্বলতা আঁতৰোৱাৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি৷ সি যি কি নহওক, মধুচক্ৰৰ চক্ৰান্ত, সুন্দৰী যুৱতীৰ মায়াজালত পৰি সৰ্বস্বান্ত হোৱা হাজাৰ হাজাৰ লোকৰ বাবে বাগ্‌সাৰ দক্ষ আৰক্ষী বিষয়া সমীৰণ বৈশ্যৰ শেহতীয়া ফেচবুক পোষ্ট হ’ব পাৰে নিজৰ ভুল বিচাৰি চোৱাৰ সমল৷ আনসকলৰ বাবে এয়া হ’ব পাৰে ভৱিষ্যতে আহিব পৰা বিপদৰ পৰা নিজকে ৰক্ষা কৰাৰ উপায়, কৌশল, অৱলম্বন৷