জনতা ভৱনৰ নতুন ৰূপ
আমাৰ অসম, ২৭ মেঃ ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী হিচাপে ড॰ হিমন্ত বিশ্ব শৰ্মাই দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতেই ব্যস্ততা বাঢ়িছে জনতা ভৱনত৷ জনতা ভৱনত দেখা গৈছে নতুন ৰূপ, প্ৰাণচঞ্চলতা৷ অঘোষিত চৰকাৰী নিৰ্দেশতে পুনৰ চৰকাৰী কাম কাজ আৰম্ভ হৈছে জনতা ভৱনত৷ ৰাজ্যৰ ছেকেণ্ড ৱেভৰ ভয়াবহ কৰ’না পৰিস্থিতিৰ বাবে যদিও চৰকাৰীভাৱে কেৱল জৰুৰীকালীন সেৱাৰ লগতে জড়িত চৰকাৰী বিষয়া কৰ্মচাৰী, বিভাগীয় শীৰ্ষ বিষয়াসকলকহে কাৰ্যালয়লৈ অহাৰ কথা কোৱা হৈছে৷ তথাপি জনতা ভৱনত আৰম্ভ হোৱা নতুন কৰ্ম সংস্কৃতিৰ বাবে এতিয়া সকলো শ্ৰেণীৰ কৰ্মচাৰীৰে ভিৰ বাঢ়িছে৷ কিয়নো মুখ্যমন্ত্ৰীৰ লগতে বিভিন্ন বিভাগৰ মন্ত্ৰীসকলেও দিছপুৰৰ জনতা ভৱনত চৰকাৰী কাম-কাজ আৰম্ভ কৰিছে৷ কাজেই কৰ’না পৰিস্থিতিৰ মাজতো নতুন মন্ত্ৰীসকলে দিছপুৰত তৎপৰতা বৃদ্ধি কৰাত বিভিন্ন চৰকাৰী বিভাগসমূহো পুনৰ সক্ৰিয় হৈ উঠিছে৷ জনতা ভৱনলৈ প্ৰায়বোৰ বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে নিম্ন পৰ্যায়ৰ বহু কৰ্মচাৰীও নিয়মীয়াকৈ অহাটো আৰম্ভ কৰিছে৷ বহু নিম্ন পৰ্যায়ৰ কৰ্মচাৰীক আকৌ কামৰ বোজাৰ বাবেই দিনৰ ভাগতো বাদেই সন্ধিয়া নিশাও বলৱৎ কৰি মাতি আনিছে উচ্ছ পৰ্যায়ৰ বিষয়াই৷ জানিব পৰা মতে মুখ্যমন্ত্ৰী নতুন মন্ত্ৰীসকলে কাম-কাজ আৰম্ভ কৰাৰ পাছতে দিছপুৰত বাঢ়িছে পৰ্যালোচনা হৈঠক৷ ইখনৰ পাছত সিখন পৰ্যালোচনা বৈঠক হৈছে জনতা ভৱনত৷ অৱশ্যে ৰাজ্য প্ৰশাসনৰ প্ৰাণ কেন্দ্ৰস্বৰূপ জনতা ভৱনত ক’ভিডৰ মাজতো কাম-কাজ আৰম্ভ হোৱাৰ পাছতো ছেনিটাইজেশ্বন বা ক’ভিড প্ৰটকল আদি বিষয়বিলাক সমূলি গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে৷ উল্লেখ্য, ক’ভিডত অসম সচিবালয়তো বহু সংখ্যক বিষয়া কৰ্মচাৰী আক্ৰান্ত হৈছে, আনকি প্ৰাণো গৈছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ লগতে চৰকাৰী বিভাগসমূহ ২৪X৭ ঘণ্টাই খোলা ৰখাৰ পৰিকল্পনা কৰিছে৷ যদিহে মুখ্যমন্ত্ৰীৰ এই পৰিকল্পনা বাস্তবায়িত হয় তেন্তে দিছপুৰৰ জনতা ভৱনত এক নতুন অভিলেখ স্থাপন হোৱাৰো সম্ভাৱনাই দেখা দিছে৷